এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (নীতি)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

উন্নত অনুবাদৰ প্ৰয়োজন থকা প্ৰবন্ধ সম্পাদনা কৰক

শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত দৰ্শন/যুক্তিতত্ব বিষয়ক কেইটামান প্ৰবন্ধ যোগ কৰা হৈছে (তালিকাখন ইয়াত পাব - শ্ৰেণী:উন্নত অনুবাদৰ প্ৰয়োজন থকা প্ৰবন্ধ) । বিষয়সমূহ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়, তাত সন্দেহ নাই। ইয়াৰ বাবে প্ৰবন্ধৰ সৃষ্টিকৰ্তা ধন্যবাদৰ পাত্ৰ।

অসমীয়া ৱিকিপিডিয়াৰ লিখকসকলে অন্য ভাষাৰ কোনো বিশিষ্ট বিষয় সাপেক্ষ শব্দৰ প্ৰচলিত বা সহজে বোধগম্য বা শব্দটোৱে প্ৰতিনিধিত্ব কৰা বিষয়টোৰ তাৎপৰ্য্য স্পষ্ট হোৱাকৈ অসমীয়া বা সংস্কৃতৰ সৰল তৎসম/তদ্ভব শব্দ নাপালে শব্দটোৰ অনুলিপি ব্যৱহাৰ কৰে, যেনে কম্পিউটাৰ, মাউচ আদি। কিন্তু এইটো কথাও নুই কৰিব নোৱাৰি যে এইবোৰৰ অসমীয়া শব্দ প্ৰবৰ্তন কৰাৰ সপক্ষেও যুক্তি আছে।।

সদ্যহতে ৱিকিপিডিয়াৰ এজন তুলনামূলকভাৱে ন সম্পাদকে দৰ্শন সম্পৰ্কীয় কিছু নতুন প্ৰবন্ধৰ সৃষ্টি কৰিছে। এইবোৰ মুখ্যতঃ সংশ্লীষ্ট ইংৱিকিৰ প্ৰবন্ধৰ ওপৰত আধাৰিত। কিন্তু কিছুমান অনুবাদ যথাযথ বা উপযুক্ত নহয় যেন ভাৱ হৈছে - যেনে যুক্তিবাণ, চতুৰ্বিদ আদি। বহুত ক্ষেত্ৰত লেখকে জটুৱা ঠাঁচ ব্যৱহাৰ কৰিছে - যিবোৰে শব্দটোৰ বিষয় সাপেক্ষ ধাৰণাটোক প্ৰতিনিধিত্ব কৰাতকৈ প্ৰবন্ধটো সাঁথৰুৱা কৰি পেলাইছে।

ইতিমধ্যে উৎসাহী লেখকজনে (তেখেতক পুনৰ ধন্যবাদ দি্ছোঁ) প্ৰবন্ধ সৃষ্টি কৰি গৈ আছে। তেখেতৰ উৎসাহক ভেটা দি প্ৰবন্ধ লিখিবলৈ বিৰত কৰাৰ পৰিবৰ্তে মই {{Translation by force}}, {{মূল শব্দৰ প্ৰয়োজন}}, {{ভাল অনুবাদ লাগে}} আদি কেইটামা সাঁচ ব্যৱহাৰ কৰি টেগ কৰি থৈছোঁ।

কিন্তু ই চিৰস্থায়ী সমাধান হ'ব নোৱাৰে। এদিন হ'লেও প্ৰবন্ধসমূহ ঠিকঠাক কৰিবই লাগিব। যাতে প্ৰবন্ধখিনিৰ মানো উন্নত হয়, লেখকসকলো যাতে নিৰুৎসাহিত নহয় আৰু উপযুক্ত, নিহিত ধাৰণাটো নিৰ্ভুলভাবে প্ৰতিনিধিত্ব কৰা শব্দও ব্যৱহাৰ হয় - তাৰ বাবে আলোচনাৰ প্ৰয়োজন। সেয়ে বিষয়টো সকলোৰে বিবেচনাৰ বাবে ৰাখিলোঁ।

বাৰ্তা:বিভ্ৰাটসমূহৰ তালিকা - এই পৃষ্ঠাতো সেই সম্পৰ্কীয় অলপ আলোচনা আছে। মতামত দিয়াৰ আগতে অনুগ্ৰহ কৰি সেইখিনিও পঢ়ি লয় যেন।

প্রভাকৰ শৰ্মা নেওগ (talk) 04:07, 13 ছেপ্টেম্বৰ 2014 (UTC)

