ৱিকিতথ্য
ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।[2][3] ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জৰিয়তে।
ৱিকিতথ্য বা ৱিকিডে'টা | |
---|---|
![]() | |
![]() ৱিকিতথ্যৰ বেটুপাত | |
ইউ আৰ এল | www.wikidata.org |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ৱিকি |
পঞ্জীয়ন | বাধ্যতামূলক নহয় |
ভাষা | বহুভাষিক |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেচন |
সৃষ্টিকৰ্তা | ৱিকিমিডিয়া সমাজ |
মুকলি | ৩০ অক্টোবৰ ২০১২ |
এলেক্সা স্থান | ![]() |
ধাৰণা সম্পাদনা কৰক
ৱিকিতথ্য এক নথি দিকদৰ্শিত তথ্য ভিত্তি, যি বস্তু কেন্দ্ৰিক। প্ৰতিটো বস্তুৱে এক বিষয়ক প্ৰতিনিধিত্ব কৰে (যেনে ৱিকিপিডিয়া চলাবলৈ এক প্ৰশাসনিক পৃষ্ঠা) আৰু এক অনন্য সংখ্যাৰে পৰিচিত, Q অনুসৰ্গৰ সৈতে-- উদাহৰণ স্বৰূপে "Politics" (ৰাজনীতি) বিষয়ৰ বস্তুটো হ'ল Q7163। ই কোনো বস্তুৱে কি বিষয় বুজাইছে তাক জানিবলৈ কোনো এক ভাষাৰ পক্ষ নোলোৱাকৈ অনুবাদ কৰাত সহায় কৰে।
বিবৃতি সৃষ্টি কৰি জ্ঞান যোগান ধৰা হয়। বিবৃতিবোৰ key-value বা চাবি-মূল্যৰ ৰূপত থাকে। অৰ্থাৎ প্ৰতিটো বিবৃতিৰ এক বিশেষত্ব (চাবি) আৰু চাবিৰ সৈতে সংযুক্ত এক মূল্য থাকে।
বিকাশ সম্পাদনা কৰক
প্ৰকল্পটো এলেন ইন্সটিটিউট অৱ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, গৰ্ডন এণ্ড বিটি মুৰে ফাউণ্ডেচন আৰু গুগলৰ ১৩ লাখ ইউৰোৰ সঁহাৰিৰে আৰম্ভ কৰা হৈছিল।[4][5]
প্ৰকল্পটো প্ৰাৰম্ভিক স্তৰত ৱিকিমিডিয়া ডেউৎস্লেণ্ডে চোৱা-চিতা কৰিছিল। কাম তিনিভাগত বিভক্ত হৈছিল--
- ইণ্টাৰ্ৱিকি লিংক্স-- বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষাৰ প্ৰবন্ধৰ সংযোগ কেন্দ্ৰীভূত কৰা
- সকলো ৱিকিপিডিয়াৰ জ্ঞানবাকচ বা ইন্ফ'বক্সৰ তথ্য কেন্দ্ৰীভূত কৰা
- তথ্যৰ ওপৰত আধাৰিত তালিকা ৱিকিতথ্যত সৃষ্টি আৰু উন্নীত কৰা
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ "Wikidata.org Site Info". Alexa Internet. Archived from the original on 3 September 2017. https://web.archive.org/web/20170903072643/https://www.alexa.com/siteinfo/wikidata.org। আহৰণ কৰা হৈছে: 8 October 2014.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Wikidata Main Page archive
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ http://www.wikimedia.de/wiki/Pressemitteilungen/PM_3_12_Wikidata_ENData[সংযোগবিহীন উৎস] Revolution for Wikipedia date=March 30, 2012 ,Wikimedia Deutschland ,September 11, 2012 archiveurl= archivedate=September 11, 2012
- ↑ Dickinson, Boonsri (March 30, 2012). "Paul Allen Invests In A Massive Project To Make Wikipedia Better". Business Insider. Archived from the original on December 13, 2012. https://web.archive.org/web/20121213143424/http://articles.businessinsider.com/2012-03-30/tech/31259697_1_wikimedia-foundation-wikipedia-project। আহৰণ কৰা হৈছে: September 11, 2012.
- ↑ Perez, Sarah (March 30, 2012). "Wikipedia’s Next Big Thing: Wikidata, A Machine-Readable, User-Editable Database Funded By Google, Paul Allen And Others". TechCrunch. Archived from the original on October 5, 2012. https://web.archive.org/web/20121005062200/http://techcrunch.com/2012/03/30/wikipedias-next-big-thing-wikidata-a-machine-readable-user-editable-database-funded-by-google-paul-allen-and-others/। আহৰণ কৰা হৈছে: September 11, 2012.
আৰু চাওক সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Wikidata সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website
- টুইটাৰত ৱিকিতথ্য
- meta:Wikidata – coordination page for the project at Meta-Wiki
- Demo system – lets the user try out the current development status
- Wikidata-l – Discussion list for the Wikidata project{citation needed|date=June 2014}}