ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান
নয়নজ্যোতি শৰ্মা

নয়নজ্যোতি শৰ্মা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। এখেতে ২০২০ চনৰ পৰা অন্য এটা একাউণ্টেৰে ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই আহিছে। পেছাত এগৰাকী চিকিৎসক এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত কৰা মুঠ সম্পাদনাৰ সংখ্যা ৮৫৭। সংখ্যাত তাকৰ যদিও তেওঁৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউদ্যোগীৰ পদক”, "বিশিষ্ট লেখক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।