ৰানু মণ্ডল (কণ্ঠশিল্পী)

ৰানু মণ্ডল (ইংৰাজী: Ranu Mandal জন্ম: ৫ নৱেম্বৰ, ১৯৬০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ পশ্চিম বংগৰ ৰাণাঘাটৰ এটা ৰেল ষ্টেচনত গান গাই ফুৰিছিল। তেওঁৰ সংগীত পৰিৱেশনৰ এটা ভিডিঅ' (য'ত তেওঁ "এক প্যাৰ কা নাগমা হে" শীৰ্ষক হিন্দী গীত গাই থকা দেখা গৈছিল) ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত তেওঁ ৰাতিটোৰ ভিতৰতে ইণ্টাৰনেট তাৰকা হৈ পৰিছিল।[1][2]

ৰানু মণ্ডল
Ranu Mandal
জন্মৰ নাম ৰানু মণ্ডল
জন্ম ৫ নৱেম্বৰ, ১৯৬০ (৬১ বছৰ)
কৃষ্ণা নগৰ, পশ্চিম বংগ, ভাৰত
সংগীতৰ প্ৰকাৰ বলিউড, নেপথ্য কণ্ঠশিল্পী
পেচা গায়িকা
কাৰ্যকাল ২০১৯– বৰ্তমান

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

১৯৬০ চনৰ ৫ নৱেম্বৰ তাৰিখে পশ্চিম বংগৰ কৃষ্ণনগৰত ৰাণু মণ্ডলৰ জন্ম হয়। মাত্ৰ ছয় মাহ বয়সতে তেওঁৰ মাক-দেউতাকৰ মৃত্যু হোৱাত তেওঁ শৈশৱৰ বেছিভাগ সময় পশ্চিম বংগৰ ৰাণাঘাটত থকা তেওঁৰ খুৰীয়েক ঘৰত অতিবাহিত কৰিছিল।[3] ৰানু মণ্ডলৰ সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহ আছে আৰু তেওঁ মহম্মদ ৰফি, মুকেশ আৰু লতা মংগেশকাৰৰ দৰে ভাৰতীয় কিংবদন্তি গায়কসকলৰ গান শুনি তেওঁলোকক অনুকৰণ কৰি আহিছে। ১৯ বছৰ বয়সত মণ্ডল বিবাহ পাশত আৱদ্ধ হোৱা ৰানু কামৰ সন্ধানত স্বামীৰ সৈতে মুম্বাইলৈ স্থানান্তৰিত হৈছিল।

পৰিয়ালসম্পাদনা কৰক

ৰানুমণ্ডলৰ দেউতাক আদিত্য কুমাৰ এজন হকাৰ আছিল। ১৯ বছৰ বয়সত তেওঁ চুবুৰীয়া বাবলু মণ্ডলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ এজনী কন্যা, এলিজাবেথ সাথী ৰয় আৰু বাবলু মণ্ডলৰ ফালৰ এজন পুত্ৰ আছে। বাবলু মণ্ডলৰ ২০০৯ চনত মৃত্যু হোৱাত ৰানু দ্বিতীয় বাৰলৈ বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁৰ দ্বিতীয় স্বামীৰ ফালৰ পৰা এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়।

কৰ্মজীৱনসম্পাদনা কৰক

ৰানু মণ্ডলে মুম্বাইত বিভিন্ন ধৰণৰ কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ মুম্বাইৰ এটা ক্লাবৰ বাবে গান গাবলৈ আৰম্ভ কৰিছিল। উক্ত ক্লাবত কাম কৰাৰ কিছু দিনৰ পিছত তেওঁ স্বামীৰ অনুমতি নোপোৱাৰ বাবে এই কামটো এৰি দিয়ে। তেওঁ তেওঁৰ প্ৰাক্তন স্বামীৰ মৃত্যুৰ পিছত নিজৰ গৃহচহৰ ৰাণাঘাটলৈ উভতি আহিছিল আৰু তাত অকলে দৰিদ্ৰতাৰ মাজেৰে জীৱন পাৰ কৰিছিল। মণ্ডলে জীৱিকা অৰ্জনৰ বাবে ৰাণাঘাটৰ ৰেল ষ্টেচনত গান গাবলৈ আৰম্ভ কৰে। তেওঁ "এক প্যাৰ কা নাগমা হে" গানটো পৰিৱেশন কৰা এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত চৰ্চালৈ আহে।

পৰৱৰ্তী সময়ত, তেওঁক ৰিয়েলিটি টিভি শ্ব' "চুপাৰষ্টাৰ চিংগাৰ"ত অতিথি প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। [4][5] অনুষ্ঠানটোত মণ্ডলৰ কণ্ঠ শুনি বলীউডৰ সংগীতজ্ঞ হিমেশ ৰেশমিয়াই তেওঁক তেওঁৰ বাবে এটা গান গাবলৈ কয়। ৰানু মণ্ডলে ২০১৯ চনত বলীউডৰ ছবি "হেপ্পী হাৰ্ডি এণ্ড হীৰ"ত 'তেৰি মেৰী কাহানী' গানটোৰ জৰিয়তে সংগীত জীৱনৰ পাতনি মেলে। ৰেশমিয়াই গানটোৰ এটা চমু সংস্কৰণ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, এই সংস্কৰণটোৱেও সামাজিক মাধ্যমত চৰ্চা লাভ কৰে।[6] মণ্ডলে ৰেশমিয়াৰ সৈতে "আদত" আৰু "আশিকী মে তেৰি ২.০" নামৰ আন দুটা চাউণ্ডট্ৰেকত সহযোগিতা কৰিছিল।[7][8]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "Woman sings Ek Pyaar Ka Nagma at Ranaghat railway station in Bengal. Viral video has 2.5mn views" (en ভাষাত). India Today. 2 August 2019. https://www.indiatoday.in/trending-news/story/woman-sings-ek-pyaar-ka-nagma-at-ranaghat-railway-station-in-bengal-viral-video-has-2-5mn-views-1576393-2019-08-02। আহৰণ কৰা হৈছে: 14 February 2020. 
  2. "6 times Ranu Mondal went viral since her Ranaghat railway station video" (en ভাষাত). India Today. https://www.indiatoday.in/trending-news/story/6-times-ranu-mondal-went-viral-since-her-ranaghat-railway-station-video-1625498-2019-12-05। আহৰণ কৰা হৈছে: 14 February 2020. 
  3. "Rani Mandal biography". https://wikibio.in/ranu-mondal/। আহৰণ কৰা হৈছে: 8 September 2021. 
  4. Kundu, Indrajit (9 August 2019). "Ranu Mondal from Ranaghat went viral for Ek Pyaar Ka Nagma Hai. She just got a call from music reality show" (en ভাষাত). India Today. https://www.indiatoday.in/trending-news/story/ranu-mondal-from-ranaghat-went-viral-for-ek-pyaar-ka-nagma-hai-she-just-got-a-call-from-music-reality-show-1579149-2019-08-09। আহৰণ কৰা হৈছে: 14 February 2020. 
  5. "A Bollywood contract for India's busking sensation is no reason to pat ourselves on the back" (en ভাষাত). The National. https://www.thenational.ae/arts-culture/a-bollywood-contract-for-india-s-busking-sensation-is-no-reason-to-pat-ourselves-on-the-back-1.903150। আহৰণ কৰা হৈছে: 14 February 2020. 
  6. "Ranu Mondal from Ranaghat just recorded her first song. Internet cannot thank Himesh Reshammiya enough" (en ভাষাত). India Today. https://www.indiatoday.in/trending-news/story/ranu-mondal-from-ranaghat-just-recorded-her-first-song-internet-cannot-thank-himesh-reshammiya-enough-1590922-2019-08-23। আহৰণ কৰা হৈছে: 14 February 2020. 
  7. months, Pramit Chatterjee 2; Week, 1 (30 August 2019). "Himesh Reshammiya Collabs With Internet Sensation Ranu Mandal For A Second Song" (en ভাষাত). Mashable India. https://in.mashable.com/entertainment/6353/himesh-reshammiya-collabs-with-internet-sensation-ranu-mandal-for-a-second-song। আহৰণ কৰা হৈছে: 12 November 2019. 
  8. DelhiSeptember 3, India Today Web Desk New; September 3, 2019UPDATED; Ist, 2019 14:09. "Ranu Mondal recreates Aashiqui Mein Teri for Himesh Reshammiya with unadulterated smile. Watch video" (en ভাষাত). India Today. https://www.indiatoday.in/trending-news/story/ranu-mondal-recreates-aashiqui-mein-teri-for-himesh-reshammiya-with-unadulterated-smile-watch-video-1594909-2019-09-03। আহৰণ কৰা হৈছে: 12 November 2019.