৫ মে'
তাৰিখ
৫ মে' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২৫ তম (অধিবৰ্ষত ১২৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হয়।
- ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক অমিয় কুমাৰ দাসৰ জন্ম হয়।
- ১৮৪৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ ঔপন্যাসিক হেনৰিক ছিনকিৱজৰ জন্ম হৈছিল। তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।
- ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ। তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৪৪ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ সভাপতি মইদুল ইছলাম বৰাই মৃত্যুক সাৱতি লয়।
- ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্ৰসিদ্ধ সংগীত শিল্পী নৌছাদৰ।
অনান্যসম্পাদনা কৰক
- ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক।
- ১৯৮৪ চনৰ আজিৰ দিনটোত ফু দৰ্জীয়ে এভাৰেষ্ট আৰোহণ। তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়।
- ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয়। উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ।
- আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল।
- ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া আৰম্ভ হয়।
- আজি নেদাৰলেণ্ডৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |