অভিনৱ গুপ্ত প্ৰাচীন কামৰূপৰ এগৰাকী দাৰ্শনিক। এওঁ খ্ৰীষ্টীয় ৮ম-৯ম শতিকাৰ লোক। এখেত প্ৰথমে শাক্ত ধৰ্মাৱলম্বী আছিল আৰু শাক্ত দৰ্শনৰ এখন ভাষ্য ৰচনা কৰিছিল। কথিত প্ৰবাদ অনুসৰি আদি শংকৰাচাৰ্য কামৰূপলৈ আহোঁতে অভিনৱ গুপ্তই শংকৰাচাৰ্যৰ লগত শাক্ত ধৰ্মৰ গুণ সম্বন্ধে তৰ্কযুদ্ধত প্ৰবৃত্ত হৈছিল। কিন্তু তৰ্কযুদ্ধত পৰাস্ত হয় আৰু শংকৰাচাৰ্যৰ শিষ্যত্ব গ্ৰহণ কৰে।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী