অটল সুৰংগ বা ৰহটাং সুৰংগ হৈছে হিমাচল প্ৰদেশহিমালয় পৰ্বতৰ পীৰপাঞ্জাল মালাৰ লেহ-মানালি ঘাইপথৰ ৰোহটাং গিৰিপথৰ ওপৰত নিৰ্মিত এটা সুৰংগ।[1][2][3] এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 km (5.6 মাইল) সাগৰপৃষ্ঠৰ পৰা আৰু ১০,০০০ ফুট (3,048 মিটাৰ) উচ্চতাত অৱস্থিত। ই পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ। ভাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে সুৰংগটোৰ নামকৰণ কৰা হৈছে[4] এই সুৰংগটোৱে হিমাচল প্ৰদেশৰ মানালী আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেহ মাজৰ দূৰত্ব প্ৰায় ৪৬ কিঃমিঃ হ্ৰাস কৰে আৰু পথ অৱৰোধ বা হিমস্খলনৰ বিপদ অবিহনে ভ্ৰমণৰ সময় ৪ৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰে।[5][6]

অটল সুৰংগ [1]
বহন কৰে মটৰ গাড়ী
স্থানীয় ৰহটাং, হিমাচল প্ৰদেশ, ভাৰত
মুঠ দৈৰ্ঘ্য ৯.০২ কিলোমিটাৰ
প্ৰস্থ ১০ মিটাৰ (33 ফুট)
নিৰ্মাণ আৰম্ভ হয় ২৮ জুন ২০১০
নিৰ্মাণ ব্যয় ₹৩,২০০ কোটি টকা
মুকলি ৩ অক্টোবৰ ২০২০

বৰ্তমান লাডাখলৈ যাবলৈ দুটা পথ আছে। এটা হৈছে অটল সুৰংগৰ মাজেৰে যোৱা লেহ-মানালী ঘাইপথ। শীতৰ মাহত প্ৰবল বৰফ আৰু হিমস্খলনৰ বাবে ৰহটাং গিৰিপথ বছৰি মাত্ৰ চাৰি মাহৰ বাবে খোলা থাকে। সুৰংগৰ মাজত শীতকালত ঘাইপথটো খোলা হ'ব। লেহলৈ যোৱা আন পথটো হৈছে শ্ৰীনগৰ-ড্ৰাছ-কাৰ্গিল-লেহ মহাসৰা পথ যি লাডাখৰ জজিলা গিৰিপথ দ্বাৰা উপনীত হয়। কিন্তু ই বছৰি প্ৰায় চাৰি মাহৰ বাবে বৰফৰ দ্বাৰা অৱৰুদ্ধ হয়। জজিলা গিৰিপথৰ অধীনত ১৪ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই দুটা পথ ভাৰতৰ সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ।

এই সুৰংগটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৩ অক্টোবৰ তাৰিখে উদ্বোধন কৰিছিল। এই প্ৰকল্পৰ আনুমানিক ব্যয় ₹৩২০০ কোটি টকা (438 মিলিয়ন আমেৰিকান ডলাৰ।[7].

২০২০ চনৰ ৩ অক্টোবৰ তাৰিখে নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, জয় ৰাম ঠাকুৰ আৰু বিপিন ৰাৱাতৰ সৈতে অটল সুৰংগ উদ্বোধন কৰা মুহূৰ্ত

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Atal Tunnel renamed as ‘Atal Tunnel, Rohtang’". Times of India. 13 August 2020. https://timesofindia.indiatimes.com/city/shimla/atal-tunnel-renamed-as-atal-tunnel-rohtang/articleshow/77513661.cms। আহৰণ কৰা হৈছে: 13 August 2020. 
  2. Polgreen, Lydia (31 July 2010). "India Digs Under Top of the World to Match Rival". The New York Times. https://www.nytimes.com/2010/08/01/world/asia/01pass.html?_r=1&ref=global-home&pagewanted=all। আহৰণ কৰা হৈছে: 12 January 2012. 
  3. News, Indian Defence. "9-km-long Atal Tunnel an engineering marvel". Indian Defense News, Indian Armed Forces, IDRW, Defence. https://www.theindianhawk.com/2020/10/9-km-long-atal-tunnel-engineering-marvel.html। আহৰণ কৰা হৈছে: 2020-10-03. 
  4. https://www.financialexpress.com/infrastructure/roadways/atal-tunnel-how-worlds-longest-tunnel-above-10000-feet-at-rohtang-pass-will-make-use-of-automation-solutions/2095983/
  5. "Importance of Rohtang Tunnel for Lahaul & Pangi resident". The News Himachal. http://www.thenewshimachal.com/2011/03/importance-of-rohtang-tunnel-for-lahaul-pangi-residence/। আহৰণ কৰা হৈছে: 2012-07-29. 
  6. "Explained: What is the strategic importance of Atal Tunnel at Rohtang?" (en ভাষাত). The Indian Express. 2020-08-29. https://indianexpress.com/article/explained/the-strategic-importance-of-the-rohtang-tunnel-6572025/। আহৰণ কৰা হৈছে: 2020-08-29. 
  7. "World’s longest highway tunnel opened in Himachal Pradesh" (en-IN ভাষাত). The Hindu. 2020-10-03. ISSN 0971-751X. https://www.thehindu.com/news/national/pm-modi-inaugurates-atal-tunnel-at-rohtang/article32757824.ece. 

বাহ্যিক সংযোগ সম্পাদনা কৰক