অণুগল্প (ইংৰাজী: Flash fiction) হৈছে অতি সংক্ষিপ্তভাৱে বৰ্ণনা কৰা সাহিত্য কৰ্ম।[1] এনে কেইটামান উল্লেখযোগ্য অণুগল্প হৈছে: ছিক্স-ৱৰ্ড ষ্ট'ৰি,[2] ১৪০-কেৰেক্টাৰছ্ ষ্ট'ৰিজ, যিবোৰক টুইটাৰেচাৰ বুলিও জনা যায়,[3] দ্যা ড্ৰিব্বল (৫০ টা শব্দ),[2] দ্যা ড্ৰাব্বল (১০০ শব্দ),[2] আৰু ছাডেন ফিক্সন (৭৫০ শব্দ)।[4] কিছুমানৰ মতে অণুগল্পৰ এক অনন্য সাহিত্যিক বৈশিষ্ট্য আছে, যেনে- কোনো ইংগিত অথবা বিস্তৃত কাহিনীৰ কম শব্দেৰে প্ৰকাশ কৰাৰ সক্ষমতা।[5][6] ইংৰাজী ভাষাতো অণুগল্পক Flash Fiction বোলাৰ উপৰি আন আন বিভিন্ন নামৰে জনা যায়; যেনে, Micro Fiction, Five Minute of Short Story, Short Short Story আদি৷ হিন্দী ভাষাত অনুগল্পক “লঘুকথা’’ বোলা হয়৷ অসমীয়াত বহুতে ’কণ কথা’ বোলাৰ প্ৰয়াস কৰিছে যদিও অনুগল্প নামটোৱেই জনপ্ৰিয়৷ ’অণু’ শব্দৰ অৰ্থ ক্ষুদ্ৰ৷ ক্ষুদ্ৰ হ’লেও ইয়াৰ স্বাধীন অস্তিত্ব আছে৷ সাম্প্ৰতিক কালত অণুগল্পৰ জনপ্ৰিয়তালৈ চাই গ্ৰেট ব্ৰিটেইনৰ সাহিত্য জগতত Flash Fiction Day পালন কৰা হয়৷ নিউজিলেণ্ডতো ’জাতীয় অণুগল্প দিৱস’ পালন কৰা হয়৷ Henry Lawsonএ অণুগল্পৰ সংজ্ঞা দি কৈছে, A sketch story or sketch, is a piece of writing that is generally shorter than a short story, and contains very little, if any, plot.[7]

অণু সাহিত্যত নিদৰ্শন প্ৰাচীন কালৰ সাহিত্যত পোৱা যায়, যেনে পশ্চিমৰ ঈছপৰ সাধু আৰু ভাৰতপঞ্চতন্ত্ৰৰ সাধু আৰু জাতকৰ সাধু। আধুনিক যুগত চাদি, এণ্টন চেকভ, অ' হেনৰী, ফ্ৰান্‌জ কাফ্‌কা, আৰ্নেষ্ট হেমিংৱে, আৰ্থাৰ চি ক্লাৰ্ক, জুলিঅ' কৰ্টাজাৰ, জন কেজ আদিয়ে এনে সাহিত্য ৰচনা কৰিছে।

অণুগল্পৰ প্ৰকাৰসম্পাদনা কৰক

অণুগল্প বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে৷ যেনে: বিষয়ভিত্তিক, শৈলীভিত্তিক, ভাবভিত্তিক, আধিভৌতিক, অতীন্দ্ৰিয়, বিজ্ঞানভিত্তিক, প্ৰকৃতিবিষয়ক, দেশপ্ৰেমমূলক, হাস্যৰসাত্মক আদি৷[8]

অণুগল্পৰ বৈশিষ্ট্যসম্পাদনা কৰক

অন্যান্য সাহিত্যৰ দৰে অনুগল্পৰো কিছুমান বিশেষ বৈশিষ্ট লক্ষ্য কৰা যায়৷ প্ৰথমতে, অণুগল্পৰ আকাৰ সৰু৷ ৰূপকৰ মাধ্যমেৰে অণুগল্পৰ কথনীয় বিষয় তুলি ধৰা হয়৷ দ্বিতীয়তে, অণুগল্পত দুটা বা তিনিটা অনুচ্ছেদ বা বাক্য থাকিব পাৰে৷ প্ৰথম দুটা অংশত বিষয়বস্তু উপস্থাপন আৰু তৃতীয় অংশত সিদ্ধান্ত তুলি ধৰা হয়৷ তৃতীয়তে, অণূগল্পৰ আৰম্ভণি অংশ সহজ-সৰলভাবে বৰ্ণনা কৰিলেও শেষৰ অংশত বলিষ্ঠ জীৱনবোধ থাকিব লাগে৷ চতুৰ্থতে, এখন উপন্যাস বা এটি গল্পৰ মাজত বহুকেইটা অণুগল্প থাকিব পাৰে যদিও অণুগল্পৰ মাজত উপন্যাসবা গল্পৰ চৰিত্ৰ নাথাকে৷ পঞ্চমতে, অণুগল্প আকাৰত সৰু হ’লেও তাৰ বক্তব্য বিষয় তাৎপৰ্যপূৰ্ণ আৰু অৰ্থ বিস্তৃত হয়৷ ষষ্ঠ, অনুগল্পৰ বাক্য কবিতাৰ দৰে শক্তিশালী, দৃঢ় আৰু অলংকাৰযুক্ত৷ সপ্তম, অণুগল্পই গল্পৰ চৰিত্ৰ৷ উপমা আৰু উপমাৰে অণুগল্প ৰচিত হয়৷ অষ্টম, অনুগল্পত বিনোদনতকৈ বৌদ্ধিক চিন্তাৰ বেছি প্ৰয়োগ কৰা হয়৷ নৱম, অণুগল্পত নীতিকথা সোমাই থাকে৷[9] অণুগল্পৰ আকাৰ ১০০ শব্দৰ পৰা এহেজাৰ শব্দৰ ভিতৰত হ’ব লাগে বুলি আজিকালিৰ সমালোচকসকলে মন্তব্য কৰিছে৷[10]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Catherine Sustana. "What Is Flash Fiction?". About Entertainment. http://shortstories.about.com/od/Flash/a/What-Is-Flash-Fiction.htm. 
  2. 2.0 2.1 2.2 Graham (March 8, 2013). "Flash fiction - all you ever wanted to know, but were afraid to ask...". The Bridport Prize. https://www.bridportprize.org.uk/blog/flash-fiction-all-you-ever-wanted-know-were-afraid-ask. 
  3. Maddie Crum (May 7, 2015). "Twitter Fiction Reveals The Power Of Very, Very Short Stories". The Huffington Post. http://www.huffingtonpost.com.au/entry/twitter-fiction_n_7205686. 
  4. Becky Tuch. "Flash Fiction: What's It All About?". The Review Review. http://www.thereviewreview.net/publishing-tips/flash-fiction-whats-it-all-about. 
  5. Ashley Chantler. "Why Flash Fiction? Because of a Parrot and a Porn Star, Of Course". Smokelong Quarterly. http://www.smokelong.com/why-flash-fiction-because-of-a-parrot-and-a-porn-star-of-course/#_edn3. 
  6. Swartwood, Robert, "Hint Fiction", (New York: W.W. Norton, 2011)
  7. অণুগল্প : এটি আলোচনা, ড° লোপা বৰুৱা, বৰ্ণিল যাত্ৰা, দ্বি-বাৰ্ষিক পত্ৰিকা, পশ্চিম গুৱাহাটী লেখিকা সংস্থা, সম্পাদনা ড° কণিকা মেধী, ২০১৯-২১ বৰ্ষ
  8. অণুগল্প : এটি আলোচনা, ড° লোপা বৰুৱা, বৰ্ণিল যাত্ৰা, দ্বি-বাৰ্ষিক পত্ৰিকা, পশ্চিম গুৱাহাটী লেখিকা সংস্থা, সম্পাদনা ড° কণিকা মেধী, ২০১৯-২১ বৰ্ষ
  9. হাসান রাউফুন. < "অণুগল্পের ব্যাকরণ". https://www.tushardhara.com/%E0%A6%85%E0%A6%A3%E0%A7%81%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%87%E0%A6%B0-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A6%B0%E0%A6%A3/#:~:text=%E0%A6%85%E0%A6%A3%E0%A7%81%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%87%E0%A6%B0%20%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A5%E0%A6%AE%20%E0%A6%AC%E0%A6%BE%20%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A5%E0%A6%AE%20%E0%A6%A6%E0%A7%81%E0%A6%9F%E0%A6%BF,%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%87%E0%A6%B0%20%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BF%E0%A6%95%20%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%AF%20%E0%A6%A5%E0%A6%BE%E0%A6%95%E0%A7%87%20%E0%A6%A8%E0%A6%BE%E0%A5%A4<। আহৰণ কৰা হৈছে: 24 July 2022. 
  10. অণুগল্প : এটি আলোচনা, ড° লোপা বৰুৱা, বৰ্ণিল যাত্ৰা, দ্বি-বাৰ্ষিক পত্ৰিকা, পশ্চিম গুৱাহাটী লেখিকা সংস্থা, সম্পাদনা ড° কণিকা মেধী, ২০১৯-২১ বৰ্ষ