ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | এপ্ৰিল | ২০২১ | চতুৰ্থ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
পোনপ্ৰথমতে সমূহ ৱিকিপিডিয়ানলৈ নমস্কাৰ জনাইছোঁ।

যোৱা বছৰৰ কথা। বৈচিত্ৰ্যহীন অলস দিন এটাত এনেয়ে ফেচবুক চলাই থাকোঁতে হঠাতে এটা পোষ্টত চকু পৰিল। কলেজৰ ছিনিয়’ৰ তথা ৱিকিৰ সক্ৰিয় সদস্য অনামিকা বাৰ ৱিকিউৎস সম্পৰ্কীয় পোষ্টটো দেখা পাই অধিক জানিবলৈ বালৈ ফোন কৰিলোঁ‌। অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আগতে জানিছিলোঁ যদিও ৱিকিত কেনেকৈ প্ৰবন্ধপাতি লিখে জনা নাছিলোঁ‌। কিন্তু ৱিকিউৎস মোৰ বাবে এক নতুন কথা আছিল। ফোনতে অনামিকা বাই একাউণ্ট এটা খুলি কেনেকৈ ৱিকিউৎসত সম্পাদনাৰ কাম কৰিব লাগে বুজাই দিছিল। ৰঙা, হালধীয়া, সেউজীয়া বুটামৰ ৰহস্যখিনিও তন্ন তন্নকৈ বুজাই দিছিল যদিও এক সংকোচ তথা অহেতুক ভয়ৰ বাবে সম্পাদনা কৰিবলৈ সাহস কৰা নাছিলোঁ - কিজানিবা কিবা ভুল হৈ যায়। অৱশ্যে লকডাউনতে অনুষ্ঠিত হোৱা কেইবাখনো ৱিকিউৎসৰ কৰ্মশালাই এই ভয় ভাঙিলে। অভিজ্ঞ তথা জ্যেষ্ঠ সদস্যসকলৰ উৎসাহ আৰু সাহসৰ বলতেই ৱিকিউৎসৰ সৰ্বভাৰতীয় মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত ভাগ লোৱাৰো অভিজ্ঞতা হ’ল। নশিকাৰু হিচাপে ৱিকিউৎসৰ কিছুমান সাঁ‌চৰ ব্যৱহাৰ নাজানিছিলোঁ যদিও অভিজ্ঞ সদস্যসকলে এইক্ষেত্ৰত যথেষ্ট সহায় কৰিলে। ৰাতি দুই তিনি বজালৈকে যেতিয়া এই মানুহখিনিক ৱিকিউৎসৰ কাম কৰি থকা দেখোঁ তেতিয়া সঁ‌চায়েই আচৰিত লাগে।

ৱিকিউৎসৰ সমান্তৰাললৈ সেইসময়ত ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈও শিকিছিলোঁ‌। ভুলে শুদ্ধই আৰম্ভ কৰা প্ৰবন্ধ এটাত যেতিয়া আন সদস্যই ভুলবোৰ শুধৰাই দিয়ে বা অধিক তথ্যপাতি দি প্ৰবন্ধটো বহলাই দিয়া বুলি শেহতীয়া সাল-সলনিত দেখোঁ তেতিয়া মনটো ভাল লাগে। লাহে লাহে নতুন প্ৰবন্ধৰ বাবে তথ্যপাতি যোগাৰ কৰা বা অনুবাদ কৰা কামটোৱে আমোদ দিবলৈ ধৰিলে। শেহতীয়া সাল-সলনিত গৈ দিনটোত কোনে কি প্ৰবন্ধ লিখিলে বা কি সম্পাদনা কৰিলে চাই থকাটোও একপ্ৰকাৰৰ নিচাৰ দৰেই হ’ল।

