ৰশ্মিকা মন্দান্না

ভাৰতীয় অভিনেত্ৰী

ৰশ্মিকা মন্দান্না (কন্নড়: ರಶ್ಮಿಕಾ ಮಂದಣ್ಣ; জন্ম ৫ এপ্ৰিল ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু আৰু কন্নড় চলচ্চিত্ৰত কাম কৰে। তেওঁ মিডিয়া আৰু কান্নাডা ফিল্ম ইণ্ডাষ্ট্ৰিত ‘কৰ্ণাটক ক্ৰাচ’ হিচাবে জনপ্ৰিয়।[2][3] ৰশ্মিকা কম সময়ৰ ভিতৰতে এখন চলচ্চিত্ৰৰ ১ বিলিয়ন আয় কৰা খুব কম অভিনেত্ৰীৰ মাজৰ অন্যতম।[4] তেওঁ তেলেগু আৰু কান্নাডা চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক বেতনৰ অভিনেত্ৰী।[5][6]

ৰশ্মিকা মন্দান্না

ডেয়াৰ কমৰেডৰ প্ৰেচ মিতত ৰশ্মিকা মন্দান্না, ২০১৯
জন্ম ৫ এপ্ৰিল, ১৯৯৬ (২৮ বছৰ)[1]
বিৰাজপেত, কৰ্ণাটক, ভাৰত
পেচা
  • অভিনয়
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমান

ৰশ্মিকা কন্নড় ভাষাৰ ২০১৬ চনৰ চলচ্চিত্ৰ 'কিৰিক পাৰ্টি' যোগেদি অভিনয় জগতলৈ আত্মপ্ৰকাশ কৰে। ২০১৭ চনত তেওঁ 'অঞ্জানী পুত্ৰ' আৰু 'চমক' নামৰ দুখন বাণিজ্যিকভাৱে সফল ছবিত অভিনয় কৰিছিল। পিছত তেওঁ ২০১৮ চনত ৰোমাণ্টিক নাটক 'চলো'ৰ যোগেদি তেলেগুত আত্মপ্ৰকাশ কৰিছিল।[7] একে বছৰতে, তেওঁ 'গীতা গোবিন্দম' ৰমকম ছবিত অভিনয় কৰিছিল, যি তেলেগু চলচ্চিত্ৰৰ সৰ্বাধিক মুনাফা অৰ্জনকাৰীসকলোৰ মাজলৈ পৰিণত হৈছিল আৰু ব্যাপক পৰিচিতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।[8] তেওঁৰ তৃতীয় তেলেগু ইণ্ডাষ্ট্ৰিৰ বহু-তাৰকাযুক্ত বিগ বাজেটৰ চলচ্চিত্ৰ আছিল 'দেবদাস'। কান্নাডা ফিল্ম ইণ্ডাষ্ট্ৰিত প্ৰথম হেট ট্ৰিক হিট অৰ্জনৰ পিছত তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰিত একে বছৰতে তেওঁৰ ই তৃতীয় সফল চলচ্চিত্ৰ হিচাবে চিহ্নিত হৈছে, তেওঁ তেলেগু আৰু কান্নাডা চলচ্চিত্ৰৰ শীৰ্ষস্থানীয় অভিনেত্ৰী হিচাবে নিজকে প্ৰতিষ্ঠিত কৰিছে।

তেওঁ বাণিজ্যিকভাৱে সফল ছবি যেনে 'কিৰিক পাৰ্টি' (২০১৬), 'অঞ্জানী পুত্ৰ' (২০১৭), 'চমক' (২০১৭), চলো (২০১৮), 'গীতা গোবিন্দম' (২০১৮), 'য়াজমানা' (২০১৯), 'চাৰিলেৰু নেকেভাৰু' (২০২০) আৰু 'ভীষ্ম' ( ২০২০) চলচ্চিত্ৰত এটা এটাকৈ পোৱা সাফল্যই তেওঁক দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম সৰ্বাধিক বিচৰা অভিনেত্ৰী হিচাবে গঢ়ি তুলিছে।

কৰ্মৰাজি সম্পাদনা কৰক

“মই যেতিয়া ফিল্মখনৰ শ্বটিং কৰিছিলোঁ তেতিয়া মোৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। মই বাস্তৱ জীবনত চানভীৰ দৰে (তেওঁৰ চৰিত্ৰৰ নাম), মোৰ বয়সৰ বাহিৰেও পৰিপক্ব; সেয়ে এইটো শিষ্টাচাৰহীন অনুভৱ নহ’ল।”

—ৰশ্মিকা তেওঁৰ প্ৰথম চলচ্চিত্ৰ 'কিৰিক পাৰ্টি'ৰ অভিজ্ঞতা প্ৰকাশ কৰিছিল।[9]

ৰশ্মিকা ২০১২ চনত মডেলিং আৰম্ভ কৰিছিল। একে বছৰতে তেওঁ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেচ ফেচ অফ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল আৰু ক্লিন এণ্ড ক্লিয়াৰ ব্ৰেণ্ড এম্বাচেডৰ হৈছিল। ইয়াৰ পিছত লেমোড বেঙ্গালুৰুৰ শীৰ্ষ মডেল হাণ্ট ২০১৩ চনত তেওঁ টিভিচিৰ খিতাপ পাইছিল। প্ৰতিযোগিতাত তেওঁৰ ছবি 'কিৰিক পাৰ্টি'য়ে নিৰ্মাতাক মুগ্ধ কৰিছিল, যিয়ে ২০১৪ৰ প্ৰথমৰ পিনে ছবিখনৰ মহিলা নেতৃত্ব হিচাবে অভিনয় কৰিছিল।

টাইমচ্‌ অফ ইণ্ডিয়াৰ সৈতে এটি সাক্ষাৎকাৰত তেওঁ কয়: “The makers of Kirik Party saw a picture of mine from the Clean & Clear Fresh Face of India 2012 competition — one in which I was dancing during the college round — and approached me to act in the film. So, it really got things going. I always wanted to be in films.”[10] তাত তেওঁ চানভী জোচেফ, এগৰাকী কলেজ-যাত্ৰী আৰু কৰ্ণৰ প্ৰেমৰ প্ৰতি আগ্ৰহীৰ চৰিত্ৰত অভিনয় কৰিছিল (ৰক্ষিত চেত্তী অভিনয় কৰিছিল)।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ৰশ্মিকা মন্দান্না কৰ্ণাটকৰ কোডাগু জিলাৰ এখন চহৰৰ বিৰাজপেতত সুমন আৰু মদন মন্দান্নাৰ জেষ্ঠ্য ছোৱালী হিচাপে ১৯৯৬ চনৰ ৫ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল।[11][12] মাইচুৰ ইনষ্টিটিউট অফ কমাৰ্চ এণ্ড আৰ্টচ্‌ত প্ৰাক্-বিশ্ববিদ্যালয়ত কোৰ্চ কৰাৰ আগত তেওঁ কোডাগুৰ কোৰ্গ পাব্লিক স্কুল (চিয়োপিএছ) -ত স্কুলিং কৰিছিল। পিছত তেওঁ ৰামাইয়া কলেজ অফ আৰ্টচ্‌, চায়েঞ্চ এণ্ড কমাৰ্চৰ পৰা মনোবিজ্ঞান, সাংবাদিকতা আৰু ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল।[12] পঢ়াশুনাৰ কৰাৰ সময়ত, তেওঁ মডেলিং অনুসৰণ কৰিছিল আৰু কেইবাটাও বিজ্ঞাপনত উপস্থিত হৈছিল।[13]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ৰশ্মিকাৰ অভিনেতা ৰক্ষিত চেত্তীৰ সৈতে ইংগেজ্‌ হয়। তেওঁলোক 'কিৰিক পাৰ্টি' প্ৰস্তুতিৰ সময়ত ডেটিং আৰম্ভ কৰে আৰু ২০১৭ চনৰ ৩ জুলাই তাৰিখে তেওঁৰ নিজ চহৰৰ বিৰাজপেতৰ এখন ব্যক্তিগত অনুষ্ঠানত ইংগেজ্‌ হয়।[14] যুগল পাৰস্পৰিকভাৱে সামঞ্জস্য সমস্যাৰ কথা উল্লেখ কৰি ২০১৮ চনৰ চেপ্তেম্বৰত সিহঁতে ইংগেজ্‌ বিছিন্ন কৰে।[15]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

টোকা
  এতিয়াও মুক্তি লাভ কৰা নাই
চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০১৬ কিৰিক পাৰ্টি চানভী জোচেফ কন্নড় কানাডাত আত্মপ্ৰকাশ
২০১৭ অঞ্জানী পুত্ৰ গীতা
চমক কুশী
২০১৮ চলো এল. কাৰ্তিকা তেলেগু তেলেগুত আত্মপ্ৰকাশ
গীতা গোবিন্দম গীতা
দেবদাস পূজা
২০১৯ য়াজমানা কাবেৰী কন্নড়
ডেয়াৰ কমৰেড লিল্লী তেলেগু
২০২০ চাৰিলেৰু নেকেভাৰু চামস্ৰুতী
ভীষ্ম চৈত্ৰা [16][17]
পোগাৰু   ঘোষণা হ’ব কন্নড় ফিল্মিং[18] (ডাবিং ষ্টেজ)[19]
চুলটান   ঘোষণা হ’ব তামিল প’ষ্ট-প্ৰডাকচন, তামিলত আত্মপ্ৰকাশ[20][21]
পুষ্পা   ঘোষণা হ’ব তেলেগু ফিল্মিং

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

চন বঁটা ভাষা চলচ্চিত্ৰ ফলাফল
২০১৭ শ্ৰেষ্ঠ অভিশেষ অভিনেত্ৰীৰ (লীডিং ৰোল) দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA) কন্নড় কিৰিক পাৰ্টি বিজয়ী
শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইআইএফএ উৎসৱ বঁটা মনোনীত
২০১৮ জি কান্নাডা হেম্মেয়া কান্নাডাথী এৱাৰ্ড ফ’ৰ বেষ্ট এক্ট্ৰেচ্‌ অঞ্জানী পুত্ৰ বিজয়ী
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা দক্ষিণ চমক মনোনীত
শ্ৰেষ্ঠ অভিনেত্ৰীৰ (লীডিং ৰোল) দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA)
২০১৯
প্ৰিয় অভিনেত্ৰীৰ বাবে জি চিনে বঁটা তেলেগু গীতা গোবিন্দম বিজয়ী
শ্ৰেষ্ঠ অভিনেত্ৰীৰ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA) মনোনীত
জেএফডব্লিউ এৱাৰ্ড - চেনচেশ্চনেল এক্টৰ বিজয়ী[22]
ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথ বেষ্ট এক্ট্ৰেচ্‌ ক্ৰিটিকছ চইছ বিজয়ী
বিহাইণ্ডচ্‌ গল্ড মেডেল (বেষ্ট এক্টৰ ক্ৰিটিকছ চইছ) ডেয়াৰ কমৰেড বিজয়ী[23]
২০২০ ফিল্মবিট বঁটা কন্নড় য়াজমানা মনোনীত[24]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Rashmika Mandanna: Movies, Photos, Videos, News & Biography – eTimes". Timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/topic/Rashmika-Mandanna. 
  2. "The outrage against Rashmika is unnecessary". Deccan Herald. 4 August 2019. https://www.deccanherald.com/metrolife/metrolife-on-the-move/the-outrage-against-rashmika-is-unnecessary-751971.html. 
  3. "Rashmika Mandanna is the Bangalore Times Most Desirable Woman 2017 – Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/rashmika-mandanna-is-the-bangalore-times-most-desirable-woman-2017/articleshow/63129397.cms। আহৰণ কৰা হৈছে: 21 March 2019. 
  4. "Rashmika Mandanna lands in crorepati club". newindianexpress. http://www.newindianexpress.com/entertainment/kannada/2018/sep/03/rashmika-mandanna-lands-in-crorepati-club-1866645.amp. 
  5. "Rashmika Mandanna joins the big league of highest paid female actors in Tollywood - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/rashmika-mandanna-joins-the-big-league-of-highest-paid-female-actors-in-tollywood/articleshow/69533649.cms. 
  6. "Rashmika Mandana becomes one of Sandalwood's highest paid women actors". 21 November 2018. https://www.thenewsminute.com/article/rashmika-mandana-becomes-one-sandalwood-s-highest-paid-women-actors-91985. 
  7. Hooli, Shekhar H. (10 February 2018). "Chalo week 1 box office collection: Naga Shourya's film becomes a superhit in just 7 days". International Business Times, India Edition. https://www.ibtimes.co.in/chalo-week-1-box-office-collection-naga-shouryas-film-becomes-superhit-just-7-days-760085। আহৰণ কৰা হৈছে: 21 March 2019. 
  8. "The total collections of Geetha Govindam have reached Rs 130 crore gross at the worldwide box office in its lifetime". ibtimes. 24 October 2018. https://amp.ibtimes.co.in/geetha-govindam-total-box-office-collection-area-wise-distributors-earnings-theatrical-rights-783819. 
  9. Dundoo, Sangeetha Devi (11 August 2018). "Rashmika Mandanna's license to dream". The Hindu. https://www.thehindu.com/entertainment/movies/rashmika-mandanna-talks-about-geetha-govindam-devadas-dear-comrade-and-how-cinema-has-changed-her-life/article24665502.ece. 
