ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল)

গুৱাহাটীত ন-পুৰণি ৱিকিপিডিয়ানৰ চাহমেল আৰু ৱিকি-আড্ডা। পুৰণি ৱিকিপিডিয়ানসকল লগ হৈ অসমীয়া ৱিকিপিডিয়া/ৱিকিউৎসৰ বাবে ন-ন ধাৰণা মুকলি কৰা আৰু ৱিকিপিডিয়াৰ বিষয়ে নজনা কিন্তু শিকিবলৈ আগ্ৰহ কৰাসকলক যিমান পাৰি প্ৰশিক্ষণ দিয়া।

তাৰিখ ☞ ২৫ অক্টোবৰ, ২০১৪

সময় ☞ দিনৰ ১২.৩০ বজাত।

স্থান ☞ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়। (গুগল্‌ মানচিত্ৰ)

সম্ভাব্য বিষয় সম্পাদনা কৰক

  1. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰ্ৰীক 'অসমীয়া ৱিকিপিডিয়া' সম্পৰ্কে অৱগত কৰোৱা আৰু কাৰিকৰী দিশত প্ৰশিক্ষণ।
  2. ৱিকিপিডিয়া ক্লাৱ, অসম গঠন।

সম্ভাব্য কাৰ্যসূচী সম্পাদনা কৰক

  1. দিনৰ ১২.৩০ বজাত > সভাৰ উদ্দেশ্য ব্যাখ্যা
  2. দিনৰ ১২.8০ বজাত > অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে চমু আভাস - বক্তৃতা
  3. দিনৰ ১২.৫০ বজাত > কাৰিকৰী প্ৰশিক্ষণ আৰম্ভ
  4. দিনৰ ২ বজাত > আলোচনা
  5. দিনৰ ২.৩০ বজাত > অন্যান্য কাৰ্যসূচী
  6. দিনৰ ৩ বজাত > সভাৰ অন্ত

আলোচনা কৰিব পৰা আৰু বিষয় সম্পাদনা কৰক

  1. অসমীয়া ৱিকিপিডিয়াৰ আমাৰ নিজাকৈ (অৰ্থাৎ অসমৰ ৰাইজৰ) এটা মিৰৰ চাইট লাগে - যাতে মূল ৱিকিপিডিয়া প্ৰকল্পৰ চাইটটোৰ লগত (as.wikipedia.org) কিবা কাৰণত সংযোগ কৰিব নোৱাৰিলেও আমাৰ ডেটাখিনি সংৰক্ষিত হৈ থাকে।
  2. এখন ৱিকিপিডিয়া চি ডি প্ৰকাশ কৰি যিমান পাৰি বিলোৱা।
  3. (এইটো কৰিবলৈ অসমৰ কাকত আলোচনী বা ই-মেডিয়াৰ সহযোগিতা লাগিব) - ৱিকিপিডিয়াত কি কি ঘটি আহিছে তাৰ এটা খতিয়ান প্ৰত্যেক মাহে মাহে অসমৰ ৰাইজক জনোৱা। সৰুকৈ, খবৰ কাগজখনৰ এটা চুকত ৫x১০ চে.মি.ৰ এটা ব্লক হ'লেই হ'ব।
  4. আগৰ দশম বাৰ্ষিকীৰ দৰে কিবা প্ৰতিযোগিতা পতাৰ কথা চিন্তা কৰিব লাগে।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 13:30, 20 অক্টোবৰ 2014 (UTC)

  1. বহুতে ৱিকিপেডিয়াত লিখিবলৈ টান পায়; কিন্তু অসমীয়াত টাইপিং কৰাত সিদ্ধহস্ত। সেইসকল ব্যক্তিক, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিউৎসত কেনেকৈ জড়িত কৰাব পাৰি, তাৰ পৰিকল্পনা কৰা।

বাবুল বৈশ্য 15:35, 20 অক্টোবৰ 2014 (UTC)

  1. সততে উদিত প্ৰশ্নসমূহৰ হাতপুথি (FAQ booklet) বিতৰণ
  2. সন্মিলনত ৱিকিপত্ৰিকাখন মাহেকীয়াভাৱে প্ৰস্তুত আৰু প্ৰচাৰ সম্পৰ্কে আলোচনা কৰা
  3. সন্মিলনৰ যথেষ্ট সংখ্যক ভাল ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ কৰা
  4. সন্মিলনখন হৈ যোৱা পাছত ইয়াৰ বিষয়ে এটা উন্নতমানৰ এটা বাতৰি প্ৰস্তুত কৰা আৰু বিভিন্ন বাতৰি কাকতত প্ৰচাৰ কৰা
  5. যদি নতুন সৰহ সংখ্যক দৰ্শক থাকে তেনে মই অসমীয়া ৱিকিপেডিয়াত কিয় লিখোঁ? এক ব্যক্তিগত চিন্তন! , এই লেখনী এবাৰ পঢ়ি শুনোৱা, যিহেতু এনেকুৱা লেখনীবোৰে মানুহক ৱিকিপিডিয়াত লিখিব প্ৰেৰণা যোগায়
  6. ৱিকিপিডিয়া টি চাৰ্ট, বেজ, কলম আদি বিতৰণৰ ব্যৱস্থা কৰা (কিন্তু সময় কম বাবে সম্ভৱ নহৱ)
  7. সন্মিলনত হোৱা বিভিন্ন খৰচ যেনে মাইক, প্ৰজেক্টৰ, চাহ জলপান, প্ৰচাৰ পত্ৰিকা প্ৰতিলিপিকৰণ আদিৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেছন ফাণ্ড দিওঁতাৰ সৈতে যোগাযোগ কৰা
  8. সন্মিলনৰ শেষত অভিজ্ঞ ব্যৱহাৰকাৰীসকলে বৰ্তমান ৱিকিৰ বিভিন্ন কাৰিকৰী সমস্যসমূহৰ বিষয়ে আলোচনা কৰা
  9. অসমীয়া ৱিকিঅভিধানৰ পুনৰ্সঞ্জিৱীকৰণ সম্পৰ্কে আলোচনা কৰা আদি

বিষ্ণু শইকীয়া 11:23, 22 অক্টোবৰ 2014 (UTC)

কোন কোন থাকিব? সম্পাদনা কৰক

  1. দীপাংকৰ চেতিয়া? 12:13, 19 অক্টোবৰ 2014 (UTC)
  2. Manjil Konwar (talk) 11:59, 20 অক্টোবৰ 2014 (UTC)
  3. পংকজ জ্যোতি মহন্ত (বাৰ্তা) 12:54, 20 অক্টোবৰ 2014 (UTC)
  4. নয়ন জ্যোতি কলিতা (বাৰ্তা) 12:56, 20 অক্টোবৰ 2014 (UTC)
  5. বিষ্ণু শইকীয়া 08:52, 22 অক্টোবৰ 2014 (UTC)
  6. হীৰক নয়ন ভূঞা (talk) 13:19, 25 অক্টোবৰ 2014 (UTC)
  7. মৃগাংক কুমাৰ নাথ
  8. Ani ttbr (talk) 07:34, 25 অক্টোবৰ 2014 (UTC)
  9. Vikash Bora (talk) 08:51, 25 অক্টোবৰ 2014 (UTC)
  10. Dhiman20Sandilya (talk) 08:58, 25 অক্টোবৰ 2014 (UTC)
  11. Bikashdeori (talk) 09:18, 25 অক্টোবৰ 2014 (UTC)
  12. HemantS23 (talk) 09:24, 25 অক্টোবৰ 2014 (UTC)

শুভেচ্ছা সম্পাদনা কৰক

  1. শুভেচ্ছা জনালোঁ। দিব্য দত্ত (talk) 16:01, 19 অক্টোবৰ 2014 (UTC)
  2. প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:05, 20 অক্টোবৰ 2014 (UTC)
  3. বাবুল বৈশ্য 15:21, 20 অক্টোবৰ 2014 (UTC)
  4. — গীতাৰ্থ বৰদলৈ (talk) 17:38, 21 অক্টোবৰ 2014 (UTC)
  1. Dhiman20Sandilya (talk) 08:57, 25 অক্টোবৰ 2014 (UTC)

সন্মিলনৰ চমু বিৱৰণ সম্পাদনা কৰক

২৫ অক্টোবৰ, ২০১৪ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটীত এখন ৱিকিপিডিয়াৰ কৰ্মশালা আৰু গুৱাহাটীত তৃতীয়খন অসমীয়া ৱিকি সন্মিলন অনুষ্ঠিত হয়। কৰ্মশালাৰ শেষত পুৰণি ৱিকিপিডিয়ান সকল মিলি আলোচনাত মিলিত কৰা হয়।

উপস্থিতি সম্পাদনা কৰক

  • মুঠ উপস্থিতি:
  • ৱিকিপিডিয়াৰ পুৰণি সদস্য: ৭ জন

কাৰ্য বিৱৰণী সম্পাদনা কৰক

স্থান: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী, ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ সন্মিলন কক্ষ

তাং : ২৫ অক্টোবৰ, ২০১৪ সময়: দিনৰ ১২.৩০ বজা


  • সভাখন নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ প্ৰায় ১:৩০ বজাত আৰম্ভ হয়।
  • আৰম্ভণিতে উদ্যোক্তা হীৰক কুমাৰ ভূঞাই সকলোকে আদৰণি জনায় আৰু লিণ্টন শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পিছতে উপস্থিত লোকসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰে।
  • পুৰণি ৱিকিপিডিয়ান সকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।
  • অসমীয়া ৱিকিপিডিয়ান দীপাংকৰ চেতিয়াই ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে ন-শিকাৰুসকলক অৱগত কৰায়। ৱিকিপিডিয়াত কি লিখিব লাগে, কি লিখিব নালাগে, সাধাৰণ নীতিসমূহৰ কথা চমুকৈ কোৱা হয়। ইয়াৰ লগতে অসমীয়া ৱিকিউৎস আৰু ৱিকিমিডিয়া ভগ্নী প্ৰকল্পসমূহৰ কথা তেওঁলোকক কোৱা হয়।
  • প্ৰশাসক বিষ্ণু শইকীয়াই ৱিকিপিডিয়াৰ সাধাৰণ নীতিসমূহ, ৱিকিপিডিয়াৰ গুৰুত্ব, অসমীয়া ৱিকিপিডিয়াৰ সমস্যা, লিখাৰ লাভালাভ আদি ব্যাখ্যা কৰা হয়।
  • ৱিকিপিডিয়ান চিৰিং চন্দনে ৰ'দালি পৰ্টেবল সঁজুলিৰে কিদৰে সহজতে অসমীয়া টাইপ কৰিব পাৰি সেয়া সকলোকে দেখুৱায়।
  • ইয়াৰ পিছত ৱিকিপিডিয়ান অনিমেষ বৰাই ৱিকিপিডিয়াত প্ৰবন্ধৰ সন্ধান কিদৰে কৰা হয়, কিদৰে একাউণ্ট সৃষ্টি কৰিব পাৰি, প্ৰবন্ধ এটা সম্পাদনা কৰিব পাৰি আদি কথা ন-শিকাৰুসকলক কৰি দেখুৱায়। ইংৰাজী প্ৰবন্ধৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পৰা কৌশল শিকোৱা হয় আৰু কেমিকেল ইঞ্জিনিয়াৰিং নামৰ প্ৰবন্ধ এটা আৰম্ভ কৰা হয়। আন আন ৱিকিপিডিয়ান সকলে ন-শিকাৰুসকলক হাতে-কামে সম্পাদনা কৰাৰ কৌশল শিকায়।
  • ইয়াৰ পিছত ন-শিকাৰুসকলৰ প্ৰশ্নসমূহৰ যথাসম্ভৱ উত্তৰ দিয়া হয়। লগতে অসমীয়া ৱিকিপিডিয়াৰ ফেচবুকৰ গ্ৰুপ আৰু পেজখনৰ বিষয়ে অৱগত কৰোৱা হয়।
  • ইয়াৰ পিছতে সকলোৱে চাহ গ্ৰহণ কৰে।
  • অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক শ্ৰী বিষ্ণু শইকীয়াই ৱিকিপিডিয়াত লিখা/সম্পাদনা কৰাৰ অভিজ্ঞতাৰ বিষয়ে চমু বক্তৱ্য তুলি ধৰে।
  • কৰ্মশালাৰ শেষত FAQ পুথিখন আহ্বায়কৰ হাতত দিয়া হয়।

আলোচনা সম্পাদনা কৰক

মিৰৰ ছাইট

প্ৰভাকৰ শৰ্মা নেওগ : অসমীয়া ৱিকিপিডিয়াৰ আমাৰ নিজাকৈ (অৰ্থাৎ অসমৰ ৰাইজৰ) এটা মিৰৰ চাইটৰ আৱশ্যক।

মিৰৰ ছাইটটোৰ আৱশ্যকতাৰ বিষয়ে সকলো একমত হয়। এই ছাইটটোৰ কাৰিকৰী দিশসমূহ তদাৰক কৰিবলৈ প্ৰভাকৰ শৰ্মা নেওগক দায়িত্ব দিয়াৰ কথা প্ৰস্তাৱ ৰখা হয়।
ৱিকিপিডিয়াৰ প্ৰচাৰ পত্ৰিকা
পূৰ্বতে কেইমাহ মানৰ বাবে প্ৰচাৰ পত্ৰিকাখন মাহেকীয়াকৈ প্ৰকাশ পাইছিল। অসমীয়া ই-আলোচনী সন্ধান আৰু সাহিত্য ডট অৰ্গত প্ৰচাৰ পত্ৰিকাখন প্ৰকাশ পাইছিল। অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে এই প্ৰচাৰ পত্ৰিকাখন নিয়মীয়াকৈ যুগুতাবলৈ সিদ্ধান্ত লোৱা হয়।
প্ৰতিযোগিতা
২০১৫ বৰ্ষত ৱিকিপিডিয়াৰ তৰফৰ পৰা প্ৰবন্ধ, চিত্ৰাংকন আৰু ফট’গ্ৰাফিৰ এখন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ কথা সিদ্ধান্ত লোৱা হয়।
ফট’গ্ৰাফিৰ বিষয়: অসমৰ লগত জড়িত যিকোনো ফটো হ’ব পাৰে।
সময়সীমা: প্ৰায় তিনিমাহ মান
অসমৰ কিছুমান মৃত ব্যক্তিৰ চিত্ৰ কমন্সত নাই। সেইসকলৰ চিত্ৰ অংকন কৰি কমন্সত আপল’ড কৰাৰ কথা প্ৰস্তাৱ ৰখা হয়। এই চিত্ৰসমূহৰ মাজৰপৰাই শ্ৰেষ্ঠ চিত্ৰখনক বাছনি কৰি পুৰষ্কৃত কৰা হ'ব।
অসমীয়া ৱিকিঅভিধান

ইতিমধ্যে শব্দ অভিধানখন সক্ৰিয় অৱস্থাত আছে। সেয়ে শব্দ ৱেবছাইটটো ৱিকিঅভিধানৰ লগত sync কৰাৰ কথা প্ৰস্তাৱ দিয়া হয়। ইয়াৰ বাবে শব্দৰ কৰ্মকৰ্তাসকলক যোগাযোগ কৰি ৱিকিঅভিধান ড’মেইনৰ বাবে যো-জা চলোৱাৰ কথা সিদ্ধান্ত লোৱা হয়।

সন্মিলনৰ প্ৰচাৰ

সন্মিলনখন অনুষ্ঠিত হোৱাৰ পাছত ইয়াৰ বিষয়ে এটা উন্নতমানৰ এটা বাতৰি প্ৰস্তুত কৰি বিভিন্ন বাতৰি কাকতত প্ৰচাৰ কৰাৰ দায়িত্ব সভাৰ আহ্বায়ক সকলক দিয়া হয়।

Ani ttbr (talk) 12:48, 27 অক্টোবৰ 2014 (UTC)

(বাওঁফালৰ পৰা সোঁফাললৈ) (১) অংশগ্ৰহণকাৰীসকল; (২) আৰম্ভণি; (৩) কৰ্মশালাৰ এটি ব্যস্ত মুহূৰ্ত্ত

অধিক আলোকচিত্ৰ ইয়াত পোৱা যাব। কমন্স গেলেৰী