নগাঁও জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা
(Nagaon districtৰ পৰা পুনঃনিৰ্দেশিত)

নগাঁও জিলা (ইংৰাজী: Nagaon) হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা[1]

নগাঁও জিলা
—  জিলা  —
নগাঁও চহৰ.jpgনগাঁও চহৰৰ কিছু অংশ
অসমত নগাঁও জিলাৰ অৱস্থান
অসমত নগাঁও জিলাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°21′N 92°41′E / 26.35°N 92.683°E / 26.35; 92.683স্থানাংক: 26°21′N 92°41′E / 26.35°N 92.683°E / 26.35; 92.683
দেশ ভাৰত ভাৰত
ৰাজ্য অসম
সদৰ নগাঁও
মাটিকালি
 - মুঠ ৩,৮৩১ কি.মি. 
(১,৪৭৯.২ বৰ্গ মাইল)
জনসংখ্যা (২০০৯)
 - মুঠ ২৩,১৪,৬২৯ জন
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫.৩০)
অঞ্চল কোড 91-3672
আই এচ অ’ ৩১৬৬ কোড IN-AS-DB
ৱেবছাইট nagaon.gov.in

নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ [1]ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷ [2]

২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ [3]পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷

ব্যুৎপত্তি

সম্পাদনা কৰক

আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাই এই অঞ্চলত নতুনকৈ কেইবাখনো গাওঁ পাতিছিল। নতুনকৈ পতা গাওঁকেইখনৰ বাবে এই ঠাডোখৰৰ নাম নগাঁও হৈছিল।[4]

কছাৰীসকলৰ শাসন

সম্পাদনা কৰক

কালিকা পুৰাণৰ মতে, অসুৰবংশীয় মহাপৰাক্ৰমী ৰজা নৰকাসুৰ কামৰূপলৈ আহে আৰু স্থানীয় কিৰাত ৰজাক পৰাভূত কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য গঠন কৰে৷ সেইয়া খ্ৰীষ্টপূৰ্ব ৩০০০ চনমানৰ ঘটনা৷ ৰজা নৰকাসুৰৰ দিনতে নগাঁৱৰ কপিলী উপত্যকাত ত্ৰিপুৰা জাতিৰ ৰাজ্য আছিল৷ পাছত কছাৰীসকলৰ লগত যুঁজত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা প্ৰস্থান কৰি বৰ্তমানৰ ডিমা হাছাও জিলামাইবঙত বসতি পাতেগৈ৷ তেতিয়াই কপিলী উপত্যকা কছাৰীসকলৰ অধীন হয়৷ ইয়াৰ পৰৱৰ্তী বহুবছৰৰ নগাঁৱৰ বুৰঞ্জীৰ তথ্য পাবলৈ নাই৷ [2]

বৰ্মন বংশৰ শাসনকালত

সম্পাদনা কৰক

খ্ৰীষ্টপূৰ্ব ৩৫০ চনমানত পুষ্য বৰ্মা নামৰ বীৰ এজনে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চল তেতিয়া এইজন ৰজাৰ অধীনলৈ আহে৷ প্ৰায় নৱম-একাদশ শতিকাত ঠাইখণ্ডলৈ পাল বা যোগী সম্প্ৰদায়ৰ লোকসকল নগাঁৱলৈ আহে৷ [2]

ভূঞাসকলৰ আগমন, আহোমৰ শাসনকাল আৰু নগাঁৱৰ নিৰ্মাণ

সম্পাদনা কৰক

পাল বংশৰ পাছত নগাঁৱৰ দক্ষিণ-পূব অংশত কছাৰী আৰু উত্তৰ-পশ্চিমাংশত ভূঞাসকলৰ বিস্তৃতি দেখিবলৈ পোৱা যায়৷ সপ্তদশ শতিকাৰ আগভাগত আহোমসকলে কছাৰী আৰু ভূঞাসকলক পৰাভূত কৰি নগাঁও জিলা নিজৰ অধীনলৈ আনে৷ এই যুদ্ধত স্থানীয় বাসিন্দাসকলে সমীপৱৰ্তী বিভিন্ন ঠাইলৈ গমন কৰে৷ ভালেমানদিনলৈকে ঠাইখণ্ড জনশূন্য হৈ আছিল৷ ১৬০৩ চনত প্ৰতাপ সিংহই আহোমৰ শাসনভাৰ চম্ভালে৷ তেওঁৰ দিনতেই ৰাজবিষয়া মোমাই তামূলী বৰবৰুৱা[1] কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ উপযোগী কৰি তোলে৷ ইয়াত নতুনকৈ মানুহো বহুউৱা হয়৷ ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়৷ নতুনকৈ পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও[2]

ঊনৈশ শতিকাৰ নগাঁও

সম্পাদনা কৰক

১৮২৬ চনলৈকে নগাঁওখন মানৰ অধীনত আছিল৷ ইয়াণ্ডাবু সন্ধিৰ কাৰ্যকৰীকণৰ পাছত নগাঁও ব্ৰিটিছৰ অধীনলৈ আহে৷ ১৮৩২ চনত নগাঁৱক পৃথক প্ৰশাসনিক গোট হিচাপে চিহ্নিত কৰা হয়৷ অৱশ্যে কলং নদীৰ পাৰত থকা বৰ্তমানৰ নগাঁও চহৰত ব্ৰিটিছসকলে খোপনি পোতালৈকে দুটামান বছৰ প্ৰয়োজন হৈছিল৷ নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ ১৮৯৩ চনত চহৰখন পৌৰনগৰীৰ ৰূপ পায়৷ [1]

পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷[5]

১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷[2]

 
নগাঁও মহাবিদ্যালয়ৰ সমীপত থকা নৱনিৰ্মিত ক্লক টাৱাৰটো

অসমীয়া হ'ল প্ৰধান ভাষা। ইয়াৰ উপৰিও হিন্দী,নেপালী,কাৰ্বি,বড়ো,উৰ্দু,আৰবী আদি ভাষাৰো প্ৰচলন আছে।

জন গাঁথনি

সম্পাদনা কৰক
  • ২০১১ চনৰ লোকপিয়ল অনুসৰি ২৮,২৬,০০৬ জন।
  • পুৰুষ সংখ্যা ১৪,৪০,৩০৭জন আৰু মহিলাৰ সংখ্যা ১৩,৮৫,৬৯৯ গৰাকী।
  • মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৬২ জনী।
  • স্বাক্ষৰতাৰ হাৰ ৭২.৩৭%।
  • পুৰুষ শিক্ষিত ৭৬.৫১% আৰু মহিলাৰ শিক্ষিত হাৰ ৬৮.০৭%।
  • শিশু জনসংখ্যাৰ হাৰ (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৯% ।
  • ল'ৰা শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৭% ।
  • ছোৱালী শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.৩০%।

প্ৰশাসনিক গাঁথনি

সম্পাদনা কৰক

নগাঁও জিলাৰ মহকুমা দুটা হৈছে- নগাঁও আৰু কলিয়াবৰ

বিধানসভা আৰু লোকসভাৰ সমষ্টি

সম্পাদনা কৰক

ইয়াৰ বিধানসভা সমষ্টি সমূহ হ'ল-

আনহাতে লোকসভা সমষ্টি হ'ল-নগাঁও আৰু কলিয়াবৰ

 
অসমৰ গৌৰৱ এশিঙীয়া গঁড়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত

উন্নয়ন খণ্ড

সম্পাদনা কৰক

নগাঁও জিলাৰ তেৰখন উন্নয়ন-খণ্ড আছে৷ সেইসমূহ হৈছে-

নগাঁৱৰ পৌৰসভা কেইখন হৈছে নগাঁও পৌৰসভা, কামপুৰ পৌৰসভা, ৰহা পৌৰসভা, আৰু ধিং পৌৰসভা ৷

ৰাজহ চক্ৰ

সম্পাদনা কৰক

নগাঁও জিলাৰ অন্তৰ্গত সাতখন ৰাজহ চক্ৰ আছে৷ সেইকেইখন হৈছে-

  • নগাঁও
  • ৰহা
  • কামপুৰ
  • ধিং
  • ৰূপহী
  • চামগুৰি
  • কলিয়াবৰ

ৰাষ্ট্ৰীয় ঘাইপথ

সম্পাদনা কৰক

ৰেল আস্থান

সম্পাদনা কৰক

হয়বৰগাঁও, নগাঁও, চাপৰমুখ, কামপুৰ, শিলঘাট,ৰহা

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক

উল্লেখযোগ্য স্থানসমূহ

সম্পাদনা কৰক

শিক্ষানুষ্ঠান

সম্পাদনা কৰক

বিশ্ববিদ্যালয়

সম্পাদনা কৰক

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়

মহাবিদ্যালয়

সম্পাদনা কৰক

কনিষ্ঠ মহাবিদ্যালয়

সম্পাদনা কৰক
  • ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়
  • শঙ্কৰদেৱ কনিষ্ঠ মহাবিদ্যালয়
  • মাধৱদেৱ কনিষ্ঠ মহাবিদ্যালয়
  • আল্‌ফা বিটা কনিষ্ঠ মহাবিদ্যালয়
  • কলংপাৰ বিদ্যাপীঠ কনিষ্ঠ মহাবিদ্যালয়
  • মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়
  • ৰামাণুজন কনিষ্ঠ মহাবিদ্যালয়
  • কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়
  • কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়
  • চি ভি ৰমন কনিষ্ঠ মহাবিদ্যালয়
  • এন এ চি কনিষ্ঠ মহাবিদ্যালয়
  • জুৰীয়া কনিষ্ঠ মহাবিদ্যালয়
  • মডাৰ্ণ কনিষ্ঠ মহাবিদ্যালয়

ছবি-ভঁৰাল

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 "History of Nagaon". GOVERNMENT OF ASSAM NAGAON. Archived from the original on 15 April 2021. https://web.archive.org/web/20210415095947/https://nagaon.gov.in/information-services/detail/history-of-nagaon। আহৰণ কৰা হৈছে: 1 June 2021. 
  2. 2.0 2.1 2.2 2.3 2.4 বৰুৱা, শান্তনু কৌশিক (২০২০). নগাঁও জিলা. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৭৮০-৭৮২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  3. বৰুৱা, শান্তনু কৌশিক (২০২০). হোজাই জিলা. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮০২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  4. Gogoi 2002 p. 94 ,Agrarian System of Medieval Assam, Jahnabi Gogoi · 2002,ISBN:9788170229674, 8170229677
  5. "About Nagaon". Nagaon Municipal Board, Nagaon, Govt of Assam. Archived from the original on 2 June 2021. https://web.archive.org/web/20210602214018/http://nagaonmunix.in/AboutNagaon। আহৰণ কৰা হৈছে: 1 June 2021. 
  6. "আৰ্কাইভ কপি". Archived from the original on 2021-09-23. https://web.archive.org/web/20210923154908/https://nagaon.gov.in/portlets/district-profile। আহৰণ কৰা হৈছে: 2021-07-13.