ৰঙাবক্ষৰ পখিলা (ইংৰাজী: Redbreast, বৈজ্ঞানিক নাম-Papilio alcmenor) দক্ষিণ এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷

ৰঙাবক্ষৰ পখিলা (Redbreast)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Papilio
প্ৰজাতি: P. alcmenor
বৈজ্ঞানিক নাম
Papilio alcmenor
C&R Felder, 1864
সমাৰ্থক

Papilio rhetenor

বিৱৰণ সম্পাদনা কৰক

মতা ৰঙাবক্ষৰ পখিলাৰ পাখিৰ ওপৰৰ অংশ ক'লা৷ আগফালৰ পাখি (Fore wing)ৰ বৰণ ক'লা, তাতে শেঁতা বৰণৰ কিছুমান পথালি আৰু সমান্তৰাল আঁচ থকা দেখা যায়৷ পাখিৰ তলৰ অংশ ধূসৰ বৰণীয়া আৰু আঁচবোৰ ওপৰৰ পাখিতকৈ যথেষ্ট বহল হয়৷ ইয়াৰ পিছফালৰ পাখিৰ বৰণ ক'লা৷ আগফালৰ পাখিৰ গুৰিত এটা গাঢ় ৰঙা দাগ থাকে৷

 
Female

মাইকী ৰঙাবক্ষৰ পখিলাৰ পাখিৰ ওপৰৰ অংশ পাতল ক'লা বৰণীয়া৷ আগফালৰ পাখি দুখনত থকা পথালি আৰু সমান্তৰাল আঁচবোৰ (adnervular streaks) শেঁতা আৰু বহল হয়৷ [1]

বিতৰণ সম্পাদনা কৰক

উত্তৰ-পূব ভাৰত, নেপাল, ভূটান আৰু চীনত ই বিস্তৃত হৈ আছে৷

স্থিতি সম্পাদনা কৰক

ৰঙাবক্ষৰ পখিলা সতকাই দেখিবলৈ পোৱা যায় আৰু বৰ্তমানলৈকে ই সংকটৰ পৰা মুক্ত বুলি ঠাৱৰ কৰা হৈছে৷[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2. (Under Papilio rhetenor)
  2. Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6

লগতে পঢ়ক সম্পাদনা কৰক

  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক