ৰাহুল সাংকৃত্যায়ন (ইংৰাজী: Rahul Sankrityayan; হিন্দী: राहुल सांकृत्यायन) (৯ এপ্ৰিল, ১৯৮৩ – ১৪ এপ্ৰিল, ১৯৬৩) এজন প্ৰখ্যাত ভাৰতীয় লেখক। জীৱনৰ পঞ্চলিশ বছৰ ঘৰৰ পৰা আঁতৰি ভ্ৰমণত কটোৱা সাংকৃত্যায়নক হিন্দী ভ্ৰমণ সাহিত্যৰ জনক বুলি অভিহিত কৰা হয়।[1] বিভিন্ন বিষয়ৰ ওপৰত তেখেতে প্ৰায় ডেৰশখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ এই চিন্তা গধুৰ ৰচনাসমূহ বেছি ভাগেই বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। ইয়াৰ উপৰিও তেখেত এজন ভাৰততত্ববিদ, মুক্তিসংগ্ৰামী আৰু ভাৰতত কমিউনিষ্ট আন্দোলনৰ পৃষ্ঠপোষক হিচাপে জনাজাত আছিল।[2] তেখেতে পিছলৈ বৌদ্ধ ভিক্ষুৰ পথ গ্ৰহণ কৰে আৰু মাৰ্ক্সীয় সমাজবাদৰ অনুগামী হৈ পৰে।[1]

ৰাহুল সাংকৃত্যায়ন
জন্ম কেদাৰনাথ পাণ্ডে
৯ এপ্ৰিল, ১৮৯৩
পন্দাহা গাঁও, অজমড় জিলা, উত্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৪ এপ্ৰিল, ১৯৬৩ (৭০ বছৰ)
দাৰ্জিলিং, পশ্চিমবঙ্গ, ভাৰত
পেছা লিখক, ৰচনাকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা ১৯৬৮: সাহিত্য অকাডেমি বঁটা
১৯৬৩: পদ্ম ভূষণ

জন্মসম্পাদনা কৰক

১৮৯৩ চনৰ এপ্ৰিল মাহত উত্তৰ প্ৰদেশৰ আজমগড়ৰ এটা ব্ৰাক্ষ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাহুল সাংকৃত্যায়নৰ আচল নাম আছিল কেদাৰনাথ পাণ্ডে। কিন্তু জীৱনৰ প্ৰথম অৱস্থাত ভাৰতীয় ধৰ্ম দৰ্শনৰ চৰ্চাৰ একোটা বিশেষ সময়ত তেওঁৰ নাম সলনি হৈ প্ৰথমতে কেদাৰনাথ পৰা বাবা ৰামোদব দাস আৰু শেষত ৰাহুল সাংকৃত্যায়ন হয়গৈ।[2]

শৈশৱসম্পাদনা কৰক

ৰাহুল সাংকৃত্যায়নৰ শৈশৱ অতিবাহিত হয় তেওঁৰ মোমায়েকৰ ঘৰত। তাতেই তেওঁ দেশ-বিদেশৰ পৌৰাণিক কাহিনীসমূহ শুনিবলৈ পায়। তেতিয়াৰে পৰা তেওঁৰ মনত ভ্ৰমণ বিলাসীতাই ঠাই পায়। পিছৰ জীৱনত তেওঁ সেই ইচ্ছা পূৰণ কৰে প্ৰায় সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি।[2]

শিক্ষা আৰু সাহিত্যচৰ্চাসম্পাদনা কৰক

আৰ্থিক নাটনিৰ বাবে ৰাহুলৰ প্ৰথম জীৱনৰ শিক্ষাগ্ৰহণ আধৰুৱা হৈয়েই ৰয়। অৱশ্যে পলমকৈ হলেও তেওঁ আনুষ্ঠানিকভাৱে লোৱা শিক্ষাকালতে ডেৰকুৰিতকৈও অধিক বিদেশী ভাষাত প্ৰথমে পাণ্ডিত্য আহৰণ কৰে। সংস্কৃত ভাষাত প্ৰথমে পাণ্ডিত্য লাভ কৰাৰ পিছত তেওঁ জাৰ্মান, ফৰাচী, চীনা আৰু ৰাছিয়ান ভাষাতো সমপৰ্য্যায়ৰ ব্যুৎপত্তি লাভ কৰে। তেওঁ সংস্কৃত ভাষাৰ ব্যাকৰণ, কাব্য, মীমাংসা, ন্যায় আৰু হিন্দু ধৰ্ম আৰু দৰ্শনৰ প্ৰায় সমগ্ৰ গ্ৰন্থ আৰু কাব্যৰ ৰচনা অধ্যয়ন কৰে আৰু সেই সময়তে আধ্যাত্মিকতাবাদৰ ফালে অগ্ৰসৰ হয়।[3] ধৰ্ম আৰু দৰ্শন চৰ্চাৰ প্ৰথম অৱস্থাত তেওঁ হিন্দু ধৰ্মৰ ওপৰতহে অধ্যয়ন কৰে যদিও পিছত তেওঁ মন বৌদ্ধ ধৰ্মৰ প্ৰতিহে সম্পূৰ্ণৰূপে ঢাল খায়। বৌদ্ধ ধৰ্ম চৰ্চা শেষ কৰাৰ পিছত তেওঁ ত্ৰিপিটকাচাৰ্য্য উপাধি লাভ কৰে।

বিদেশ ভ্ৰমণ আৰু নাৰী প্ৰগতি চিন্তাসম্পাদনা কৰক

১৯১৩ চনৰ পৰা ১৯২১ চনৰ ভিতৰত তেওঁ সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰও ভ্ৰমণ কৰে। বিদেশ ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ ভাৰতীয় সংস্কৃতিৰ এক বৈজ্ঞানিক মূল্যায়ন হোৱাটো বিচাৰে আৰু নিজে এইদিশত গভীৰ চিন্তা-চৰ্চাত মনোনিবেশ কৰে। ইয়াৰ লগতে তেওঁ নাৰী প্ৰগতি আৰু শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিভিন্ন পত্ৰ-পত্ৰিকাত নিজ মন্তব্য দাঙি ধৰে।[2]

ৰাজনৈতিক জীৱনসম্পাদনা কৰক

 
ৰাহুল সাংকৃত্যায়নৰ স্মৃতিত ১৯৯৩ চনত ভাৰত চৰকাৰে উলিওৱা ডাকটিকট

ৰাজনীতিৰ ক্ষেত্ৰত সাংকৃত্যায়ন গান্ধীজীৰ অহিংস আন্দোলনৰ সততে বিৰোধিতা কাৰিছিল। তেওঁ গান্ধীৰ এজন উগ্ৰ সমালোচক আছিল[2]। ১৯২১ চনত তেওঁ ভাৰতীয় জাতীয় আন্দোলনৰ এগৰাকী আগশাৰীৰ মুক্তি যোদ্ধা হিছাপে অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। এই সময়তে তেওঁ গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাসলৈ যায়। ইয়াৰ পিছত সাংকৃত্যায়নে বিহাৰৰ চাপ্ৰা জিলাত 'একমা’(Ekma) আশ্ৰম স্থাপন কৰে। ইয়াক তেওঁ ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰস্থল কৰি লয়। ১৯২২ চনত তেওঁ চাপ্ৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মনোনীত হয়। ১৯২৩ চনত তেওঁৰ বিপ্লৱী কাৰ্যকলাপৰ বাবে পুনৰ গ্ৰেপ্তাৰ হয় আৰু হাজাৰীবাগ জেলত কাৰাবাস খাটিবলগীয়া হয়। ১৯২২ অৰ পৰা ১৯২৫ চনৰ ভিতৰত ৰাহুল সাংকৃত্যায়নে অস্পৃশ্যতা দূৰীকৰণ আৰু হিন্দু মুছলমান একতাৰ বাবে এক শক্তিশালী অভিযান আৰম্ভ কৰে। ১৯৩১ চনত ’বিহাৰ ছচিয়েলিষ্ট পাৰ্টি’ স্থাপন হোৱাৰ লগে লগে সাংকৃত্যায়ন ইয়াৰ সচিব মনোনীত হয়। ইয়াৰ পিছতে তেওঁ কিছুদিনৰ বাবে ৰাছিয়ালৈ যায় আৰু ১৯৩৮ চনত সেই দেশৰ পৰা ঘূৰি অহাৰ পিছত বিহাৰত আৰম্ভ কৰে কৃষক সত্যাগ্ৰহ। ১৯৪০ চনত তেওঁ বিহাৰ ৰাজ্যিক কংগ্ৰেছ কমিটিৰ সদস্য মনোনীত হোৱাৰ কিছুদিনৰ পিছতে পুনৰ গ্ৰেপ্তাৰ হৈ জেললৈ যায়। ইয়াৰ পিছত স্বাধীনতা আন্দোলনৰ সমগ্ৰ কালছোৱাত তেওঁ ভাৰতৰ বিভিন্ন বিপ্লৱী সংগঠনৰ লগত জড়িত হৈ বিভিন্ন পদৰ কাৰ্য নিৰ্বাহ কৰে অৰু তাৰ মাজতো চলাই যায় ভাৰতীয় ধৰ্ম, দৰ্শন আৰু সংস্কৃতিৰ অধ্যয়ন।[2]

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হ’লেও ৰাহুল সাংকৃত্যায়নে কংগ্ৰেছী মতবাদক সম্পূৰ্ণৰূপে মাৰ্ক্সীয় দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত কৰে। ইয়াৰ সমৰ্থনতেই তেওঁ বিহাৰত আৰম্ভ কৰা কমিউনিষ্ট আন্দোলনৰ প্ৰেক্ষাপটতেই জন্ম হৈছিল বিহাৰ কমিউনিষ্ট পাৰ্টি।

বিবাহসম্পাদনা কৰক

ৰাহুল সাংকৃত্যায়নৰ পাণ্ডিত্যৰ প্ৰথম স্বীকৃতি স্বৰূপে ১৯৪৪ চনত তেওঁ ৰাছিয়াৰ লেনিনগ্ৰাড বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত হয়। ইয়াত তেওঁ অধ্যাপনা কৰি থকা কালতে এগৰাকী ৰাছিয়ান মহিলাৰ সৈতে বিবাহ হয় আৰু এক সুদীৰ্ঘ কালৰ বাবে ৰাছিয়াতে বসবাস কৰিবলৈ লয়।

প্ৰকাশিত গ্ৰন্থসম্পাদনা কৰক

১৯৫৯ চনত সাংকৃত্যায়নে শ্ৰীলংকা বিশ্ববিদ্যালয়ত ’বিদ্যালঙ্কাৰ পৰিভেনা’ উপাধিৰে অধ্যাপক নিযুক্ত হয়। এই সময়তে তেওঁ ’মহাবোধি সমাজৰ’ আজীৱন সদস্য হয়। এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লিখক হিছাপে ৰাহুল সাংকৃত্যায়নে হিন্দী ভাষাৰ উপৰিও বিশ্বৰ বিভিন্ন ভাষাত ১৫০ খন গ্ৰন্থ ৰচনা কৰিছিল[2]। এই গ্ৰন্থসমূহো আছিল বিভিন্ন বিষয়ৰ। কিন্তু বিশেষভাৱে তেওঁ বৌদ্ধ আৰু হিন্দু ধৰ্মৰ ওপৰত যিসমূহ গ্ৰন্থ ৰচনা কৰিছিল সেইবিলাকৰ যোগেদিয়েই তেওঁ প্ৰতিষ্ঠিত হৈছিল এজন শীৰ্ষস্থানীয় ভৰততত্ববিদ হিছাপে।

১৯২৯ আৰু ১৯৩৬ চনৰ ভিতৰত সাংকৃত্যায়নে তিনিবাৰকৈ তিব্বত ভ্ৰমণ কৰাৰ কালত সেই দেশৰ পৰা সংগ্ৰহ কৰি আনিছিল বৌদ্ধ ধৰ্মৰ মূল্যবান মূল গ্ৰন্থসমূহৰ ১,৬১৯ খন হাতে লিখা পুথি। এই পুথি সমূহৰ আধাৰতে পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সম্পৰ্কে তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ যথেষ্ট সংখ্যক গ্ৰন্থ আজি পৃথিৱীৰ ভিন ভিন বিদেশী ভাষালৈ অনুদিত হৈছে।[2]

