ভি. এছ. ৰমাদেৱী

ভাৰতীয় ৰাজনীতিবিদ
(V. S. Ramadeviৰ পৰা পুনঃনিৰ্দেশিত)

ভি. এছ. ৰমাদেৱী (ইংৰাজী: V. S. Ramadevi; ১৫ জানুৱাৰী ১৯৩৪ - ১৭ এপ্ৰিল) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ১৯৯০ চনৰ ২৬ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ ১১ ডিচেম্বৰলৈকে কৰ্ণাটক ৰাজ্যৰ ত্ৰয়োদশ ৰাজ্যপাল আৰু ভাৰতৰ নৱম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল৷ তেওঁ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা। তেওঁ ১৯৯৩ চনৰ ১ জুলাইৰ পৰা ১৯৯৭ চনৰ ২৫ ছেপ্টেম্বৰলৈ ৰাজসভাৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ এই পদত বহা তেওঁ প্ৰথমগৰাকী (আৰু এতিয়ালৈকে একমাত্ৰ) মহিলা। ১৯৯৯ চনৰ ২ ডিচেম্বৰৰ পৰা ২০০২ চনৰ ২০ আগষ্টলৈকে তেওঁ কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ মহিলা ৰাজ্যপাল আছিল।[1][3]

ভি. এছ. ৰমাদেৱী
কৰ্ণাটকৰ ত্ৰয়োদশ ৰাজ্যপাল
কাৰ্যকাল
২ ডিচেম্বৰ ১৯৯৯ – ২০ আগষ্ট ২০০২
পূৰ্বসূৰী খুৰ্শ্বিদ আলম খান
উত্তৰসূৰী টি এন চতুৰ্বেদী
হিমাচল প্ৰদেশৰ দ্বাদশ ৰাজ্যপাল
কাৰ্যকাল
২৬ জুলাই ১৯৯৭ – ১ ডিচেম্বৰ ১৯৯৯
পূৰ্বসূৰী মহাবীৰ প্ৰসাদ
উত্তৰসূৰী বিষ্ণু কান্ত শাস্ত্ৰী
ৰাজ্যসভাৰ সচিব প্ৰধান
কাৰ্যকাল
১ জুলাই ১৯৯৩ – ২৫ জুলাই ১৯৯৭[1]
পূৰ্বসূৰী সুদৰ্শন আগৰৱাল
উত্তৰসূৰী এছ এছ চহনী[1]
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত
কাৰ্যকাল
২৬ নৱেম্বৰ ১৯৯০ – ১২ ডিচেম্বৰ ১৯৯০
পূৰ্বসূৰী আৰ ভি এছ পেৰী শাস্ত্ৰী
উত্তৰসূৰী টি এন চেচান
ব্যক্তিগত তথ্য
জন্ম ১৫ জানুৱাৰী, ১৯৩৪
চেব্ৰলু, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছ শাসিত ভাৰত
মৃত্যু ১৭ এপ্ৰিল, ২০১৩ (৭৯ বছৰ)[2]
বেংগালুৰু, কৰ্ণাটক, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অসামৰিক সেৱা

জন্ম সম্পাদনা কৰক

অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ চেব্ৰুলু চহৰত ১৯৩৪ চনৰ ১৫ জানুৱাৰীত ৰমাদেৱীৰ জন্ম হৈছিল। পিতৃ আছিল ভি ভি চুব্বাইয়া আৰু মাতৃ ভি ভেংকট ৰত্নমা৷ তেওঁ ইলুৰু আৰু হায়দৰাবাদত শিক্ষা গ্ৰহণ কৰিছিল।

কৰ্মজীৱন সম্পাদনা কৰক

এম.এ. আৰু এল.এল.এম. সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰে। পাছলৈ ভাৰতৰ কেন্দ্ৰীয় অসামৰিক সেৱাত যোগদান কৰে আৰু আইন বিভাগৰ বিভিন্ন পদত কাম কৰে৷ তেওঁ ১৯৯৭ চনৰ ২৬ জুলাইৰ পৰা ১৯৯৯ চনৰ ১ ডিচেম্বৰলৈকে হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল[4] আৰু ১৯৯৯ চনৰ ২ ডিচেম্বৰৰ পৰা ২০০২ চনৰ ২০ আগষ্টলৈকে কৰ্ণাটক ৰাজ্যৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মহিলা ৰাষ্ট্ৰীয় আয়োগৰ উপদেষ্টা ৰূপেও তেওঁ কাম কৰিছিল৷

২০১৩ চনৰ ১৭ এপ্ৰিলত তেওঁ HSR লেআউট বেংগালুৰুত থকা নিজা বাসভৱনত মৃত্যুবৰণ কৰে।[2]


তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক