অভিমান
অভিমান (ইংৰাজী: Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।[1]
অভিমান Abhiman | |
---|---|
পৰিচালক | মৃদুল গুপ্তা |
কাহিনী | শৈলধৰ পাঠক, দেৱীপ্ৰসাদ সিনহা |
প্ৰযোজক | মাণিক ৰহমান আৰু জোনটি দৌলা |
অভিনয়ত | তপন দাস পূৰবী শৰ্মা |
চিত্ৰগ্ৰহণকাৰী | মধু মহাংকলি |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | প্ৰশান্ত বৰদলৈ |
মুক্তি |
১২ জানুৱাৰী ১৯৯০ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকঅৰণ্যৰ প্ৰতি আসক্ত ঋতু এজন ফ্ৰিলাঞ্চ সাংবাদিক। পাপৰিয়ে ভাল পায় ঋতুক আৰু তাৰ মাজতে তাই বিচাৰি পায় জীৱনৰ সেউজ সপোনৰ। ইফালে মাহীমাকে তাইক বিয়া দিব খোজে আদৰ্শহীন, উদ্ধত যুৱক ইন্দ্ৰৰ সৈতে। পাপৰিৰ ঘৰলৈ ইন্দ্ৰৰ সঘন আহ-যাহ দেখি ঋতু অশান্ত হৈ পৰে। বিশ্বাস আৰু সংশয়ৰ দোমোজাত পৰি সি ককবকাই থাকে। কিন্তু পাহৰিয়ে তাক আশ্বাস দিয়ে।[1]
চোৰাং কাঠৰ ব্যৱসায় সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে ঋতুয়ে প্ৰেছত জইন কৰিবলৈ আমন্ত্ৰণ পায়। আনন্দৰ এই খবৰটো জনাবলৈ গৈ ঋতুয়ে পাপৰিক ইন্দ্ৰৰ বাইকৰ পিছত দেখা পালে। অভিমানত সি পাপৰিৰ ওচৰৰ পৰা আঁতৰি গ’ল। দিন গৈ থাকিল। ইফালে পাপৰিৰ গৰ্ভত সিহঁতৰ মিলনৰ চিন স্বৰূপে সংস্থাপিত ভ্ৰূণটো একলা-দুকলাকৈ ডাঙৰ হৈ আহিল। মাহীমাকৰ ককৰ্থনা বাঢ়ি অহাত সেইখন ঘৰত থকা তাইৰ বাবে অসম্ভৱ হৈ পৰিল। এক অনিশ্চিত ভৱিষ্যতৰ সন্ধানত তাই ঘৰৰ পৰা ওলাই আহিল। লগ পালে অৰ্ণৱক।[1]
অৰ্ণৱে পাপৰিক আশ্ৰয় দিলে। পত্নীৰ মৰ্যদা দিলে। আনকি ঋতু আৰু পাপৰিৰ মিলনৰ চিনস্বৰূপে জন্ম হোৱা ঋতুমণিকো নিজৰ সন্তানৰ দৰে আঁকোৱালি ল’লে। কিন্তু এদিন হঠাৎ পাপৰিৰ ওচৰত আহি উপস্থিত হ’ল ঋতু। ঋতুমণিৰ সৈতে হোৱা ঋতুৰ ঘনিষ্ঠতাই তাইক উদ্বিগ্ন কৰি তুলিলে। পাপৰিৰ সান্নিধ্য বিচাৰি ব্যাকুল হোৱা ঋতুয়ে তাইক প্ৰস্তাৱ দিলে একেলগে থকাৰ। কিন্তু অৰ্ণৱৰ সৈতে কটোৱা ইমান বছৰৰ সান্নিধ্যখিনি ত্যাগ কৰিবলৈ তাই যে কোনোপধ্যেই মান্তি নহয়।[1]
অভিনয় শিল্পী
সম্পাদনা কৰক- তপন দাস (ঋতু)
- পূৰবী শৰ্মা (পাপৰি)
- বিজু ফুকন (অৰ্ণৱ)
- জয়া শইকীয়া দুৱৰা
- জেৰিফা ৱাহিদ
- ৰঞ্জিত বে়জবৰুৱা
- চেতনা দাস
- জোৱান দত্ত
- কৃষ্ণাক্ষী
- মানস (শিশুশিল্পী- ঋতুমণি)[1]
সঙ্গীত
সম্পাদনা কৰকসঙ্গীত প্ৰশান্ত বৰদলৈৰ। গীত লিখিছে হেমন্ত দত্তই। এটা গীতৰ ৰচনা প্ৰশান্ত বৰদলৈৰ। কণ্ঠদান কৰিছে আৰিফুল হক আৰু মুনমী বৰাই।[1]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "অ’ বনৰীয়া জুৰিটিৰ মনে কিবা বিচাৰি" | হেমন্ত দত্ত | মুনমী বৰা | |||||||
2. | "দিলা কিনো ৰং নেযায় মচা" | প্ৰশান্ত বৰদলৈ | আৰিফুল হক | |||||||
3. | "মান অভিমান কিয় বাৰু নিতে’ আহে" | হেমন্ত দত্ত | মুনমী বৰা, আৰিফুল হক | |||||||
4. | "কুসুমৰে সুবাসেৰে ভৰা এই মধুময় দিন তোমাৰ" | হেমন্ত দত্ত | আৰিফুল হক | |||||||
5. | "পুৱাৰ আগমণি ফুলৰ ভাগে টোপনি" | হেমন্ত দত্ত | মুনমী বৰা |