ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ (ইংৰাজী: Wikiconference India 2023) চমুকৈ WCI 2023 হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।

ৱিকি সন্মিলন ভাৰত
Wiki Conference India 2023 logo
ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩ ল'গ'
স্থিতি Active
স্থান Hyderabad
অৱস্থান Hyderabad , India (28 to 30 April 2023)
প্ৰথম সন্মিলন 2011
শেষ সন্মিলন 2023
Filing status Non-profit
আধিকাৰিক ৱেবছাইট Wiki Conference India 2023

এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনে ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ অন্যান্য দিশসমূহৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়া অঞ্চলৰ ৱিকিমিডিয়ান আৰু অংশীদাৰসকলৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে। ইয়াত ৱিকিমিডিয়ান সকলক একেটা স্থানত লগ পোৱা, সংযোগ স্থাপন, কাহিনী, শিক্ষণ, উত্তম পদ্ধতি, আৰু প্ৰত্যাহ্বানৰ ভাগ-বতৰা, আৰু আমাৰ অঞ্চলৰ ভৱিষ্যত কৌশলৰ বিষয়ে আলোচনা কৰাৰ বাবে আয়োজিত এক অনুষ্ঠান। এই সন্মিলনখন ২০২৩ চনৰ ২৮ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে।

তথ্যসূত্ৰ সম্পাদনা কৰক