মূল মেনু খোলক
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

ৱিকিফাণ্ডসম্পাদনা কৰক

বন্ধুসকল, আমাৰ এটা ফাণ্ড মানে বেংক একাউন্ট খুলিবৰ হ'ল, লগতে চান্দাও উঠাবৰ হ'ল। যোৱাবাৰ কটন ৱিকিসন্মিলনত প্রায় ৫০০০ টকা খৰচ হ'ল, শ্রুতিমালা ভন্টী আৰু মধুচন্দা বাই এহেজাৰকৈ দিলে, মৰমৰ বিষ্ণু-জ্যোতী-গীতাৰ্থ-উদ্দীপ-নূপূৰ হঁতে ব্যক্তিগত দায়িত্ব পালন কৰিলে।

ভাল বাৰু। মোৰ মূল কথা হ'ল আমি আমাৰ ৱিকিখনৰ বাবে এটা বেংক একাউন্ট খুলিব লাগে। তাৰ বাবে প্রাথমিক ১ নে ২ হেজাৰ কি লাগে আছোঁ মই। বাকী ডেকাহঁতে ধন ১. ২. ৫,১০০...... যাৰেপৰা যেনেকৈ পাৰে গোটাওক। পইচা লাগিবই। কালিলৈ নলবাৰী বা ডিব্রুগড়লৈ যাবলৈ গীতাৰ্থ, বিষ্ণু উদ্দীপ হঁতক যি পাৰোঁ TA/DA কিবা দিব নেলাগিব নেকি?

কি কয় আপোনালোকে? মই দ্বিজেন মহন্ত দাদাক ধনভঁৰালী পদৰ বাবে অনুৰোধ কৰিলোঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 18:54, 16 জুলাই 2012 (UTC)

(Rough Eng trans: Topic - wikifund:

Friends, its time to open a fund, meaning probably a bank account. Kotton wikimeetup needed INR 5000 approx. Sisters Shrutimaka and Madhuchanda ba had donated INR 1000 each. (I don't want to tell anyone how much I had, Jyoti, pl keep it secret). Lately I came to know that Nitul also had donated INR 500 - thanks. And jyoti and others burnt their fuel in Guwahati heat.

My point is: I don't know how, we need a wikifund. I am offering initial 2000. Youngstars will collect whatever possible: INR 1. 2. 3.......10000 (hehe). But the practical issue is that whenever there is a wikimeetup, we need fund for hall, stationary, tea, whatever TA DA we can offer to volunteers like jyoti, bishnu....etc

প্রভাকৰ শৰ্মা নেওগ (talk) 06:31, 17 জুলাই 2012 (UTC)

আইনমতে বেঙ্ক একাউণ্ট খুলিবলৈ হ’লে পঞ্জীকৰণ হোৱা দৰকাৰ। কথাটো বিচাৰ কৰি চাব।

--বিৰাজ কুমাৰ কাকতি (talk) 05:01, 17 জুলাই 2012 (UTC)

trans: we need to legally register.

--সদস্য:Biraj (talk) 05:01, 17 জুলাই 2012 (UTC)


মই বিৰাজদাৰ লগত একমত৷ পঞ্জীয়ন অবিহনে আমি ৱিকিৰ নামত একাউণ্ট খুলিবলৈ নিশ্চয় অসুবিধা হ'ব৷ তথাপি আমাক একাউণ্ট এটা লাগে৷ পইচাও লাগে৷ প্ৰস্তাৱটো সমৰ্থন কৰিছোঁ৷ কেনেদৰে কি নামত ক'ত খোলাৰ কথা ভবা হৈছে বিশদভাৱে জনালে সুবিধা হ'ব৷-- Anjal Borah (talk) 05:20, 17 জুলাই 2012 (UTC)
trans: I agree with biraj. however, we need money. how do we do it?

Anjal Borah (talk) 05:20, 17 জুলাই 2012 (UTC)

নেওগৰ প্ৰথমভাগ সমৰ্থন জনালো। আমাক ফাণ্ড এটা লাগে। কিন্তু তাৰপাছৰ অংশত সমৰ্থন জনাব নোৱাৰো।কাৰণ মই সেই দায়িত্ব লবলৈ অপৰাগ।Anjal Borahই ঠিকেই কৈছে। ‌‌‌দ্বিজেন মহন্ত (talk) 06:03, 17 জুলাই 2012 (UTC)
Friends, I am talking with Indian wikimedians, lets see what they suggest. প্রভাকৰ শৰ্মা নেওগ (talk) 06:31, 17 জুলাই 2012 (UTC)
বঢ়িয়া, এই কথাটো মই ব্যক্তিগত ভাবে ১০জুনত অনুষ্ঠিত বৰ্ষপুতিতে উলিয়াইছিলো। বোলো হেৰি নহয়, অনুষ্ঠাটো হল বাৰু, পিছে ইয়াৰ খৰচপাতিবোৰ কোনে, কেনেকৈ কৰ পৰা বহন কৰিছে। জ্যোতিয়ে বোলে আমিবোৰেই এতিয়া চলাই আছো, বোলো বৰ বেয়া কথা হৈছে, ইয়াতে কথাটো সকলোকে জনাই মাহেকীয়া বৰঙণি কিবা এটা ধাৰ্য্য কৰি দিলে ভাল আছিল, পাছত চিন্তা কৰিম বুলি কৈছিল, বিষয়টোৰ গুৰুত্ব বুজিয়েই মই মোৰ ফালৰ পৰা ব্যক্তিগত ভাবে ৫০০ টকা এখিলা দি আহিছিলো। তাৰ পাছৰ পৰা সেই বিষয় উলিওৱা দেখা নাই। আপুনি বৰ ভাল প্ৰস্তাব আগবঢ়ালে। ৰাইজে এতিয়া নখ জোকাৰাহে কথা আৰু।

নিতুল বৰা (talk) 21:40, 17 জুলাই 2012 (UTC)

Borah, I've given 2000, Madhuchanda mam 1000, Shrutimala sister 1000, and you 500. I don't know what kids did, but at least they ran around Guwahati organizing all - is it less? I am sure that no As wikipedian will misappropriate wikimoney. I know, kids had some fun (probably with your 500), but why not? And at least I'll never ask the kids for any account. I have "good faith" on them. Come on folks. Show some courage.

প্রভাকৰ শৰ্মা নেওগ (talk) 17:36, 17 জুলাই 2012 (UTC)

মোৰ আগৰ মন্তব্যটো ওলোটাকৈ নুবুজে যেন। ৱিকিফাণ্ডত মোৰ সমৰ্থন আছে। একাউণ্ট এটা খুলি আগ বাঢ়ক। পোৱালিহঁতৰ পৰা ল’ব নালাগে, আমি অলপ-চলপ হাত উজান দিলেই হ’ব।
Please, do not misunderstand my previous comment. I have full support in raising a fund for the wikipedia. Please, go ahead and open an account. It is not needed to ask contribution from the kids, we can contribute a little.

বিৰাজ কুমাৰ কাকতি (talk) 19:57, 17 জুলাই 2012 (UTC)

বঢ়িয়া সকলোৱে হাত উজান দিলে সকলো কামেই সম্ভৱ। আপোনালোক গুৱাহাটী বাসী কেইজনে আগভাগ ললে ভাল হয় কামটোত, মানে মই কব বিচাৰিছো, একাউণ্টটো গুৱাহাটীতে খুলি সদস্য সকলক একাউণ্ট নম্বৰ দি দিলেই আমি দুৰণিবতীয়া সকলে সেই একাউণ্ট নম্বৰত ধন জমা দিব পাৰিম। মাত্ৰ তাৰ আগতে কি হিচাপত ধন দিব লাগিব, যেনেঃ- মাহিলী নে, বছেৰেকীয়া সেয়া জনালেই হল। দ্বিজেন মহন্ত ককাইদেউ একেবাৰে উপযুক্ত কোষাধক্ষ । সকলোৱে সমৰ্থন কৰক ৰাইজ। তেখেতে নোৱাৰিম বুলি কবই। কোনেনো বাৰু মোক বিষয় বাব দিয়ক বুলি উবযাছি কব, দুই এক আজুহাত দেখুৱাবই। হাঃ হাঃহাঃ মোৰ কথা হল কামটো হৱ লাগে, সকলো সদস্যই অভিজ্ঞ, সকলোৰে ওপৰত আমাৰ বিশ্বাস আছে। ফাণ্ডৰ হিচাপ আমি পৰীক্ষা কৰিবলৈ নিবিচাৰো, কিন্তু আমাৰ ৱিকিপিডিয়াৰ লক্ষ্যত উপনীত হোৱাতোহে উদ্দেশ্য। ৰাইজ আগবাঢ়ক, আৰু মন্তব্য নিদিও, একেবাৰে সকলোবোৰ গাই দিছো। কি সিদ্ধান্ত লোৱা হল জনালেই হল।

--নিতুল বৰা (talk) 02:00, 18 জুলাই 2012 (UTC)

I also don't need any account statement about Assamese wikifund, at least at this infant stage of the wiki. I trust my fellow wikians. I can't operate the fund staying in a far place like Silchar. Further, I don't support for making a committee, because it might contribute towards centralizing the wiki, which is against wiki principles. So we need an active volunteer, who will open a second account devoted to the wiki, we'll all deposit some amount per month on that account. When somebody needs any money for wiki, he'll ask that person, and he'll give. However, we must all agree that if the account maintainer says no, then its a NO. Similarly, if he says yes, than its a YES, NO QUESTIONS ASKED. Lets keep the spirit of GOOD FAITH. IS THERE SUCH A COURAGEOUS VOLUNTEER?

প্রভাকৰ শৰ্মা নেওগ (talk) 00:12, 18 জুলাই 2012 (UTC)


I have a suggestion regarding this. To cover the expense related to Assamese wikimedia outreach programs prepeare a grant request and submit it to Wikimedia India chapter or Wikimedia Foundation. I remember chapter already gave some funds for 10th Anniversary. If you plan for more programs prepare a plan and then submit another grant request.--Shiju Alex (WMF) (talk) 07:29, 18 জুলাই 2012 (UTC)


To open an account we need to get registered first. As registration process takes time so for the time being we can open an SB account on somebody's name and use it for Ass-Wiki fund. But this may create problem for that person to justify that account to the IT department while submitting IT returns. I support the idea as i personally discussed about it with Uddip Talukdar and Santanu Kausik Baruah at 10th Ass-Wiki Anniversary meet-up.

ত্ৰিদীৰ কুমাৰ বৰুৱা (talk) 00:55, 23 জুলাই 2012 (UTC)


Can't two volunteers come forward and open an SBI SB joint account so that we can deposit money whenever needed or on a periodic basis? At least I have faith on all Assamese wikipedians. Registering might lead to centralization - which is against wikipedia principles. People, please remark on this. প্রভাকৰ শৰ্মা নেওগ (talk) 00:30, 24 জুলাই 2012 (UTC)

I concur with Shiju.Currently chapter is following rembursement model for grants. Please do help to improve the current model or rebursement. Please do check the wmin:SIG framework, SIGs (maybe Assamese SIG) are suppose bring up financial year plans and budgets,so that fund dissemenation will be easier --Naveenpf (talk) 03:31, 26 জুলাই 2012 (UTC)

অসমীয়া ৱিকিপিডিয়াত নতুন সক্ৰিয় প্ৰশাসকৰ প্ৰয়োজনসম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত এতিয়া সক্ৰিয় প্ৰশাসক বুলিবলৈ তিনিজন আছে। বিষ্ণু শইকীয়া, প্ৰভাকৰ শৰ্মা নেওগ আৰু চাইপু বৰুৱা। কিন্তু বৰ্তমান অসমীয়া ৱিকিপিডিয়াত বাঢ়ি অহা সদস্য সংখ্যাৰ অনুপাতত এইখিনি প্ৰশাসক কম যেন অনুভৱ হয়। যিহেতু সদস্যসকল নতুন, সেয়ে তেওঁলোকে ভুল-ভ্ৰান্তি কৰাটো স্বাভাৱিক। আন সদস্কিয্ন্তই ভুলখিনি আঙুলিয়াই দিব পাৰে, কিন্তু ভুলকৈ সৃষ্টি কৰা প্ৰৱন্ধ আদি যিমান পাৰি সোনাকালে গুচাই দিবলৈ প্ৰশাসকসকল লাগে। ভুল আদি যিমান পাৰি সোনকালে কৰাটো এইবাবেই বাঞ্চনীয় যে যিমানে দেৰীকৈ আমি সদস্যসকলক ভুলবিলাক আঙুলিয়াই দিম, সিমানেই বেছি সময় সেইখিনি ৱিকিত ৰৈ থাকিব আৰু নতুন সদস্যসকলে ভুল ধাৰণা পাই গৈ থাকিব। সেয়ে আমাক সক্ৰিয় প্ৰশাসকৰ বৰ প্ৰয়োজন।

ৱিকিপিডিয়াত মুঠ ছয়গৰাকী প্ৰশাসক আছে। ওপৰত উল্লেখিত তিনিগৰাকীৰ বাহিৰে, সংগীতা, সমুজ্জ্বল আৰু প্ৰিয়াংকু। ৱিকিপিডিয়াৰ চালুকীয়া অৱস্থাৰেপৰা এওঁলোকে নিজৰ বহুমূলীয়া সময় দি ৱিকিপিডিয়াক সমৃদ্ধ কৰি গৈছে, আৰু তাৰ কাৰণে আমি এওঁলোকৰ ওচৰত পৰম কৃতাৰ্থ। কিন্তু কিছুবছৰ ধৰি এওঁলোক নিস্ক্ৰিয় হৈ আছে। সংগীতা আৰু সমুজ্জ্বল-ৰ শেষ সম্পাদনাৰ তাৰিখ আছিল ২০০৯ চনত আৰু প্ৰিয়াংকু-ৰ ২০১১ চনত। ৱিকিপিডিয়াৰ নীতি অনুসৰি এবছৰতকৈ বেছি সময় নিস্ক্ৰিয় হৈ থাকিলে প্ৰশাসক পদৰপৰা অব্যাহতি দিব পাৰি। ইমান দিনে সক্ৰিয় প্ৰশাসকসকলেই নিয়াৰিকৈ চলাই ৰাখিছিল বাবে একো অসুবিধা হোৱা নাছিল। কিন্তু এতিয়া বাঢ়ি অহা সদস্য সংখ্যা আৰু সক্ৰিয় সদস্যসকলে দিব পৰা সময়ৰ অসুবিধা হোৱাৰ বাবে (চাইপু বৰুৱা আৰু বিষ্ণু শইকীয়াই জনোৱা মতে) অকণমান বেমেজালি হোৱা বুলি বিষ্ণু শইকীয়াই জনাইছে। সেয়ে মই ভাবোঁ যে, নিস্ক্ৰিয় হৈ থকা প্ৰশাসক সকলক সদ্যহতে অব্যাহতি দি নতুন প্ৰশাসকৰ বাবে আহ্ববান জনাব লাগে। ৱিকিপিডিয়াৰ নীতি অনুসৰি অসমীয়াৰ দৰে সৰু ৱিকিপিডিয়াৰ বাবে ৬ গৰাকীতকৈ বেছি প্ৰশাসক নিযুক্তি দিব নোৱাৰি, সেয়ে পুৰণি প্ৰশাসকে অব্যাহতি নললে, নতুন প্ৰশাসক নিযুক্ত হ'ব নোৱাৰিব। অন্যথা পুৰণি প্ৰশাসকসকলক অব্যাহতি নিদিয়াকৈও আমি সমস্যাটো সমাধান কৰিব পৰিলোঁহেঁতেন। এই বিষয়ৰ প্ৰতি ৰাইজৰ মতামত আশা কৰিলোঁ। ৱিকিপিডিয়াৰ নীতি অনুসৰিয়েই নিস্ক্ৰিয় হৈ থকা প্ৰশাসকসকল উভতি আহিব বিচাৰিলে তেওঁলোকক আকৌ প্ৰশাসক হিচাপে নিযুক্তি দিব পাৰি। অৱশ্যে অসমীয়া ৱিকিপিডিয়াৰ ক্ষেত্ৰত এইটো সম্ভৱ হ'ব নে নহয়, সেইটো লৈ মই খাটাং নহয়। কাৰণ আমাৰ প্ৰশাসকৰ সংখ্যা সীমিত।

ওপৰৰ কথাখিনিৰ ভিত্তিৰ মই প্ৰস্তাৱ ৰাখোঁ যে এবছৰতকৈ বেছি সময়ৰ বাবে নিস্ক্ৰিয় হৈ থকা প্ৰশাসকদ্বয় সমুজ্জ্বল আৰু সংগীতা-ক প্ৰশাসকৰ পদৰপৰা অব্যাহতি দিয়াৰ বাবে ল'ব লগা প্ৰস্তুতি আৰম্ভ কৰিব লাগে। আৰু তেওঁলোকৰ ঠাইত নতুন প্ৰশাসক নিযুক্তি দিয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

নিস্ক্ৰিয় হৈ থকা প্ৰশাসকক অব্যাহতি দিয়াৰ নিৰ্দেশনা এই লিংকত পাব পাৰি। উদ্দীপতালুকদাৰ (talk) 10:24, 22 জুলাই 2012 (UTC)

