অসমলৈ মুছলমান সকলৰ প্ৰবজন


#অসমলৈ_মুছলমানৰ_প্ৰব্ৰজনৰ_কিছু_ইতিহাস :-

১) খ্ৰীষ্ট্ৰিয় সপ্তম শতিকাত তুৰ্কি সম্ৰাট সেষ্টিৰ হাছানৰ [[চীন]] অভিযান শেষ হোৱাত অসমৰ মাজেদি উভতি আহোতে কিছুসংখ্যক সেনা অসমত ৰৈ যায় (তথ্য: স্বাধীন অসম আৰু ঐতিহাসিক পটভুমি ,ৰবিউল হুছেইন বৰুৱা)।

(২)১৪ শতিকাত বঙ্গৰ নবাব হুছেইন শ্বাহে কমতা ৰাজ্য জয় কৰি 15-16 বছৰ ৰাজত্ব কৰে সেই সময়ত বহু মুছলিম সমাজ গঢ়ি উঠে তাৰ প্ৰমাণ হাজোৰ পোৱা মক্কা,ৰঙা মাটিৰ পকী মছজিদ ।

(৩)আহোম যুগত আজান ফকিৰ আদি পীৰৰ হাতত শ শ স্থানীয় লোকে ইছলাম গ্ৰহণ কৰে ।

(৪)১৮২৬ খ্ৰী:ত অসম ব্ৰিটিছৰ হাতত যোৱাত ব্ৰিটিছে হাবি জংগল চাফা কৰিবৰ বাবে বহু হিন্দু, মুছলিমক বংগৰ পৰা অসমত আনে বহুতক ৫ টকীয়া ফেমেলী টিকট দিও অসমত আনিছিল ।

(৬)" ৰিছালাতুছ ছোহাদা" নামৰ ফাৰ্ছি গ্ৰন্থত (1459-74) বংগৰ নবাব ইছমাইল গাজাৰ সৈতে কামৰূপৰ ৰজা কামেশ্বৰৰ যুদ্ধ হৈছিল । যুদ্ধৰ পিছত কামেশ্বৰে ইছমাইল গাজীৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । তেওঁৰ ৰাজত্ব কালত বহুতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ।(অসমৰ চৰ চাপৰিৰ জন জীৱনৰ ইতিবৃতি,মনছুৰ ৰহমান খান)

(৭) চুহুমুং দিহিংগীয়া ৰজাৰ সময়ত তুৰ্বকৰ নেতৃত্বত<১৫৩২-৩৩> অহা সামৰিক অভিযান পতনৰ পিছত আহোম ৰজাই যুদ্ধ বন্দীসকলক দেশৰ বিভিন্ন অঞ্চলত [[সংস্থাপন]] দিছিল ।