অনিতা গোয়েল (ইংৰাজী: Anita Goel) হৈছে এগৰাকী আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু চিকিৎসক। নেন'জৈৱপদাৰ্থবিজ্ঞান, বিশেষকৈ আণৱিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে তেখেতে সমগ্ৰ বিশ্বতে পৰিচিতি লাভ কৰিছে।[1]

অনিতা গোয়েল

জন্ম ৱৰচেষ্টাৰ,মাচাছুছেটছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞানী
চিকিৎসক
কৰ্মস্থান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
এমআইটি
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ডুডলেই ৰবাৰ্ট হাৰ্ছবেখ
জনা যায় আণৱিক মটৰ
নেন'জৈৱপদাৰ্থবিজ্ঞান
নেন'প্ৰযুক্তিবিদ্যা

শিক্ষা সম্পাদনা কৰক

অনিতা গোয়েলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ন'বেল বঁটাপ্ৰাপ্ত বিজ্ঞানী ডুডলেই আৰ. হাৰ্ছবেখৰ তত্ত্বাৱধানত তেখেতে গৱেষণাকাৰ্য সমাপ্ত কৰে। তেখেতৰ গৱেষণাপত্ৰৰ শিৰোনাম আছিল-Single Molecule Dynamics of Motor Enzymes Along DNA.(। ) বিশ্বখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত ডিষ্টিংছনসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাত তেখেতৰ তত্ত্বাৱধায়ক আছিল ন'বেল বঁটা বিজয়ী ষ্টিভেন ছু। হাৰ্ভাৰ্ড-এমআইটিৰ স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ(Health Sciences and Technology, HST) যুটীয়া শাখাৰ পৰা তেখেতে এটা এম.ডি.(ডক্তৰ অৱ মেডিছিন) ডিগ্ৰীও লাভ কৰে। [2][3][4]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক