ৰাজকোঁৱৰ (চৰাই)
ৰাজকোঁৱৰ (ইংৰাজী: Black-naped Monarch, বৈজ্ঞানিক নাম-Hypothymis azurea) পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷
ৰাজকোঁৱৰ (Black-naped Monarch) | |
---|---|
A male Black-Naped Monarch flycatcher (ssp. montana) from Kaeng Krachan in Thailand. | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Monarchidae |
গণ: | Hypothymis |
প্ৰজাতি: | H. azurea |
বৈজ্ঞানিক নাম | |
Hypothymis azurea (Boddaert, 1783) | |
The Approximate Range of the Black-naped Monarch | |
সমাৰ্থক | |
Monarcha azurea |
বিৱৰণ
সম্পাদনা কৰকপূৰ্ণবয়স্ক ৰাজকোঁৱৰ মতা চৰাইৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে:মি: হয়৷ ইয়াৰ দেহৰ বৰণ মূলত: নীলা আৰু পেট অংশ বগা হোৱা দেখা যায়৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ (nape) ক'লা আৰু একেই বৰণৰ ঠেক ক'লা কলাৰ থাকে৷
মাইকী ৰাজকোঁৱৰ চৰাইৰ বৰণ শেঁতা৷ ইয়াৰ দেহত মতা চৰাইটোৰ দৰে ক'লা দাগ নাথাকে৷ মাইকী চৰাইজনীৰ পাখিৰ বৰণ মুগা-মটিয়া হয়৷ [2][3][4] [5]
টেক্স'নমি
সম্পাদনা কৰকএই চৰাইবিধৰ বহু কেইবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ভিতৰত দক্ষিণ-পূব এছিয়াত দেখা পোৱা প্ৰধান উপ-প্ৰজাতি কেইবিধ হ'ল-[6][7][8]
- oberholseri Stresemann, ১৯১৩ চন, টাইৱান
- montana Riley, ১৯২৯ আৰু galerita ১৯৫৬; থাইলেণ্ড
- forrestia Oberholser, ১৯১১ চন, Mergui Archipelago
- prophata Oberholser, ১৯১১ চন, সুমাত্ৰা আৰু বৰ্ণিঅ'
- consobrina Richmond, ১৯০২ Simeulue দ্বীপ
- abbotti Richmond, ১৯০২, Reusam and Babi islands
- leucophila Oberholser, ১৯১১, Siberut Island
- richmondi Oberholser, ১৯১১, Enggano Island
- opisthocyanea Oberholser, ১৯১১, Anamba Island[9]
- gigantoptera Oberholser, ১৯১১, Bunguran
- karimatensis Chasen & Kloss, ১৯৩১, Karimata Island
- javana Chasen & Kloss, ১৯২৯; জাভা আৰু বালি
- penidae Meise, ১৯৪১, Penida Island
- symmixta Stresemann, ১৯১৩, Lesser Sundas.
- aeria Bangs & J. L. Peters, ১৯২৭, Maratua Island[6]
বিতৰণ
সম্পাদনা কৰকৰাজকোঁৱৰ চৰায়ে সাধাৰণতে ক্ৰান্তীয় দক্ষিণ এছিয়াৰ ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত প্ৰজনন কৰে৷
বাসস্থান
সম্পাদনা কৰকএই চৰাইবিধ ঘাইকৈ ঘন অৰণ্য আৰু অন্যান্য গছ-গছণিৰে পূৰ্ণ অঞ্চলত দেখা পোৱ যায়৷
আচৰণ
সম্পাদনা কৰকৰাজকোঁৱৰ চৰাইৰ মাত ক্ষিপ্ৰ আৰু ঘপকৈ মতা 'স্ক্ৰিপ' ধৰণৰ৷ [3]
খাদ্য
সম্পাদনা কৰকএই চৰাইবিধ ঘাইকৈ পতংগভোজী৷ ইহঁতে সাধাৰণতে উৰন্ত অৱস্থাতে পোক ধৰিব পাৰে৷ .[10] ইহঁতে অন্য চৰাইৰ প্ৰজাতিৰ লগত একেলগে জাকপাতিও খাদ্যৰ সন্ধান কৰে বুলি জনা যায়৷ [11]
প্ৰজনন
সম্পাদনা কৰকৰাজকোঁৱৰ চৰায়ে ভাৰতবৰ্ষত মেৰ পৰা জুন মাহলৈকে প্ৰজনন কৰে৷ ইহঁতে এবাৰত ২-৩ টাকৈ কণী পাৰে৷ [12]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Hypothymis azurea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006061। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Baker, EC Stuart (1923). A hand-list of Genera and Species of Birds of the Indian Empire. Bombay Natural History Society. http://www.archive.org/stream/handlistofgenera00bake#page/80/mode/2up.
- ↑ 3.0 3.1 Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 333.
- ↑ Oates, EW (1890). Fauna of British India. Birds. Volume 2. Taylor and Francis, London. পৃষ্ঠা. 49–50. http://www.archive.org/stream/faunaofbritishin02oate#page/48/mode/2up.
- ↑ Ripley, S. D. (1944). "The Bird Fauna of the West Sumatra Islands". Bulletin of the Museum of Comparative Zoology at Harvard College খণ্ড 94 (8): 307–430. http://www.archive.org/stream/bulletinofmuseum94harv#page/396/mode/2up.
- ↑ 6.0 6.1 Oberholser, Harry C (1911). "A monograph of the Flycatcher genera Hypothymis and Cyanonympha No. 1803". Proc. U. S Nat. Mus. খণ্ড 39: 585–615. http://www.archive.org/stream/proceedingsofuni391911unit#page/584/mode/2up.
- ↑ Rand, AL (1970). "Species formation in the blue monarch flycatchers genus Hypothymis". Nat. Hist. Bull. Siam Soc. খণ্ড 23: 353–365. Archived from the original on 2012-03-28. https://web.archive.org/web/20120328141950/http://www.thaiscience.info/journals/Article/Species%20formation%20in%20the%20blue%20monarch%20flycatchers%20genus%20hypothymis.pdf। আহৰণ কৰা হৈছে: 2013-10-24.
- ↑ Oberholser, Harry C. (1911). "A monograph of the flycatcher genera Hypothymis and Cyanonympha". Proceedings of the United States National Museum খণ্ড 39 (1803): 585–615. সাঁচ:Hdl.
- ↑ Oberholser, HC (1932). "The Birds of the Natuna Islands". U.S. Nat. Mus. Bull. খণ্ড 159: 1–137. http://www.archive.org/stream/bulletinunitedst1591932unit#page/58/mode/2up.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;hbk
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Kotagama, SW & Goodale, E (2004). "The composition and spatial organisation of mixedspecies flocks in a Sri Lankan rainforest". Forktail খণ্ড 20: 63–70. http://eben.goodale.googlepages.com/Forktailarticle.pdf.[সংযোগবিহীন উৎস]
- ↑ Hume, AO (1900). The nests and eggs of Indian birds. Volume 2. R H Porter, London. পৃষ্ঠা. 27–30. http://www.archive.org/stream/nestseggsofindia02humerich#page/26/mode/2up.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Hypothymis azurea সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Photos and videos
- Hua-Hsiang Chen (2009) A Preliminary Study on Nest Site Selection and Nest Success of the Black-naped Blue Monarch (Hypothymis azurea) in Linnei Township and Douliu hilly area, Yunlin County Thesis Archived 2011-08-15 at the Wayback Machine Taiwan. (In Chinese)