নিশ্চয় নিশ্চয় ভাল প্ৰস্তাব

Yes (হয়)সম্পাদনা কৰক

  1. উক্ত প্ৰস্তাৱটি সাদৰেৰে সমৰ্থন কৰিলো। ভগৎ লাল দত্ত 18:04, 22 জুলাই 2012 (UTC)
  2. প্ৰস্তাৱটিত মোৰ সমৰ্থন আছে। যদিহে প্ৰশাসকৰ সংখ্যা সীমিত আৰু সীমিত সংখ্যকৰ ভিতৰৰে কেইজনমান নিস্ক্ৰিয় তেতিয়াহ’লে তেওঁলোকক অব্যাহতি দি ৱিকিপিডিয়াক আগবঢ়াই নিয়াটোহে সমীচিন হ’ব। তথাপি অব্যাহতি দিয়াৰ আগতে প্ৰত্যেক প্ৰশাসককে এবাৰ কাণ চোৱালে ভাল হয়। বিৰাজ কুমাৰ কাকতি (talk) 20:51, 22 জুলাই 2012 (UTC)
  3. প্ৰস্তাৱটি সাদৰেৰে সমৰ্থন কৰিলোঁ। সদায় লাগি থাকিব পৰা সক্ৰিয় সদস্যক এনে দায়িত্ব দিয়া উচিত৷ Anjal Borah (talk) 05:40, 23 জুলাই 2012 (UTC)
  4. ময়ো সমৰ্থন কৰিলো, কিছুমান কাম লগে লগেই কৰি যাব পৰা মানুহ আমাক লাগিব‍ই দীপাংকৰ চেতিয়া বাৰ্তা 16:17, 23 জুলাই 2012 (UTC)
  5. প্ৰস্তাৱটি সমৰ্থন কৰিলোঁ। নেকিব আহমেদ 16:21, 23 জুলাই 2012 (UTC)
  6. হয়, আমি নতুন সদস্য সকলে অলপ অসুবিধাৰ সন্মুখিন হৈছো, কেইবাটাওঁ প্ৰবন্ধ লিখি উলিওৱাৰ পাছত তাত ফটো কেনেকৈ সংযোগ কৰিব লাগিব সেই বিষয়ে বিষ্ণু শইকীয়া কেইদিনমান নথকাত বিশেষকৈ সেই প্ৰবন্ধ কেইটা মই আধৰুৱা কৰি ৰাখিব লগিয়া হৈছে, সকলো সময়তে নহলেও বেছি ভাগ সময়তে বা ৰাতিভাগত সহায় পোৱাকৈ কোনো প্ৰশাসক থাকিলে ভাল হয়। সহজে বুজাই দিব পৰা বিষ্ণু শইকীয়া দেৱৰ সলাগ নলৈ নোৱাৰিলো, বাকী প্ৰশাসক সকলক মই ব্যক্তিগত ভাবে নাজানো বা যোগাযোগ হোৱা নাই বাবে কেতিয়াবা কেতিয়াবা বৰ অসুবিধাৰ সন্মুখিন হৱ লগিয়া হয়। নিতুল বৰা (talk) 23:40, 23 জুলাই 2012 (UTC)
  7. নতুন প্ৰশাসকৰ প্ৰয়োজন অনুভৱ কৰিছো, প্ৰস্তাবটো মই সমৰ্থন কৰিছো। Jyoti Prakash Nath (talk) 18:09, 23 জুলাই 2012 (UTC)
  8. জোৰদাৰ সমৰ্থন। — গীতাৰ্থ বৰদলৈ (talk) 06:51, 24 জুলাই 2012 (UTC)
  9. সমৰ্থন, উদ্দীপদাই জাননী এখন প্ৰস্তুত কৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক| তেওঁলোকে প্ৰশাসক পদ বাদ দিয়াৰ পাছতেই আমি নতুন প্ৰশাসক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম| (অ’ প্ৰস্তাৱটো সঠিক ঠাইত লিখা হোৱা নাই অৰ্থাত ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ), পাছত বেলেগলৈ নিব লাগিব) বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:02, 24 জুলাই 2012 (UTC)
  10. মোৰ নিস্ক্ৰিয়তাৰ বাবে সদস্যসকলে সম্মুখীন হোৱা সমস্যাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। আপোনালোকে মোক প্ৰশাসক পদৰ পৰা অবিলম্বে অব্যাহতি দিব পাৰে। অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সুন্দৰ ৰেহ-ৰূপ আপোনালোকৰ অক্লান্ত চেষ্টাৰ ফল। আপোনালোকলৈ মোৰ শুভকামনা থাকিল। Samuzzal (talk) 05:33, 6 আগষ্ট 2012 (UTC)
  11. # মই যদিও আগতে "হয়"ত ভোট দিছিলোঁ, এতিয়া বিষয়টো দ কৈ ভাবি চোৱাৰ পাচত, আৰু অভিজ্ঞ অসমীয়া আৰু আন্তৰ্জাতিক ৱিকিপিডিয়ান কেইজনমানৰ লগত আলোচনা কৰাৰ পাচত মই মোৰ সন্মতি সাময়িকভাবে উঠাই লৈছোঁ। এই প্ৰস্তাবটোৰ ওপৰত অধিক আলোচনাৰ প্ৰয়োজন আছে, অনুগ্ৰহ কৰি তলৰ "আলোচনা" অনুচ্ছেদ টো চাওক। প্রভাকৰ শৰ্মা নেওগ (talk) 21:29, 31 অক্টোবৰ 2012 (UTC)
  12. প্ৰস্তাৱটিত সমৰ্থন জনাইছো। পংকজ জ্যোতি মহন্ত (talk) 16:27, 1 নৱেম্বৰ 2012 (UTC)

No (নহয়)সম্পাদনা কৰক

অধিক আলোচনাৰ প্ৰয়োজনসম্পাদনা কৰক

বস্তুতঃ ওপৰোক্ত প্ৰস্তাবত দুটা বিষয় সন্নিহিত আছে:

  1. পুৰণি নিস্ক্ৰিয় প্ৰশাসকৰ অব্যাহতি আৰু
  2. নতুন প্ৰশাসকৰ অন্তৰ্ভুক্তি।

মই ২ নং বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ বিচাৰিছোঁ।

ৱিকিপিডিয়াৰ প্ৰশাসক বা এডমিন বা ৱিকিপিডিয়াৰ ভাষাত "sysop" ভূমিকাটো সম্পৰ্কে যাতে আমি সকলোৱে এক সাধাৰণ ধাৰণা গঢ়ি ল'ব পাৰোঁ তাৰ বাবে ইংৰাজী ৱিকির্পিডিয়াৰ এডমিন আৰু এডমিনৰ কাম সম্পৰ্কীয় প্ৰবন্ধকেইটা, বিশেষকৈ Wikipedia:Administrators আৰু Wikipedia:What adminship is not আগতে চকু ফুৰাই চাই লওঁ আহক।

অভিজ্ঞ ৱিকিপিডিয়ানসকলৰ লগত আলোচনাৰ পাচত দেখা গ'ল যে নতুন এডমিনিষ্ট্ৰেটৰ এগৰাকী অন্তৰ্ভুক্ত কৰাৰ আগতে আমি কেইটামান কথা পৰ্য্যালোচনা কৰি লোৱা উচিত।

  1. অসমীয়া ৱিকিপিডিয়াৰ এজন প্ৰশাসকৰ কাম কি কি? ইয়াত সকলোৱে কৰিব পৰা কামখিনি নধৰিব, যেনে নতুন সদস্যক আদৰণি জনোৱা, সম্পাদনাত সহা্য় কৰা আদি। প্ৰশাসকৰ কামৰ আওঁতাত অন্য সম্পাদকে কৰিব নোৱাৰা কাম, যেনে, প্ৰবন্ধ এটা সুৰক্ষিত কৰা আদিহে পৰিব।
  2. বৰ্তমান সক্ৰিয় হৈ থকা প্ৰশাসকসকলে সেই কাম সুচাৰুৰূপে কৰিব পাৰিছেনে নাই?
  3. নতুন প্ৰশাসক নিযুক্ত কৰিলে ৱিকিৰ বা বৰ্তমানৰ প্ৰশাসক কেইজনৰ কি কি সুবিধা/অসুবিধা হ'ব?

পলমকৈ হ'লেও ৰাইজক বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনালোঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 21:29, 31 অক্টোবৰ 2012 (UTC)

১ নং বিষয়ত বোধকৰো আপত্তি কাৰো নাই।

২ নং বিষয়ৰ ক্ষেত্ৰত ক’ব বিচাৰো, পুৰণি দুজন নিষ্ক্ৰিয় প্ৰশাসকে অব্যাহতি পালে নতুন দুজন প্ৰশাসক নিযুক্তি দিয়াত কোনো দ্বিমত থাকিব নালাগে, অসমীয়া ৱিকিপিডিয়া এখন সৰু ৱিকিপিডিয়া তাতোতকৈ ডাঙৰ কথা কম সদস্যৰ ৱিকিপিডিয়া, গতিকে ইংৰাজী ৱিকিৰ দৰে নহৈ আমাৰ ৱিকিপিডিয়াৰ প্ৰশাসক সকলে প্ৰশাসকৰ সাধাৰণ কামৰ (আনে কৰিব নোৱৰা) ওপৰিও আনেও কৰিব পৰা কিন্তু কিছুমান নিয়মিত ভাবে কৰিব লগা কাম কৰিব লগা হয়, যেনে নিয়মিত চাফাই কাৰ্য, পোখালি বোৰৰ চোৱা চিতা, এইবোৰৰ গোটকৰণ, সাচঁ সমূহৰ প্ৰতিপাল আৰু কিছুমান এনে ধৰণৰ কাম (আমাৰ সৰু ৱিকিপিডিয়া খনত এই সময়ত এইবোৰ গুৰুত্বপূৰ্ণ কামেই) যিবোৰ আন সদস্যও কৰিব পাৰে যদিও সীমিত সংখ্যাক এনে সদস্যই নিজে সম্পাদনা কৰি থকা প্ৰবন্ধটো বাদ দি কমেইহে এইখিনি আমাৰ ইয়াত কৰা দেখা যায়, গতিকে এনে বোৰ ৱিকিপিডিয়া খনক শৃংখলিত কৰি ৰাখিব পৰা সৰু সৰু কাম (যিবোৰ বিষ্ণু দাই দিনে ৰাতিয়ে কৰি থাকে, আৰু অকলে এইবোৰ কৰিব লগা হোৱাৰ বাবে মাজে মাজে তেখেতে আক্ষেপো কৰে), কৰিবলৈ আন দুজন নতুন সহযোগী নিয়োগ কৰিবলৈ আমি উ‍তসাহী হোৱাহে উচিত । এটা কথা হয় সেইখিনি কাম সেই এজন বা দুজন ব্যক্তিয়ে প্ৰশাসক নোহোৱাকৈও কৰিব পাৰিব, কিন্তু প্ৰশাসক হোৱাৰ পাছত সেইখিনি কৰিবৰ বাবে তেওঁলোকে নিশ্ছয়কৈ অধিক দায়বদ্ধ হ’ব। নহ’লে অকল প্ৰশাসকীয় কাম কাজ (আনে কৰিব নোৱৰা) খিনিৰ বাবে আমাৰ ৱিকিপিডিয়াত এজনমান প্ৰশাসকেই যতেষ্ঠ দেখোন। আৰু নতুন প্ৰশাসক নিযুক্ত হ’লে পুৰণা সকলৰ সুবিধাৰ বাহিৰে অসুবিধা হোৱাৰ সম্ভাৱনা দেখা নাই। যেতিয়া আমাৰ ৱিকিপিডিয়াখন ডাঙৰ হ’ব তেতিয়া প্ৰশাসক সকলৰ কামৰ পৰিসৰ আৰু ক্ষেত্ৰ নিশ্ছয়কৈ এতিয়াতকৈ বেলেগ হ’ব, কিন্তু এই মূহুৰ্তত আমি ইংৰাজী ৱিকিলৈ নোচোৱাই ভাল।

দীপাংকৰ চেতিয়া? 15:51, 1 নৱেম্বৰ 2012 (UTC)

প্ৰশাসক নিযুক্তি দিয়াৰ ক্ষেত্ৰত দ্বিমত থকা উচিতো নহয়, কাৰণ দীপাংকৰ চেতিয়াই ক'বৰ দৰেই অসমীয়া ৱিকিপিডিয়া এখন কম (সক্ৰিয়) সদস্যৰ সৰু ৱিকিপিডিয়া। দৰাচলতে আৰু এখোজ আগলৈ গৈ ক'ব পাৰি যে পৰাপক্ষত গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক আনকি ১০০% সহমততহে গ্ৰহণ কৰা উচিত। ই অসম্ভবো নহয়, কাৰণ কম সদস্য হোৱা হেতুকে আমাৰ সুবিধা হৈছে যে কম সদস্যৰ গোটৰ মাজত সহজে ভাল বুজাবুজি আৰু নেটৱৰ্কিং গঢ়ি তুলিব পাৰি। দৰাচলতে আমি একাধিক ক্ষেত্ৰত এনে কৰিচোঁও আৰু ইয়াৰ সুফলো পাইচোঁ।
প্ৰশাসক (sysop) আৰু সম্পাদক (editor)-অৰ ভূমিকা (role) দুটা সানমিহলি কৰিব নালাগে। আমি একমত হ'ব লাগে যে প্ৰশাসকৰ কাম হৈছে অন্য সদস্যই কৰিব নোৱাৰা কামখিনি কৰা। (ইয়াতো আমি মনত ৰাখিব লাগিব যে প্ৰশাসকেও কিছুমান কাম কৰিব নোৱাৰে, যাৰ বাবে ষ্টুৱাৰ্ড আৰু বুৰ'ক্ৰেট সকল আছে।) যেতিয়ালৈকে আমি আনুষ্ঠানিক ভাবে গ্ৰহণ নকৰোঁ যে "পোখালি চোৱা", "কপি এডিটিং" আদি সকলোৱে কৰিব পৰা কামবোৰো প্ৰশাসকৰ দায়িত্বত পৰে, তেতিয়ালৈকে এইবোৰ প্ৰশাসকৰ দায়বদ্ধতাৰ ভিতৰত লোৱা অনুচিত হ'ব। বা প্ৰশাসক এজনে এনে কামবোৰ কৰিলেও তেওঁ সেইখিনি প্ৰশাসক হিচাবে নহয়, সম্পাদক হিচাবে লিখিছে বুলিহে ধৰি লোৱা উচিত।
সদস্য এজনক প্ৰশাসকৰ দায়িত্ব দি "যিহেতু তেওঁ এতিয়া প্ৰশাসক, তেওঁ বেচি কাম কৰিব" বুলি ভবাতো অনুচিত, কাৰণ ৱিকিপিডিয়াত সকলো স্বেচ্ছাসেৱকহে, তেওঁলোকে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন বৰ্তাই ৰাখি যেনেকৈ সুবিধা হয়, তেনেকৈহে কাম কৰাতো বাঞ্চনীয়। আনকি কোনোবাই উৎসাহতে ব্যক্তিগত জীৱনত প্ৰভাব পৰাকৈ বেচিকৈ কাম কৰিলেও সতীৰ্থ সকলে তেওঁক বাৰণ কৰাহে উচিত, তেওঁৰ ভালৰ বাবেই। (বিষ্ণুক মই কেইবাবাৰো "ঘৰত সময় দিবলৈ" সঁকিয়াই দিব লগা হৈছে। তদুপৰি প্ৰশাসক এজনৰ ওপৰত তেওঁৰ প্ৰশাসক ক্ষমতা উপযোগ কৰি পালন কৰিবলগীয়া দায়িত্বখিনিৰ উপৰিও প্ৰশাসক ভূমিকাটোৰ কাৰণেই অন্য সদস্যসকলে বিতৰ্ক হোৱাৰ ভয়ত নিজে কৰিব পৰা কামখিনিও নকৰি (যেনে অন্যই লিখা প্ৰবন্ধত হাত ফুৰাবলৈ ভয় কৰা) অন্য এজন সতীৰ্থলৈ ঠেলি দিয়াতো কেৱল অনুচিতেই নহয়, স্বাৰ্থপৰতাও।
এই কথাখিনি মই এই সুযোগতে এইকাৰণেই উলিয়ালোঁ এইকাৰণেই যে কেৱল আমাৰ ৱিকিতে নহয়, অন্যান্য ৱিকিতো আৰু আনকি ফেচবুক গ্ৰুপ, মেইলিং লিষ্ট আদিৰ প্ৰশাসকসকলৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়, কোম্পানী আদিতো এটা সাধাৰণ ধাৰণা আছে যে প্ৰশাসক হোৱাতো এটা ডাঙৰ সন্মান। এনে তো নহয়েই, আনকি বহুত সময়ত কামত ভুল-ত্ৰুটি হ'লে প্ৰশাসকজনে গালিহে খাব লাগে। সেয়ে প্ৰশাসক এজন নিৰ্বাচন কৰোঁতে হ'বলগা প্ৰশাসকজনকে ধৰি নিৰ্বাচন কৰা সকলেও এইখিনি কথা গুৰুত্বসহকাৰে বুজি বাজি লোৱা উচিত। ফেচবুকৰ গ্ৰুপ আদিত এডমিন হৈ পোৱাসকলে নিশ্চয় অনুধাবন কৰিব পাৰিব যে প্ৰশাসক হোৱা কেৱল শাৰীৰিকেই নহয়, মানসিক কষ্টৰো কাম। ৱিকিপিডিয়াৰ দৰে গুৰুত্বপূৰ্ণ কামৰ বাবে ই আৰু অধিক।
সেয়ে, আগন্তুক প্ৰশাসক নিৰ্বাচনৰ আগে আগে সকলোকে বিষয়টোত আপাতদৃষ্টিত চকুত নপৰা এই কথাখিনি দ কৈ বুজি লৈ, নতুনকৈ আহিবলগা প্ৰশাসক প্ৰাৰ্থীসকলৰ নাম প্ৰস্তাব কৰে যেন, যাতে প্ৰশাসকৰ অতিৰিক্ত কামৰ বাবে তেওঁৰ ওপৰত বেচি চাপ নপৰে। লগতে প্ৰাৰ্থীসকলেও নিজৰ আহিবলগীয়া গুৰু দায়িত্ব পালন কৰোঁতে হ'বলগীয়া বিতৰ্ক, অতিৰিক্ত কাম আদিৰ বাবে প্ৰস্তুত হৈ লয় যেন। আগতীয়া শুভেচ্ছা থাকিল।

প্রভাকৰ শৰ্মা নেওগ (talk) 07:11, 3 নৱেম্বৰ 2012 (UTC)

Your community's request to remove administration rights for these users
  • Priyankoo
  • Sangeeta
  • Samuzzal
has been done. m:Special:PermanentLink/5196657 Billinghurst (talk) 22:25, 3 ফেব্ৰুৱাৰী 2013 (UTC)

Voting for new sysopসম্পাদনা কৰক

The discussion shows there is a clear need in the community for more active admins. Please vote for an admin here চাইপাও 11:46, 9 জানুৱাৰী 2013 (UTC)


বেটুপাতৰ "নিৰ্বাচিত প্রবন্ধ/চিত্র, আপুনি জানেনে" আদিৰ নিৰ্বাচন আৰু সংৰক্ষণ (Archiving)সম্পাদনা কৰক

বেটুপাতৰ "নিৰ্বাচিত প্রবন্ধ/চিত্র, আপুনি জানেনে" আদিৰ নিৰ্বাচন আৰু সংৰক্ষণ (Archiving) অৰ বাবে আমি এলানী নিয়ম বা প্রট'কল প্রচলন কৰা উচিত। মোৰ মতে ইং-ৱিকি বা বং-ৱিকিৰ নিয়মবিলাক আমি সম্যক পৰিমাণে পালন কৰিব পাৰোঁ। বৰ ষ্ট্রিক্ট হোৱাতো বৰ উচিত নহ'ব যেন লাগে।

  • "আপুনি জানেনে" বিলাক শেহতীয়া প্রবন্ধসমূহৰ পৰা দিয়া উচিত। যিহেতু মাত্র সীমিতসংখ্যক স্থান হে আছে, নতুন এটা "আপুনি জানেনে" দিবলৈ পুৰণি এটা মচিব লাগিব। তাকে নকৰি, পুৰণিটো তললৈ কপি কৰি ব্রেকেট দি "কমেন্ট আউট" কৰি থ'ব লাগে। লগতে যিহেতু যিকোনো সম্পাদকে এই কামটো কৰিব পৰা হ'ব লাগে। ইতিমধ্যেই যিহেতু "সাঁচ:আজিৰ আপুনি জানেনে" তেনে হয়েই, তাক সলনি কৰিব নালাগে।
  • এতিয়া বাকী ৰাইজে "নিৰ্বাচিত প্রবন্ধ" আৰু "নিৰ্বাচিত চিত্র"ৰ বাবে নিৰ্বাচন আৰু সংৰক্ষণ পদ্ধতি থিৰাং কৰক। প্রয়োজন হ'লে সহজ ইং ৱিকিপিডিয়াৰ সহায় লওক।

প্রভাকৰ শৰ্মা নেওগ (talk) 05:12, 7 আগষ্ট 2012 (UTC)

নিৰ্বাচিত চিত্ৰ-ৰ আৰ্কাইভিঙৰ মোটামোটি ব্যৱস্থা এটা কৰিলোঁ। বেটুপাতৰ নিৰ্বাচিত চিত্রৰ তলত থকা "আৰ্কাইভ" লিংকটোত ক্লিক কৰিলেই বুজিব পাৰিব। ইয়াতকৈ ভালকৈও কৰিব পৰা যায়, কোনোবাই মন কৰিলে কৰিব পাৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 06:56, 7 আগষ্ট 2012 (UTC)


ৱিকিউৎস-ৰ বাবে প্ৰস্তাৱিত দুটা ল'গ'সম্পাদনা কৰক

অসমীয়াত ৱিকিউৎস (ৱিকিছোৰ্ছ) মুকলি কৰাৰ বাবে যোজা চলোৱা হৈছে। সেই উপলক্ষে অসমীয়া ৱিকিউৎসৰ বাবে লোগো (ইংৰাজী ৱিকিছোৰ্ছৰ ভিত্তিত) প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হ'ল।

 
প্ৰতীক ১ মূল লোগোৰ তলৰ আখৰখিনি আধুনিক আখৰৰ ঠাচত

....

 
প্ৰতীক ২ মূল লোগোৰ তলৰ আখৰখিনি প্ৰাচীন অসমীয়া আখৰৰ ঠাচত

উদ্দীপতালুকদাৰ (talk) 20:18, 14 আগষ্ট 2012 (UTC)

প্রতীক নিৰ্বাচনৰ বাবে মতামতসম্পাদনা কৰক

মতামতৰ লগতে সমান্তৰালভাৱে প্ৰতীক নিৰ্বাচনৰ বাবে ভোট সংগহ কৰাটোৱেই ভাল হ’ব যেন পাইছো| নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেয়ে| সকলোৱে ভোট দিয়ক| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)

প্ৰতীক ১) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)
  2. বিৰাজ কুমাৰ কাকতি (talk) 20:34, 17 আগষ্ট 2012 (UTC)
  3. প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 18 আগষ্ট 2012 (UTC)
  4. অনিমেষ বৰা (talk) 02:43, 18 আগষ্ট 2012 (UTC)
  5. নেকিব আহমেদ 04:35, 18 আগষ্ট 2012 (UTC)
  6. দীপাংকৰ চেতিয়া বাৰ্তা 05:09, 18 আগষ্ট 2012 (UTC)
  7. Manjil Konwar (talk) 09:54, 18 আগষ্ট 2012 (UTC)
  8. — গীতাৰ্থ বৰদলৈ (talk) 14:22, 18 আগষ্ট 2012 (UTC)
প্ৰতীক ২) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
ফলাফল :
৮ জন সদস্যৰ মতামতক সন্মান জনাই প্ৰতীক ১) টোকেই গৃহীত ক’ৰা হ’ল। বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:40, 10 ছেপ্টেম্বৰ 2012 (UTC)

ব্লগ বা ই-আলোচনীৰ পৰা তথ্য সুত্ৰ দিয়াটো বন্ধ কৰিব লাগেসম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত কোনো ব্লগ বা নতুন অসমীয়া ই-আলোচনীৰ ওঅৰা তথ্য সুত্ৰ দিয়া কামটো বন্ধ কৰিব লাগে। এই কথাটো মই আগৰে পৰা ভাবি আছিলো যদিও এতিয়া কথাটোৰ গুৰুত্ত উপলব্ধি কৰিছো। উদাহাৰণ স্বৰূপে এই প্ৰবন্ধটোত অসমীয়া ভাষা উন্নতি সাধিনী সভা লব পাৰি। ইয়াত অসমীয়া ভাষা উন্নতি সাধিনী সভাক অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় বুলি কোৱা হৈছে যদিও এই তথ্যটো ভুল আৰু ইয়াক এটা ব্লগৰ পৰা উদ্ধৃত কৰা হৈছিল। কথাটোৰ গুৰুত্ব উপলব্ধি কৰি সকলো সক্ৰিয় সদস্যকে এই বিষয়ে মতামত দিবলৈ আনুৰোধ জনালো। Jyoti Prakash Nath (talk) 08:58, 29 আগষ্ট 2012 (UTC)

ইংৰাজী বা আনভাষাৰ কাৰিকৰী তথা আন বিশেষ অৰ্থবহ শব্দ বিলাকৰ একক অসমীয়া প্ৰতিশব্দসম্পাদনা কৰক

বহু সময়ত দেখা যায় কিছুমান শব্দই ক্ষেত্ৰভেদে আভিধানিক অৰ্থৰ ওপৰিও এক বিশেষ অৰ্থ বহন কৰে। উদাহৰণ স্বৰূপে Continuous আৰু Continual শব্দ দুটা লব পাৰি। সাধাৰণ অভিধান মতে দুয়ুটাৰে অৰ্থ প্ৰায় একে হলেই প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ হওতে বৈশিষ্টমূলক সূকীয়া অৰ্থ বহন কৰে। সাধাৰণ ভাৱে অসমীয়াত ইয়াৰ প্ৰতিশব্দৰূপে নিৰবিচ্ছিন্ন, একেৰাহে, ক্ৰমাগত, ইত্যাদি হব পাৰে। কিন্তু কাৰিকৰী দিশত Continuous - without break or gap কিন্তু Continual - continuously in small steps or packages ধৰণৰ হয়। যেনে "Continual improvement is the prime objective of QMS" সেইটো Continuous বুলি লিখিলে তাৰ অৰ্থই বেলেগ হৈ যাব। আকৌ কেতিয়াবা Republic আৰু Democracy দুইটা শব্দৰ বাবেই 'গণতন্ত্ৰ' শব্দটি লিখা হয়। যিহেতু ৱিকিত এনেধৰণৰ কথা প্ৰায়ে লিখিব লগা হয়, গতিকে এনে প্ৰতিশব্দ বিলাকৰ বাবে এক ৱিকি নীতি নিৰ্ধাৰণ কৰিব লাগে। মানে যিহেতু এনে কোনো নীতি আগৰপৰা নায়েই ( সাংবিধানিক পৰিভাষাত থাকিবও পাৰে), গতিকে প্ৰতিশব্দবিলাক দ্যৰ্থবোধক নোহোৱাকৈ ৰাখিৰব বাবে চেষ্টা চলাব লাগে। মই ফেচবুকৰ অসমীয়া ৱিকি গোটত এখন সৰু তালিকা ইতিমধ্যে দিছো। ৱিকিপেডিয়ান সকলে চাই মতামত দিলে ভাল পাম।

প্ৰবন্ধৰ প্ৰতিলিপি সম্পৰ্কে নমনীয়তাৰ প্ৰস্তাৱসম্পাদনা কৰক

বহুদিন ধৰি অসমীয়া ৱিকিপিডিয়াত এটা সমস্যাৰ সৃষ্টি হৈ আছে| কিছু সদস্যই অসমীয়া ৱিকিপিডিয়াত অন্য ৱেবছাইটৰ পৰা প্ৰবন্ধ প্ৰতিলিপি কৰি থকা দেখা গৈছে| অসমীযা ৱিকিপিডিয়াৰ বৰ্তমান এক সংকটজনক অৱস্থাৰ মাজেৰেই চলি অহাটোলে চাই নতুন ভাল প্ৰবন্ধ আহিলে মনটো মোৰ ভাল লাগে, কিন্তু যেতিয়া প্ৰতিলিপি কৰা হ’ল বুলি এজন প্ৰশাসক হিচাপে ম‍ই প্ৰবন্ধ বিলোপ কৰিব লগা হয়, তেতিয়া মনটো আৰু বেছি বেয়া লাগে| এই সদস্যজনৰ বাৰ্তা পৄষ্ঠাটো চাওকচোন| তেওঁ দুটামান মোৰ মনৰ কথা কৈছে| কেইদিনমান আগতে ম‍ই ফেচবুকত দুজনমানৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিছিলো| দুজনমানে সমৰ্থন কৰিছিল যদিও পাছত আৰু আলোচনাটো সম্পূৰ্ণ ন’হল| আলোচনাৰ অনুসৰি ই আলোচনী আদিত প্ৰকাশিত প্ৰবন্ধবোৰ এমাহ পাছতে সংৰক্ষিত হিচাপে ঠাই লয়, কেতিয়াবা হেৰায়ো যায়| আমি অসমীয়া ভাষাৰ ৱেবছাইটৰ গৰাকীসকলৰ সৈতে এক বুজাবুজিত মিলিত হয় "অসমীয়া ভাষা আৰু ৱিকিপিডিয়াৰ উন্নতিৰ স্বাৰ্থত" প্ৰবন্ধ প্ৰতিলিপি কৰাৰ অনুমতি লোৱা কথা আছিল| গতিকে ইয়াতে আলোচনাৰ লগতে এক ভোটিং প্ৰক্ৰিয়া আৰম্ভ কৰিলো| ভোটদানত প্ৰবন্ধ আমদানিৰ ক্ষেত্ৰত যদি আন সদস্যসকলে হয়ভৰ দিয়ে তেনে তাৰ পাছত আমি কেইটামান চৰ্তও দিব লাগিব, যাতে সাপো মৰে লাঠীও নাভাগে|

  1. প্ৰবন্ধটো আমদানী কৰাৰ পাছত সজাই পৰাৰ দিয়াৰ দায়িত্বও প্ৰতিলিপি কৰাৰ সদস্যজনে লোৱাৰ দায়িত্ব দিয়া উচিত|
  2. প্ৰবন্ধৰ শেষত প্ৰ্তিলিপি কৰা সংযোগ (URL) "তথ্য সংগ্ৰহ" হিচাপে দিয়া ভাল হ’ব|
  3. আলোচনা পৃষ্ঠাটো প্ৰবন্ধটোৰ লিখকৰ নাম আৰু ক’ত প্ৰ্কাশ হৈছিল, সেয়া স্পষ্টকৈ লিখা উচিত|
  4. ব্যক্তিগত ব্লগ আদিৰ পৰা প্ৰবন্ধ প্ৰতিলিপিৰ ক্ষেত্ৰত অলপ কঠোৰ হোৱা উচিত|
  5. কোনোবাই আপত্তি কৰিলে প্ৰবন্ধটো বিলোপ কৰিবলৈ কুন্ঠাবোধ নকৰি পোণপটীয়াকৈ এই আলোচনাৰ লিংক দি বিলোপ কৰা উচিত|
  6. ৱিকিপিডিয়াৰ সুদিন ঘূৰি আৰম্ভ নোহোৱালৈ এই প্ৰক্ৰিয়া বাহাল ৰখাৰো অনুমতি দিয়া ভাল হ’ব|

এইটো এটা প্ৰস্তাৱহে, ৱিকিপিডিয়াত নিয়মৰ বাহিৰত কিছুমান কাম কৰিব নোৱাৰি, কি উচিত, কি অনুচিত আপোনালোকেই নিৰ্নয় কৰিব, লগতে আৰু মত-অমত আদিও ব্যক্ত কৰে যেন| ফেচবুকটো এই প্ৰস্তাৱটোৰ বিষয়ে আপোনালোকৰ কোনোবা এজনে লিংক দিয়ে যেন| বিষ্ণু শইকীয়া 14:59, 17 নৱেম্বৰ 2012 (UTC)

ভোটিংসম্পাদনা কৰক

ভোটত আপোনাৰ স্বয়ংক্ৰিয় স্বাক্ষৰ দিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক

সমৰ্থন
  1. বিষ্ণু শইকীয়া 14:59, 17 নৱেম্বৰ 2012 (UTC)
  2. Jyoti Prakash Nath (talk) 18:35, 17 নৱেম্বৰ 2012 (UTC)
  3. Manjil Konwar (talk) 19:32, 17 নৱেম্বৰ 2012 (UTC)
  4. Niyorporosh (talk) 02:46, 18 নৱেম্বৰ 2012 (UTC)
  5. Ani ttbr (talk) 03:28, 18 নৱেম্বৰ 2012 (UTC)
  6. Nayanjyoti sarma (talk) 05:45, 18 নৱেম্বৰ 2012 (UTC)
  7. Boranitul (talk) 20:44, 18 নৱেম্বৰ 2012 (UTC)
  8. Krish (talk) 14:07, 26 DECEMBER 2012 (UTC)


বিৰোধিতা
  1. উদ্দীপতালুকদাৰ (talk) 12:37, 18 নৱেম্বৰ 2012 (UTC) (বৰ্তমান প্ৰস্তাৱটো যেনেকৈ আগবঢ়োৱা হৈছে, তেনেকৈ মানি লোৱাত অলপ আপত্তি আছে।)
  2. — গীতাৰ্থ বৰদলৈ (talk) 14:58, 18 নৱেম্বৰ 2012 (UTC)
  3. দীপাংকৰ চেতিয়া? 17:09, 18 নৱেম্বৰ 2012 (UTC)
  4. পংকজ জ্যোতি মহন্ত (talk) 02:54, 19 নৱেম্বৰ 2012 (UTC)
  5. ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:00, 20 নৱেম্বৰ 2012 (UTC)
  6. বাবুল বৈশ্য 15:01, 28 নৱেম্বৰ 2012 (UTC)
  7. মাধৱ শইকীয়া >-- ->বাৰ্তা 12:51, 30 নৱেম্বৰ 2012 (UTC)
  8. ভগৎ লাল দত্ত 12:22, 4 ডিচেম্বৰ 2012 (UTC)



