আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ

গুৱাহাটীৰ আমবাৰীত অৱস্থিত পুৰাতাত্ত্বিক ক্ষেত্ৰ
(Ambari Archeological Siteৰ পৰা পুনঃনিৰ্দেশিত)

আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ (ইংৰাজী: Ambari Archeological Site) গুৱাহাটীৰ আমবাৰীত অৱস্থিত এক প্ৰত্নতাত্ত্বিক স্থান। ১৯৬৯ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱন নিৰ্মাণৰ বাবে খনন কৰোঁতে আকস্মিকভাৱে এই ক্ষেত্ৰখন আৱিষ্কৃত হয়।[1] সেই সময়ৰে পৰা বিভিন্ন খননকাৰী দলে এই ক্ষেত্ৰখনত খননকাৰ্য চলায় আৰু দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তি, শিৱলিংগ, যোনিপীঠ, মাটি তথা বিভিন্ন উপাদানেৰে নিৰ্মিত পাত্ৰ আৰু অন্যান্য সা-সঁজুলি উদ্ধাৰ কৰে।[2] এই সামগ্ৰীসমূহে স্পষ্টভাৱে দুটা সাংস্কৃতিক যুগক প্ৰতিনিধিত্ব কৰে। এইকেইটা হৈছে ৭ম-১২শ শতিকা আৰু ১৩শ-১৭শ শতিকা।[1] ২০০৮-০৯ বৰ্ষত ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ গুৱাহাটী শাখা আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে যুটীয়াভাৱে চলোৱা খননকাৰ্যত এই ঠাইত ইটাৰে গঁঠা খটখটী আৱিষ্কাৰ কৰা হয় যিসমূহ শুংগ-কুশাণ যুগৰ (খ্ৰীষ্টপূৰ্ব ২য়-১ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৩য় শতিকা) বুলি ঠাৱৰ কৰা হৈছে।[1] এই স্থানক অসম চৰকাৰৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন আৰু অভিলেখ আইন,অসম ১৯৫৯-ৰ অধীনত সংৰক্ষিত এলেকা হিচাপে চিহ্নিত কৰা হৈছে।[3]

আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ

আমবাৰীত উদ্ধাৰ হোৱা নটৰাজৰ মূৰ্তি (১৩শ-১৪শ শতিকা)
আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ is located in Assam<div style="position: absolute; z-index: 2; top: এক্সপ্ৰেছন ত্ৰুটী: *’ৰ বাবে অপাৰেণ্ড নাই।%; left: -1132.9%; height: 0; width: 0; margin: 0; padding: 0;">
Shown within Assam
অৱস্থিতি আমবাৰী, কামৰূপ মহানগৰ জিলা, অসম, ভাৰত
অঞ্চল উত্তৰ-পূৰ্বাঞ্চল
অৱস্থান 26°07′05″N 91°27′08″E / 26.118°N 91.4521°E / 26.118; 91.4521স্থানাংক: 26°07′05″N 91°27′08″E / 26.118°N 91.4521°E / 26.118; 91.4521
প্ৰকাৰ পুৰাতাত্ত্বিক
অতিৰিক্ত তথ্য
আৱিষ্কাৰৰ সময় ১৯৬৯
বৰ্তমানৰ অৱস্থা সংৰক্ষিত

ইতিহাস সম্পাদনা কৰক

১৯৬৭ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱন নিৰ্মাণৰ বাবে আমবাৰীত মাটি খান্দোতে সেই ঠাইত প্ৰতিমূৰ্তি আৰু পাত্ৰ আদি উদ্ধাৰ হয় আৰু লগে লগে ঠাইখণ্ডই ঐতিহাসিক গুৰুত্ব লাভ কৰে। সেই সূত্ৰে ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগ আৰু সংগ্ৰহালয় তথা পুৰাতত্ত্ব মন্ত্ৰণালয়ৰ যুটীয়া প্ৰচেষ্টাত এই ঠাইত খননকাৰ্য আৰম্ভ হয়। এই খননত প্ৰতিমূৰ্তি, ইটাৰ গাঁ‌থনি আৰু পাত্ৰ আদিৰ পাঁ‌চটা তৰপ পোৱা যায়। আৰম্ভণিতে ১২টা শাৰীত (trench) খননকাৰ্য আৰম্ভ কৰা হৈছিল যদিও ১৯৭০ চনত ইয়াৰে দুটা শাৰীতহে গভীৰ খনন চলোৱা হয়। দ্বিতীয় তৰপটোৰ পৰা বিষ্ণু, সূৰ্য্য আৰু মহিষমৰ্দিনী দুৰ্গাৰ শিলামূৰ্তিৰ লগতে শিৱলিংগ আৰু যোনিপীঠ উদ্ধাৰ কৰা হয়। পোৰামাটিৰ সামগ্ৰীৰ ভিতৰত নৃত্যৰতা যুৱতীৰ প্ৰতিমূৰ্তি, নাৰীৰ শিৰোধান আৰু গণেশৰ অৱয়ব উল্লেখযোগ্য।[2]

২০০২-০৩ বৰ্ষৰ খননকাৰ্যত ইটাৰে সজা দেৱালৰ গাঁ‌থনি আৱিষ্কাৰ কৰা হয়। এইসমূহ আবাসিক গৃহৰ বুলি ধাৰণা কৰা হৈছে। ২০০৮-০৯ বৰ্ষত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ গুৱাহাটী শাখা আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে যুটীয়াভাৱে চলোৱা খননত এটা নাদ আৱিষ্কৃত হয়। ইয়াত উদ্ধাৰ হোৱা ইটাৰে সজা খটখটীৰ শুংগ-কুশাণ যুগৰ (খ্ৰীষ্টপূৰ্ব ২য়-১ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৩য় শতিকা) স্থাপত্যশৈলীৰ সৈতে সাদৃশ্য আছে।[2][1]

উদ্ধাৰ হোৱা সামগ্ৰী সম্পাদনা কৰক

আমবাৰীৰ খননকাৰ্যত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ ভিতৰত নটৰাজৰ শৈলমূৰ্তি, বিষ্ণু, সূৰ্য্য, মহিষমৰ্দিনী দুৰ্গা, গংগা, যমুনা আৰু মুনিৰ শৈলমূৰ্তি উল্লেখনীয়। ইয়াৰ লগতে শিলৰ শিৱলিংগ আৰু যোনিপীঠো উদ্ধাৰ কৰা হৈছে। ইয়াত পোৰামাটিৰ এক নৃত্যৰতা যুৱতীৰ মূৰ্তিও পোৱা গৈছে। এই মূৰ্তি বাজু আৰু খাৰু পৰিহিতা। তদুপৰি, শিৰৰ পিছফালে পদুম ফুলৰ নক্সা কটা গণেশৰ এক মুখাৱয়ব আৰু নাৰীৰ শিৰোধান পোৰামাটিৰ সামগ্ৰীৰ অন্যতম। পোৰামাটিৰ ভালেসংখ্যক পাত্ৰও পুৰাতাত্ত্বিক ক্ষেত্ৰখনত উদ্ধাৰ হৈছে।[2]

চিত্ৰ বীথিকা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক