প্ৰাক্-ছক্ৰেটেছীয় দৰ্শন

(Pre-Socratic philosophyৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনক (ইংৰাজী: Pre-Socratic philosophy) গ্ৰীক দৰ্শনৰ আৰম্ভণি-কাল বুলিও ক’ব পাৰি। প্ৰাচীন এই গ্ৰীক দৰ্শনটোৰ আৰ্ৱিভাৱ ঘটিছিল ছক্ৰেটিছৰ আগতে। প্ৰাক্-ছক্ৰেটেছীয় দাৰ্শনিকসকলক ব্ৰহ্মাণ্ড বিজ্ঞান, ব্ৰহ্মাণ্ডৰ আদিমতম অৱস্থা, ব্ৰহ্মাণ্ডৰ পদাৰ্থবোৰে আকৃষ্ট কৰিছিল। তেওঁলোকৰ অনুসন্ধানে প্ৰাকৃতিক পৃথিৱী, মানৱ সমাজ, নীতিকথা আৰু ধৰ্মক সমৃদ্ধ কৰিছিল। ঈশ্বৰ-নিৰ্দেশিত কাৰ্যকলাপৰ পৰিৱৰ্তে তেওঁলোকে প্ৰাকৃতিক নিয়মৰ আধাৰত ব্যাখ্যাৰ সন্ধান কৰিছিল। তেওঁলোকৰ কৰ্মৰাজি আৰু লিখা-মেলাৰ প্ৰায়বোৰেই হেৰাই গৈছে। তেওঁলোকৰ দৃষ্টিভংগীৰ সামান্য উমান পোৱা যায় পৰৱৰ্তী সময়ৰ লেখকসকলৰ ৰচনাত, যাক “টেষ্টিমনিয়া” বুলি কোৱা হয়। প্ৰাচীন গ্ৰীক পৃথিৱীতেই দৰ্শনে এক সাৰুৱা ভূমি লাভ কৰিছিল, কিয়নো তেওঁলোকে তেওঁলোকৰ প্ৰতিৱেশী সভ্যতাসমূহৰ লগত ঘনিষ্ঠতা বৰ্তাই চলিছিল। স্বতন্ত্ৰ সভ্য সমাজৰো উত্থান ঘটিছিল।

থেলছ, এনাক্সিমেণ্ডাৰ আৰু এনাক্সিমেনেছৰ জৰিয়তে প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনে ষষ্ঠ খ্ৰীষ্টপূৰ্বত পাতনি মেলে। তেওঁলোকে পৃথিৱীৰ ‘আৰ্চি’ (arche-যাৰ অৰ্থ “উৎপত্তি”, “পদাৰ্থ” অথবা “নীতি” হ’ব পাৰে)-ক যথাক্ৰমে পানী, আপেইৰন (অসীম), আৰু ‘নাউছ’ (মন বা বুদ্ধিমত্তা) বায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বুলি উল্লেখ কৰিছিল। আনতিনিগৰাকী প্ৰাক্-ছক্ৰেটেছীয় দাৰ্শনিক আছিল সমীপৱৰ্তী আইনিয়ান চহৰৰ। তেওঁলোক হৈছে-জেনোফেনছ্, হেৰাক্লিটাছ, আৰু পাইথাগোৰাছ। জেনোফেনছে ঈশ্বৰৰ নৰৰূপীকৰণ সম্বন্ধে কেতবোৰ সমালোচনা কৰি পৰিচিত হৈছিল। হেৰাক্লিটাছ জুইক পৃথিৱীৰ উৎপত্তিৰ কাৰণ বুলি অভিহিত কৰিছিল আৰু ‘অস্থায়িত্ব’ সন্দৰ্ভত উক্তি প্ৰদান কৰিছিল, যিসমূহ বুজিবলৈ অতি জটিল। পাইথাগোৰাছে মতবাদ দাঙি ধৰিছিল যে বিশ্ব-ব্ৰহ্মাণ্ডখন সংখ্যাৰ দ্বাৰা তৈয়াৰ হৈছে। পঞ্চম খ্ৰীষ্টপূৰ্বত ইলেয়াটিক স্কুলৰ পাৰমেনিডেছ, ইলিয়াৰ জেনো আৰু মেলিছাছ চৰ্চালৈ আহিছিল। পাৰমেনিডেছে দাবী তুলিছিল যে, কেৱল এটা মাত্ৰ বস্তুৰহে অস্তিত্ব থাকিব পাৰে আৰু একোৰেই পৰিৱৰ্তন নঘটে। জেনো আৰু মেলিছাছে পাৰমেনিডেছৰ দাবীক সমৰ্থন কৰিছিল। এনাক্সাগোৰাছ আৰু এম্পেড’ক্লিছে ব্ৰহ্মাণ্ড-সৃষ্টিৰ বিষয়টোক ‘বহুত্ববাদী দৃষ্টি’ৰে নিৰীক্ষণ কৰিছিল। ‘অণুবাদ’ৰ সমৰ্থন কৰি আৰু কেৱল পদাৰ্থ তথা ‘নিৰাকাৰ’ৰহে অস্তিত্ব আছে বুলি মত দি লিউচিপাচ আৰু ডেমোক্ৰিটাচো জনাজাত হৈছিল। ছফিবাদীসকলে সমালোচনাত্মক চিন্তা আৰু দাৰ্শনিক আপেক্ষিকতাক আগুৱাই নিছিল।

পৰিভাষা সম্পাদনা কৰক

এইসকল দাৰ্শনিকক চিহ্নিত কৰিবলৈ প্ৰাক্-ছক্ৰেটিছীয় (Pre-Socratic) পৰিভাষাটো ঊনবিংশ শতিকাত গ্ৰহণ কৰা হৈছিল। জাৰ্মান দাৰ্শনিক জে.এ. এবাৰহাৰ্ডে ওঠৰ শতিকাৰ শেষৰফালে “vorsokratische Philosophie” শীৰ্ষক শব্দযুগল ব্যৱহাৰ কৰি এই পৰিভাষাটো পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰে।[1] প্ৰাৰম্ভিক সময়ৰ সাহিত্যত এওঁলোকক “ফিজিকয়” হিচাপে বুজোৱা হৈছিল। আনহাতে তেওঁলোকৰ কৰ্মৰাজিক কোৱা হৈছিল ‘ফিজিঅ’লগয়’।[2]

ছক্ৰেটিছৰ জন্মৰ পূৰ্বতে আৰ্ৱিভাৱ আৰু বিকশিত হোৱা প্ৰকৃতি আৰু ব্ৰহ্মাণ্ড-সম্পৰ্কীয় চিন্তা-দৰ্শনৰ গুৰি ধৰা এইসকল দাৰ্শনিকে যি অনুসন্ধানমূলক পৰিৱৰ্তনৰ সূচনা কৰিছিল, তাকেই বুজাবলৈ উক্ত পৰিভাষাটো ব্যৱহাৰ কৰা হৈছিল। ছক্ৰেটিছ আৰু তেওঁৰ উত্তৰপুৰুষসকল মূলত: পৰিচালিত হৈছিল নীতিকথা আৰু ৰাজনীতিৰ দ্বাৰা। এই বিশেষ পৰিভাষাটোৰ কিছুমান অসুবিধাও আছে। কিয়নো ছক্ৰেটিছৰ আগৰ এচাম দাৰ্শনিকেও নীতিকথা আৰু ভাল জীৱনৰ সন্ধানত আগ্ৰহ দেখুৱাইছিল। ইয়াৰোপৰি, এই পৰিভাষাটোৱে বুজাই যে ছক্ৰেটিছৰ পূৰ্বৰ দাৰ্শনিকসকল ছক্ৰেটিছতকৈ কম গুৰুত্বপূৰ্ণ অথবা তেওঁলোকৰ চিন্তাৱলী ধ্ৰুপদী কালছোৱাৰ দৰ্শনৰ বাবে যথোপযুক্ত মঞ্চ নহয়। কালানুক্ৰমিক দিশতো এই পৰিভাষাটো অশুদ্ধ, কিয়নো প্ৰাক্-ছক্ৰেটিছ সময়ৰ শেষৰ দাৰ্শনিকসকল ছক্ৰেটিছৰ সমকালীন আছিল।[3]

উৎস সম্পাদনা কৰক

প্ৰাক্-ছক্ৰেটিছীয় দাৰ্শনিকৰ নামমাত্ৰ অংশৰহে এতিয়া অস্তিত্ব আছে। সেইছোৱা কালৰ সৱিশেষ জ্ঞান আমি লাভ কৰিছোঁ তেওঁলোকৰ পৰৱৰ্তী লেখক প্লেটো, এৰিষ্ট’টল, ডায়’জেনছ, লেৰিটাছ, ছিম্পলিছিয়াছ আৰু প্ৰাৰম্ভিক সময়ৰ খ্ৰীষ্টান ধৰ্মতত্ত্ববিদৰ পৰা; যেনে-আলেকজেণ্ড্ৰিয়াৰ ক্লেমেণ্ট আৰু ৰোমৰ হিপ্প’লাইটাছ। কিছুমান ৰচনাৰ নাম দিয়া হৈছে ‘Peri Physeos’ অথবা ‘প্ৰকৃতিৰ সন্দৰ্ভত’।[4] এইধৰণৰ ৰচনাক ‘টেষ্টিমনিয়া’ বুলি জনা যায় আৰু ৰচনাকাৰসকল সততে পক্ষপাতিত্বৰ স্বীকাৰ হয়। কেতিয়াবা এইসকল প্ৰাক্-ছক্ৰেটিছীয় দাৰ্শনিকে নিজৰ দৃষ্টিভংগীৰ সমৰ্থনত ব্যৱহাৰ কৰা যুক্তিৰ প্ৰকৃত সুৰ বুজাত অসুবিধা হয়।[5]তেওঁলোকৰ ভাষাটোও কেতিয়াবা দুৰ্বোধ্য হৈ উঠে।[6] প্লেটোৱে এইসকল দাৰ্শনিকৰ উদ্ধৃতি দাঙি ধৰিছে যদিও তেওঁলোকৰ মতবাদক উপস্থাপন কৰোঁতে কোনো আগ্ৰহ দেখুওৱা নাই। এৰিষ্ট’টল কিছু ক্ষেত্ৰত নিখুঁত যদিও তেওঁ নিজৰ দৰ্শনৰ দৃষ্টিৰেহে সেই মতবাদবোৰক চাইছে। এৰিষ্ট’টলৰ উত্তৰসুৰী থিঅ’ফ্ৰেছটাছে “Opinion of the Physicists” নামেৰে এখন বিশ্বকোষ প্ৰণয়ণ কৰিছিল যিখন প্ৰাক্-ছক্ৰেটিছীয় কালৰ মান্য কৰ্ম হিচাপে স্বীকৃত। এইখন ইতিমধ্যেই হেৰাইছে যদিও ছিম্পলিছিয়াছ এইখনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছে।[7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Laks & Most 2018, পৃষ্ঠা. 1.
  2. Most 1999, পৃষ্ঠা. 332–362.
  3. Barnes 1987, পৃষ্ঠা. 10; Warren 2014, পৃষ্ঠা. 1-2.
  4. Irwin 1999, পৃষ্ঠা. 6; Barnes 1987, পৃষ্ঠা. 24-35; Warren 2014, পৃষ্ঠা. 7-9.
  5. Barnes 1987, পৃষ্ঠা. 24-25.
  6. Waterfield 2000, পৃষ্ঠা. ix.
  7. Kirk & Raven 1977, পৃষ্ঠা. 3.