  10. "Meet Saanvi, the hottie from Kirik Party". http://timesofindia.indiatimes.com/entertainment/kannada/movies/news/rashmika-mandanna-on-her-debut/articleshow/56137743.cms. 
  11. Sharadhaa, A. (21 December 2016). "Rashmika mandanna says it's all luck by chance". The New Indian Express. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225130025/http://www.newindianexpress.com/entertainment/kannada/2016/dec/20/rashmika-mandanna-says-its-all-luck-by-chance-1551322--1.html। আহৰণ কৰা হৈছে: 31 March 2017. 
  12. 12.0 12.1 "A reel Virajpet beauty". www.deccanchronicle.com. 20 April 2016. http://www.deccanchronicle.com/entertainment/sandalwood/200416/a-reel-virajpet-beauty.html. 
  13. "Rakshit, Rashmika get engaged in Virajpete". deccanherald. 4 July 2017. https://www.deccanherald.com/amp?params=LzIwMTcvMDcvMDQvNTk3NTk2. 
  14. "Rakshit, Rashmika get engaged in Virajpet" (en ভাষাত). Deccan Herald. 4 July 2017. https://www.deccanherald.com/content/620787/rakshit-rashmika-get-engaged-virajpet.html। আহৰণ কৰা হৈছে: 30 November 2019. 
  15. "Rashmika Mandanna calls of engagement with Rakshit Shetty". www.indiatoday.com. https://www.indiatoday.in/movies/regional-cinema/story/rashmika-mandanna-calls-off-engagement-with-rakshit-shetty-1335970-2018-09-09. 
  16. "Bheeshma: Nithiin, Rashmika Mandanna wraps up the first schedule of their upcoming film - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/bheeshma-nithiin-rashmika-mandanna-wraps-up-the-first-schedule-of-their-upcoming-film/articleshow/70429744.cms। আহৰণ কৰা হৈছে: 21 August 2019. 
  17. India, The Hans (9 February 2020). "'Bheeshma' to arrive on Feb 21" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/cinema/tollywood/bheeshma-to-arrive-on-feb-21-603864। আহৰণ কৰা হৈছে: 9 February 2020. 
  18. "Rashmika Mandanna checks into Dhruva Sarja-starrer 'Pogaru'". The New Indian Express. http://www.newindianexpress.com/entertainment/kannada/2018/nov/05/rashmika-mandanna-checks-into-dhruva-sarja-starrer-pogaru-1894325.html। আহৰণ কৰা হৈছে: 21 August 2019. 
  19. "Dhruva Sarja to resume work for Pogaru". The New Indian Express. https://www.cinemaexpress.com/stories/news/2019/nov/28/dhruva-sarja-to-resume-work-for-pogaru-15751.html। আহৰণ কৰা হৈছে: 30 November 2019. 
  20. "Karthi's Sultan to hit screens during summer holidays? - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/karthis-sultan-to-hit-screens-during-summer-holidays/articleshow/73297255.cms. 
  21. "Sultan: Rashmika Mandanna confirms the title of her next film with Karthi" (en ভাষাত). India Today. Ist. https://www.indiatoday.in/movies/regional-cinema/story/sultan-rashmika-mandanna-confirms-the-title-of-her-next-film-with-karthi-1581520-2019-08-16. 
  22. VBJ JFW Awards 2019: Yet Another Unforgettable Success! https://jfwonline.com/article/vbj-jfw-awards-2019-yet-another-unforgettable-success/
  23. "Rashmika Mandanna - Best Actor Critics' Choice for Dear Comrade (Telugu) | 7th BEHINDWOODS GOLD MEDALS 2019 - WINNERS!". Behindwoods. 9 December 2019. http://behindwoods.com/tamil-movies/slideshow/winners-of-7th-behindwoods-gold-medals/rashmika-mandanna-behindwoods-gold-medal-winner-2019.html. 
  24. K, Bharath Kumar (21 December 2019). "ಫಿಲ್ಮಿಬೀಟ್ Poll ಆರಂಭ: ನಿಮ್ಮ ನೆಚ್ಚಿನ ನಟ-ನಟಿ-ಸಿನಿಮಾ ಯಾವುದು ವೋಟ್ ಮಾಡಿ". filmibeat.com. https://kannada.filmibeat.com/news/filmibeat-kannada-poll-2019-is-live-vote-your-favourite-040689.html. 

বাহ্যিক সংযোগ সম্পাদনা কৰক