অসম জাতীয় পৰিষদ

ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল
(Assam Jatiya Parishadৰ পৰা পুনঃনিৰ্দেশিত)

অসম জাতীয় পৰিষদ চমুকৈ অজাপ (ইংৰাজী: Assam Jatiya Parishad) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। অসমৰ দুটা জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰামৰ্শত কা আন্দোলনৰ পটভূমিত ৰাজনৈতিক অভিবৰ্তন দ্বাৰা গঠন কৰা হৈছে।[1] শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰি আৰু বিশেষকৈ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধী প্ৰতিবাদৰ ফলত এই দল অস্তিত্বলৈ আহিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি।[2] ভাৰতৰ নিৰ্বাচন আয়োগে অসম জাতীয় পৰিষদক 'জাহাজ' চিহ্ন প্ৰদান কৰিছে।[3] ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত আৰু বৰ্তমান সাধাৰণ সম্পাদক জগদীশ ভূঞা। অসম জাতীয় পৰিষদে প্ৰথমবাৰ ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কিন্তু এই নিৰ্বাচনত জাতীয় পৰিষদে এখনো আসন পাবলৈ সক্ষম নহ'ল। দলৰ সভাপতি গৰাকীও এই নিৰ্বাচনত পৰাজিত হৈছিল।

অসম জাতীয় পৰিষদ
সভাপতি লুৰীণজ্যোতি গগৈ
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৪ ছেপ্টেম্বৰ ২০২০ (2020-09-14) (৩ বছৰ পূৰ্বে)
মূখ্য কাৰ্যালয় ঘৰ নং ৩৩, প্ৰথম মহলা, লেম্ব ৰোড, গুৱাহাটী - ৭৮১০০১
ৰাজনৈতিক মতাদৰ্শ আঞ্চলিকতাবাদ
ৱেবছাইট assamjatiyaparishad.org

নিৰ্বাচনী প্ৰদৰ্শন সম্পাদনা কৰক

২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা কৰি একেলগে প্ৰতিদ্বন্দিতা কৰিছিল। এই দল হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা শাখা। আসন ভাগ-বতৰা চুক্তি অনুসৰি অসম জাতীয় পৰিষদে ৬৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৰাইজৰ দলে অসমৰ ২৯ খন আসনত প্ৰতিদ্বন্দিতা কৰে।[4] এই নিৰ্বাচনত অসম জাতীয় পৰিষদৰ এজনো প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হব নোৱাৰিলে।

তথ্য উৎস সম্পাদনা কৰক