ৰংপুৰ (আহোম ৰাজধানী)
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ৰংপুৰ (টাই-আহোম: চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) ইংৰাজী ভাষা:Rangpur , উচ্চাৰণ: ˈræŋpʊə বা ˈræŋgpʊə) আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত স্থাপন কৰা আহোম ৰাজ্যৰ এখন ৰাজধানী আছিল।(Gogoi 1968, পৃষ্ঠা 508) এতিয়া এই স্থান শিৱসাগৰ নগৰৰ অন্তৰ্ভুক্ত। আহোম ৰাজ্যৰ কেইবাটাও ঐতিহাসিক সমল যেনে তলাতল ঘৰ আৰু ৰংঘৰ ইয়াতে অৱস্থিত।
ৰংপুৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) | |
---|---|
ঐতিহাসিক স্থান | |
![]() | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ |
আহোম ৰাজ্যৰ শ্ৰেষ্ঠ সময়ছোৱাত ৰংপুৰ ৰাজধানী আছিল। মোৱামৰীয়া বিদ্ৰোহত দুবাৰ এই ৰাজধানীৰ পতন ঘটিছিল। প্ৰথমবাৰ ১৭৬৯-৭০ চনত কেইমাহমানৰ বাবে বিদ্ৰোহীসকলে স্বৰ্গদেউ লক্ষ্মী সিংহক বন্দী কৰি ৰাখিছিল। দ্বিতীয়বাৰ ১৭৮৮ৰ পৰা ১৭৯২ চনলৈ বিদ্ৰোহীসকলে ৰংপুৰ নিজৰ অধীনত ৰাখিছিল আৰু শেষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ থমাছ ৱেল্ছৰ সেনাবাহিনীয়ে তেওঁলোকক পৰাস্ত কৰিছিল। ৰংপুৰ পুনৰ আহোমৰ হাতলৈ আহিলেও ৰাজধানী ইয়াৰ পৰা উঠাই নি যোৰহাটত পতা হয়।
আৰু চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University