অনু সীতাৰা

ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী (জন্ম ১৯৯৫)

অনু সীতাৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে।[3] তামিল কিছুমান ছবিতো অভিনয় কৰিছে। ২০১৩ চনত শিশু শিল্পী পট্টাছ বম হিচাপে অভিষেক ঘটা অনুৰ লগতে এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী আৰু মঞ্চ অনুষ্ঠানৰ বাবে সুপৰিচিত।

অনু সীতাৰা

শুভৰাত্ৰি ছবিৰ এটা মূহুৰ্তত অনু
জন্ম nu stara calam
২১ আগষ্ট, ১৯৯৫ (২৮ বছৰ)
ৱায়ানাড, কেৰালা, ভাৰত
পেচা
  • অভিনেত্ৰী
  • নৃত্য শিল্পী
সক্ৰিয় হৈ থকা সময় 2013–present
দাম্পত্যসঙ্গী বিষ্ণু প্ৰসাদ (বি. ২০১৫)[1]
পিতৃ-মাতৃ
  • আব্দুল চালাম (পিতা)
  • ৰেণুকা (মাতা)[2]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৯৫ চনৰ ২১ আগষ্ট মাহত[4][5][6] ৰেণুকা আৰু আব্দুল চালামৰ ঘৰত অনুৰ জন্ম হয়। তেওঁৰ এগৰাকী সহোদৰা ভনী, অনু সোনোৰা।[7][8][9] সীতাৰাই কলপেটাৰ এছ কে জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ ডব্লিউ এম অ’ আৰ্টছ এণ্ড ছায়েন্স কলেজৰ পৰা বি.কম ডিগ্ৰী লাভ কৰিছিল। তেওঁ নৃত্যৰ ক্লাছত সদায় সক্ৰিয় আছিল আৰু তেতিয়াৰ পৰা অনুৱে বহু পুৰস্কাৰ লাভ কৰিছে। কেৰালাৰ কলামণ্ডলমৰ তেওঁ পৰা শাস্ত্ৰীয় নৃত্য শিকিছিল। ২০১৫ চনত তেওঁৰ প্ৰেমিক বিষ্ণু প্ৰসাদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[10]

অভিনয় জীৱন সম্পাদনা কৰক

২০১৩ চনত অভিনয়ৰ ক্ষেত্ৰখনত খোজ দিয়া সীতাৰাই মালয়ালম চিনেমাত পোটাছ বম নামৰ চিনেমাৰ জৰিয়তে অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে। পিছলৈ ছুপাৰ হিট ছবি অৰু ইণ্ডিয়ান প্ৰাণায়াকাধত তেওঁ এটা সৰু চৰিত্ৰত অভিনয় কৰে। ২০১৫ চনত শচীৰ ছবি আনাৰকলিত আথিৰাৰ নামৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। তেতিয়াৰ পৰাই তেওঁ হেপি ৱেডিং, কেম্পাছ ডায়েৰী, মৰুপদী আদি চিনেমাত অভিনয় কৰি আহিছে।

২০১৭ চনত অনু সীতাৰাই কুঞ্চাকো বোবানৰ সৈতে ৰমান্তে এডানথটম ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনা কৰিছিল ৰঞ্জিত শংকৰে। ছবিখন সফল হোৱাৰ লগতে দৰ্শক আৰু সমালোচকৰ পৰাও ইতিবাচক সমালোচনা লাভ কৰে। পিছলৈ আচায়ন, সৰ্বপৰী পলাক্কাৰণ, আনা আলাৰালোদালাৰাল আদি ছবিত অভিনয় কৰে। তাৰ পিছত তেওঁ কেপ্তেইন ছবিখনত অভিনয় কৰে আৰু তেওঁৰ ভূমিকাৰ বাবে দৰ্শক সমালোচকৰ বিশেষ প্ৰশংসা লাভ কৰে। ইয়াৰ পিছত টভিনো থমাছৰ সৈতে অৰু কুপ্ৰসিদ্ধ পায়্যান নমাৰ ছবিত অভিনয় কৰি ২০১৯ চনত শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালমৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। মালয়ালম ভাষাৰ ছবিত অভিনয় কৰাৰ উপৰিও অনুৱে ২০১৮ চনত পোধু নলন কাৰুধি নামৰ তামিল ছবিৰে তামিল চিনেমাত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে; ছবিখনত তেওঁ কৰুণাকৰনৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল।

২০১৯ চনত শ্ৰীজা কৃষ্ণনৰ চৰিত্ৰত শুভৰাত্ৰি নামৰ ছবিত অভিনেতা দিলীপৰ সৈতে একেখন পৰ্দাতে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পৰিচালনা আৰু ৰচনা কৰিছিল ব্যাসন কে.পি.ৰ। পিছলৈ এম পদ্মকুমাৰৰ পৰিচালিত একচন-ড্ৰামা মামংগামত অভিনয় কৰে। মামমুক্কা, উন্নী মুকুন্দন, আৰু ছিদ্দিকতো অভিনয় কৰে। ২০২০ চনত উন্নিময়া(পাৰ্শ্ব চৰিত্ৰ) নামৰ চৰিত্ৰত মনিয়াৰায়লে অশোকন ছবিত সহ অভিনয় কৰাৰ পিছত অনুক শেষবাৰৰ বাবে ১২ নং মেন ছবিখনত মেৰিনৰ চৰিত্ৰত দেখা গৈছিল। জীথু জোচেফৰ পৰিচালনাত মোহনলালে মুখ্য চৰিত্ৰত অভিনয় কৰা এইখন এখন থ্ৰিলাৰ চিনেমা আছিল।

