২৮ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
২৮ ছেপ্টেম্বৰ (ইংৰাজী: 28 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭১তম (অধিবৰ্ষত ২৭২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৪টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১১০৬ - ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয়।
- ১৮৩৭ - ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে। উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।
- ১৮৮৭ - চীনৰ হালধীয়া নদী (Yellow River) বা হোৱাং হি নদীত প্ৰবল বৰষুণৰ ফলত ভয়ংকৰ বানপানী হৈছিল। এই বানপানীত স্বীকৃত তথ্যমতে ৯০০,০০০ আৰু আনুমানিক ২০,০০,০০০ লোকৰ মৃত্যু হৈছিল।
- ১৮৮৯ - প্ৰথম মিটাৰৰ মান নিৰ্নয় কৰা হৈছিল।
- ১৯১৮ - প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই আত্মসমৰ্পণ কৰে।
- ১৯২৮ - বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে।
জন্ম
সম্পাদনা কৰক- ৫৫১ খ্ৰীষ্টপূৰ্ব - কনফুছিয়াছ, চীনা দাৰ্শনিক।
- ১৮০৩ - প্ৰছপাৰ মেৰিম, প্ৰখ্যাত ফৰাচী ঔপন্যাসিক। কলম্বো আৰু কাৰমেন তেওঁৰ দুখন অনবদ্য উপন্যাস।
- ১৮৫২ - হেনৰী মইছান (Henri Moissan), ন'বেল জয়ী ফৰাচী ৰসায়ন বিজ্ঞানী, ফ্ল'ৰিনৰ আৱিষ্কাৰক।
- ১৮৩৮ - শ্ৰী ছাইবাবা, ধৰ্মগুৰু।
- ১৮৫০ - ভোলানাথ বৰুৱা, অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী।
- ১৮৯১ - হলধৰ ভূঞা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন অন্যতম প্ৰতিস্থাতা।
- ১৯২৯ - লতা মংগেশকাৰ, ভাৰতীয় গায়িকা, নাইটিংগেল বা কোকিল কণ্ঠি গায়িকা হিচাপে খ্য়াত।
- ১৯৩৪ - ব্ৰিজিট বাৰড'ট ( Brigitte Bardot), ফৰাচী অভিনেত্ৰী আৰু গায়িকা।
- ১৯৪৭ - শেখ হাছিনা ৱাজেদ, বাংলাদেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী।
- ১৯৬৮ - নাঅ'মী ৱাটছ (Naomi Watts), ইংৰাজ অভিনেত্ৰী।
- ১৯৮২ - অভিনৱ সিং বিন্দ্ৰা, শ্বুটাৰৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী এজন ভাৰতীয় খেলুৱৈ। তেওঁ সাধৰণতে ১০ মিটাৰ এয়াৰ ৰাইফল বিভাগত প্ৰতিদণ্ডিতা কৰে। বিন্দ্ৰা ২০০৮ বেইজিং অলিম্পিক গেমছত প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ হিচাপে ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক জিকিছিল।
- ১৯৮২ - ৰণবীৰ কাপুৰ, বলীউডৰ অভিনেতা।
- ১৯৮৫ - মৌনী ৰায়, বলীউডৰ অভিনেত্ৰী।
- ১৯৮৭ - হিলাৰী ডাফ (Hilary Duff), হলীউডৰ অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ৪৮ খ্ৰীষ্টপূৰ্ব - পম্পে বা পম্পী দা গ্ৰেট (Pompey), ৰোমান সেনাপতি।
- ১৮৩৭ - আকবৰ শ্বাহ দ্বিতীয় বা আকবৰ দ্বিতীয়, ঊনবিংশতিতম মোগল সম্ৰাট।
- ১৮৯৫ - লুই পাষ্টৰ (Louis Pasteur), ফৰাচী ৰসায়ন আৰু অনুজীৱ বিজ্ঞানী, টিকা দিয়া নীতি বা সূত্ৰৰ উদ্ভাৱক।
- ১৯৫৩ - এডৱিন হাবল, এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। হাবলক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানীসকলৰ এজন বুলি গণ্য কৰা হয়।
- ১৯৫৬ - ৱিলিয়াম ই ব'য়িং (William E. Boeing), আমেৰিকাৰ উৰাজাহাজ, কৃত্ৰিম উপগ্ৰহ আৰু ৰকেট নিৰ্মান কৰা ব'য়িং কোম্পানীৰ প্ৰতিষ্ঠাতা।
- ১৯৯৮ - শিৱপ্ৰসাদ সিং, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যক।
- ২০০৪ - মুলক ৰাজ আনন্দ, ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক।
- ২০২০ - চৈয়দা আনোৱাৰা টাইমূৰ, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী।
দিৱস
সম্পাদনা কৰক- বিশ্ব জলাতঙ্ক দিৱস।
- ক্ষুদ্ধা নিবাৰণ দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৮ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |