ৰোহিত খান্দেলৱাল

ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব
(ৰহিত খান্দেলৱালৰ পৰা পুনঃনিৰ্দেশিত)

ৰোহিত খান্দেলৱাল (জন্ম: ১৯ আগষ্ট, ১৯৮৯) এজন ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব। তেওঁ ২০১৫ চনত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৬ চনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ জয় কৰে। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা জয় কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়।[3][4][5][6]

ৰোহিত খান্দেলৱাল
সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিজয়ী
জন্ম ১৯ আগষ্ট, ১৯৮৯ (৩৪ বছৰ)
হায়দৰাবাদ, তেলেংগানা, ভাৰত[1]
শিক্ষানুষ্ঠান আৰোৰা ডিগ্ৰী কলেজ[2]
পেচা মডেল, অভিনেতা, টেলিভিজন ব্যক্তিত্ব
সক্ৰিয় হৈ থকা সময় ২০১২-বৰ্তমানলৈ
উচ্চতা ৬ ফুট
পদবী মিষ্টাৰ ৱৰ্ল্ড ২০১৬
(বিজয়ী)
মিষ্টাৰ ৱৰ্ল্ড এছিয়া আৰু ওছেনিয়া
মিষ্টাৰ ৱৰ্ল্ড মাল্টিমিডিয়া
(বিজয়ী)
মিষ্টাৰ ইণ্ডিয়া ২০১৫
(বিজয়ী)
(ষ্টে-অন মিষ্টাৰ এক্টিভ)
( প্ৰভোগ পাৰচনেল কেয়াৰ শ্ৰেষ্ঠ অভিনেতা)

কৰ্মজীৱন সম্পাদনা কৰক

অভিনেত্ৰী কৰিণা কাপুৰৰ লগত কৰা অলংকাৰৰ এটি বিজ্ঞাপনৰ জৰিয়তে ৰোহিতে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পিছত তেওঁ কেইবাটাও বিজ্ঞাপন কৰে। [2][7]

"ইউ টিভি বিন্দাচ"ৰ জনপ্ৰিয় প্ৰেম সম্পৰ্কীয় ধাৰাবাহিক "য়ে হে আশ্বিকী"ৰ ৭৬ নং খণ্ডত অভিনয়ৰ যোগেদি তেওঁ টেলিভিচনৰ জগতত প্ৰৱেশ কৰে। পিছলৈ তেওঁ "চেনেল ভি"ৰ ধাৰাবাহিক "মিলিয়ন ডলাৰ গাৰ্ল"ত কুটিৰ শিল্পৰ শিপিনী সকলৰ নেতা ভূৱনৰ চৰিত্ৰ অভিনয় কৰিছিল। হায়দৰাবাদত জন্ম আৰু ডাঙৰ-দীঘল হোৱা বাবে ৰহিত হিন্দী ভাষাত পাৰদৰ্শী নহয়। সেয়ে তেওঁ হিন্দী শিকবলৈ ক্লাছ লবলগীয়া হৈছিল।[2][8]

২৩ জুলাই, ২০১৫ চনত মুম্বাইৰ ক্লাৱ ৰয়ালিটিত অনুষ্ঠিত "মিষ্টাৰ ইণ্ডিয়া ২০১৫" প্ৰতিযোগিতাত তেওঁ বিজয়ী হয়। তেওঁ লগতে দুটা বিশেষ খিতাব "ষ্টে অন মিষ্টাৰ এক্টিভ" আৰু "প্ৰভোগ পাৰচনেল কেয়াৰ শ্ৰেষ্ঠ অভিনেতা" লাভ কৰে।[6][9]

টেলিভিচন সম্পাদনা কৰক

বছৰ টেলিভিচন শ্ব' ভূমিকা চেনেল উল্লেখ
২০১৪ য়ে হে আশ্বিকী বীৰ ইউ টিভি বিন্দাচ টেলিভিচনত প্ৰদাৰ্পণ
২০১৪ মিলিয়ন ডলাৰ গাৰ্ল ভূৱন চেনেল ভি
২০১৫ প্যাৰ তুনে ক্যা কিয়া শ্ৰীজ যিং
২০১৫ এম টিভি বিগ এফ বৰুণ কহলি(৭ম খণ্ড) (পাইলট) এম টিভি ইণ্ডিয়া
২০১৬ প্যাৰ তুনে ক্যা কিয়া শ্ৰীধৰ (১৯তম খণ্ড ষষ্ঠ চিজন) যিং

