অহিৰাৱণ

শ্ৰীৰাম পাঁচালী অনুসৰি ৰাৱণৰ ভাতৃ
(Ahiravanৰ পৰা পুনঃনিৰ্দেশিত)


অহিৰাৱণ (ইংৰাজী: Ahiravan বা Mahiravan, সংস্কৃত: अहिरावण) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি ঋষি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল। সিহঁত ৰাক্ষস আছিল আৰু গোপনে তেওঁলোকৰ উপাসনাৰ বাবে ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক নগৰ-লোকলৈ লৈ গৈছিল। কিন্তু হনুমানে অহিৰাৱণ আৰু তেওঁৰ সৈন্যবাহিনীক হত্যা কৰি ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক ৰক্ষা কৰিছিল।[2]

অহিৰাৱণ
কৃত্তিবাসী ৰামায়ণৰ চৰিত্ৰ
তথ্য
আত্মীয় ৰাৱণ - ভাই[1]
বিভীষণ - ভাই
কুম্ভকৰ্ণ - ভাই
শূৰ্পনখা - ভনী

জনপ্ৰিয় সংস্কৃতিত সম্পাদনা কৰক

মহিৰাৱণ চৰিত্ৰ (Mairavan charitra) -খন ১৬ শতিকাত “অদিত্য কবি”য়ে কাব্য শৈলীত তেলেগু ভাষাত ৰচনা কৰিছিল।[3]

মহিৰাৱণৰ কাহিনীটোক লৈ ১৯৪০ চনত মহিৰাৱণ নামেৰে ঘন্তাচলা বলৰামাইয়াহে তেলেগু ছবি নিৰ্মাণ কৰিছিল। য’ত প্ৰবীণ অভিনেতা ভেমুৰি গাগ্গাইয়াহে মহিৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক