একুশে গ্ৰন্থমেলা, অমৰ একুশে গ্ৰন্থ মেলা (বঙালী: অমর একুশে গ্রন্থ মেলা) বা একুশে বই মেলা (বঙালী: একুশে বই মেলা) হ'ল বাংলাদেশৰ জাতীয় গ্ৰন্থমেলা যি প্ৰতি বছৰে ফেব্ৰুৱাৰীত আয়োজিত কৰা হয়। গোটেই ফেব্ৰুৱাৰী মাহত আয়োজিত এই গ্ৰন্থমেলা বাংলা একাডেমীয়ে আয়োজন কৰে। ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত বাংলা ভাষাক পূব পাকিস্তানৰ এটি স্বীকৃত ভাষা ঘোষণা কৰাৰ দাবীত প্ৰাণ দিয়া শ্বহীদৰ স্মৃতিত ই আয়োজিত।

ইতিহাস সম্পাদনা কৰক

 
২০১১ চনৰ একুশে গ্ৰন্থমেলাৰ মৈদান
 
২০১৬ চনৰ একুশে গ্ৰন্থমেলাৰ বেনাৰ

১৯৭২ চনৰ ২১ ফেব্ৰুৱাৰী (যাক শ্বহীদ দিৱস আৰু পাছলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে জনা যায়) তাৰিখে মুক্তধাৰা প্ৰকাশন গোষ্ঠীয়ে এটি সৰু বিক্ৰী আৰম্ভ কৰিলে বাংলা একাডেমীৰ সমুখত।[1] মুক্তধাৰাৰ চিত্তৰঞ্জন সাহাই আগভাগ লৈছিল এই বিক্ৰীত।[2] আন আন বিক্ৰেতায়ো অনানুষ্ঠানিকভাৱে পাছলৈ যোগদান কৰিলে। লাহে লাহে, ই হৈ পৰিল বাংলাদেশৰ আতাইতকৈ জনপ্ৰিয় আৰু আনুষ্ঠানিক গ্ৰন্থমেলা।

১৮৭৮ চনত বাংলা একাডেমীয়ে আয়োজনৰ ভাৰ গ্ৰহণ কৰিলে। ১৯৮৪ চনত ইয়াৰ নাম ৰখা হ'ল 'অমৰ একুশে গ্ৰন্থমেলা'। উল্লেখনীয় যে, ১৯৯০ৰ দশকত আন এক জাতীয় গ্ৰন্থমেলা আৰম্ভ হ'ল, যাৰ নাম ঢাকা আন্তৰ্জাতিক গ্ৰন্থমেলা। এই গ্ৰন্থমেলা প্ৰতি ডিচেম্বৰত চৰকাৰে অনুষ্ঠিত কৰে।

আয়োজন সম্পাদনা কৰক

'বই মেলা'খন এখন গ্ৰন্থমেলা হিচাপে আৰম্ভ হৈছিল, কিন্তু সময়ৰ সৈতে, ই বাঙালী জাতিৰ সাংস্কৃতিক চেতনাক প্ৰতিফলিত কৰা এক জাতীয় সাংস্কৃতিক উৎসৱ হৈ উঠিল।[3] কিতাপ বিক্ৰীৰ উপৰিও, বাংলা একাডেমীয়ে আন আন সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয় একুশে গ্ৰন্থমেলাত। কেইবাহাজাৰ লোকে কিতাপ কিনিবলৈ আৰু কিতাপ তথা লেখকৰ সান্নিধ্য লভিবলৈ গ্ৰন্থমেলাৰ মৈদানলৈ প্ৰতি বছৰে যায়। প্ৰৱেশত কোনো মাচুল লোৱা নহয়। বাংলাদেশৰ গ্ৰন্থ প্ৰকাশকসকলে গোটেই বছৰ তৈয়াৰী কৰে এই গ্ৰন্থমেলাৰ বাবে।

২০০৮ চনত ৩৬২ বিপণী তৈয়াৰ কৰা হৈছিল বিভিন্ন প্ৰকাশক আৰু বিক্ৰেতাৰ দ্বাৰা, যাৰে ভিতৰত আছিল বাংলা একাডেমী আৰু নজৰুল ইনষ্টিটিউট।[4] মেলাৰ ভিতৰে বাহিৰে বিভিন্ন বেনাৰ, ফেষ্টুন আৰু প্লেকাৰ্ড লগোৱা হয়, একুশে ফেব্ৰুৱাৰীৰ স্মৃতিত। সাধাৰণতে চৰকাৰৰ মুৰব্বীয়ে এই গ্ৰন্থমেলাৰ উদ্বোধন কৰে। দূৰদৰ্শনত উদ্বোধনী সভা পোণপটীয়াকৈ প্ৰচাৰ কৰা হয়।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Bangla Academy". Archived from the original on 2008-01-19. https://web.archive.org/web/20080119173538/http://www.banglaacademy.org.bd/ekushe_book_fair.php। আহৰণ কৰা হৈছে: 2022-05-11. 
  2. http://www.thefinancialexpress-bd.com/search_index.php?page=detail_news&news_id=24088 Ekushey Book Fair begins today
  3. "Bangla Academy". Archived from the original on 2008-01-19. https://web.archive.org/web/20080119173538/http://www.banglaacademy.org.bd/ekushe_book_fair.php। আহৰণ কৰা হৈছে: 2022-05-11. 
  4. :: The Jaijaidin Archived 2008-02-04 at the Wayback Machine - Internet :.. Edition
  5. http://www.thefinancialexpress-bd.com/search_index.php?page=detail_news&news_id=24088 Ekushey Book Fair begins today