অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী

চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান - নতুন দিল্লী (এইমছ্ নতুন দিল্লী) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ৰাজহুৱা চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান। ই ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এখন স্বায়ত্বশাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন এইমছ্ আইন, ১৯৫৬ অনুসৰি পৰিচালিত হয়।[2]

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
এইমছ্

এইমছৰ (নতুন দিল্লী) চৰকাৰী প্ৰতীকচিহ্ন
মূলমন্ত্ৰ শৰীৰমাদ্যম খলু ধৰ্মসাধনম
ইংৰাজীত মূলমন্ত্ৰ "শৰীৰটো যথাৰ্থতেই ধৰ্ম সাধনাৰ মূল আহিলা"
স্থাপিত ১৯৫৬ চন
ধৰণ ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান
সভাপতি হৰ্ষ বৰ্ধন
ডীন বিনয় কুমাৰ বাআল
সঞ্চালক ৰণ্ডীপ গুলে'ৰিয়া
শৈক্ষিক কৰ্মচাৰী ৬৭১[1]
প্ৰশাসনিক কৰ্মচাৰী ৯,৯৫৬[1]
শিক্ষাৰ্থী ১৮,৯৩৩[1]
স্নাতক শিক্ষাৰ্থী ৩,২০৯[1]
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০,৩৯৯[1]
ডক্টৰেট শিক্ষাৰ্থী ১,৯৯১[1]
স্থান নতুন দিল্লী, দিল্লী, ভাৰত
28°33′54″N 77°12′36″E / 28.565°N 77.21°E / 28.565; 77.21
চৌহদ নগৰীয়
ৱেবছাইট www.aiims.edu

ভাৰত চৰকাৰৰ স্বাস্থ্য জৰীপ বিভাগে দিয়া পৰামৰ্শৰ পিছত ১৯৪৬ চনত প্ৰথমবাৰলৈ এইমছৰ ধাৰণাটোৰ উন্মেষ হৈছিল। তেতিয়াৰ পৰা পৰৱৰ্তী বছৰকেইটাত এইমছ্, নতুন দিল্লীৰ প্ৰতিষ্ঠা আৰু বিকাশ হোৱালৈ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ধাৰণাটোৰ সাকাৰ ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠানখন প্ৰথমে কলকাতাত প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰায়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত প্ৰতিষ্ঠানখন নতুন দিল্লীত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়।[3] ১৯৫২ চনত দিল্লী এইমছৰ আধাৰশিলা স্থাপন কৰা হৈছিল।[4] ১৯৫৬ চনৰ ১৮ ফেব্ৰুৱাৰীত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰে লোকসভাত এখন নতুন বিধেয়ক উত্থাপন কৰিছিল, যিখন পৰৱৰ্তী সময়ত এইমছ্ আইন হ'লগৈ। তেওঁ কৈছিল- "স্নাতকোত্তৰ শিক্ষা আৰু দেশত চিকিৎসা শিক্ষাৰ উচ্চ মানদণ্ড বৰ্তাই ৰাখিবৰ বাবে আমাক এনেধৰণৰ এখন প্ৰতিষ্ঠানৰ প্ৰয়োজন, যিয়ে আমাৰ ডেকা যুৱক-যুৱতীসকলক নিজ দেশতে স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিব পাৰে। মই দীৰ্ঘদিন ধৰি মনতে পুহি ৰখা সপোনবোৰৰ মাজত ইও অন্যতম আছিল।"[5] এইমছ, নতুন দিল্লীৰ পুৰণি আৰু নতুন মুখ্য বহিঃৰোগী বিভাগ (OPD) অৱস্থিত খণ্ডটো তেওঁৰ নামেৰে ৰখা হৈছে। ১৯৫৬ চনৰ মে' মাহত বিধেয়কখন গৃহীত হোৱাৰ পিছত ই "সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান আইন, ১৯৫৬"ত পৰিণত হ'ল। [4]

জীৱন বিজ্ঞান আৰু চিকিৎসা বিশ্ববিদ্যালয় মূল্যাংকন
চিকিৎসা বিজ্ঞান – ভাৰত
NIRF (২০২০)[6] 1
দ্য ৱীক (২০১৯)[7] 1
ইণ্ডিয়া টুডে (২০২০)[8] 1
 
পূব চৌহদৰ অন্তৰ্গত আপাতকালীন বিভাগৰ অট্টালিকা

আন্তঃৰাষ্ট্ৰীয় ৰেংকিং

সম্পাদনা কৰক
  • "কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং"য়ে প্ৰস্তুত কৰা ৰেংকিং তালিকাত এইমছ্ নতুন দিল্লীয়ে ২০২০ বৰ্ষৰ জীৱন বিজ্ঞান আৰু চিকিৎসা শাখাত বিশ্বৰ ভিতৰত ২৩১তম স্থান আৰু চিকিৎসা শাখাত ১৫০-২০০ শ্ৰেণীত অন্তৰ্ভুক্তি লাভ কৰিছিল।[9]
  • ২০২০ বৰ্ষৰ "কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং"অত জীৱন বিজ্ঞান আৰু চিকিৎসা শাখাত এইমছ্ নতুন দিল্লীয়ে দক্ষিণ এছিয়াৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।[9]
  • ২০২০ বৰ্ষত 'নিউজৱিক'য়ে প্ৰস্তুত কৰা বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন চিকিৎসালয়ৰ তালিকাত এইমছ্ নতুন দিল্লীৰ নামো অন্তৰ্ভুক্ত হৈছিল।[10]

ৰাষ্ট্ৰীয় ৰেংকিং

সম্পাদনা কৰক
  • ২০২০ বৰ্ষত "ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং আৰ্হি"ৰ (চমুকৈ এন আই আৰ এফ) ৰেংকিং তালিকাত ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত এইমছ্ নতুন দিল্লীয়ে প্ৰথম স্থান লাভ কৰিছিল।
  • ২০২০ বৰ্ষত 'ইণ্ডিয়া টুডে' আৰু 'আউটলুক ইণ্ডিয়া'ৰ ৰেংকিং তালিকা আৰু ২০১৯ বৰ্ষত 'দ্য ৱিক'ৰ তালিকাতো এইমছ্ নতুন দিল্লীয়ে প্ৰথম স্থান লাভ কৰিছিল।
  • এইমছ্ নতুন দিল্লী ভাৰতৰ প্ৰথমটো কেন্দ্ৰ য'ত সফলতাৰে হৃদযন্ত্ৰ সংৰোপণ কৰা হৈছিল। ১৯৯৪ চনত এইমছৰ প্ৰাক্তন সঞ্চালক পি বেণুগোপালে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।[11]
  • ষ্টে'ম্ চে'ল থেৰাপি ব্যৱস্থা, বিশেষকৈ হৃদযন্ত্ৰ আৰু স্নায়ৱিক চিকিৎসাৰ ক্ষেত্ৰত এইমছ্ ভাৰতৰ এটা অগ্ৰণী কেন্দ্ৰ। ষ্টে'ম্ চে'ল ইনজেকচনৰ ক্ষেত্ৰত আগৰণুৱা প্ৰতিষ্ঠান বুলি ইয়াৰ যথেষ্ট সুনাম আছে।[12][13][14]
  • এইমছত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ন্যূনতম যন্ত্ৰাংশ ব্যৱহৃত অস্ত্ৰোপচাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে, যিটো জাৰ্মানীৰ সহযোগত প্ৰতিষ্ঠা কৰা হৈছে।[15]
  • ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত এইমছত (নতুন দিল্লী) প্ৰথমটো ৰাজহুৱা খণ্ডৰ "কাচ-আৱদ্ধ নিষেচন" (IVF) ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।[16]

বঁটা-বাহন

সম্পাদনা কৰক
  • ২০১৭, ২০১৮ আৰু ২০১৯ বৰ্ষত ক্ৰমাগতভাৱে তিনিবাৰকৈ কায়কল্প বঁটা (সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন চিকিৎসা ব্যৱস্থা) লাভ কৰে। প্ৰতিষ্ঠানখনৰ চৌহদৰ চাফ-চিকুণতা অক্ষুণ্ণ ৰখা বাবে এইমছে এই বঁটা লাভ কৰে।[17][18]

এইমছ্, নতুন দিল্লীৰ মূল চৌহদ দিল্লীৰ আনছাৰী নগৰত অৱস্থিত। ই চাউথ এক্সটেঞ্চন-২ মাৰ্কেটৰ সমীপত আৰু ছাৰ অৰবিন্দ মাৰ্গৰ দুয়োকাষে অৱস্থিত। ই এইমছ্ চক্ৰীয় উৰণীয়া ক্ৰছিঙৰ দক্ষিণফালে অৱস্থিত।

এইমছৰ মূল চৌহদটো প্ৰধানকৈ ৫টা অঞ্চলত অৱস্থিত:

  1. পূব চৌহদ - ইয়াত বহিৰ্বিভাগ ৰোগী খণ্ড, মূল চিকিৎসালয় চৌহদ, ৱাৰ্ড, গৱেষণা খণ্ড, চিকিৎসা মহাবিদ্যালয়, বি বি দীক্ষিত পুথিভঁৰাল, প্ৰশাসনীয় বিভাগ, নিম্নস্নাতক হোষ্টেল, কেন্দ্ৰীয় লন, জৱাহৰলাল প্ৰেক্ষাগৃহ আৰু কৰ্মচাৰীসকলৰ আৱাসগৃহ অৱস্থিত। হৃদযন্ত্ৰ + স্নায়ুবিজ্ঞান, কৰ্কটৰোগ, চকুবিজ্ঞান আৰু দন্ত-বিজ্ঞান আৰু গৱেষণাৰ বাবে উৎসৰ্গিত চাৰিটা কেন্দ্ৰ এই পূব চৌহদৰ ভিতৰতে অৱস্থিত।
  2. পশ্চিম চৌহদ - ইয়াত মূলতঃ কৰ্মচাৰীসকলৰ আৱাসগৃহ অৱস্থিত।
  3. জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰ - জৰুৰীকালীন সেৱাৰ বাবে ই সুকীয়াকৈ উৎসৰ্গিত। ২০১৮ চনৰ জুন মাহত পূব চৌহদ আৰু জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰ সংযোগী এক সুৰংগ আৰু এঢলীয়া পথ মুকলি কৰা হৈছিল। সংকটজনক অৱস্থাত থকা ৰোগীসকলক দ্ৰুততাৰে দুয়োদিশৰ পৰা অনা-নিয়া কৰিবৰ বাবে ই এক অত্যন্ত সুবিধাজনক সংযোগপথ। জে পি এন এ আঘাত কেন্দ্ৰৰ কাষতে ১০০ বিছনাযুক্ত এখন প্লাষ্টিক আৰু দগ্ধ অস্ত্ৰোপচাৰ চিকিৎসালয়ো নিৰ্মাণ কৰি থকা হৈছে। ইয়াত অগ্নিদগ্ধ লোকসকলৰ চিকিৎসাৰ বাবে এটা চৰ্ম ভাণ্ডাৰো থাকিব।
  4. মছজিদ মঠ চৌহদ - ইয়াত নতুন স্নাতকোত্তৰ আৰু চিকিৎসকৰ আৱাসগৃহ অৱস্থিত। ইয়াত ভূনিম্ন পাৰ্কিং ব্যৱস্থাও আছে। আগন্তুক নতুন বহিৰ্বিভাগ ৰোগী খণ্ড, মাতৃ আৰু শিশু সেৱা কেন্দ্ৰ, অস্ত্ৰোপচাৰ খণ্ড আৰু বাৰ্ধক্য চিকিৎসা খণ্ড ইয়াত নিৰ্মাণ কৰি থকা হৈছে। এই নতুন খণ্ডকেইটা পূব চৌহদত অৱস্থিত পুৰণি বহিৰ্বিভাগ ৰোগী খণ্ডত দেখা দিয়া অত্যধিক ভিৰ কমোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে, য'ত বৰ্তমান দিনে প্ৰায় ১০,০০০ বহিৰ্বিভাগৰ ৰোগীয়ে ভিৰ কৰে।
  5. আয়ুৰ্বিজ্ঞান নগৰ চৌহদ - ইয়াতো চিকিৎসক-কৰ্মচাৰীৰ আৱাসিক ভৱনসমূহ অৱস্থিত।
 
জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰ
 
পশ্চাদভূমিত শিক্ষাদান খণ্ডৰে সৈতে কেন্দ্ৰীয় লন

এইমছৰ কাষতে চফদৰজাং চিকিৎসালয় আৰু ইয়াৰ সহযোগী বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় (গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ অধীনস্থ) অৱস্থিত। তদুপৰি ইয়াৰ কাষতে আছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্য্যালয়, যিয়ে ভাৰতত বিজ্ঞান গৱেষণা পৰিচালনা কৰে আৰু পুঁজিৰ যোগান ধৰে। এইমছৰ সমীপৱৰ্তী অঞ্চলতে ৰাষ্ট্ৰীয় চিকিৎসা পুথিভঁৰাল অৱস্থিত, যিটো ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ সাধাৰণ সঞ্চালকৰ দ্বাৰা পৰিচালিত। ইয়াত গৱেষকসকলে ব্যৱহাৰ কৰিব পৰাকৈ বৃহৎপৰিমাণৰ বৈজ্ঞানিক আৰু চিকিৎসাবিষয়ক গৱেষণা-আলোচনী উপলব্ধ আছে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "63rd AIIMS Annual Report 2018–2019". All India Institute of Medical Sciences, New Delhi. 27 November 2019. https://www.aiims.edu/images/pdf/annual_reports/annual%20report19-e-20-1-20.pdf. 
  2. "The All India Institute of Medical Sciences Act, 1956". 2 June 1956. http://www.aiims.edu/aiims/ritact/AIIMS-ACT-RULES.pdf. 
  3. "Twin-IIT offer leaves Bengal cold". www.telegraphindia.com. https://www.telegraphindia.com/india/twin-iit-offer-leaves-bengal-cold/cid/853057। আহৰণ কৰা হৈছে: 2020-09-26. 
  4. 4.0 4.1 Sirur, Simrin (2020-07-26). "AIIMS Delhi — India’s best medical college that's home to many leaders of Covid battle" (en-US ভাষাত). ThePrint. https://theprint.in/health/aiims-delhi-indias-best-medical-college-thats-home-to-many-leaders-of-covid-battle/468097/। আহৰণ কৰা হৈছে: 2020-09-26. 
  5. "Rajkumari Amrit Kaur: The princess who built AIIMS" (en ভাষাত). The Indian Express. 2020-08-27. https://indianexpress.com/article/research/rajkumari-amrit-kaur-the-princess-who-built-aiims-6570937/। আহৰণ কৰা হৈছে: 2020-09-26. 
  6. "National Institutional Ranking Framework 2020 (Medical)". National Institutional Ranking Framework. Ministry of Education. 2020-06-11. https://www.nirfindia.org/2020/MEDICALRanking.html. 
  7. Pushkarna, Vijaya (8 June 2019). "Best colleges: THE WEEK-Hansa Research Survey 2019". The Week. https://www.theweek.in/theweek/cover/2019/06/07/best-colleges-the-week-hansa-research-survey-2019.html. 
  8. "Best MEDICAL Colleges 2020: List of Top MEDICAL Colleges 2020 in India". www.indiatoday.in. https://www.indiatoday.in/bestcolleges/2020/ranks/1824931। আহৰণ কৰা হৈছে: 2020-07-13. 
  9. 9.0 9.1 "All India Institute of Medical Sciences, New Delhi". Top Universities. 2014-10-25. https://www.topuniversities.com/universities/all-india-institute-medical-sciences/undergrad। আহৰণ কৰা হৈছে: 2020-05-02. 
  10. Cooper, Nancy. "The World's Best Hospitals 2020". NEWSWEEKNewsweek. https://www.newsweek.com/best-hospitals-2020। আহৰণ কৰা হৈছে: 2 May 2020. 
  11. Venugopal, P. (1 September 1994). "The first successful heart transplant in India". The National Medical Journal of India খণ্ড 7 (5): 213–215. PMID 7827600. 
  12. "AIIMS claims cutting edge stem cell study". The Times of India. 23 March 2005. Archived from the original on 2012-10-21. https://web.archive.org/web/20121021173632/http://articles.timesofindia.indiatimes.com/2005-03-23/science/27834135_1_cell-therapy-cell-study-skeletal-muscle. 
  13. Gupta, Devendrak; Sharma, Shilpa (2005). "Stem cell therapy - Hope and scope in pediatric surgery". Journal of Indian Association of Pediatric Surgeons খণ্ড 10 (3): 138. doi:10.4103/0971-9261.16962. http://www.bioline.org.br/pdf?ip05035. 
  14. Kaul, Vividha (24 February 2005). "AIIMS pioneers stem cell injection". The Times of India. Archived from the original on 2012-10-21. https://web.archive.org/web/20121021173639/http://articles.timesofindia.indiatimes.com/2005-02-24/delhi/27864742_1_cell-research-cell-injection-cell-centre. 
  15. [1] Archived 4 July 2008 at the Wayback Machine
  16. "Archive News". The Hindu. 2008-02-08. http://www.hindu.com/2008/02/08/stories/2008020860790300.htm/। আহৰণ কৰা হৈছে: 21 June 2017. 
  17. 11 Oct, PTI | Updated; 2019; Ist, 21:50. "AIIMS Delhi wins top cleanliness award, bags Rs 3 crore | Delhi News - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/delhi/aiims-delhi-wins-top-cleanliness-award-bags-rs-3-crore/articleshow/71545703.cms। আহৰণ কৰা হৈছে: 2019-10-24. 
  18. "दिल्ली एम्स की हैट्रिक, लगातार तीसरी बार जीता कायाकल्प अवार्ड". Amar Ujala. https://www.amarujala.com/delhi-ncr/delhi-aiims-hat-trick-after-winning-kayakalp-award-for-third-time-in-a-row। আহৰণ কৰা হৈছে: 2019-10-24. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক