প্ৰাগজ্যোতিষ মহাবিদ্যালয়

(Pragjyotish Collegeৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰাগজ্যোতিষ মহাবিদ্যালয় (ইংৰাজী: Pragjyotish College) হৈছে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ ভৰলুমুখত অৱস্থিত এখন শিক্ষানুষ্ঠান। ১৯৫৪ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়ৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।[1]

প্ৰাগজ্যোতিষ মহাবিদ্যালয়

প্ৰাগজ্যোতিষ মহাবিদ্যালয়
স্থাপিত ১৯৫৪
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° মনোজ কুমাৰ মহন্ত
স্থান গুৱাহাটী, অসম, ভাৰত
ভুক্তি গৌহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.pragjyotishcollege.ac.in

শিক্ষানুষ্ঠানখন ভৰলু নৈৰ পাৰত অৱস্থিত৷ ২০১৩-১৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে হীৰক জয়ন্তী উদ্‌যাপন কৰে৷ পূৰ্ণাংগ পৰ্যায়ৰ মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত উচ্চ শিক্ষা প্ৰদান কৰে৷ মহাবিদ্যালয়খনত দুটা স্নাতকোত্তৰ বিভাগ আছে৷ সেইকেইটা হৈছে অসম আৰু পৰ্যটন ব্যৱস্থাপনা[2]

ইতিহাস সম্পাদনা কৰক

ভাৰতে স্বাধীনতা লাভ কৰাৰ সাত বছৰৰ পাছত, ১৯৫৪ চনৰ ১ ছেপ্টেম্বৰত প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল৷ বিশিষ্ট সাহিত্যিক-পণ্ডিত তীৰ্থনাথ শৰ্মাই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব চম্ভালে৷

 
প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভিতৰচ'ৰা

অধ্যক্ষসকল সম্পাদনা কৰক

ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
তীৰ্থনাথ শৰ্মা ১/৯/১৯৫৪-৩১/৩/১৯৭১
তাৰিণী কান্ত বৰুৱা ১/৪/১৯৭১-২৮/০২/১৯৮৭
বেদ কান্ত বৰুৱা ১/৩/১৯৮৭-৩০/১১/১৯৮৭
ভৱানন্দ ডেকা ১/১২/১৯৮৭-৩০/৬/১৯৯২
জগদীশ চৌধুৰী ০১/০৭/১৯৯২-২৮/০২/১৯৯৩
ড০ ভগৱান চন্দ্ৰ মৰাল ১/০৩/১৯৯৩-২৮/০২/১৯৯৪
ভূপিন্দৰ সিঙ ১/৩/১৯৯৪-৩০/৬/১৯৯৮
দীপক কুমাৰ গাংগুলী ১/৭/১৯৯৬-৩১/৩/১৯৯৭
প্ৰদীপ মোহন দাস্তিদাৰ ১/৪/১৯৯৭-৩১/১/২০০০
১০ অভয় নাথ ৰায় ১/২/২০০০-৩১/৩/২০০১
১১ ড০ নন্দ কিশোৰ সিং ১/৪/২০০১-১৮/৬/২০০১
১২ ড০ দয়ানন্দ পাঠক ১৮/৬/২০০১-৩১/১/২০১১
১৩ গৌৰী দেৱী ১/২/২০১১-৩১/৭/২০১২
১৪ জয়শ্ৰী দেৱী ১/৮/২০১২-২৮/২/২০১৪
১৫ হলধৰ তালুকদাৰ ১/৩/২০১৪-১/২/২০১৫
১৬ পল্লৱী শৰ্মা ১/৩/২০১৫-৩১/১/২০১৬
১৭ ড০ পৰমানন্দ ৰাজবংশী[3] ১/২/২০১৬-২৮/৬/২০১৮

তথ্য সংগ্ৰহ সম্পাদনা কৰক