ফাকুৱা

বসন্তৰ ৰঙৰ উৎসৱ
(হোলীৰ পৰা পুনঃনিৰ্দেশিত)

ফাঁকুৱা (ইংৰাজী: Holi, হিন্দী: होली) ফাগুন মাহৰ পূৰ্ণিমাহিন্দু ধৰ্মৰ লোকসকলে উদ্‌যাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।[1]

ফাঁকুৱা
ফাঁকুৱা
ৰাধা আৰু অন্যান্য গোপীসকলৰ লগত ফাঁকুৱা খেলা অৱস্থাত কৃষ্ণ
অন্য নাম দৌলযাত্ৰা, দৌলপূৰ্ণিমা, বসন্তোৎসৱ, হোলী, ফল্গুৎসৱ
পালন কৰে ভাৰতীয় (হিন্দু, শিখ, বৌদ্ধ, জৈন) আৰু নেপালী
প্ৰকাৰ হিন্দু
আৰম্ভ হয় ফাগুনী পূৰ্ণিমা
তাৰিখ ফাগুন (ফেব্ৰুৱাৰী-মাৰ্চ)
উদযাপন ৩ - ১৬ দিন

পৌৰাণিক আখ্যান

সম্পাদনা কৰক

পৌৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।[1]

আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।[1]

উৎসৱৰ বিৱৰণ

সম্পাদনা কৰক
 
ফাঁকুৱাৰ ৰঙেৰে ৰঙীন এটা শিশু

ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে।[1]

অসমৰ দৌল উৎসৱ

সম্পাদনা কৰক
 
বৰপেটা সত্ৰৰ ফাকুৱা উৎসৱ।
 
অসমৰ নগাঁও জিলাত ফাঁকুৱা উত্‍সৱ উদ্‌যাপনৰ এক মুহূৰ্ত

ফাঁকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়। বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।

অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 ৰংগে ফাগু খেলে চৈতন্য বনমালী, ৰূপলেখা দেৱী, আজিৰ দৈনিক বাতৰি, গুৱাহাটী, ৮ মাৰ্চ ২০১২
  2. গণ অধিকাৰ সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২

বাহ্যিক সংযোগ

সম্পাদনা কৰক