ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৩/ৱিকিপিডিয়ানৰ মনৰ কথা

ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা হৈছে নাৰীবাদ আৰু লোকগাথা সম্পাদনামেলা। ২০১৯ চনত “ৱিকি লাভ্‌ছ লাভ” নামেৰে এই প্ৰতিযোগিতাৰ আৰম্ভ কৰা হৈছিল আৰু ২০২০ চনত ইয়াৰ নাম সলনি কৰি “ৱিকি লাভ্‌ছ ফকল’ৰ” কৰা হৈছিল। ২০২১ চনৰে পৰা এই প্ৰকল্পক “নাৰীবাদ আৰু লোকগাথা” হিচাপে নামকৰণ কৰা হয়। অন্য ভাষাৰ ৱিকিপিডিয়াসমূহৰ দৰেই ২০১৯ চনত “ৱিকি লাভ্‌ছ ৱুমেন”, ২০২০ চনত “ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া” আৰু ২০২১ চনৰ পৰা “নাৰীবাদ আৰু লোকগাথা” নামেৰে অসমীয়া ৱিকিপিডিয়াতো প্ৰতিবছৰে এই প্ৰতিযোগিতা আয়োজন কৰি অহা হৈছে। নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলাৰ অংশ হিচাপে ২০১৯ চনত ১১১টা, ২০২০ চনত ১৩৫টা, ২০২১ চনত ৫০৭টা, ২০২২ চনত ১৭৫টা আৰু ২০২৩ চনত বৰ্তমানলৈকে ১৮০টা প্ৰবন্ধ ৰচনা কৰা হৈছে। ইয়াৰ লগতে একে উদ্দেশ্যৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া নামৰ আন এটা সম্পাদনামেলাও অনুষ্ঠিত কৰা হৈছিল। বিভিন্ন সময়ত ৱিকিপিডিয়াত আয়োজন কৰা এনে ধৰণৰ সম্পাদনামেলাসমূহে ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সম্পাদকসকলকো উৎসাহিত কৰে আৰু সামগ্ৰিকভাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ উন্নতি সাধন কৰে। এয়াই আমাৰ বাবে এক ডাঙৰ সফলতা। - দিব্য দত্ত (বাৰ্তা) 17:55, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]