অমন শেৰাৱত (ইংৰাজী: Aman Sehrawat; জন্ম: ১৬ জুলাই ২০০৩) হাৰিয়ানাৰ এজন ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। ২০২৪ চনত বিস্কেকত অনুষ্ঠিত হোৱা এছিয়ান ৰেছলিং অলিম্পিক অৰ্হতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে[1] আৰু ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[2] তেওঁ হৈছে ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে ভাৰতৰ পৰা যোগ্যতা অৰ্জন কৰা একমাত্ৰ পুৰুষ মল্লযুঁজাৰু।[1]

অমন শেৰাৱত
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা  ভাৰত
জন্ম ১৬ জুলাই, ২০০৩ (২১ বছৰ)
বিৰোহৰ, হাৰিয়ানা, ভাৰত
উচ্চতা ১৭০ চেমি
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া মল্লযুঁজ
শিতান ফ্ৰীষ্টাইল মল্লযুঁজ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
আঞ্চলিক ফাইনেল Gold (২০২৩)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

ভাৰতৰ হাৰিয়ানাৰ জাজ্জাৰ জিলাৰ বিৰোহৰত অমন শেৰাৱতৰ জন্ম হৈছিল।[3] গাঁৱত তেওঁ প্ৰথমে বোকা মল্লযুঁজত অংশগ্ৰহণ কৰিছিল। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত সুশীল কুমাৰে ৰূপৰ পদক জয় কৰিছিল। সেই জয়ৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ১০ বছৰ বয়সত উত্তৰ দিল্লীৰ ছাত্ৰাশাল ষ্টেডিয়ামত নামভৰ্তি কৰে। মাত্ৰ ১১ বছৰ বয়সতে তেওঁ পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছিল।[4]

কৰ্মজীৱন

সম্পাদনা কৰক

২০২১ চনত শেৰাৱতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। প্ৰথমতে তেওঁ প্ৰশিক্ষক ললিত কুমাৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[3]

২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ জাগ্ৰেব অ’পেন মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ ৫৭ কেজি শাখাত চীনৰ জৌ ৱানহাওক ফাইনেলত ১০-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।[5]

২০২২ চনৰ এছিয়ান গেমছত তেওঁ ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[6][7][8][9][10] ২০২৩ চনৰ এপ্ৰিল মাহত কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল।

২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ ৫৭ কেজি শাখাত তেঁও ব্ৰঞ্জৰ পদক লাভ কৰে।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "2024 Asian Wrestling Olympic Qualification Tournament Results Book". United World Wrestling. https://cdn.uww.org/2024-04/final-book-seniors_asian_og_qualifier.pdf। আহৰণ কৰা হৈছে: 22 April 2024. 
  2. 2.0 2.1 "Paris Olympics: Wrestler Aman Sehrawat secures India's 6th medal, wins bronze in men's 57kg freestyle event" (en ভাষাত). DNA India. https://www.dnaindia.com/sports/report-paris-olympics-wrestler-aman-sehrawat-secures-india-s-6th-medal-wins-bronze-in-men-s-57kg-freestyle-event-3101370। আহৰণ কৰা হৈছে: 2024-08-09. 
  3. 3.0 3.1 The SportsGrail (2022-10-23). "Who Is Wrestler Aman Sehrawat, Biography, Age, Family, From Which State, U23 Wrestling Championships Gold Medal" (en ভাষাত). The SportsGrail. https://thesportsgrail.com/who-is-wrestler-aman-sehrawat-biography-age-family-from-which-state-u23-wrestling-championships-gold-medal/। আহৰণ কৰা হৈছে: 2024-01-12. 
  4. Selvaraj, Jonathan (17 May 2023). "Aman Sehrawat, the next wrestling sensation from Chhatrasal Stadium" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/wrestling/aman-sehrawat-indian-wrestler-profile-chhatrasal-stadium-paris-olympics/article66860052.ece. 
  5. "Wrestler Aman Sehrawat clinches men’s 57kg gold at Zagreb Open - Yes Punjab - Latest News from Punjab, India & World" (en-US ভাষাত). 2024-01-11. https://yespunjab.com/wrestler-aman-sehrawat-clinches-mens-57kg-gold-at-zagreb-open/। আহৰণ কৰা হৈছে: 2024-01-12. 
  6. Selvaraj, Jonathan (17 May 2023). "Aman Sehrawat, the next wrestling sensation from Chhatrasal Stadium". Sportstar. https://sportstar.thehindu.com/wrestling/aman-sehrawat-indian-wrestler-profile-chhatrasal-stadium-paris-olympics/article66860052.ece। আহৰণ কৰা হৈছে: 6 Oct 2023. 
  7. Chettiar, Ronald (13 Apr 2023). "Asian Wrestling Championships 2023: Aman Sehrawat wins gold medal". Olympics.com. https://olympics.com/en/news/asian-wrestling-championships-2023-astana-india-freestyle-day-5-results। আহৰণ কৰা হৈছে: 6 Oct 2023. 
  8. Vasavda, Mihir (13 Apr 2023). "From losing parents in childhood to Asian gold – wrestler Aman Sehrawat follows in famous footsteps". The Indian Express. https://indianexpress.com/article/sports/sport-others/wrestler-aman-sehrawat-clinches-gold-at-asian-championship-8555022/। আহৰণ কৰা হৈছে: 6 Oct 2023. 
  9. Chhabria, Vinay (6 Oct 2023). "Who is Aman Sehrawat? Meet the wrestler who won bronze medal in men's 57kg category at Asian Games 2023". Sportskeeda. https://www.sportskeeda.com/wrestling/news-who-aman-sehrawat-meet-wrestler-won-bronze-medal-men-s-57kg-category-asian-games-2023। আহৰণ কৰা হৈছে: 6 Oct 2023. 
  10. "Wrestling Trials: Aman Sehrawat books World Championship berth, Olympian Deepak Punia skips trials — More sports News". The Times of India. 26 Aug 2023. https://timesofindia.indiatimes.com/sports/more-sports/wrestling/wrestling-trials-aman-sehrawat-books-world-championship-berth-olympian-deepak-punia-skips-trials/articleshow/103091783.cms?from=mdr। আহৰণ কৰা হৈছে: 6 Oct 2023.