আলোচনাসম্পাদনা কৰক

  • নোসোধাকৈ প্ৰতিলিপি কৰা আৰু অনুমতি লৈ প্ৰকাশ কৰা দুয়োটা বেলেগ বস্তু। "অসমীয়া লিপিৰ বুৰঞ্জী" প্ৰবন্ধটো মৃণাল দা আৰু সত্যকাম দাৰ অনুমতি লৈহে ইয়াত দিছিলোঁ আৰু সেয়া টোকাত লিখি থৈছোঁ। কপিৰাইট আওকাণ কৰি পোনে পোনে নকল কৰিলে ৱিকিপিডিয়াৰ বদনামহে হ'ব আৰু কিছুমান মানুহ আঁতৰি যাব। ৱেবছাইটবোৰৰ লগত যোগাযোগ কৰি মূল লেখকৰ অনুমতি লোৱাটো অৱশ্যে এটা পথ, তাতো অলপ কেণা আছে। সাৱধান হ'ব লাগিব; পিছত যাতে ওলোটাকৈ নকয়। — গীতাৰ্থ বৰদলৈ (talk) 17:33, 17 নৱেম্বৰ 2012 (UTC)
  • আন এটা লেখাৰপৰা কপি-পেষ্ট কৰি ৱিকিপিডিয়াত যোগ দিয়াৰ কথাটো মই চিধাই সমৰ্থন নকৰোঁ। কাৰণ হিচাপে:
  1. মূল লেখকে ৱিকিপিডিয়াৰ বাবে অনুমতি দিলেও ৱিকিপিডিয়াত দিয়াৰ লগে লগেই আৰু কিছূমান কথা আহি পৰে, সেইখিনি সেই লেখকে মানি ল'ব নে? ধৰি লওঁক, সুন্দৰ প্ৰৱন্ধ এটা এনেকৈ ৱিকিপিডিয়াত দিয়া হ'ল। পাছত সেইখিনিকে আন এজনে এখন-দুখন ছবি দি কিতাপ আকাৰে ছপাই দিলে। ৱিকিপিডিয়াৰ নীতি অনুসসৰি সেইটো কৰিব পাৰি। কিন্তু এতিয়া যদি মূল লেখকে আপত্তি কৰে?
  2. 'অসমীয়া ৱিকিপিডিয়া'ৰ প্ৰৱন্ধ কম, কিন্তু আটাইকেইখন অসমীয়া ই-আলোচনী লগ কৰিও কপি-পেষ্ট কৰি ৱিকিপিডিয়াত দিব পৰা প্ৰৱন্ধ খুব কম ওলাব। দিলেও তাক ৱিকিপিডিয়াৰ বাবে ভালকৈ লিখাৰ পাছতহে দিব লাগিব। এবাৰ হাত ফুৰোৱাৰ লগে লগেই সেইটো আৰু লেখকৰ হৈ নাথাকিল। হত ফুৰাই নকৈ লিখা কামটো ৱিকিপিডিয়াৰ সদস্য এজনে কৰিবই লাগিব। নহ'লে কিছুমান সদস্যই কপি-পেষ্ট কৰি গৈ থাকিব, আৰু কিছূমানে সেইকেইটা ঠিক-ঠাক কৰিবলৈ ৰেফাৰেন্স বিচাৰি ফুৰিব লাগিব, আৰু নোৱাৰা কেইটা তেনেকৈয়ে ৰৈ যাব। ইয়াতকৈ কপি-পেষ্ট কৰাজনে যদি নিজে মূল সমলৰপৰা লেখাটো 'ৰি-ৰাইট' কৰি, ৰেফাৰেন্স আদি দি (ইয়াতে মূল লেখাটো ৰেফাৰেন্স হিচাপে দিব লাগে) নিজা লেখা কৰি দিয়ে, তেন্তে কপি-পেষ্ট কৰাৰ অসুবিধাটো নাথাকেই, লগতে সুন্দৰ ৱিকি-যোগ্য প্ৰৱন্ধ এটাও হয়। সেইখিনি কৰিবলৈ যদি সদস্যজনে এলাহ কৰে, তেন্তে তেখেতে ৱিকিৰ নীতি-আদৰ্শ দুয়োটাই বুজা নাই বুলি ভবাৰ বাহিৰে উপায় নাই। (এইখিনি কোনেও গাত-পাতি নল'ব, মই মাথো কৈছোঁ যে চিধাই কপি-পেষ্ট কৰি যিহেতু ৱিকিৰ যোগ্য প্ৰৱন্ধ এটা সৃষ্টি কৰিব নোৱাৰি, সেয়ে সদস্য এজনে নিজাববীয়াকৈ কথাখিনি ৱিকিৰ যোগ্য কৰি লিখি তাক নিজৰ নামতে লিখক।)
  3. 'অসমীয়া ৱিকিপিডিয়া'ৰ সদ্স্য কম, প্ৰৱন্ধৰ সংখ্যা কম, গতিকে আমি প্ৰতিলিপি লোৱাত বাধ্যবাধকতা কমাই দিব লাগে, সেইটো প্ৰায় আমাৰ হাতত টকা-পইচা নাই, গতিকে আমি চুৰি কৰিলেও দোষ ধৰিব নালাগে এনেকুৱা হ'বগৈ। যদিও ভবা হৈছে যে আমাৰ মানুহে কপি-ৰাইট লৈ সিমান অসুবিধা নিদিয়ে, কিন্তু অনতি পলমে আমাৰ ইয়াতো নেটত লেখা-মেলা কৰা মানুহে কপিৰাইটৰ প্ৰশ্ন তুলিবই তুলিব। এতিয়াই এইবিলাক ঠিক কৰি নগ'লে, আগলৈ অসুবিধাহে হ'ব। (আগতে এবাৰ এনেকৈ তুলি দিয়া প্ৰৱন্ধত মূল লেখকে আপত্তি কৰিছিল, মই তেখেতৰ লগত ব্যক্তিগত ভাৱে যোগাযোগ কৰাৰ পাছতো।)
  4. আমাৰ সদস্যসকল অকণমান desperate হৈ পৰা যেন ভাৱ হয় মোৰ মাজে মাজে। ৱিকিখনৰ প্ৰতি বিশেষ মৰম থকা বাবেই তেনেকুৱা হয় কিজানি। কিন্তু এনেকুৱা অৱস্থাত ছৰ্টকাট যিমান পাৰি এৰাই চলিব লাগিব। কাৰণ এনে ছৰ্টকাটেৰে বেছি লাভ নহয়, কাৰণ কপি-পেষ্ট কৰিবলগীয়া অসমীয়া কনটেন্ট কমেই আছে।
  5. অনুমতি লোৱাটো এষাৰ কথা আছে। এবাৰ প্ৰকাশৰ বাবে অনুমতিৰে হৈ যায়। কিন্তু ৱিকিৰ প্ৰৱন্ধ যিহেতু আনে নি নিজাকৈও ব্যৱহাৰ কৰিব পাৰে, সেয়ে আচলতে অকল অনুমতিৰে হৈ নাযায়। লেখকে লেখা এটা 'ৰাজহুৱা সম্পত্তি' বুলি ঘোযণা কৰাৰ পাছতহে আচলতে সেইটো ব্যৱহাৰ কৰা উচিত। তথাপি, অনুমতি লওঁতে, তেখেতৰ প্ৰৱন্ধটো যে অসমীয়া ৱিকিৰ বাহিৰতো ব্যৱহাৰ হ'ব পাৰে, সেইটো জনাই হৈ অনুমতি লোৱা উচিত।

[[উদ্দীপতালুকদাৰ (talk) 12:57, 18 নৱেম্বৰ 2012 (UTC)]]

  • উদ্দীপ দাৰ মন্তব্যলৈ সম্পূৰ্ণ সমৰ্থন। — গীতাৰ্থ বৰদলৈ (talk) 14:58, 18 নৱেম্বৰ 2012 (UTC)
  • উদ্দীপ দাৰ কথাখিনিক ম‍ইয়ো সমৰ্থন কৰো দীপাংকৰ চেতিয়া? 17:15, 18 নৱেম্বৰ 2012 (UTC)
  • ওপৰৰ দুয়োজন সদস্যৰ কেউটা মন্তব্য ময়ো সম্পূৰ্ণ শুদ্ধ বুলি বিবেচনা কৰোঁ। অৱশ্যে যদি কামটোত আগবঢ়া হয়, তেন্তে মোৰ ফালৰ পৰাও সহযোগিতা আগবঢ়াম। ওপৰৰ লিংকটোত দিয়া অনুসৰি উপৰোক্ত নতুন সদস্যজনৰ বাৰ্তা পৃষ্ঠাটো (আৰু তেখেতে সৃষ্টি কৰা আটাইকেইটা পৃষ্ঠা) চালো। যদিও প্ৰবন্ধৰ সংখ্যা কম তেখেতে কোৱাৰ দৰে অসমীয়া ৱিকিপিডিয়াৰ ইমান হতাশজনক অৱস্থা নিশ্চয় নহয়। পংকজ জ্যোতি মহন্ত (talk) 03:29, 19 নৱেম্বৰ 2012 (UTC)
  • উদ্দীপ তালুকদাৰৰ কথাখিনিৰ সৈতে মই একমত। প্ৰতিলিপিৰ ক্ষেত্ৰত নিয়ম শিথিল কৰিলে কিছুমানে ইয়াৰ ভৰপুৰ লাভ উঠাব পাৰে, যাৰ ফলত অসমীয়া ৱিকিপিডিয়াই ইয়াৰ বৰ্তমান মৰ্যাদা হেৰুৱাবও পাৰে। কিছুমানে ৱিকিপিডিয়াক মাধ্যম হিচাপে লৈ অন্য ভাল লেখকৰ প্ৰবন্ধ অলপমান সলনি কৰি নিজৰ নামত প্ৰকাশ কৰিলেও ৱিকিপিডিয়াই একো বাধা দিব নোৱাৰিব, যিয়ে ৱিকিৰ ভাৱমূৰ্তি মূল লেখকজনৰ দৃষ্টিত অলপ হ'লেও ম্লান কৰিব। অৰ্থাৎ আমি ৰাস্তা ছুটি কৰিবলৈ গৈ খেতিপথাৰ ধ্বংস কৰা যেনহে হব । অৱশ্যে এয়া মোৰ ব্যক্তিগত মতামতহে। ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:13, 20 নৱেম্বৰ 2012 (UTC)


ওপৰৰ মন্তব্যবোৰ চাই ম‍ই যি বুজিলো, মোৰ প্ৰস্তাৱটোৰ সঠিক অৰ্থ অনুধাৱন কৰা হোৱা নাই| আৰম্ভনিতেই ম‍ই কৈছো "নমনীয়তাৰ প্ৰস্তাৱ" অৰ্থাত পোনে পোনে বিলোপ নকৰি অন্য উপায়সমূহ সন্ধান কৰা উচিত| চিধাই কপি-পেষ্ট কৰাৰ সমৰ্থনৰ বাবে ইয়াত এই প্ৰস্তাৱ দিয়া নাই| যেনে মূল লেখক কোন ? তেখেত ৱিকিৰ লগত জড়িত হয়নে? তেখেতৰ অনুমতি সাপেক্ষে এইটো ইয়াত লিখা হৈছেনে? যদি হৈছে ভাল, নাই হোৱা যদি লব পৰা যায় নেকি ? আনহাতে সাহিত্য ডট অৰ্গৰ দৰে ৰাজহুৱা ৱেবছাইটত সৰহসংখ্যাক ৱিকিপিডিয়ানেই জড়িত আৰু সম্ভৱ প্ৰতিজন লিখককে প্ৰায় সকলোৱে চিনি পায়| তেওঁলোকৰ লগত এই সম্পৰ্কে যোগাযোগ কৰিব পাৰি নেকি? আলোচনা চলি থাকক| ভোট দিয়া সকলোকে সপক্ষে বিপক্ষে মতামত দিব অনুৰোধ জনালো| বিষ্ণু শইকীয়া 16:32, 20 নৱেম্বৰ 2012 (UTC)
"পোনে পোনে বিলোপ নকৰি অন্য উপায়" মানে নিশ্চয় তাত ৰেফাৰেন্স যোগ দিয়াৰ কথাকে কৈছা। সেইখিনি কৰোঁতে প্ৰৱন্ধটো নতুনকৈ লিখিবই লাগিব। কাৰণে ৰেফাৰেন্স খিনি যেনেকৈ পোৱা যাব, তেনেকৈ খাপে খাপে সুমুৱাব পৰা অৱস্থা এটা হৈ নাথাকে। ৰেফাৰেন্সৰ ভিত্তিত লেখাটো অলপ হ'লেও সলনি কৰিব লাগিবই। লগতে লেখাৰ শৈলীৰ অসুবিধাও আছে। বেছিভাগ বাহিৰৰ প্ৰৱন্ধতে লেখাৰ শৈলী সম্পূৰ্ণ বেলেগ। সেইখিনি সলনি কৰিব লাগিবই। দ্বিতীয়তে মূল লেখক যদি ৱিকিৰ লগত জড়িত হয়, তেন্তে কোনো অসুবিধাই নাই। তেখেতক প্ৰৱন্ধটো ৱিকিত দিবলৈ ক'লেই হ'ল। কিন্তু যদি নহয়? তেন্তে অনুমতি কি হিচাপে লোৱা হ'ব? লিখিত অনুমতি ল'লে অসুবিধা নাই। কিন্তু লিখিত অনুমতি ল'বলৈ ন্যায়িক ব্যৱস্থাৰ মাজেৰে যাব লাগিব। অন্যথা ইয়াত যদি প্ৰতিলিপি কৰা সদস্যজনে অনুমতি লোৱা বুলি মিছাকৈ লিখি থয়? (মই বৰ ঋণাত্মক ভাৱে লৈছোঁ, কিন্তু এশটা ভাল কামৰ বাবে আমাক কোনেও প্ৰশংসা নকৰিলেও দুটা নকল প্ৰৱন্ধ দেখিলেই ৰাইজে ৱিকিত 'চব' নকল প্ৰৱন্ধ বুলি কৈ ফুৰিব।) বা এটা সময়ত অনুমতি দিয়াৰ পাছত যদি লেখকে পাছত আপত্তি কৰে? মই ওপৰত কেনেকুৱা অৱস্থাত আপত্তি কৰিব পাৰে লিখিছোঁ। অসমীয়া ই-আলোচনী সমূহৰ তথ্য ভিত্তি কৰি প্ৰৱন্ধ এটা লিখাত মোৰ অকণো আপত্তি নাই। 'পোনে পোনে বিলোপ নকৰি' সেইটো ঠিক কৰিবলৈ সময় দিবই লাগে। কিন্তু নিৰ্দিষ্ট সময়-সীমা পাৰ হৈ যোৱাৰ পাছতো যদি প্ৰৱন্ধটো ৱিকিফাই (সদস্যজনেই হওঁক বা আন সদস্যয়েই হওক) কৰা নহয়, তেন্তে বিলোপ কৰিবই লাগে। কিন্তু এজনে টুপ্‌কৈ কপি-পেষ্ট কৰি আৰামত থাকিল, বাকী কেইজনে সেইটো ঠিক কৰি থাকিলে, প্ৰতিলিপি কৰাজনক উদগনি যোগোৱা হ'ব। আৰু মই মোটামুটি নিশ্চিত, যিকেইজনে কপি-পেষ্ট কৰিব, তেওঁলোকে আৰু সেইটোত হাত নিদিয়ে। এইখিনি কথা মই এনেকৈ ভাবোঁ কাৰণেই প্ৰস্তাৱটোত মান্তি হোৱা নাই। কিন্তু ৱিকিখন যিহেতু গণতান্ত্ৰিক পদ্ধতিৰে চালিত হয়, সেয়ে ভোট যেনেকৈ পৰে, তেনেকৈ কৰিলেই হ'ল। এই ভোটিঙৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া। আৰু সময়-সীমা উকলি যোৱাৰ পাছত যিফালেই ভোট বেছিকৈ পৰিব, সেইটোৱেই গৃহীত হ'ব। তাত আমিও সহযোগ কৰিম।-উদ্দীপতালুকদাৰ (talk) 10:56, 25 নৱেম্বৰ 2012 (UTC)


"পোনে পোনে বিলোপ নকৰি অন্য উপায়" মানে ম‍ই সৰল অৰ্থত ব্যৱহাৰ কৰিছো| ৰেফাৰেন্সৰ কথা অনা নাই| বুজিছো... প্ৰবন্ধটো নতুনকৈ লিখিব লাগিব কিন্তু মোৰ বোধে নতুনকৈ লিখাতকৈ সেইটো ৱিকিফাই কৰাটো জনাবুজাসকলৰ বাবে অতি সহজ কাম, যদিহে ইচ্ছা কৰে| কিয়নো নতুনসকলৰ বহুতেই ৰেফাৰেন্সত উজুতি খাই, আনকি মোৰ ইমানদিন হোৱাৰ পাছত কেতিয়াবা মোৰো এনে হয়| আচলতে ওপৰত আমি আলোচনা কৰা কথাবোৰ বৰ ওপৰা ওপৰি হৈ আছে, অথচ মুল কথা এইখিনিয়েই| বাকী উদ্দীপদাই ওপৰত লিখাৰ দৰে "পোনে পোনে বিলোপ নকৰি' সেইটো ঠিক কৰিবলৈ সময় দিবই লাগে। কিন্তু নিৰ্দিষ্ট সময়-সীমা পাৰ হৈ যোৱাৰ পাছতো যদি প্ৰৱন্ধটো ৱিকিফাই (সদস্যজনেই হওঁক বা আন সদস্যয়েই হওক) কৰা নহয়, তেন্তে বিলোপ কৰিবই লাগে। কিন্তু এজনে টুপ্‌কৈ কপি-পেষ্ট কৰি আৰামত থাকিল, বাকী কেইজনে সেইটো ঠিক কৰি থাকিলে, প্ৰতিলিপি কৰাজনক উদগনি যোগোৱা হ'ব। আৰু মই মোটামুটি নিশ্চিত, যিকেইজনে কপি-পেষ্ট কৰিব, তেওঁলোকে আৰু সেইটোত হাত নিদিয়ে। এইখিনি কথা মই এনেকৈ ভাবোঁ কাৰণেই প্ৰস্তাৱটোত মান্তি হোৱা নাই।" কথাখিনি ম‍ই সমৰ্থন কৰিছো আৰু আৰম্ভনিতেই ম‍ই লিখা চৰ্তকেইটাৰ ১ নং প‍ইণ্টত সেইটোকে লিখিছো|
বাদবাকী "নকল" কৰাৰ কথা : সেইটো প্ৰকৃততে লেখকৰ অনুমতি লৈহে কৰা উচিত, যদি নকৰে তেনে... আচলতে বহুতো কথা বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে| কোনোবাই যদি বিশ্বাস ভংগ কৰে তেন্তে আগলৈ আমি ব্যৱস্থা লোৱাৰ পথ বহুত আছে|
ভোটৰ শেষ সময় সীমা দিবলৈ অসুবিধা পাইছো, কাৰণ বৰ্তমানলৈ প্ৰায় ৫০-৫০ হৈ আছে আৰু বহুকেইজনে মন্তব্য দিয়াই নাই| আৰু লগতে এই প্ৰস্তাৱটোৰ ক্ষেত্ৰত আমাৰ ৱিকিপিডিয়ানসকলৰ মাজত একো মতভেদ নথকাকৈ কৰাটোহে বিচাৰিছিলো| গতিকে যদি শেষ সময় দিব লগা হয় তেনে ৩১ ডিচেম্বৰ ২০১২ লৈকে দিব বিচাৰো, যাতে সকলোৱে মত দিয়াৰ সুবিধা পায়|
আৰু লগতে আপোনালোকে শ্ৰেণী:ৱিকিপিডিয়া পৰিচৰ্য্যা, বিশেষকৈ শ্ৰেণী:ৱিকিফাই কৰিব লগা প্ৰবন্ধ শ্ৰেণীবোৰ এবাৰ লক্ষ্য কৰিবচোন| আমাৰ ৱিকিপিডিয়াত অতি কম মানসম্পন্ন প্ৰবন্ধ এতিয়াও দেধাৰ আছে| জনাবুজাসকলে অলপ হাত ফুৰালে ভাল হয়| ম‍ই মাজে সময়ে অলপ চকু হাত ফুৰাই থাকো| কিন্তু আনসকলে বৰ বিশেষ এটা মনযোগ দিয়া দেখা নাই| ৱিকিপিডিয়াত এদিনতে যিহেতু এটা ভাল প্ৰবন্ধ গঢ় লৈ নুঠে আৰু সম্পাদনাৰ লগে লগে সেয়া উন্নত হৈ গৈ থাকে গতিকে এই দিশটো আমি আওকান কৰা উচিত নহয়| আজি নাই, কাইলৈ হব‍ই... এইয়া মোৰ দৃঢ় বিশ্বাস| বিষ্ণু শইকীয়া 19:10, 25 নৱেম্বৰ 2012 (UTC)