অশোক শইকীয়া (ইংৰাজী: Ashok Saikia) ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) যুটীয়া সম্পাদক আছিল।[1][2] ১৯৮০ দশকত তেওঁ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অশোক শইকীয়া
জন্ম ১৯৪৭ চন
তিতাবৰ, যোৰহাট জিলা
মৃত্যু ২০০৭ চন
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৪৭ চনত যোৰহাট জিলাতিতাবৰত অশোক শইকীয়াৰ জন্ম হৈছিল। তেওঁ স্কুলীয়া শিক্ষা তিতাবৰতে গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ শ্বিলং আৰু দিল্লীৰ ৰামজাছ কলেজত বুৰঞ্জী বিষয়ত নামভৰ্তি কৰে। ১৯৭১ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়।[2][3]

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰথমতে, অশোক শইকীয়াই দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিছিল। তাৰ পিছত কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ দশকত তেওঁ অসমৰ এডুকেশ্বন কমিছনাৰ পদত আছিল। অশোক শইকীয়া ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) এজন সদস্য আছিল। সকলো স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় বাজপেয়ী আৰু গৃহ মন্ত্ৰী লাল কৃষ্ণ আদৱানিয়ে তেওঁৰ লগত আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিছিল।[1]

মৃত্যু সম্পাদনা কৰক

২০০৭ চনৰ ৩০ ডিচেম্বৰৰ দিনা অশোক শইকীয়াই মৃত্যুবৰণ কৰে।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "PM LOSES HIS BLUE-EYED BOY: MAN FRIDAY'S MANIPULATION". http://www.angelfire.com/in/jalnews/2003/17062.htm। আহৰণ কৰা হৈছে: 4 আগষ্ট 2013. 
  2. 2.0 2.1 PRIYA SAHGAL (JUL 24, 2000). "Who On Earth Is Ashok Saikia?". outlookindia.com. http://www.outlookindia.com/article.aspx?209765। আহৰণ কৰা হৈছে: 4 আগষ্ট 2013. 
  3. "Ashok Saikia: an officer and a gentleman". Sulekha.com. http://newshopper.sulekha.com/ashok-saikia-an-officer-and-a-gentleman_news_889704.htm। আহৰণ কৰা হৈছে: 4 আগষ্ট 2013. [সংযোগবিহীন উৎস]
  4. "Vajpayee PMO’s pointsman Ashok Saikia passes away". indianexpress.com. Dec 31 2007. http://www.indianexpress.com/news/vajpayee-pmo-s-pointsman-ashok-saikia-passes-away/255943/। আহৰণ কৰা হৈছে: 4 আগষ্ট 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক