উভচৰ প্ৰাণী

(Amphibiaৰ পৰা পুনঃনিৰ্দেশিত)

উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।[1]

এবিধ গছত থকা ভেকুলী
একটি সালামাণ্ডাৰ
এটা ছিছিলিয়ান
World's smallest vertebrate
The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale

উভচৰ প্ৰাণীসম্পাদনা কৰক

পানী ভেকুলী(Rana),চুক ভেকুলী(Bufo),হাইলা(Hyla),এলাইটিছ(Alytes),এম্ফিউমা(Amphiuma),ট্ৰাইটন(Triton),এম্বিষ্ট'মা(Ambystoma) ইত্যাদি।


বৈশিষ্ট্যসমূহসম্পাদনা কৰক

  1. এই প্ৰাণীবোৰে জীৱনৰ এছোৱা কাল পানীত আৰু আনছোৱা বামত বাস কৰে।
  2. দেহৰ ছালখন সেমেকা(moist),গ্ৰন্থিযুক্ত আৰু বাকলিহীন।
  3. দেহত যুগ্মফান নাথাকে। চলনক্ৰিয়াৰ বাবে বা সাঁতোৰাৰ বাবে দুযোৰ ভৰি থাকে (ছিছিলিয়ানৰ ক্ষেত্ৰত ভৰি নাথাকে,চাইৰেনিডিৰ ক্ষেত্ৰত পুচ্ছপদ নাথাকে)।
  4. প্ৰত্যেক ভৰিত ৫টাকৈ নখ থাকে। পশ্চপদ পতাযুক্ত।
  5. এযোৰ চকু থাকে। চকু,চকুপতাৰ দ্বাৰা ৰক্ষিত।
  6. বহি:কফণপটহ(ear drum) থাকে আৰু ই মাৰিসদৃশ কলুমেলা(columella) ৰ দ্বাৰা অন্ত:কৰ্ণৰ লগত সংযুক্ত।
  7. মুখত সৰু সৰু দাঁত থাকে। কোনো কোনো ক্ষেত্ৰত জিভা বহি:সাৰী।
  8. কংকাল অস্থিযুক্ত। লাওখোলাত দুটা অক্সিপিটেল প্ৰবৰ্ধ থাকে।
  9. হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। তিনিযোৰ ধমনীয় ধনু থাকে। লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত।
  10. শ্বাসক্ৰিয়া ফুল,হাঁওফাঁও আৰু ছালৰ দ্বাৰা সম্পাদিত হয়। স্বৰযন্ত্ৰ(vocal cord) থাকে।
  11. কৰোটি স্নায়ু(cranial nerve) ৰ সংখ্যা দহযোৰ।
  12. ডিম্বজ(oviparous) প্ৰাণীকণীত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক। বৰ্ধন পৰোক্ষ।[1]




তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম।



বাহ্যিক সংযোগসম্পাদনা কৰক