পঢ়িলো । গন্ত্ৰপৰ্দাৰ বৰ্ণবুটাম ফলি (Virtual keyboard)ত তলুৱাৰ-নিগনি ( Computer Mouse)ৰে কুটি কুটি লিখি থকাৰ বাবে লেখাবোৰ চুটি চুটি হৈছে আৰু সময়ো বেছি লাগিছে । পুনৰ উভতি আহি এটা এটাকৈ দীঘল কৰিম । এবাৰ জঁকাটো তৈয়াৰ কৰি লওঁ । তাত্বিক দাৰ্শণিক সকললৈ পুনৰাহ্বান , তেৰাসৱে নিঃসংকোচে সম্পাদনা আৰম্ভ কৰিব পাৰে । অবশ্যে নিগনি মৰা ঔষধ ব্যৱহাৰ নকৰে যেন ।

JBDVIJASDVI (talk) 13:27, 14 ছেপ্টেম্বৰ 2014 (UTC)

এই থ্ৰেডৰ আৰম্ভনি প'ষ্টটো দিয়া অনেক দিন হ'ল। উল্লিখিত প্ৰবন্ধসমুহ কেইবাটাও কাৰণৰ বাবে (ওপৰত দিয়া) ৱিকিপিডিয়াৰ উপযুক্ত নহয়। লেখকক কেইবাবাৰো সহায় কৰিবলৈ যত্ন কৰাৰ পাচতো তেখেতে একে শৈলীতে কেইবাটাও প্ৰবন্ধ লিখি পেলালে। মই দুই এটা অলপ পোনাই পাঁজৰাই দিছিলোঁ যদিয়ো সকলোখিনি প্ৰবন্ধত মিলাই ইমান সময় দিব পৰা নাযায়।
সেয়ে মই প্ৰবন্ধখিনি লেখকৰ ব্যক্তিগত পেজলৈ (সদস্য:JBDVIJASDVI/প্ৰবন্ধৰ_নাম) স্থানান্তৰ কৰি পেলালোঁ। লেখকে সময় সুবিধা অনুসৰি প্ৰবন্ধকেইটা উন্নত কৰিব আৰু ৱিকিপিডিয়ালৈ পুনৰ আগবঢ়াব বুলি আশা কৰিলোঁ।
দ্ৰষ্টব্য:
প্রভাকৰ শৰ্মা নেওগ (talk) 07:22, 29 অক্টোবৰ 2014 (UTC)

অৱশেষত দেখা গল যে প্রভাকৰ শৰ্মা নেওগে নিগনি মৰা ঔষধ ব্যৱহাৰ কৰিলে। তেখেতৰ বক্তব্য "মই দুই এটা অলপ পোনাই পাঁজৰাই দিছিলোঁ যদিয়ো সকলোখিনি প্ৰবন্ধত মিলাই ইমান সময় দিব পৰা নাযায়" পিছে সকলোখিনি প্ৰবন্ধ তেখেতে নিজেই দায়িত্ব লৈ পোনাই পাঁজৰাই থকাতো ময়ো বিচৰা নাছিলো। প্ৰৱন্ধ খিনি সকলোৱে সম্পাদনা কৰিব পৰাকৈ ৰখাটো উচিত আছিল। আলোচনা পৃষ্ঠা সমূহত মই আগবঢ়োৱা ধাৰণা আৰু প্ৰস্তাৱ সমূহৰ সঠিক যুক্তিযুক্ত প্ৰত্যুত্তৰ অথৱা সমিধানৰ অপেক্ষাত থকাৰ বাবে নতুন পৃষ্ঠা বা সম্পাদনা সংযোগ কৰাৰ পৰা বিৰত আছিলো। কিন্তু তেখেতে নিজে কিছুমান সম্পাদনা কৰি লেখা সমূহৰ চাৰিত্ৰিক একধৰ্মিতাত(Integrity) প্ৰভাৱ পেলাই পাৰাপাৰ নোহোৱা অৱস্থাত পৰিল আৰু শেহতীয়া ভাৱে গোটেই বোৰ লাড়ু কৰি মোলৈকে ঠেলি পঠিয়ালে। বিশেষকৈ ফেচবুকত আলোচনা কৰি কৰা কিছুমান সম্পাদনাই মোক আচৰিত কৰিছে। তদুপৰি তেখেতে নিজে কৰা সম্পাদনা সমূহৰ কোনো তথ্যোল্লেখৰ প্ৰয়োজন আছে বুলি নাভাৱিলে হয়তো নাভাৱে। অসমীয়া উইকি প্ৰৱন্ধৰ ওপৰত আলোচনা সমালোচনা ইয়াতে আলোচনা পৃষ্ঠাত হোৱাটো বাঞ্ছনীয়। শেহতীয়া ভাৱে অসমীয়া প্ৰৱন্ধৰ নামত সৃষ্টি হোৱা অৰ্ধ ইংৰাজী আৰু পাবত গজা কলীয়া-ইংৰাজ অসমীয়া অতিনৱ-প্ৰজন্ম এটাৰ মূখত শুনা অদ্ভুত ইংৰামীয়া ভাষাত লিখা প্ৰৱন্ধসমূহ তেখেতৰ চকুত নপৰাটোতো তবধ মানিছো। তেখেতে সামান্য টেগ এটাও নিদি এই ক্ষেত্ৰত উদগনি দিয়াহে অনুভৱ হয়। শেহতীয়া ভাৱে বহুবছৰ ধৰি আলোচনা স্তব্ধ হৈ থকা 'অসমীয়া লিপি' নামৰ প্ৰৱন্ধ এটিৰ পৰা অকৰ্তৃত্বশীল পক্ষপাতিত্ব সন্দেহ কৰা বেনাৰ এখন মই নিজে আতঁৰাই দিছো যত আন দহোজনৰ কোনো মন্তব্য নাছিল। সন্দেহ ব্যক্ত কৰিলে বা ভুল ধৰিলে বা গোচৰ দিলে তাক প্ৰতিপন্ন কৰাৰ বা সমিধান দিয়াৰ দায়িত্বও থাকে। যি কি নহওক, কাৰ্য্যত চাৰিত্ৰিক একধৰ্মিতা থকাটো সকলোৰে পৰা বাঞ্ছনীয়। পৃষ্ঠাসমূহত তেখেতে লগোৱা বেনাৰ সমূহৰ প্ৰস্তাৱ আৰু বিচাৰসমূহৰ , উদ্ধৃতি সমূহৰ কোনো অৰ্থ নাথাকিল যেতিয়া পৃষ্ঠা সমূহ লোকচক্ষুৰ পৰা আতৰাই পেলোৱা হল। এই চ'ৰাটোত তেখেতে হয়টো এটি তৰল প্ৰত্যুত্তৰ বা মন্তব্য দি উক্ত আলোচনাৰ মূখনি মাৰি থব। আগতেও থৈছে। তেনেহলে বুজা যাব যে এই অসমীয়া(?) মহাপুৰুষজনৰ অধীনত বা ৰাজত্বত অসমীয়া উইকিৰ আৰু অধিক উন্নতি হোৱাৰ সম্ভাৱনা নাই। অৱনতিটো সদায়ে হৈয়ে আছে। আজিও হৈছে, হৈ থাকিব। ৰাইজৰ ভাগ্য ভাল যে উইকিৰ সদস্য হৈ প্ৰৱন্ধ লিখাত তেওঁ বাধা দিব নোৱাৰে। নহলে হয়টো তেওঁ ফেচবুকৰ ফ্ৰেন্দ খিনিৰে সৈতেই অসমীয়া উইকি চলালে হেতেঁন। উইকিৰ ঊৰ্ধতন কৰ্তৃপক্ষক অসমীয়া উইকিত চলি থকা খাম খেয়ালি, মইমতালি আৰু ভাষাৰ শৰাধৰ তথ্যোল্লেখ কৰি ইয়াক নিয়ন্ত্ৰন কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হল। প্ৰস্তাৱ নিদিষ্ট স্থানলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা লোৱা হওঁক।JBDVIJASDVI (talk) 17:23, 30 অক্টোবৰ 2014 (UTC)

স্রেব্রেনিৎসা ও জেপা বিজয় সম্পাদনা কৰক

Hi! July 11, 2015 will be the 20th anniversary of the fall of Srebrenica, but your Wikipedia does not have an article on this topic yet. Please help translate my text Fall of Srebrenica and Žepa and write a honest article about Srebrenica! 20 anniversarier (talk) 04:41, 19 এপ্ৰিল 2015 (UTC)

Galicia 20 - 20 Challenge সম্পাদনা কৰক

 

Wikipedia:Galicia 20 - 20 Challenge is a public writing competition which will improve and translate this list of 20 really important articles into as many languages as possible. Everybody can help in any language to collaborate on writing and/or translating articles related to Galicia. To participate you just need to sign up here. Thank you very much.--Breogan2008 (talk) 10:03, 9 জুন 2015 (UTC)

Highlight or Discuss your community issues in CIS-A2K's policy handbook সম্পাদনা কৰক

Hello,
Currently at CIS-A2K, we are working on a handbook called "Indic Wikipedia Policies and Guidelines Handbook" where we are discussing a number of things such as: Creating new policies, Modifying existing ones; and to explain these we had to discuss Village Pump, Consensus etc. The book is in English, but we hope to translate and print the book in a few Indian languages.

Now,

a) We are eager to add your frequently asked questions on policies and guidelines, and discuss the difficulties you are facing to manage, enforce or deal with any policy on your Wikipedia.

For this reason, we are inviting you to ask questions or discuss things related to your Wikipedia's policies and guidelines.

Selected questions or discussions will be published in our handbook and askers/participants will be given credits in the book.

and/or

b) We are also inviting you to preview the handbook and give your feedback to improve it.

Please fill this form and let us know if you want to join this survey

Regards. --Titodutta (talk) 09:36, 17 November 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]