তেওঁৰ ৰচিত গ্ৰন্থসমূহৰ ভিতৰত বিশেষভাবে উল্লেখযোগ্য ’সিদ্ধসকলৰ জীৱন চৰিত’ত তেওঁ ৮৪ গৰাকী সিদ্ধৰ জীৱনী সন্নিবিষ্ট কৰিছে। এই গ্ৰন্থ প্ৰকাশ পোৱাৰ পিছতেই তেওঁ বৌদ্ধিক জগতখনৰ প্ৰশংসা লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতেই তেওঁ ১৬টা খণ্ডৰ ’হিন্দী সাহিত্যৰ বৃহত্‌ ইতিহাস’ (হিন্দী সাহিত্য কা বৃহত্‌ ইতিহাস)ৰ সম্পাদনা কৰিবলৈ লয়। ইয়াৰ লগতে একে সময়তে জড়িত হয় ’হিন্দী বিশ্বকোষ’ৰ প্ৰণয়ন আৰু প্ৰকাশনৰ কামত। ভাষা-সাহিত্যৰ ওপৰত সাংকৃত্যায়নে যুগুত কৰা ’দক্ষিণী হিন্দী কাব্যধাৰা’ প্ৰকাশ পোৱাৰ পিছতে ১৯৪৫ তেওঁৰ সম্পাদনাত প্ৰকাশিত হয় ’চাৰাহা দহা কোষা’ নমৰ আন এখন সুবৃহত্‌ গ্ৰন্থ।[2]

ৰাহুল সাংকৃত্যায়নৰ বিখ্যাত গ্ৰন্থ ’মধ্য এচিয়া কা ইতিহাস’ৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় সাহিত্য অকাডেমি বঁটা। তেওঁৰ আন এখন বিখ্যাত গ্ৰন্থ ’ভল্গা চে গঙ্গা’ বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ২০ টা ভাষালৈ অনুদিত হয়। সাংকৃত্যায়নৰ মহমূল্যৱান গ্ৰন্থসমূহৰ ভিতৰত বিশেষভাবে উল্লেখনীয় আৰু দুখন গ্ৰন্থ হ’ল ’ভোতা সংস্কৃত অভিধান’ আৰু ’ৰাছিয়ান সংস্কৃত অভিধান’। কেৱল ধৰ্ম-ভাষা-সাহিত্য-সংস্কৃতিয়েই নহয়, ইয়াৰ উপৰিও সাংকৃত্যায়নে ১৭ খন ভ্ৰমণ কাহিনী আৰু মাও চে তুঙ, লেলিন আৰু ষ্টেলিনৰ জীৱনৰ ওপৰতো তিনিখন মূল্যৱান গ্ৰন্থ লিখি থৈ গৈছে।[2]

নিৰন্তৰ জ্ঞান-অম্বেষণৰ স্পৃহাই এক গৰাকী যশস্বী লিখকক সময়ানুসাৰে সমল যোগাই গৈছিল। তেওঁ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ লগতে ধৰ্ম-দৰ্শন আৰু ভাষা-সাহিত্যৰ ক্ষেত্ৰত যি অৱদান অগবঢ়াই থৈ গৈছে তেওঁৰ সেই বিৰাট অৱদানৰ মাজত ৰাহুল সাংকৃত্যায়ন প্ৰতিজন জ্ঞান পিপাসুৰ বাবে অমৰ হৈ ৰ’ব সৰ্বকাললৈ।

মৃত্যুসম্পাদনা কৰক

চিত্ৰ:Rahulji's Tombstone.jpg
দাৰ্জিলিঙত অৱস্থিত সাংকৃত্যায়নৰ সমাধি।

শ্ৰীলঙ্কাত থকা সময়ত তেখেত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈছিল। কিছুদিন পিছত তেওঁৰ এটা গুৰুতৰ ষ্ট্ৰক হয় যাৰ বাবে অলপ দিন পাছত স্মৃতিশক্তিও লোপ পায়। ১৯৬৩ চনৰ ১৪ এপ্ৰিলত দাৰ্জিলিঙত ৰাহুল সাংকৃত্যায়নে মৃত্যুক সাৱটি লয়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 Sharma, R.S. (2009). Rethinking India's Past. Oxford University Press. ISBN 978-0-19-569787-2. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 2.9 কনকসেন ডেকা (১৯৯৪). আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি. দিছপুৰ প্ৰিণ্ট হাউছ. পৃষ্ঠা. ৩৪৫-৩৪৮. 
  3. Sharma, R.S. (2009). Rethinking India's Past. Oxford University Press. ISBN 978-0195697872. 

গ্ৰন্থ সংযোগসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক