২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা

৯ জুলাই ২০১২ তাৰিখে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত,[1] এগৰাকী যুৱতীৰ ওপৰত এখন বাৰৰ বাহিৰত প্ৰায় ৩০জন পুৰুষৰ এটা দলৰ দ্বাৰা উৎপীড়ন চলোৱা হৈছিল, যাৰ বহুতক পৰৱৰ্তী সময়ত ঘটনাটোৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল। নিউজ লাইভৰ এজন স্থানীয় টিভি সাংবাদিকৰ বিৰুদ্ধে দলটোক প্ৰৰোচিত কৰাৰ অভিযোগ উঠিছিল আৰু ২০ জুলাই ২০১২ ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।[2]

২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা
স্থান গুৱাহাটী, অসম, ভাৰত
স্থানাংক 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°E / 26.183333; 91.733333
তাৰিখ ৯ জুলাই ২০১২ (2012-07-09)
আক্ৰমণৰ প্ৰকাৰ যৌন উৎপীড়ণ

ঘটনাসম্পাদনা কৰক

৯ জুলাই ২০১২ তাৰিখে, দুগৰাকী মহিলা এখন বাৰৰ পৰা ওলাই অহাৰ পিছত বাহিৰত থিয় হৈ থকা পুৰুষৰ এটা দলৰ সৈতে শাৰীৰিক সংঘাতত লিপ্ত হয়। ওচৰতে থকা নিউজ লাইভৰ এজন সাংবাদিক গৌৰৱ জ্যোতি নেওগে তেওঁৰ কাৰ্যালয়লৈ ফোন কৰি কেমেৰা আৰু কৰ্মচাৰীসকলক উক্ত সংঘাতৰ দৃশ্যগ্ৰহণ কৰিবলৈ কৈছিল।[3] যদিও উৎপীড়ণৰ বলিহোৱা ছোৱালীজনীয়ে নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিছিল, তথাপিও তেওঁক দুবাৰকৈ দলটোৱে উৎপীড়ণ কৰে। অৱশেষত, প্ৰায় আধা ঘণ্টাৰ পিছত, 'দৈনিক আজিৰ অসমৰ' আন এগৰাকী সাংবাদিক মুকুল কলিতাই হস্তক্ষেপ কৰি ছোৱালীজনীক উদ্ধাৰ কৰে।[4] আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত ছোৱালীজনীক ঘৰলৈ ঘূৰাই নিয়া হয় আৰু গোচৰ ৰুজু কৰা হয়। ভিডিঅ' ফুটেজৰ পৰা চিনাক্তকৰণৰ অভিযোগৰ ভিত্তিত মুখ্য অভিযুক্ত হিচাপে অমৰজ্যোতি কলিতাক গ্ৰেপ্তাৰ কৰা হয়।[5]

প্ৰতিক্ৰিয়াসম্পাদনা কৰক

এই ঘটনাটোৰ ভিডিঅ'টো অসমীয়া বাতৰি চেনেল নিউজ লাইভৰ দ্বাৰা সম্প্ৰচাৰিত হোৱাৰ ঠিক পিছতে ৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদ মাধ্যমত একপ্ৰকাৰৰ হুলস্থূলৰ সৃষ্টি হয়, ইউটিউবতো ভাইৰেল হৈ পৰে[6] আৰু ভাৰতত মহিলা আৰু মানৱ অধিকাৰৰ সুৰক্ষাসম্পৰ্কে বিতৰ্কৰ সৃষ্টি কৰে।[7] ২০১২ চনৰ ২০ জুলাইলৈ ২২জন অভিযুক্তৰ ভিতৰত ১২ জনক গ্ৰেপ্তাৰ কৰা হয়।[8] মূল অভিযুক্ত অমৰজ্যোতি কলিতাই ২৩ জুলাইত বাৰাণসীত উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।[9] পিছদিনা অসম আৰক্ষীয়ে কলিতাৰ জিম্মা ল'বলৈ বাৰাণসীলৈ গৈছিল আৰু ঘোষণা কৰা হৈছিল যে চিনাক্ত কৰা ১৭জন অভিযুক্তৰ ভিতৰত ১৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে।[10] ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এনচিডব্লিউ) প্ৰতিনিধি অলকা লাম্বাক এই ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল, দুৰ্ঘটনাক্ৰমে এখন সংবাদমেলত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰাৰ বাবে তেওঁ সমালোচিত হৈছিল।[11] শিশু অধিকাৰ বিশেষজ্ঞসকলে এনচিপিচিআৰ (শিশু অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগ)ৰ পৰিৱৰ্তে এন চি ডব্লিউক গোচৰটো হস্তান্তৰ কৰাৰ বাবেও চৰকাৰক সমালোচনা কৰে যিহেতু ভুক্তভোগী যুৱতীগৰাকী নাবালিকা আছিল।[12]

ৰায়দানসম্পাদনা কৰক

প্ৰধান অভিযুক্ত অমৰজ্যোতি কলিতাকে ধৰি এই গোচৰৰ এঘাৰজন অভিযুক্তক ৭ ডিচেম্বৰ ২০১২ ত দোষী সাব্যস্ত কৰা হৈছিল[13][14] আনহাতে আন চাৰিজনক নিৰ্দোষী ঘোষণা কৰা হয়। মুখ্য ন্যায়িক দণ্ডাধীশ এছ.পি. মৈত্ৰাই মুখ্য অভিযুক্ত অমৰজ্যোতি কলিতাৰ লগতে আন ১০ জনক আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে, যেনে ১৪৩ – বেআইনী সমাবেশ, ৩৪১- অন্যায়ভাৱে সংযম, ২৯৪ -অশ্লীল কাৰ্য্য, ৩২৩ – স্বেচ্ছাই আঘাত প্ৰাপ্ত কৰা আৰু ৩৫৪ – মহিলাগৰাকীক আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ কৰা।

পিছত সাংবাদিক গৌৰৱ জ্যোতি নেওগক গুৰুত্বৰ প্ৰমাণৰ অভাৱত হাফিজুদ্দিন, দিগন্ত বসুমতাৰী আৰু জিতুমণি ডেকাৰ সৈতে নিৰ্দোষী ঘোষণা কৰা হৈছিল।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "TV reporter who-filmed girls molestation in Guwahati arrested". The Times of India. 21 July 2012. http://articles.timesofindia.indiatimes.com/2012-07-20/guwahati/32763134_1_atanu-bhuyan-tv-reporter-news-live-channel। আহৰণ কৰা হৈছে: 21 July 2012. 
  2. "Guwahati molestation: TV journalist arrested". Hindustan Times. 20 July 2012. http://www.hindustantimes.com/India-news/Guwahati/Guwahati-molestation-TV-journalist-arrested/Article1-892644.aspx। আহৰণ কৰা হৈছে: 21 July 2012. 
  3. Sahni, Diksha (24 July 2012). "Big Catch in Guwahati Molestation Case". Wall Street Journal. https://blogs.wsj.com/indiarealtime/2012/07/24/big-catch-in-guwahati-molestation-case/?mod=google_news_blog। আহৰণ কৰা হৈছে: 24 July 2012. 
  4. Deka, Kaushik (13 July 2012). "Irony adds to insult and anger! Accused in molestation case plays police officer on crime show, yet to be arrested". India Today. http://indiatoday.intoday.in/story/assam-girl-molestation-case/1/208117.html। আহৰণ কৰা হৈছে: 24 July 2012. 
  5. Choudhury, Ratnadip. "Manufactured Shame". Tehelka. http://www.tehelka.com/story_main53.asp?filename=Ne280712MANUFACTURED.asp। আহৰণ কৰা হৈছে: 21 July 2012. 
  6. "20 men molest minor girl in Guwahati; outrage after video goes viral". Mid-Day. 13 July 2012. http://www.mid-day.com/news/2012/jul/130712-teen-girl-molested-by-twenty-guwahati-pub-video-viral.htm। আহৰণ কৰা হৈছে: 25 July 2012. 
  7. Chatterjee, Garga. "Guwahati case: The questions about the fateful night of July 10". Daily News and Analysis. http://www.dnaindia.com/analysis/column_guwahati-case-the-questions-about-the-fateful-night-of-july-10_1715901। আহৰণ কৰা হৈছে: 17 July 2012. 
  8. "Guwahati molestation case: SSP transferred; another accused held". Hindustan Times. http://www.hindustantimes.com/India-news/Guwahati/Guwahati-molestation-SSP-transferred-8-accused-held/Article1-890065.aspx। আহৰণ কৰা হৈছে: 21 July 2012. 
  9. "Uttar Pradesh Kalita, main accused in Guwahati molestation case, surrenders". Hindustan Times. 23 July 2012. http://www.hindustantimes.com/India-news/UttarPradesh/Kalita-main-accused-in-Guwahati-molestation-case-surrenders/Article1-894264.aspx। আহৰণ কৰা হৈছে: 23 July 2012. 
  10. PTI (24 July 2012). "Guwahati molestation: Assam police go to Varanasi to take custody of Kalita". DNA India. http://www.dnaindia.com/india/report_guwahati-molestation-assam-police-go-to-varanasi-to-take-custody-of-kalita_1719144। আহৰণ কৰা হৈছে: 24 July 2012. 
  11. "Guwahati molestation: NCW representative draws flak". Hindustan Times. 16 July 2012. http://www.hindustantimes.com/India-news/Guwahati/Guwahati-molestation-NCW-representative-draws-flak/Article1-889990.aspx। আহৰণ কৰা হৈছে: 26 July 2012. 
  12. "NCPCR should have handled Guwahati molestation case: Experts". DNA. 20 July 2012. http://www.dnaindia.com/india/report_ncpcr-should-have-handled-guwahati-molestation-case-experts_1717733। আহৰণ কৰা হৈছে: 26 July 2012. 
  13. "11 convicted, four acquitted in Guwahati molestation case". The Hindu. http://www.thehindu.com/news/states/other-states/11-convicted-four-acquitted-in-guwahati-molestation-case/article4174500.ece। আহৰণ কৰা হৈছে: 8 December 2012. 
  14. "11 convicted in Guwahati abuse case, scribe let off". Hindustan Times. http://www.hindustantimes.com/India-news/Guwahati/Guwahati-molestation-case-Amarjyoti-Kalita-convicted-journalist-walks-free/Article1-969757.aspx। আহৰণ কৰা হৈছে: 8 December 2012.