ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়

(ৰয়েল গ্লোৱেল বিশ্ববিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)

অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (ইংৰাজী: Assam Royal Global University) অসমৰ পঞ্চমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউটৰ একত্ৰিতকৰণ কৰি গঠন কৰা হৈছে। অসম বিধানসভায়ে অনুমোদন জনোৱা অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় বিধি ২০১৩ -ৰ আধাৰত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়
স্থাপিত ২০১৭
ধৰণ ব্যক্তিগত
আচাৰ্য এ.কে. পাঞ্চাৰী
উপাচাৰ্য অধ্যাপক ডঃ এছ.পি. সিং
স্থান বেতকুঁচি, গুৱাহাটী, অসম, ভাৰত
চৌহদ চহৰীয়া
Acronym RGU
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.rgu.ac

গুৱাহাটীৰ বেতকুঁচিত অৱস্থিত বিখ্যাত বালাজি মন্দিৰৰ বিপৰীতে বিশ্ববিদ্যালয়খন অৱস্থিত৷ বিশ্ববিদ্যালয়খনৰ আচাৰ্য হ’ল এ.কে. পাঞ্চাৰী। অধ্যাপক ডঃ এছ.পি. সিং আৰু এ.কে. মোদী বিশ্ববিদ্যালয়খনৰ ক্ৰমে উপাচাৰ্য আৰু অতিৰিক্ত উপাচাৰ্য।[1]

শিক্ষা সম্পাদনা কৰক

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত ১৩খন প্ৰতিষ্ঠান অন্তৰ্ভুক্ত। অভিযান্ত্ৰিক, ব্যৱস্থাপনা, স্থাপত্যবিদ্যা আৰু বাণিজ্য শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়োৱা ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউট ২০০৯ চনত স্থাপিত হৈছিল। বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত বিদ্যালয়সমূহ হ'ল:

  • ৰয়েল অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয় (Royal School of Engineering & Technology) (RSET)
  • ৰয়েল ব্যৱসায় বিদ্যালয় (Royal School of Business) (RSB)
  • ৰয়েল বাণিজ্য বিদ্যালয় (Royal School of Commerce) (RSC)
  • ৰয়েল স্থাপত্যবিদ্যা বিদ্যালয় (Royal School Of Architecture) (RSA)
  • ৰয়েল চাৰু কলা বিদ্যালয় (Royal School of Fine Arts) (RSFA)
  • ৰয়েল ভাষা বিদ্যালয় (Royal School of Language) (RSL)
  • ৰয়েল ফেশ্বন ডিজাইনিং আৰু প্ৰযুক্তি বিদ্যালয় (Royal School of Fashion Designing & Technology) (RSFT)
  • ৰয়েল প্ৰায়োগিক আৰু বিশুদ্ধ বিজ্ঞান বিদ্যালয় (Royal School of Applied and Pure Sciences) (RSAPS)
  • ৰয়েল তথ্য প্ৰযুক্তিবিদ্যা বিদ্যালয় (Royal School of Information Technology) (RSIT)
  • ৰয়েল জনসংযোগ আৰু মিডিয়া বিদ্যালয় (Royal School of Communication & Media) (RSCOM)
  • ৰয়েল আচৰণ আৰু আনুসংগিক চিকিৎসা বিদ্যালয় (Royal School Of Behavioral & Allied Sciences) (RSBAS)
  • ৰয়েল পৰিৱেশ্য কলা বিদ্যালয় (Royal School of Performing Arts) (RSPA)
  • ৰয়েল আইন আৰু প্ৰশাসনিক বিদ্যালয় (Royal School of Law and Administration) (RSLA) [2]

তথ্য উৎস সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক