এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

More opportunities for you to access free research databases সম্পাদনা কৰক

The quest to get editors free access to the sources they need is gaining momentum.

  • Credo Reference provides full-text online versions of nearly 1200 published reference works from more than 70 publishers in every major subject, including general and subject dictionaries and encyclopedias. There are125 full Credo 350 accounts available, with access even to 100 more references works than in Credo's original donation. All you need is a 1-year old account with 1000 edits. Sign up here.
  • HighBeam Research has access to over 80 million articles from 6,500 publications including newspapers, magazines, academic journals, newswires, trade magazines and encyclopedias. Thousands of new articles are added daily, and archives date back over 25 years covering a wide range of subjects and industries. There are 250 full access 1-year accounts available. All you need is a 1-year old account with 1000 edits. Sign uphere.
  • Questia is an online research library for books and journal articles focusing on the humanities and social sciences. Questia has curated titles from over 300 trusted publishers including 77,000 full-text books and 4 million journal, magazine, and newspaper articles, as well as encyclopedia entries. There will soon be 1000 full access 1-year accounts available. All you need is a 1-year old account with 1000 edits. Sign uphere.

You might also be interested in the idea to create a central Wikipedia Library where approved editors would have access to all participating resource donors. Add your feedback to the Community Fellowship proposal. Apologies for the English message (translate here). Go sign up :) --Ocaasi (talk) 02:11, 16 আগষ্ট 2012 (UTC)


নতুন সাঁচ: 'ইং ৱিকি' বা 'Enwiki' সম্পাদনা কৰক

বহুত ইংৰাজী প্ৰবন্ধ অসমীয়ালৈ অনুবাদ কৰোঁতে ইংৰাজীৰ লিংকবোৰ কেতিয়াবা এনে হ্য় যে

  1. কেতিয়াবা কোনো লিংকৰ বিপৰীতে অসমীয়াত প্ৰবন্ধটো নাথাকে, অথচ থকাটো জৰুৰী আৰু ভৱিষ্যতে কোনোবাই সেইটো অনুবাদ কৰাৰ সম্ভাৱনা আছে। যেনে 'বুনিয়াদী শিক্ষা' (Primary Education)।
  2. কেতিয়াবা ইংৰাজী প্ৰবন্ধটো থাকিলেও অসমীয়া ৱিকিত দি প্ৰাসংগিক বা জৰুৰী নহয় বা ভৱিষ্যতে কোনোবাই অনুবাদ কৰাৰ সম্ভাৱনাও নাই। যেনে 'Mr Tom Dick & Harry')
  3. অসমীয়াত প্ৰবন্ধটো নাই, কিন্তু ইং লিংকটো অনুবাদ কৰোতে অসমীয়াত অপৰিচিত বা সাধাৰণতে ব্যৱহাৰ নোহোৱা শব্দ এটাৰ সৃষ্টি হয়, অথচ আমাক অসমীয়া ৱিকিত প্ৰবন্ধটো লাগে। এনে হ'লে ভৱিষ্যতে কোনোবাই ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰাৰ সম্ভাৱনা থাকিলেও অসমীয়া শব্দটো অপৰিচিত বাবে ইং ৱিকিত প্ৰবন্ধটো বিচাৰি নাপাই নিজাববীয়াকৈ লিখিব পাৰে। অথচ যদিও ইংৰাজী ৱিকিৰ প্ৰবন্ধটো উচ্চমানৰ আছিল। যেনে "Outflank" -> বহিৰ্বাহু
  4. কেতিয়াবা অসমীয়া ৱিকিত প্ৰবন্ধটো সৰলকৈ থাকিব পাৰে কিন্তু ইং ৱিকিত বিষদকৈ আছে। যেনে ভাৰতৰ ৰাষ্ট্ৰপতি -> President of India

মোৰ প্ৰস্তাৱটো হ'ল যে এনেবোৰ ক্ষেত্ৰত আমি তলত দিয়াৰ দৰে লিখিব লাগে, যাৰবাবে মই Template:Enwiki বা সাঁচ:ইং ৱিকি বুলি এটা সাঁচ বনাইছোঁ। ব্যৱহাৰ কৰি চাবচোন।

সাঁচ:ইং ৱিকি / Template:Enwiki -ৰ ব্যৱহাৰ
উদাহৰণ নং (ওপৰৰ) কেনেকৈ লিখিব কেনে দেখা যাব
[[বুনিয়াদী শিক্ষা]] {{enwiki|Primary education}} বুনিয়াদী শিক্ষা (ইংৰাজী: Primary education)
মিঃ টম ডিক আৰু হেৰী {{enwiki|Mr Tom Dick & Harry}} মিঃ টম ডিক আৰু হেৰী (ইংৰাজী: Mr Tom Dick & Harry)
[[বহিৰ্বাহু]] {{enwiki|Outflank}} বহিৰ্বাহু (ইংৰাজী: Outflank)
[[ভাৰতৰ ৰাষ্ট্ৰপতি]] {{enwiki|President of India}} ভাৰতৰ ৰাষ্ট্ৰপতি (ইংৰাজী: President of India)
সাঁচটোৰ ব্যৱহাৰ কৰিলে ওলাই থকা 'ইংৰাজী ৱিকিপিডিয়াত: ' এইখিনি নহ'লেও হ'ব নেকি? পঢ়িবলৈ অসুবিধা হয় যেন লাগিছে। দ্বিতীয় বিশ্বযুদ্ধ প্ৰৱন্ধটোৰ 'ক্ষয়ক্ষতি' অংশটো পঢ়ি চাওকচোন। বাৰে বাৰে 'ইংৰাজী ৱিকিপিডিয়াত' বুলি ওলাই থকা কাৰণে অলপ অসুবিধা হোৱা যেন লাগিছে। মাজে মাজে এবাৰ দুবাৰ ওলালে কথা নাছিল। কিন্তু প্ৰতিটো বাক্যতে দুবাৰ-তিনিবাৰকৈ বন্ধনীৰ মাজত সেইটো ওলালে, পঢ়িবলৈ অসুবিধা হয়, আৰু দৈৰ্ঘ অনাহকত বাঢ়ি যায়। মোৰ বোধেৰে বন্ধনীৰ ভিতৰত ইংৰাজীত লিখি, সেইখিনিৰ পৰা ইংৰাজী ৱিকিলৈ লিংকটো ৰাখি দিলেই হয়। পঢ়িবলৈও সহজ হ'ব, দেখাতো ভাল লাগিব। অকল 'ইং-ৱিকি: ' বুলি ৰাখিও চাব পাৰি।উদ্দীপতালুকদাৰ (talk) 18:51, 1 ছেপ্টেম্বৰ 2012 (UTC)


উদ্দীপ তালুকদাৰ দাৰ সৈতে ম‍ই সহমত পোষন কৰোঁ বিষ্ণু শ‍ইকীয়া বাৰ্তা 21:10, 1 ছেপ্টেম্বৰ 2012 (UTC)
ময়ো একমত। আচলতে মই কথাটো ভাবিছিলোঁৱেই। তেন্তে ইং ৱিকি -এই হওক। প্ৰভাকৰ শৰ্মা নেওগ (talk) 02:18, 2 ছেপ্টেম্বৰ 2012 (UTC)

মেজিক শব্দৰ অনুবাদ সম্পাদনা কৰক

(আলোচনাখিনি ফে'চবুকৰ ৱিকিপিডিয়া গ্ৰুপৰ পৰা অনা হৈছে)

Chaipau Barua: it seems there has been some problems with translating "magic words" on wikimedia. i think it best that we desist from translating them. can we adopt this as a policy?

