চাণক্য কুমাৰ দাস (বাৰ্তা) 02:01, 6 মে' 2018 (ইউ.টি.চি.)

—————— 
অসমীয়া ভাষাৰ সংকটাৱস্থাৰ কথা আমি বাতৰি কাগজ ,আলোচনী আদিত পায়েই থাকো। আজিৰ প্ৰজন্মই ভুলে শুদ্ধই অসমীয়া কয়। নিজৰ ল'ৰা ছোৱালী হালেও বিদ্যালয়ৰ সমনীয়াৰ পৰা অদ্ভূত কিছুমান শব্দ শিকিছে। ইয়াৰ পাছৰ প্ৰজন্মই আৰু ভুলকৈ শিকিব বা কব! নিজৰ ভাষাটোৰ প্ৰতি অনাদৰ যি হাৰত বাঢ়িছে ,সেয়ে চিন্তা হয় এদিন আমাৰ চেনেহী ভাষাটো পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব নেকি! বা ইংৰাজী হিন্দীৰ লগত সংমিশ্ৰণ হৈ হেৰাই যাব নেকি!
  মাতৃভাষা হেনো মাতৃদুগ্ধৰ সমতুল্য।মাতৃদুগ্ধৰ অবিহনে যিদৰে শিশু পুষ্টিহীনতাত ভূগে,মাতৃভাষাৰ অবিহনে এটা জাতিও পুষ্টিহীনতাত ভূগে।
  আজিকালি সকলো লোকেই হয়তো কাগজ কলমতকৈ ফোনটোহে বেছিকৈ হাতত লয়। আমি যদি প্ৰত্যেকেই ফেচবুক ,হোৱাটচ্ এপত অসমীয়াত লিখিবলৈ চেষ্টা কৰো তেনেহলে হয়টো অসমীয়া ভাষাটো ভবিষ্যতে বিলুপ্ত হোৱাৰ পৰা হাত সৰাত অলপ হলেও সহায়ক হব। 
ফেচবুকত গল্প ,উপন্যাস আৰু বহুত পোষ্ট অসমীয়াত পাও। ভাল লাগে অসমীয়াত পঢ়ি। যিবোৰ হয়তো ইংৰাজীত টাইপ কৰা হোৱা হলে সিমান ভাল নালাগিলহেতেঁন।
 গতিকে ৱিকিপিডিয়াত অসমীয়াত লিখিবলৈ চেষ্টা কৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব ।কাৰণ অদূৰ ভবিষ্যতে হয়তো কাগজ কলম লোপ পাব, মাথো ইণ্টাৰনেটহে বৰ্তি থাকিবগৈ।