অঞ্জন দত্ত (ইংৰাজী: Anjan Dutta; ১৩ এপ্ৰিল ১৯৫২ - ১৬ জুন ২০১৬) আছিল অসমৰ এগৰাকী ৰাজনীতিবিদ। তদুপৰি তেখেত আছিল এজন বিশিষ্ট সাহিত্যিক আৰু ক্ৰীড়া সংগঠক।

অঞ্জন দত্ত
জন্ম ১৩ এপ্ৰিল, ১৯৫২
শিৱসাগৰ, অসম
মৃত্যু ১৬ জুন, ২০১৬
এইমছ, দিল্লী
বাসগৃহ ৰুক্মিণীগাঁও, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী অনন্যা দত্ত
পিতৃ-মাতৃ স্বৰ্গীয় থানেশ্বৰ দত্ত আৰু স্বৰ্গীয়া অঞ্জলি দত্ত
সন্তান অংকিতা দত্ত

অৰ্পিতা দত্ত

অমৃতা দত্ত
ৱেবছাইট
anjandutta.net

জন্ম সম্পাদনা কৰক

অঞ্জন দত্তই ১৯৫২ চনৰ ১৩ এপ্ৰিলত শিৱসাগৰ জিলাৰ দ’লমুখ গায়েন গাৱঁত জন্ম গ্ৰহণ কৰে। তেখেত আছিল শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি থানেশ্বৰ দত্তৰ দ্বিতীয় পুত্ৰ।[1]

সাহিত্য কৰ্ম সম্পাদনা কৰক

অঞ্জন দত্তই স্কুলীয়া কালতে অনুভূতি নামৰ তিনিমহীয়া আলোচনীৰ সম্পাদনাৰ দায়িত্ব বহন কৰি ১৯৭২চনৰ পৰা দহবছৰ কাল ধৰি আলোচনীখন সফলভাৱে সম্পাদনা কৰিছিল। অনুভূতিৰ লগতে আন বিভিন্ন কাকত আলোচনীত মননশীল লেখাৰ জৰিয়তে তেখেতে সাহিত্যৰ প্ৰতি থকা অনুৰাগ প্ৰদৰ্শন কৰিছিল। তেওঁ অসম আন্দোলনৰ সময়ত শিৱসাগৰৰ ৰংপুৰ সাহিত্য সভাৰ সম্পাদকৰ পদ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে ১৯৮০ চনতেই অসম সাহিত্য সভাৰ আজীৱন সদস্য হৈছিল।

ৰাজনীতি জীৱনলৈ অহাৰ পিছত অতিশয় ব্যস্ততাৰ মাজতো দত্তদেৱে সৃষ্টিশীল কলম চলাই গৈছিল। ২০০৬চনত নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত আজিৰ দৈনিক বাতৰিৰ স্বত্বাধিকাৰৰ দায়িত্ব বহন কৰে আৰু ২০০৭চনৰ আৰম্ভণিৰ পৰা কাকতখনৰ দেওবৰীয়া পৰিপূৰিকাখন দেওবৰীয়া অনুভূতি হিচাপে নামকৰণ কৰি নতুন ৰূপত সম্পাদনা কৰিবলৈ লয়। ২০০৭ চনৰ পৰা ২০১০ চনলৈ আলোচনীখনত লিখা মননশীল সম্পাদকীয় সমূহ থুপাই প্ৰকাশ কৰি উলিয়াই ‘সময়ে কোবাই যায়’ শীৰ্ষক এখন গ্ৰন্থ। তাৰ পিছত ২০১১ আৰু ২০১২চনত লিখা সম্পাদকীয়সমূহো একত্ৰিত কৰি ‘সময়ে কোবাই যায় (দ্বিতীয় খণ্ড)’ প্ৰকাশ কৰে। পিছলৈ দেওবৰীয়া অনুভূতিক মাহেকীয়া অনুভূতি হিচাপে পূৰ্ণাংগ ৰূপ দি আলোচনীখনৰ সম্পাদকৰ দায়িত্ব চলাই নিছিল। আলোচনীখনত তেওঁ ধাৰাবাহিকভাৱে লিখি যোৱা ‘এৰি অহা দিনবোৰ’ শিতানটোৱে পাঠকসমাজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

