ৰ'মান চেইনী ভাৰতৰ এজন উদ্যোগী, সুবক্তা আৰু কণিষ্ঠতম প্ৰশাসনিক বিষয়াসকলৰ ভিতৰত অন্যতম। তেওঁ ২২ বছৰ বয়সত ২০১৩ চনত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।[1] ৰ'মান চেইনী এজন টি. ই. ডি. এক্স বক্তা আৰু তেওঁ জেয়পী তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয়ত বিশ্বৰ আটাইতকৈ কঠিন পৰীক্ষাত কেনেকৈ উত্তীৰ্ণ হ'ব পাৰি, সেই বিষয়ে বক্তৃতা আগবঢ়াইছে।[2]

ৰ'মান চেইনী
জন্ম জয়পুৰ, ৰাজস্থান
ৰাষ্ট্ৰীয়তা  ভাৰত
শিক্ষানুষ্ঠান এইম্‌ছ, দিল্লী
পেচা ভাৰতীয় প্ৰশাসনিক বিষয়া, উদ্যোগী
জনা যায় আন্‌একাডেমী, কণিষ্ঠতম ভাৰতীয় প্ৰশাসনিক বিষয়াৰ ভিতৰত অন্যতম

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

ৰ'মান চেইনীৰ জন্ম ৰাজস্থানজয়পুৰত হৈছিল। তেওঁ ১৬ বছৰ বয়সত এইম্‌ছৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।[3] ২২ বছৰ বয়সত ২০১৩ চনত তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কণিষ্ঠতম ভাৰতীয় প্ৰশাসনিক বিষয়াৰ ভিতৰত এজন হৈ পৰে।[4]

আন্‌একাডেমী সম্পাদনা কৰক

আন্‌একাডেমী অসামৰিক সেৱাত যোগ দিব খোজাসকলৰ বাবে এক বিনামূলীয়া প্ৰবেশদ্বাৰ।[5] অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ সেই পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া সহায় আগবঢ়োৱাৰ কথা ভাবিলে। তাৰ বাবে তেওঁ গৌৰৱ মুঞ্জলৰ সৈতে লগ লাগি আন্‌একাডেমী আৰম্ভ কৰিলে যি এক অনলাইন শিক্ষাদান ব্যৱস্থা।[6] বৰ্তমান আনেকাডেমীয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত নিজৰ ৱেবচাইট আৰু ইউটিউব ভিডিঅ'ৰ সহায়ত শিক্ষাদান কৰে।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Kolhe, Subodh, Dubey, Tanvi (2 July 2014). "[SocialStory Meetup In conversation with India’s youngest IAS officer – Roman Saini"]. Your Story. http://yourstory.com/2014/07/roman-saini-ias-meetup/। আহৰণ কৰা হৈছে: 7 March 2015. 
  2. How to crack world’s toughest examinations - ROMAN SAINI - TEDxJUIT. TEDx. 26 November 2014. 
  3. "IAS cracker passing on his know-how for free". DNA. 9 January 2015. http://www.dnaindia.com/mumbai/report-ias-cracker-passing-on-his-know-how-for-free-2050953। আহৰণ কৰা হৈছে: 7 March 2015. 
  4. शेडगे, अमृता (11 January 2015). "युवा IAS डॉ. रोमन सैनी देते हैं UPSC की फ्री कोचिंग". Aaj Tak. http://aajtak.intoday.in/education/story/youngest-ias-plus-doctor-roman-saini-giving-free-coaching-to-upsc-aspirants-1-794931.html। আহৰণ কৰা হৈছে: 7 March 2015. 
  5. Shedge, Amruta (10 January 2015). "Youngest IAS Roman Saini passing on his know-how to other aspirants for free". India Today. India Today (Jaipur). http://indiatoday.intoday.in/story/roman-saini-unacademy-ias-aspirants-free-online-coaching-civil-services-exam/1/412600.html। আহৰণ কৰা হৈছে: 7 March 2015. 
  6. Sharma, Shradha (29 June 2014). "Doctor, IAS and Entrepreneur: Meet Roman Saini". Your Story. http://yourstory.com/2014/06/roman-saini-entrepreneur/। আহৰণ কৰা হৈছে: 7 March 2015. 
  7. "Roman Saini (CSE 2013 Rank 18) UPSC Topper’s Interview – Part 3". ClearIAS. http://www.clearias.com/roman-saini-cse-2013-rank-18-upsc-toppers-interview-part-3/। আহৰণ কৰা হৈছে: 9 March 2015.