প্ৰথম কেইমাহমান ৱিকিত কাম কৰি অনুভৱ কৰিলোঁ, যেন ৱিকিত সক্ৰিয় সদস্যৰ সংখ্যা বৰ কম। কিন্তু লাহে লাহে নতুন সদস্যৰো আগমণ ঘটা দেখা পাইছোঁ। এইক্ষেত্ৰত ফেচবুক বা আন ছ'চিয়েল মিডিয়াসমূহত প্ৰচাৰৰ সক্ৰিয়তা দেখি ভাল লাগিছে। ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল বৃদ্ধিৰ এই যুঁ‌জখনত নতুন সদস্যসকলেও কোনো সংকোচ নোহোৱাকৈ আগবাঢ়ি অহা উচিত। কিয়নো নশিকাৰুসকলক শিকাবলৈ ৱিকিৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যসকল সদাপ্ৰস্তুত। ইয়াৰোপৰি ইমান নিৰলে,নিস্বাৰ্থভাৱে আৰু ইমান সহযোগিতাৰে কিজানি কেৱল এই ৱিকিৰ জগতখনতহে কাম হৈ থাকে।

শেষত এইমাহৰ "ৱিকিপিডিয়ানৰ মনৰ কথা" লিখিবলৈ এই সুযোগকণ দিয়াৰ বাবে অসমীয়া ৱিকিপিডিয়া সমাজৰ সমূহ সদস্যক ধন্যবাদ জনাইছোঁ। অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ উন্নতি কামনাৰে...

প্ৰদ্যুৎ প্ৰতীম দত্ত (বাৰ্তা) 11:21, 31 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ঊষা উথুপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। ১৯৪৭ চনৰ ৭ নৱেম্বৰ তাৰিখে মুম্বাইৰ এক তামিল পৰিয়ালত ঊষাই জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক বিদ্যানাথ সোমেশ্বৰ চামি মূলতঃ তামিলনাডুৰ চেন্নাইৰ বাসিন্দা আছিল। তেওঁ ভাৰতীয় পপ, ফিল্মী, জেজ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিখ্যাত। তেওঁ ১৯৬০ৰ শেষৰ ফালে, ১৯৭০ আৰু ১৯৮০ দশকৰ কিছুমান জনপ্ৰিয় হিট গানৰ বাবে বিখ্যাত। তেওঁ ৰেখা ভৰদ্বাজৰ সৈতে '৭ খুন মাফ' ছবিখনৰ 'ডাৰ্লিং' গীতৰ বাবে ২০১২ চনত শ্ৰেষ্ঠ মহিলা নেপথ্য গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ 'সাৰাভাই বনাম সাৰাভাই' টেলিভিছন শৃংখলাৰ প্ৰথম সংস্কৰণৰ বাবে শীৰ্ষক গীত গাইছিল।

তেওঁ বাইকুলাৰ ছেণ্ট এগ্নেছ হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ স্কুলত থাকোঁতে এবাৰ সংগীত শ্ৰেণীৰ পৰা তেওঁৰ মাতৰ বাবে বাহিৰ কৰা হৈছিল। কিন্তু তেওঁৰ সংগীত শিক্ষকে চিনাক্ত কৰিছিল যে তেওঁৰ ভিতৰত কিছু সাংগীতিক প্ৰতিভা আছে আৰু সেইবাবে তেওঁক ট্ৰাইএংগেল বজাবলৈ আৰু হাত চাপৰি মাৰিবলৈ দিয়া হৈছিল। আনুষ্ঠানিকভাৱে সংগীতৰ প্ৰশিক্ষণ লাভ নকৰা সত্ত্বেও তেওঁ এক সংগীতৰ পৰিৱেশত ডাঙৰ হৈছিল। তেওঁৰ মাক-দেউতাকে পশ্চিমীয়া শাস্ত্ৰীয়ৰ পৰা হিন্দুস্তানী আৰু কৰ্ণাটিক সংগীৰ প্ৰশংসক আছিল। তেওঁলোকে কিশোৰী আমিনকাৰ আৰু বড়ে গোলাম আলী খানকে ধৰি ৰেডিঅ'ত এক বিস্তৃত পৰিসৰ সংগীত শুনিছিল আৰু তেওঁ তেওঁলোকৰ সৈতে যোগদান কৰিছিল। ঊষাই ৰেডিঅ' চিলন উপভোগ কৰিছিল। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ মৈত্ৰেয়ীৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মাৰ্চ-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২২৫

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. নুৰ জাহান
  2. ফৰিদা খানম
  3. জাষ্টিন বিবাৰ
  4. খুৰশীদ বানো
  5. ‎সনজীদা খাতুন
  6. ‎কিৰা মুৰাট'ভা
  7. ‎আনাৰকলী
  8. ‎আং চান চ্যু কি
  9. নিৰ্মলা যোশী
  10. ‎চালমা আগা
  11. ‎পল ভেৰ্লেন

অন্যান্য

  1. ‎তামাং চেল'
  2. ওৰণি
  3. ‎নক্সি কাঁথা
  4. ‎চাম নৃত্য
  5. থিয়েন ৱাই এ না
  6. ‎লোচাৰ
  7. ভুমচু
  8. ‎চেটি চান্দ
  9. ‎ৰুদ্ৰমা দেৱী
  10. মেষ সংক্ৰান্তি
  11. ‎টানবাজাৰ
  12. ‎নওগাঁৰ পেৰা সন্দেশ
  13. তীজ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. শবনম মৌচি
  2. ‎বেগম ঐজাজ ৰচুল
  3. দীশা ৰবি
  4. ৰচুলন বাঈ
  5. সিদ্ধেশ্বৰী দেৱী
  6. ঊষা উথুপ
  7. ‎জোহৰাবাই অম্বালেৱালী
  8. অমৃতা পেটেল
  9. ‎ৰাজকুমাৰী ডুবে
  10. ‎শমশাদ বেগম
  11. ‎ৰাগিনী ত্ৰিবেদী
  12. আমিৰবাই কৰ্ণাটকী
  13. ৰেখা ভৰদ্বাজ
  14. ছানয়া মালহোত্ৰা
  15. ‎পৰিনীতি চোপ্ৰা
  16. ‎অনুষ্কা শৰ্মা
  17. ‎ফাটিমা ছানা শ্বেইখ
  18. মৰাণ চৰকাৰ
  19. ‎ৰাধিকা মাদান
  20. আলিয়া ভাট
  21. কৰিণা কাপুৰ
  22. ‎কেটৰিনা কাঈফ
  23. ‎বেবী হালদাৰ
  24. আৰতি অংকলীকৰ-টিকেকৰ
  25. ‎ৰাণী পদ্মিনী
  26. ‎প্ৰীতি জিণ্টা
  27. পূজা ভাট
  28. অলংকৃতা শ্ৰীবাস্তৱ
  29. ‎শ্বাহানা গোস্বামী
  30. মমতাজ মহল
  31. ‎ইমন চক্ৰৱৰ্তী
  32. ‎উত্তৰা উন্নিকৃষ্ণন
  33. ‎জাহানাৰা বেগম
  34. অমিতা মালিক
  35. ‎জীনত মহল
  36. ‎ঔৰংগাবাদী মহল
  37. ‎মাধৱী মুখাৰ্জী
  38. প্ৰজাপতি গৌতমী
  39. ‎মায়া (বুদ্ধদেৱৰ মাতৃ)
  40. ‎কাদম্বৰী দেৱী
  41. ‎ইন্দু জৈন
  42. যশোধৰা
  43. ‎ৰাইমা সেন
  44. ‎সংঘমিত্ৰা
  45. ‎ৰুখমাবাই
  46. ‎সাৰদা দেৱী
  47. ‎মাতঙ্গিনী হাজৰা
  48. ‎নুৰ জাহান
  49. ‎কেশৰবাই কেৰকৰ
  50. জেব-উন-নিছা
  51. ‎সোনাক্ষী সিন্‌হা
  52. ‎অৱন্তীবাই
  53. ‎লক্ষ্মী সেহগল
  54. ‎বিন্দু মালিনী
  55. দিব্যা ভাৰতী
  56. ফাৰাহ খান
  57. চি. এ. ভৱানী দেৱী
  58. ‎অমৃতা সিং
  59. ‎ছাৰা আলী খান
  60. ‎জুহি চাওলা
  61. ‎কিট্টুৰ চেন্নাম্মা
  62. বেগম জাফৰ আলী
  63. ‎নাদিৰা বব্বৰ
  64. ‎প্ৰাচী দেশাই
  65. মৌচুমী চেটাৰ্জী
  66. ‎জয়া বচ্চন
  67. ঐশ্বৰ্যা ৰায়
  68. ৰাখী গুলজাৰ
  69. মীনা কুমাৰী
  70. কামিনী কৌশল
  71. ‎পাৰৱীন বাবী
  72. জিনাত আমান
  73. জয়া প্ৰদা
  74. বৈজয়ন্তীমালা
  75. ‎মালা সিনহা
  76. সাৱনী ৰবীন্দ্ৰ
  77. ফৰিদা জালাল
  78. ইন্দিৰা জয়সিংহ
  79. ‎মেনকা গুৰুস্বামী
  80. ‎স্বাতি মোহন
  81. পদ্মিনী কোহলাপুৰী
  82. চায়ৰা বানু
  83. ‎নাচিম বানু
  84. জেনেলিয়া ডিছুজা
  85. ‎অনুষ্কা শেট্টী
  86. নিৰূপা ৰয়
  87. ‎কবিতা কৃষ্ণমূৰ্তি
  88. কাল্কী কেকলাঁ
  89. ছায়ানী গুপ্তা
  90. হেমলতা
  91. কীৰ্তি কুলহাৰী
  92. ‎অদিতি ৰাও হায়দৰী
  93. আনন্দ বক্সী
  94. সাৰদা (কণ্ঠশিল্পী)
  95. সুলক্ষণা পণ্ডিত
  96. অৰুন্ধতী কাট্‌জু
  97. বাণী জয়ৰাম
  98. শ্ৰীয়া চৰণ
  99. বি. সৰোজা দেৱী
  100. প্ৰকাশী তোমৰ
  101. ৰূপা গাংগুলী

বাদ্যযন্ত্ৰ

  1. ‎মাদল
  2. ‎পুংগী
  3. ‎চিম্‌টা
  4. চেহনাই
  5. পেনা
  6. ধদ

পৌৰাণিক ভাৰতীয় আখ্যান

  1. ‎সাবিত্ৰী আৰু সত্যবান
  2. ‎দেৱযানী
  3. ‎উদ্ধৱ

অন্যান্য

  1. ছৌ মুখা
  2. স্বামীমালাই ব্ৰঞ্জ আইকন
  3. সোনাগাছি
  4. ভাৰতত পতিতাবৃত্তি
  5. ‎তৱাইফ
  6. মুজ্‌ৰা
  7. ‎আম্ৰপালি
  8. ‎বেনাৰসী শাৰী
  9. ‎লচ্চি
  10. ‎ধোকলা
  11. নিৰ্মল চিত্ৰশৈলী
  12. পটুৱা সংগীত
  13. ‎নিজামাবাদৰ ক'লা মাটিৰ শিল্প
  14. নীলাভিলাক্কু
  15. ‎কাছুটি
  16. মাঘী
  17. ‎কাঠপুতলি
  18. ডোমকচ
  19. চালচিত্ৰ
  20. ‎ডচমোছে
  21. হিমাচলী টুপী
  22. ‎চিংজু
  23. পুৰি
  24. ‎চাম্বাৰ
  25. পাও ভাজি
  26. বাঘ নাচ
  27. ধাদি
  28. ‎কৰৱা চৌথ
  29. ‎দৰবাৰী নাচ
  30. টেটচিও চিষ্টাৰ্চ
  31. ‎নিৰ্মল খেলনা আৰু শিল্প
  32. ‎ওড়িশাৰ শিলৰ খোদাই
  33. ‎সংখেড়া আচবাব
  34. ‎ডনি-প'ল'
  35. ‎আব'তানি
  36. ‎চাংকেন
  37. ‎ৰংকেৰ
  38. টখু এমং
  39. দেউৰী ভাষা
  40. চাঞ্জী
  41. আওলিং উৎসৱ
  42. ‎চেক্ৰেনী
  43. ‎বুষু ডিমা
  44. নিংগল চাকৌবা
  45. ‎ভাৰত ৰঙ্গ মহোৎসৱ
  46. ‎কুন্দন
  47. ৰাগমালা চিত্ৰশৈলী
  48. ‎ভীষ্মকনগৰ
  49. ধুনাচি নৃত্য
  50. ‎চোনী মহিৱাল
  51. ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ
  52. ‎বাল্য বিবাহ নিৰোধক আইন, ১৯২৯
  53. ‎তিনি তালাক
  54. মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎হেলা দাস
  2. ‎পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ
  3. অপূৰ্ব কুমাৰ শইকীয়া
  4. ‎ইলা কাকতি
  5. মফিদা আহমেদ
  6. শকুন্তলা দলে গামলিন

অন্যান্য

  1. কুইয়াৰ প্ৰাইড গুৱাহাটী
  2. কুকুৰা যুঁজ
  3. মৰাণ ভাষা
  4. অসমীয়া সাহিত্যৰ চানেকি
  5. বাসুদেৱ দৌল
  6. নতুন বাটাবাৰী
  7. ধন্দি দৌল

সানমিহলি

  1. ‎বাটৰ নাট
  2. ‎স্পাইক্স
  3. ‎নেটৱৰ্ক সুৰক্ষা
  4. ‎সন্মান ৰক্ষাৰ্থে হত্যা
  5. শীতল পাটি
  6. ‎তাণ্ডৱ
  7. ‎পদ্মাৱতী (জৈন ধৰ্ম)
  8. ৰাশোমন প্ৰভাৱ
  9. হাৰেম
  10. বন্দী ছোড় দিৱস
  11. ‎বসন্তসেনা
  12. উত্তৰীয়
  13. ‎অন্তৰীয়
  14. ‎খামতি ভাষা
  15. ‎মণ্ডল
  16. ‎অপকৰ্ষ
  17. ‎অভিযোজন (কলা)
  18. বিৰস
  19. অম্বিকা (জৈন ধৰ্ম)
  20. ‎গোপী
  21. ছাৰোগেছি
  22. ৰজোনিবৃত্তি
  23. হোমোগ্ৰাফ
  24. মকৰ সংক্ৰান্তি
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানবসন্ত ঋতুৰ সময়ত ফুলি থকা এবিধ অৰ্কিড।
আলোকচিত্ৰ শিল্পী: দেৱাশিস বুঢ়াগোহাঁই
উল্লেখনীয় ৱিকিমিডিয়ান

মঞ্জিল কোঁ‌ৱৰ: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ৮৮টা প্ৰবন্ধ আৰু ১২৯০টা সম্পাদনাৰে অনন্য বৰঙণি আগবঢ়োৱাৰ লগতে অসমীয়া ৱিকিউৎসতো বিভিন্ন সম্পাদনা কৰিছে। অসমীয়া ৱিকিমিডিয়ালৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “The Working Man's Barnstar”, "চলচ্চিত্ৰ পদক", "অসমীয়া চলচ্চিত্ৰ পদক", "জীৱনীকাৰ পদক" আদিৰে সন্মানিত কৰিছে। আমি সমূহ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অম্লান বসুমতাৰী
প্ৰতিভাৱান ন-সম্পাদক পদক
গীতাশ্ৰী গগৈ আপ্তে
সোণালী ৱিকি পদক
বাবুল বৈশ্য







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৮,৩১৭ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩১৪ খনলৈ বৃদ্ধি পালে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
বাবুল বৈশ্য ৭২৮ - - ২৬৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৫৮০ ১৮ - ১০২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ৪২০ - - ৭৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণৱ জ্যোতি ভূঞা ৩৩১ - - ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জোনালী বৰুৱা ২৭৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ২৭০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাশ্ৰী গগৈ আপ্তে ১৪৬ ১০৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ১৮৩ - ৬৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কন্দৰ্পজিৎ কল্লোল ১০০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ প্ৰণামিকা অধিকাৰী ৯৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ গীতাৰ্থ বৰদলৈ ৬৬ ১১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ নয়ন জ্যোতি নাথ ৫৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ প্ৰাণজ্যোতি নাথ ৫৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল:ৰুমী বৰা, মৃদুল কুমাৰ শৰ্মা, দিব্য দত্ত, অনামিকা বড়া

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।