মিষ্টাৰ ৱৰ্ল্ড ২০১৬ সম্পাদনা কৰক

১৯ জুলাই, ২০১৬ত চাউথপৰ্ট থিয়েটাৰ হল, ফ্লৰেল হল, ডি প্ৰমেণ্ডা, চাউথপৰ্টত অনুষ্ঠিত "মিষ্টাৰ ৱৰ্ল্ড ২০১৬" প্ৰতিযোগিতাত ৰোহিত খান্দেলৱালে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। মিষ্টাৰ ৱৰ্ল্ড খিতাব লাভ কৰা ৰহিত প্ৰথম গৰাকী ভাৰতীয় তথা এছিয়ান। এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত জয়ী হোৱা বাবে তেওঁ নগদ $৫০,০০০/- লাভ কৰিল। তাৰ বাহিৰে তেওঁ আন কেইবাটাও উপ শিৰোনামৰ বাবে প্ৰতিযোগিতা খনিত ভাগ লৈছিল।[10]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "HYDERABAD BOY ROHIT KHANDELWAL ANNOUNCED PROVOGUE PERSONAL CARE MR INDIA 2015". bollyspice.com. http://bollyspice.com/hyderabad-boy-rohit-khandelwal-announced-provogue-personal-care-mr-india-2015/। আহৰণ কৰা হৈছে: 17 January 2015. 
  2. 2.0 2.1 2.2 "The amazing journey of Mr India 2015 Rohit Khandelwal". indiatimes.com. http://beautypageants.indiatimes.com/mr-india/photos/the-amazing-journey-of-mr-india-2015-rohit-khandelwal/eventshow/48249505.cms। আহৰণ কৰা হৈছে: 17 January 2016. 
  3. "Rohit Khandelwal from India wins Mister World 2016". Archived from the original on 9 August 2016. https://web.archive.org/web/20160809092053/https://tkop.org/2016/07/19/mister-world-2016-india-rohit-khandelwal/। আহৰণ কৰা হৈছে: 20 July 2016. 
  4. "Contestants — Mr. India — Beauty Pageants — Indiatimes". Beautypageants.indiatimes.com. http://indianexpress.com/article/entertainment/bollywood/rohit-khandelwal-is-provogue-personal-care-mr-india-2015. 
  5. "Rohit Khandelwal declared Mr India 2015". deccanherald.com. http://www.deccanherald.com/content/491219/rohit-khandelwal-declared-mr-india.html। আহৰণ কৰা হৈছে: 17 January 2016. 
  6. 6.0 6.1 Ankita Mehta (24 July 2015). "Mr India 2015: Rohit Khandelwal Bags Title; Complete List Of Winners". ibtimes.co.in. http://www.ibtimes.co.in/mr-india-2015-rohit-khandelwal-bags-title-complete-list-winners-photos-640323। আহৰণ কৰা হৈছে: 17 January 2015. 
  7. Shruti Shrivastava (25 July 2015). "Provogue Mr India 2015 Rohit Khandelwal has an old connection with Kareena Kapoor who was a guest on the event". filmymonkey.com. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225133609/https://www.filmymonkey.com/bollywood/2015/07/25/provogue-mr-india-2015-rohit-khandelwal-has-an-old-connection-with-kareena-kapoor-who-was-a-guest-on-the-event/404.php। আহৰণ কৰা হৈছে: 17 January 2016. 
  8. SANCHITA DASH (31 January 2015). "Shuddh Hindi was tough: Rohit Khandelwal". deccanchrolicle.com. http://www.deccanchronicle.com/150130/entertainment-tvmusic/article/shuddh-hindi-was-tough-rohit-khandelwal। আহৰণ কৰা হৈছে: 17 January 2016. 
  9. IANS (25 July 2015). "Rohit Khandelwal is Provogue Personal Care Mr India 2015". indianexpress.com. http://indianexpress.com/article/entertainment/bollywood/rohit-khandelwal-is-provogue-personal-care-mr-india-2015/। আহৰণ কৰা হৈছে: 17 January 2016. 
  10. "Rohit Khandelwal becomes the first Indian to win Mr World Title". Economic Times. ET Panache. 2016-08-04. http://economictimes.indiatimes.com/articleshow/53297930.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst। আহৰণ কৰা হৈছে: 4 August 2016. 

বহিঃ সংযোগ সম্পাদনা কৰক