Gitartha Bordoloi: হয়, মই সমৰ্থন কৰোঁ।
Prabhakar Sarma Neog: There is no point in translating the magic words
Bishnu Saikia সমৰ্থন; যদিহে http://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A6%BC:%E0%A6%AF%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A6%95%E0%A7%B0%E0%A7%80_%E0%A6%B6%E0%A6%AC%E0%A7%8D%E0%A6%A6%E0%A6%AC%E0%A7%8B%E0%A7%B0 এইখিনিৰ কথা বুজোৱা হৈছে| আনহাতে পুনৰ্নিৰ্দেশ জাতীয় শব্দবোৰৰ অসমীয়া অনুবাদ কৰাটোৱে ম‍ই ভাল দেখো|
Chaipau Barua Bishnu Saikia, why? i see that neither bengali nor hindi has translated them. what is the advantage?
Gitartha Bordoloi: বিষ্ণু দা, সাধাৰণ ইণ্টাৰফে'চ বাৰ্তাত Redirect টো "পুনৰ্নিৰ্দেশ" বুলি লিখি থ'ব পাৰি। কিন্তু #REDIRECT বুলি থাকিলে সেইটো মেজিক ৱৰ্ড। এইখিনি http://translatewiki.net/w/i.php?language=as&module=words&title=Special%3AAdvancedTranslate
Bishnu Saikia: অনুগ্ৰহ কৰি বাংলা বা হিন্দীৰ লিংকবোৰ দিবনে ? ম‍ই বিচাৰি পোৱা নাই|
Gitartha Bordoloi: বাংলা প্ৰবন্ধ এটাৰ সম্পাদনা পৃষ্ঠালৈ গৈ পুনৰ্নিৰ্দেশ বুটামটো টিপি চাওক।
Bishnu Saikia: ধন্যবাদ, চালো| ঠিক কথা| সেইপৃষ্ঠাত অনুবাদ নকাৰটোৱে ভাল হ’ব তেনে|
Bishnu Saikia: আগেয়ে কৰাবোৰো ঠিক কৰিব লগা হ’ল আকৌ তেনে ??
Gitartha Bordoloi: কৰিম।
Bishnu Saikia: এই প্ৰস্থাৱটো স্থায়ীভাৱে সংৰক্ষণ কৰিলে দুনাই এনে হোৱাৰ অৱকাশ কমি যাব| ৱিকিচ’ৰাত প্ৰ্স্তাৱটো দি থলে ভালেই আছিল|
Gitartha Bordoloi: "অসমীয়া ৱিকিপিডিয়াৰ বিশেষ নীতিসমূহ"ত ভৰাই দিওঁ?
Bishnu Saikia: Ok

ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াসমূহ, ২০১২ চনৰ প্ৰতিবেদন সম্পাদনা কৰক

চিজু এলেক্সে ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াসমূহৰ ২০১২ চনৰ পৰিসাংখ্যিক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে। প্ৰতিবেদনমতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা আৰু পঢ়ুৱৈৰ সংখ্যা বাঢ়ি আহিছে, কিন্তু সেই অনুপাতে অৱদানকাৰীৰ সংখ্যা বঢ়া নাই। এইটো এটা চিন্তনীয় বিষয়। — গীতাৰ্থ বৰদলৈ (talk) 16:41, 19 জানুৱাৰী 2013 (UTC)

শিলচৰ ৱিকিমিটআপৰ প্ৰস্তুতি সম্পাদনা কৰক

আমি জাতীয় প্ৰাদ্যোগিক সংস্থানত অসম বিশ্ববিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়কো সামৰি লৈ এলানী ৱিকিমিটআপৰ পৰিকল্পনা কৰিছোঁ। সেইবিষয়েই আলোচনা কৰিবৰ বাবে আমি এন আই টিৰ উৎসুক ছাত্ৰ আৰু শিক্ষকবৃন্দই অহা ১৭ আগষ্ট, সোমবাৰ, বিয়লি ৫ বজাত কম্পিউটাৰ বিজ্ঞানৰ আললোচনা কক্ষত গোট খাম। আলোচনাৰ বিষয় হ'ব আমি কেনেদৰে ওচৰতে থকা চিকিৎসা মহাবিদ্যালয় আৰু অসম বি.বি.ত অন্ততঃ দুখন ৱিকিমীটআপ আৰু কৰ্মশালা আয়োজন কৰিব পাৰোঁ। আমি ইতিমধ্যেই দুখন মীট আপ এন আই টিত আয়োজন কৰিছোঁ আৰু কেইবাজনো ছাত্ৰক ৱিকিপিডিয়াৰ সম্পাদক হিচাবে উলিয়াই আহিছোঁ। সেয়ে উৎসাহিত হৈ আমি এতিয়া আমাৰ পৰিসৰ বঢ়োৱাৰ বাবে এই পদক্ষেপ হাতত লৈছোঁ।

সকলো ৱিকিপিডিয়ানৰ পৰা দিহা-পৰামৰ্শ কামনা কৰা হ'ল। লগতে ভৱিষ্যতৰ চিকিৎসা মহাবিদ্যালয় আৰু অসম বি বি -ত পাতিবলগীয়া মীটআপকেইখনলৈ কোনোবা পুৰণি ৱিকিপিডিয়ান বিশেষ অতিথি হিচাবে যোগদান কৰিবলৈও আহ্বান জনালোঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 14:09, 15 August 2015 (UTC)

দিহা-পৰামৰ্শ সম্পাদনা কৰক

ৱিকিৰ প্ৰচাৰ সম্পৰ্কে পাৰিলে অলপ আলোচনা কৰিলে ভাল হয়-ঠাইবিশেষে বা শিক্ষা প্ৰতিষ্ঠানসমূহত ৱিকি ক্লাব একোটা সক্ৰিয় কৰি তোলাৰ কথা ভাবিব পাৰি ৷ জানিও ৱিকিত লিখিবলৈ আগ্ৰহ নথকা মানুহতকৈ অসমীয়া ৱিকিৰ বিষয়ে নজনা মানুহৰ সংখ্যা বহুত বেছি যেন ধাৰণা হয় ৷ লগতে ৱিকিৰ টি-চাৰ্টৰ কথা এটা ঘুনুক-ঘানাককৈ ওলাই থাকে-পছোৱাৰ বাবে উলিওৱা সকলে এইক্ষেত্ৰত কিবা কৰিব পাৰে নেকি পাতি চাব পাৰে৷- জলি বৰা (talk) 18:51, 16 August 2015 (UTC)

আহিম সম্পাদনা কৰক

  1. প্রভাকৰ শৰ্মা নেওগ (talk) 14:09, 15 August 2015 (UTC)
  2. __Saidul Islam (talk) 14:26, 15 August 2015 (UTC)

ভৱিষ্যতে কেতিয়াবা আহিম সম্পাদনা কৰক

  1. জলি বৰা (talk) 18:45, 16 August 2015 (UTC)

শুভেচ্ছা সম্পাদনা কৰক

  1. অনিমেষ বৰা 14:22, 15 August 2015 (UTC)
  2. Ram Kinkor Mahanta (talk) 15:05, 15 August 2015 (UTC)
  3. নিয়ৰপৰশ (talk) 15:21, 15 August 2015 (UTC)
  4. জলি বৰা (talk) 18:44, 16 August 2015 (UTC)
  5. — গীতাৰ্থ বৰদলৈ (talk) 08:37, 17 August 2015 (UTC)
  6. দিব্য দত্ত (talk) 09:12, 17 August 2015 (UTC)

অসমীয়া ৱিকিপিডিয়াৰ বাবে বিশেষ লিপ্যন্তৰ নীতি সম্পাদনা কৰক

বিষয় সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত অন্য ভাষাৰ শব্দ লিখোতে বানানত কিছু মতান্তৰে দেখা দিয়ে। উদাহৰণ স্বৰূপে, আইছিল প্ৰবন্ধত 'ওৱাহাবিক 'ৱাহাবি' লিখা হৈছে। শেহতীয়াকৈ বাংলা ভাষা সাহিত্যলৈ সাহিত্য অকাডেমী বঁটাৰ তালিকা প্ৰবন্ধতো বিভিন্ন শব্দৰ বানান সলনি কৰা হ'ল (দাচ-দাশ আদি)। কথাটো হ'ল, আন ভাষাৰ শব্দ অসমীয়া লিপিত লিখাৰ ক্ষেত্ৰত ঐক্যমত নাই।

লিপ্যন্তৰৰ ক্ষেত্ৰত আমাৰ ভাষাত দেখা দিয়া সমস্যা কিছুমান হ'ল যে--

  1. আন আন ভাষাৰ বিভিন্ন ধ্বনিৰ বাবে অসমীয়াত আখৰৰ অভাৱ, ʃৰ বাবে আখৰৰ অভাৱত শ্ব লিখা হয়, ʈʃʰৰ বাবে আখৰৰ অভাৱত কেতিয়াবা চ, কেতিয়াবা ছ লিখা হয়, əৰ অভাৱত কেতিয়াবা অ কেতিয়াবা আ আদি
  2. আন আন ভাষাৰ একেটা ধ্বনিৰ বাবে কেইবাটাও আখৰ আছে, sৰ বাবে চ, ছ আদি লিখা হয়, tৰ বাবে ত, ট লিখা হয় আদি
  3. ভিন ভিন ভাষাৰ বাবে একেটা ধ্বনিকেই অসমীয়াত ভিন ভিন আখৰেৰে লিখা হয়, হিন্দীৰ दास ([da:s]) হয় দাস, কিন্তু ইংৰাজী das হোৱা হ'লে ডাচ/ডাছ !
  4. ৱ আৰু য় শব্দৰ আগত থাকিলে ৱ হ'ব নে ওৱ, য় হ'ব নে ইয় আদিৰ খেলি মেলি। অসমীয়া ৱিকিপিডিয়াকো অনেকে অসমীয়া উইকিপীডিয়া বুলি লিখে।
  5. অসমীয়া ভাষাত দীৰ্ঘ ধ্বনিৰ অভাৱ, হিন্দী जीवन [dʒi:wən]ত ই দীঘল, কিন্তু অসমীয়া লিপিত দীঘল ইৰ বাবে আখৰ নাই, ই আৰু ঈ দুয়োৰে উচ্চাৰণ চুটি।

ওপৰৰ যুক্তিকেইটাৰ দুই এটাত কাৰোবাৰ আপত্তি থাকিব পাৰিলেও এই কথাত নিশ্চয় আপত্তি নাথাকিব যে অসমীয়া ৱিকিপিডিয়াৰ বাবে স্পষ্ট লিপ্যন্তৰ নীতিৰ অভাৱ।

পৰামৰ্শ সম্পাদনা কৰক

ওপৰৰ সমস্যা সমাধানৰ বাবে মই এই উপায়ৰ পৰামৰ্শ দিব খুজিম:

  1. অসমীয়া ৱিকিপিডিয়াত ব্যৱহাৰৰ বাবে এক লিপ্যন্তৰ নীতি প্ৰস্তুত কৰা হওক
  2. অসমীয়া ৱিকিপিডিয়াৰ লিপ্যন্তৰ নীতিত এই কথা মন কৰা হওক:
    1. IPAৰ দৰে প্ৰত্যেক ধ্বনিৰ বাবে (যিমান দূৰ সম্ভৱ) পৃথক চিহ্ন থকা হওক
    2. এটা ধ্বনিৰ বাবে যিমান দূৰ সম্ভৱ বিকল্প আখৰৰ সংখ্যা কম হওক
    3. যিমান দূৰ সম্ভৱ, সাধাৰণতে অসমীয়াত ব্যৱহৃত বানানৰ সৈতে মিল ৰখা হওক
  3. যিহেতু এই নীতি অসমীয়া ৱিকিপিডিয়াত ব্যৱহাৰৰ বাবেহে, এক সাঁচ তৈয়াৰ কৰা হওক যিয়ে এই কথা স্পষ্ট কৰে যে যি প্ৰবন্ধত এই সাঁচ ব্যৱহাৰ কৰা হৈছে, সেই প্ৰবন্ধত অসমীয়া ৱিকিপিডিয়া লিপ্যন্তৰ নীতিহে ব্যৱহাৰ হৈছে, আৰু বানান সাধাৰণতে অসমীয়াত ব্যৱহৃত বানানতকৈ পৃথকো হ'ব পাৰে।
  4. এই নীতিৰে লিখা শব্দসমূহ হেলনীয়া কৰা হওক।

আহিব পৰা সমস্যা সম্পাদনা কৰক

  1. সম্পাদকৰ সহায় হ'লেও সাধাৰণ ৰাইজে কিছু অসুবিধা ভুগিব পাৰে, সেয়ে
    1. নীতিত ব্যৱহৃত চিহ্ন যিমান দূৰ পাৰি সাধাৰণতে অসমীয়াত ব্যৱহৃত চিহ্নৰ সৈতে একেই ৰখাৰ চেষ্টা কৰা উচিত। উদাহৰণ স্বৰূপে sৰ বাবে প,ব আদিৰ ঠাইত চ,ছ আদি। অসমীয়াত আখৰকেইটাৰ প্ৰচলিত উচ্চাৰণৰ সৈতে মিলত গুৰুত্ব আৰোপ কৰা হওক।
    2. আকৰ্ষণীয় সাঁচ ব্যৱহাৰ কৰাৰ পৰামৰ্শ আৰু
    3. এক সহজলভ্য তালিকা প্ৰস্তুত কৰাৰ পৰামৰ্শ য'ত কেৱল IPAৰ পৰা অসমীয়া ৱিকিপিডিয়াত ব্যৱহৃত চিহ্নই নহয়, বৰং সাধাৰণ অসমীয়াত ব্যৱহৃত বৰ্ণও উপলব্ধ। যেনে: IPA: s, অ:ৱি:লি:নী: চ, ছ, সাধাৰণতে অসমীয়াত: চ, ছ (অ-ভাৰতীয় আৰ্য ভাষাৰ বাবে), শ, ষ, স (কিছু কিছু ভাৰতীয় আৰ্য ভাষাৰ বাবে সেই ভাষাত কেনেকৈ লিখা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি) ইত্যাদি ইত্যাদি।
    4. য'ত সাধাৰণতে অসমীয়াত ব্যৱহৃত বানানৰ সৈতে নিমিলে তাত ()ৰ ভিতৰত সাধাৰণতে অসমীয়াত ব্যৱহৃত বানান যোগ কৰিব পাৰি অথবা মূল ভাষাতেই ()ৰ ভিতৰত লিখি দিব পাৰি। এনে নকৰি, সাঁচটোতো সেই পৃষ্ঠাৰ বানানৰ নীতি স্পষ্ট কৰিব পাৰি।

প্ৰস্তাৱৰ সামৰণিত....... সম্পাদনা কৰক

মই ভাবো:

  • বৰ্তমানে অস্পষ্ট নীতিৰ বাবে হোৱা সমস্যাতকৈ মোৰ মতে এই নতুন নীতিয়ে অধিক সমস্যা সাধাৰণ ৰাইজৰ বাবে সৃষ্টি নকৰে।
  • তদুপৰি, লেখক আৰু সম্পাদকসকলৰ বাবে ই সহায়ক হ'ব আৰু
  • অসমীয়া ৱিকিপিডিয়াক এক সুশৃংখলিত নিয়ম-নীতি প্ৰদান কৰাতো ই সহায়ক হ'ব।
  • সকলোৰে সহযোগত এই নীতি প্ৰস্তুত কৰা হ'ব বুলি আশা কৰিছো

লগতে এই পৰামৰ্শও দিব বিচাৰিছো যে এতিয়ালৈকে যি প্ৰবন্ধত যেনেকৈ লিখা আছে, তেনেকৈ থাকক, নতুন প্ৰবন্ধসমূহত এই নীতি ব্যৱহাৰ কৰি চাব পাৰি

সকলোকে নিজৰ বহুমূলীয়া মতামত প্ৰদান কৰিবলৈ আহ্বান জনালো। আশা কৰো এক স্পষ্ট নীতি তৈয়াৰ কৰাত সকলোৱে সহযোগ কৰিব। ধন্যবাদ!

স্পষ্টীকৰণ:এই নীতিৰে মই IPAৰ দৰে কোনো ব্যৱস্থা বুজাব খোজা নাই। কেৱল লিপ্যন্তৰ ব্যৱস্থিত কৰাৰ কথাহে ক'ব খুজিছো। উদাহৰণ স্বৰূপে: হিন্দী च, छৰ বাবে চ/ছ ব্যৱহাৰ কৰিব পাৰি, আৰু হিন্দী सৰ বাবেও, যিহেতু আমাৰ ভাষাত च, छ উচ্চাৰণ কৰা সাধাৰণতে নহয়। কথাটো হ'ল, এক স্পষ্ট নীতিৰ প্ৰয়োজন, যদিও দুই-এক জটিল নিয়ম থাকিবও পাৰে।

IKHazarika (talk) 07:00, 3 March 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য দিয়াত অলপ পলম হ'ল। অসমীয়া ৱিকিপিডিয়াত লিপ্যন্তৰৰ বাবে উদ্দীপ দাই এখন নিয়মাৱলী প্ৰস্তুত কৰিছিল। আমি সেইখনেই আনুষ্ঠানিকভাৱে ইয়াত হৃহীত কৰিব পাৰোঁ, নাইবা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰণয়ন সমিতিয়ে উলিওৱা নিয়মাৱলীখন অনুসৰণ কৰিব পাৰোঁ। — গীতাৰ্থ বৰদলৈ (talk) 15:35, 6 মে' 2017 (ইউ.টি.চি.)
আমি আগতে লিপ্যন্তৰৰ ক্ষেত্ৰত যিকেইটা কথা ভাবিছিলো, ঈশান হাজৰিকায়ো প্ৰায় একে কথাকে কৈছে৷ বিশেষকৈ ইতিমধ্যে চিনাকী হৈ পৰা বানানবোৰ সলনি নকৰাটো মই বিশেষভাৱে সমৰ্থন কৰোঁ৷ অৱশ্যে আমি আগতে অকল ইংৰাজীৰ ক্ষেত্ৰতহে কৰিছিলো৷ সেয়ে, IPA ৰ ওপৰত কৰিবলৈ আৰু মাথা মাৰিব লাগিব৷ টান কাম, কিন্তু, কৰিব নোৱৰা কাম নহয়৷ আগতেও কৈছিলো, আচলতে লিপ্যন্তৰৰ নীতি তৈয়াৰ কৰা আমাৰ কাম নহয়, কিন্তু যিসকলে কৰিব লাগিছিল, তেওঁলোকেও বৰ ভালকৈ নকৰিলে বাবে বহু খেলিমেলি ৰৈ গ’ল৷ ৱিকিৰ বাবে কৰি ল’লে, সেয়া 'ৱিকিৰ বাবে কৰি লোৱা নিয়ম, বিধিমত নিয়ম ওলালে সলনি কৰা হ’ব' বুলি ব্যৱহাৰ কৰা যাব পাৰে৷ উদ্দীপতালুকদাৰ (talk) 19:42, 6 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]