অশ্বত্থামা (সংস্কৃত: अश्वत्थामा, ইংৰাজী: Ashwatthama) মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অশ্বত্থামা আছিল গুৰু দ্ৰোণৰ পুত্ৰ।[1] পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়। গুৰু দ্ৰোণৰ পুত্ৰ অশ্বত্থামা আৰু আনটো বনৰ হাতী যাক মহাভাৰতৰ যুদ্ধত ভীমে হত্যা কৰে।

অশ্বত্থামা
মহাভাৰতৰ চৰিত্ৰ
চিত্ৰ:Ashwatthama uses Narayanastra.jpg
অশ্বত্থামাই নাৰায়ণাস্ত্ৰ ব্যৱহাৰ কৰিছে
তথ্য
পৰিয়াল দ্ৰোণ (পিতৃ)
কৃপী (মাতৃ)
আত্মীয় কৃপাচাৰ্য (মোমায়েক)
ভৰদ্বাজ (ককাক)

জন্মসম্পাদনা কৰক

অশ্বত্থামাৰ পিতৃৰ নাম গুৰু দ্ৰোণ আৰু মাতৃৰ নাম আছিল কৃপী। জন্মৰ সময়ত অশ্বত্থামা অশ্বৰ দৰে শব্দ কৰিছিল বাবে তেওঁৰ নাম অশ্বত্থামা ৰখা হৈছিল।[2]

যুদ্ধ শিক্ষাসম্পাদনা কৰক

অশ্বত্থামাৰ পিতৃ গুৰু দ্ৰোণ এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণ হ’লেও তেওঁ ক্ষত্ৰিয়ৰ দৰেই যুদ্ধ বিদ্যাত পাৰদৰ্শী আছিল। গুৰু দ্ৰোণে তেওঁৰ পিতৃ ভৰদ্বাজ মুনিৰ পৰা যুদ্ধ বিদ্যা শিকে। পিতৃৰ সেই বিদ্যাৰে গুৰু দ্ৰোণে তেওঁৰ শিষ্যবিলাককো শিকাইছিল।[2]

তথ্য সংগ্ৰহসম্পাদনা কৰক