অঞ্জন দত্তই প্ৰথমে গড়কাপ্তানি বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। কিন্তু পিছলৈ ৯০দশকত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এজন নেতা হিচাপে অঞ্জন দত্তই দলটোৰ সাংগঠনিক ভেঁটি দৃঢ় কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে। যাৰ বাবে তেওঁ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ পদতো অধিষ্ঠিত হয়। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে আমগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৯২ চনৰ নৱেম্বৰৰ পৰা ১৯৯৬ চনৰ মে’ মাহলৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন মন্ত্ৰীসভাত নগৰ আৰু গাওঁ পৰিকল্পনা, জলসিঞ্চন আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰে। ২০০১ চনত পুনৰবাৰ আমগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহাৰ পিছত তৰুণ গগৈ নেতৃত্বাধীন মন্ত্ৰীসভাত পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, গুৱাহাটী উন্নয়ন দপ্তৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰে। পৰিবহণ মন্ত্ৰী হিচাপে দত্তদেৱে মৃতপ্ৰায় অসম ৰাজ্যিক পৰিবহণ নিগমক পুনৰুজ্জীৱিত কৰি তুলিছিল। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হয়। ২০১১চনত তেওঁ পুনৰবাৰ আমগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হয়। কিন্ত সেইবাৰ তেওঁক গগৈ মন্ত্ৰীসভাত স্থান দিয়া নহ’ল। ২০১৪ চনত তেখেতক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদ ন্যস্ত কৰা হয়।[1]

অন্যান্য সক্ৰিয় কৰ্ম সম্পাদনা কৰক

সুদক্ষ ক্ৰীড়াসংগঠক হিচাপে খ্যাতি লাভ কৰা দত্তদেৱে অসম অলিম্পিক সন্থাৰ উপ-সভাপতি, শিৱসাগৰ জিলা ক্ৰীড়াসন্থাৰ সভাপতি আৰু অসম ক্ৰিকেট সন্থাৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সদস্যৰ পদ শুৱনি কৰিছিল। তেখেতে স’ৰাগুৰি চাপৰিৰ আজানপীৰৰ দৰগাহৰ পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামলৈ কেইবাটাও প্ৰতিষ্ঠান নৰূপত গঢ়ি তুলিছিল।[1]

পাৰিবাৰিক জীৱন সম্পাদনা কৰক

অঞ্জন দত্তই ১৯৮৬ চনৰ ৫ মে’ত অনন্যা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পত্নী আৰু তিনিগৰাকী জীয়েকৰ সৈতে তেওঁৰ আছিল সুখৰ সংসাৰ।[1]

মৃত্যু সম্পাদনা কৰক

২০১৬ চনৰ ১১ মে’ত অঞ্জন দত্তদেৱে পৰিয়ালসহ দক্ষিণ আফ্ৰিকা ভ্ৰমণ সামৰি ভাৰতলৈ আহে। কিন্তু ১২ মে’ৰ দিনাখন তেখেত হঠাৎ অসুস্থ হৈ পৰে। লগে লগে তেওঁক দিল্লীৰ এপ’ল’ হস্পিটেলত ভৰ্তি কৰোৱা হয়। পিছত ১৮ মে’ত এইমছলৈ স্থানান্তৰিত কৰা হয়। তাতে ৩৫ দিন মৃত্যুৰ সৈতে যুঁজি ১৬ জুন বৃহস্পতিবাৰে ৰাতিপুৱা ৭.১১ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 অসমীয়া প্ৰতিদিন, ১৭ জুন, ২০১৬