বঁটা-সন্মান সম্পাদনা কৰক

অনু সীতাৰাই বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে৷ উল্লেখযোগ্য কেইটামান: ২০১৮ চনত মালায়ালম ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে৷[11] সেই একেটা বছৰতে ৬৫সংখ্যক দক্ষিণ ফিল্মফেয়াৰ বঁটাৰো মনোনয়ন লাভ কৰে৷[12] ২০১৯ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে৷[13] ২০১৯ত অৰু কুপ্ৰসিদ্ধ প্যায়ান ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ এছিয়ানেট ফিল্ম এৱাৰ্ড লাভ কৰে৷

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "Anu Sithara shares cute photo straight from wedding album on anniversary". OnManorama. 8 July 2019. https://english.manoramaonline.com/entertainment/entertainment-news/2019/07/08/anu-sithara-wedding-anniversary-special-photo-vishu.html। আহৰণ কৰা হৈছে: 26 December 2019. 
  2. "How Anu Sithara's father snatched a cameo in 'Subharathri' right under her nose". OnManorama. https://english.manoramaonline.com/entertainment/interview/2019/07/03/anu-sithara-father-abdul-salam-debut-movie-shubharathri-dileep-vyasan-kp.html। আহৰণ কৰা হৈছে: 11 July 2019. 
  3. Elizabeth Thomas (7 June 2015). "The perfect desi girl: Anu Sithara". Deccan Chronicle. http://www.deccanchronicle.com/150606/entertainment-mollywood/article/perfect-desi-girl-anu-sithara। আহৰণ কৰা হৈছে: 6 January 2019. 
  4. "Happy birthday Anu Sithara : Here are 5 lesser known facts the about the actress". The Times of India. 21 August 2019. https://m.timesofindia.com/entertainment/malayalam/movies/news/happy-birthday-anu-sithara-here-are-5-lesser-known-facts-about-the-actress/amp_etphotostory/70755194.cms। আহৰণ কৰা হৈছে: 15 May 2021. 
  5. "Happy Birthday Anu Sithara: 5 videos of the danseuse that you must watch right away!". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/happy-birthday-anu-sithara-5-videos-of-the-danseuse-that-you-must-watch-right-away/articleshow/77656682.cms. 
  6. "Nimisha Sajayan's lovely note for Anu Sithara on her birthday". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/nimisha-sajayans-lovely-note-for-anu-sithara-on-her-birthday/articleshow/77678288.cms. 
  7. Soman, Deepa. "Anu Sithara's sister debuts in Mollywood". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/anu-sitharas-sister-debuts-in-mollywood/articleshow/70157856.cms. 
  8. "അനിയത്തിയ്ക്കൊപ്പം പാട്ടും ഡാൻസുമായി അനു സിത്താര; ഇത് ബെസ്റ്റ് കോംബോ ആണെന്ന് ആരാധകർ". ManoramaOnline. https://www.manoramaonline.com/music/music-news/2021/02/03/actress-anu-sithara-dances-with-sister-anu-sonara-video.html. 
  9. "അച്ഛൻ അബ്ദുൽ സലാം; അമ്മ രേണുക; 95 ൽ ആണ് ജനിച്ചത്; അവരുടെ ചിങ്ങിണിയാണ് താനെന്നും അനു സിത്താര!". Samayam Malayalam. https://malayalam.samayam.com/malayalam-cinema/celebrity-news/actress-anu-sithara-talks-about-her-parents-name-and-her-first-remuneration/articleshow/81327540.cms. 
  10. "My husband supports me a lot, says Anu Sithara". 5 July 2019. https://english.mathrubhumi.com/movies-music/interview/my-husband-supports-me-a-lot-says-anu-sithara-1.3929747। আহৰণ কৰা হৈছে: 31 August 2019. 
  11. "65th Jio Filmfare Awards South 2018: Official list of nominations". https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/65th-jio-filmfare-awards-south-2018-official-list-of-nominations/articleshow/64478687.cms. 
  12. "Nominations for the 65th Jio Filmfare Awards South 2018". filmfare. 8 June 2015. https://www.filmfare.com/features/nominations-for-the-65th-jio-filmfare-awards-south-2018_-28652-1.html। আহৰণ কৰা হৈছে: 14 June 2020. 
  13. "Best Malayalam Actor in Leading Role Female 2019 Nominees | Filmfare Awards" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards-south-2019/malayalam/nominations/best-actor-female। আহৰণ কৰা হৈছে: 28 January 2023.