অসমীয়া কবিতা

অসমীয়া ভাষাত ৰচিত কাব্য

অসমীয়া কবিতা হৈছে অসমীয়া ভাষাত ৰচিত কবিতা। অসমীয়া কবিতাৰ উৎপত্তি ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে হোৱা বুলি ধৰা হয়।[1]

অসমীয়া কবিতাই লিখিত ৰূপ লাভ কৰাৰে পৰা অসমীয়া কবিতাক কেইবাটাও  স্তৰত ভাগ কৰিব পাৰি –

১) আদি স্তৰৰ কবিতা -
(ক) চৰ্যাপদ সমূহ
২) মধ্য যুগ-      
(ক) প্ৰাক্‌-শংকৰী স্তৰ
(খ) শংকৰী স্তৰ
(গ) শংকৰোত্তৰ স্তৰ
৩) আধুনিক যুগ –
(ক) প্ৰাক্-ৰোমাণ্টিক স্তৰ
(খ) ৰোমাণ্টিক স্তৰ
(গ) যুদ্ধোত্তৰ স্তৰ
(ঘ) অতি সাম্প্ৰতিক স্তৰ

আদি স্তৰৰ চৰ্যাপদ সমূহ

সম্পাদনা কৰক

প্ৰকৃত অসমীয়া ভাষাৰ নিদৰ্শন চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’হে পোৱা যায়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ আগৰ পৰ্যায়ত অসমীয়া ভাষাত কোনো কাব্য বা সাহিত্যৰ সৃষ্টি হোৱা নাছিল। যদিও সংৰক্ষণৰ অভাৱত বহুতো পুথি-পাঁজি লুপ্ত হৈ গৈছে। তথাপিও দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি অনুমান কৰা- চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণ আদি গ্ৰন্থত অসমীয়া সাহিত্য বা কবিতাৰ প্ৰাচীনতম নিদৰ্শন পোৱা যায়।  চৰ্যাপদৰ যুগৰ পৰা আজিলৈকে বিচাৰ কৰিলে অসমীয়া কবিতাৰ এক বিশাল মহাসমুদ্ৰ চকুত পৰে।  চৰ্যাগীতসমূহ গাবৰ কাৰণে ৰচিত।  সেই কাৰণে প্ৰত্যেকটো চৰ্যাতে, পৰৱৰ্তী কালত বৰগীতবোৰত থকাৰ দৰে ৰাগ সংযোগ কৰা আছে।  প্ৰত্যেকপদৰ দ্বিতীয় চৰণটো ধ্ৰুপদ অৰ্থাৎ দোহাৰি গাব লাগে (উদ্ধাৰ কৰি অনা পুথিখনত সৰ্বমুঠ ৪৬টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান বা দোহা আছে।  চৰ্যাপদ সমূহ সহজযান পন্থৰ ধৰ্মসাধন গীত।  প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে; ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ, কিন্তু গূঢ়াৰ্থ বা মৰ্মাৰ্থ বুজা কঠিন। ১৯০৭ চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজৰাবাৰ গ্ৰন্থালয়ৰ পৰা এই 'চৰ্যাপদ' বা বৌদ্ধগানসমূহ উদ্ধাৰ কৰি আনি 'হাজাৰ বৎসৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা”- এই নামেৰে ১৯৯৬ চনত প্ৰকাশ কৰে।  মুঠতে চাৰিখন একে পৰ্যায়ৰ পুথি শাস্ত্ৰীদেৱে সংগ্ৰহ কৰি আনি প্ৰকাশ কৰে সৰোহবজ্ৰৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ, ডাকাৰ্ণৱ আৰু 'চৰ্যাগীতিকোষ'। চৰ্যাগীতবোৰ ৰাগ ৰাগিণী সহকাৰে গোৱা হৈছিল।  প্ৰত্যেক গীতত ৰাগ ৰাগিণীৰ উল্লেখ কৰা আছে।   মাত্ৰাবৃত্ত ছন্দত ৰচিত এই গীতবোৰত অন্ত্যানুপ্ৰাস (চৰণ বা পংক্তিবোৰৰ শেষ ধ্বনিৰ পাৰস্পৰিক মিল) এটা মন কৰিবলগীয়া বিশেষত্ব।  পৰৱৰ্তী অসমীয়া সাহিত্যৰ সকলো ছন্দই অন্ত্যানুপ্ৰাসযুক্ত।  প্ৰত্যেক গীতৰ শেষত ভণিতা আৰু আৰম্ভতে ধুৰা আছে।  গীতৰ মাধ্যমেদি আত্মসাধনাৰ প্ৰক্ৰিয়া প্ৰকাশ কৰাৰ চেষ্টা চৰ্যাগীতৰপৰা আৰম্ভ কৰি ৰাতিখোৱা বা ভিতৰপকীয়া সম্প্ৰদায়ৰ দেহবিচাৰৰ গীতলৈকে একোটা পৰম্পৰাকে লক্ষ্য কৰা যায়।

শ্ৰীকৃষ্ণ কীৰ্তন :- খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি প্ৰমাণ পোৱা আৰু এখন উল্লেখযোগ্য কাব্য পুথি হৈছে বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। এই পুথিখনত অসমীয়া আৰু বংলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন পোৱা যায়। এই পুথিখনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক আছিল বসন্তৰঞ্জন ৰায় বিদ্যুৎবল্লভ। তেওঁৰ ওপৰত অভিযোগ আছে যে, তেওঁ পুথিখনৰ সম্পাদনা কৰোঁতে অসমীয়া ভাষাৰ আৱৰণ গুচাই অত্যধিক বঙলুৱা কৰিবলৈ যাওঁতে পুথিখনক যথেষ্ট বিকৃত কৰি তুলিছিল। কিন্তু ড° বাণীকান্ত কাকতিয়ে ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্ৰীকৃষ্ণ কীৰ্তনত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা দৃঢ়তাৰে প্ৰমাণ কৰিছে। শ্ৰীকৃষ্ণ কীৰ্তন ৰাধা-কৃষ্ণৰ প্ৰণয় সম্বলিত এখন মনোৰম কাব্য। ইয়াৰ কাহিনীভাগক গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হৈছে। পুথিখনত ১৬১টা শ্লোক আৰু ৪১৮টা পদ আছে।

শূন্য পুৰাণ :- “শূন্য পুৰাণ"কো কোনো কোনো পণ্ডিতে "মিশ্ৰ অসমীয়া" সাহিত্য বুলি মত পোষণ কৰিছে। অৱশ্যে ইয়াৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা নাযায়। ৰামাই পণ্ডিত "শূন্য পুৰাণ" গ্ৰন্থ খনিৰ ৰচক। কাব্যত ৰচিত এই পুথিখনি শূন্য বাদৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই কাব্য খনিৰ নাম "শূন্য পুৰাণ।" মানুহৰ মুখে মুখে প্ৰচলিত শূন্য নিৰঞ্জন সম্পৰ্কীয় কথা বিলাক ৰামাই পণ্ডিতে লিপিবদ্ধ কৰি উলিয়াইছিল। ৰমাই পণ্ডিতৰ এই পুথিখন হৰপ্ৰসাদ শাস্ত্ৰীযে বংগৰ বাঁকুলা জিলাৰ পৰা সংগ্ৰহ কৰে আৰু নগেন্দ্ৰ নাথ বসুৱে সৰ্ব প্ৰথমে কৰিছিল। ইয়াৰ নাম হৰপ্ৰসাদ শাস্ত্ৰীযে "ৰামাই পণ্ডিতৰ পদ্ধতি" ৰাখিছিল। নগেন্দ্ৰ নাথ বসুৱে ইয়াৰ নাম সলনি কৰি "শূন্য পুৰাণ" নাম দি "বংগীয় সাহিত্য পৰিষদৰ" পৰা ১৩১৪ বংগাব্দত (১৯০৭ চন হ'ব চাগে) প্ৰকাশ কৰি উলিয়ায়। ই প্ৰত্ন আৰু মিশ্ৰ অসমীয়া সাহিত্যৰ নিদৰ্শন।

(ক) প্ৰাক্‌-শংকৰী স্তৰ : - অসমীয়া সাহিত্যৰ সোণালী যুগ বুলি কোৱা হয় শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ সময়খিনিক আৰু শংকৰদেৱৰ এই সাহিত্য চৰ্চাৰ সময়খিনিক ভিত্তি কৰিয়েই যিটো যুগৰ সৃষ্টি হৈছিল তাকেই অসমীয়া সাহিত্যৰ মধ্য যুগ বুলি সাহিত্যৰ পণ্ডিতসকলে নামকৰণ কৰিছে।  সেই অনুসৰিয়েই শংকৰদেৱৰ পূৰ্বৱৰ্তী সময়ছোৱাক প্ৰাক-শংকৰী যুগ বুলি অভিহিত কৰিব পাৰি।  প্ৰাক-শংকৰী যুগৰ সময় নিৰ্ধাৰণ কৰা হয় ১৩০০-১৪৯০ খ্ৰীষ্টাব্দ।  প্ৰাক-শংকৰী অসমীয়া কবিতা আৰু সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ সময়।  এই যুগটোত প্ৰধানকৈ পাঁচগৰাকী কবিয়ে কাব্য সাধনা কৰিছিল, সেইসকল হ'ল – (১) হেম সৰস্বতী, (২) ৰুদ্ৰ কন্দলী, (৩) হৰিহৰ বিপ্ল, (৪) কবিৰত্ন সৰস্বতী আৰু (৫) মাধৱ কন্দলী।

প্ৰাক্‌-শংকৰী যুগত অসমীয়া কাব্য-সাহিত্যত  দেখা পোৱা  বৈশিষ্ট্য সমূহ  হ’ল -

১) ৰজা ঘৰীয়া পৃষ্ঠপোষকতা : প্ৰাক শংকৰী যুগৰ সাহিত্য সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, আটাই কেইগৰাকী সাহিত্যিকেই ৰজা ঘৰীয়া পৃষ্ঠপোষকতাত হে সাহিত্য ৰচনা কৰিছিল।

২) কাব্য সাহিত্য : প্ৰাক শংকৰী যুগৰ সকলো সাহিত্যই ৰচনা কৰা হৈছিল পদ্যত। গতিকে এই সাহিত্য সমূহক পদ্য সাহিত্য বা কাব্য সাহিত্য বুলি অভিহিত কৰিব পাৰি।

৩) অনুবাদ মূলক : এই সময়ত ৰচিত সকলো সাহিত্যই অনুবাদ মূলক সাহিত্য আছিল। মহাভাৰত আৰু ৰামায়ণৰ কাহিনীৰ আধাৰত প্ৰাক শংকৰী যুগৰ সাহিত্য সমূহ ৰচনা কৰা হৈছিল।

৪) মৌলিক পৰিবেশ : যদিও এই সময়ত সকলো সাহিত্যই অনুবাদ মূলক আছিল, তথাপিও অসমীয়া ভাষাৰ ৰূপ দিওঁতে সমকালীন অসমীয়া পৰিবেশৰ লগত খাপ খুৱাই সাহিত্য সমূহ ৰচনা কৰা হৈছিল।

৫) ছন্দৰ প্ৰয়োগ : মূল সংস্কৃত গ্ৰন্থৰ ছন্দৰ আৰ্হিতে এই সময়ত সাহিত্যত ছন্দৰ প্ৰয়োগ ঘটিছিল। অন্ত্যানুপ্ৰাস ছন্দৰ প্ৰয়োগেৰে পদ, দুলড়ী, ছবি আদি ৰচনা কৰা হৈছিল। ঝুমুৰী ছন্দৰ ব্যৱহাৰ অতি আকৰ্ষণীয় ভাৱে মাধৱ কন্দলীয়ে তেওঁৰ কাব্যত ব্যৱহাৰ কৰা দেখা গৈছিল।

৬) ভাষাৰ বিশেষত্ব : প্ৰাক শংকৰী যুগৰ সাহিত্যত ভাষা তাত্ত্বিক, ৰূপ তাত্ত্বিক আৰু শব্দ তাত্ত্বিক বিশেষত্ব বিশেষ ভাৱে চকুত পৰে।

ধ্বনি তাত্ত্বিক বিশেষত্ব ৰ উদাহৰণ স্বৰূপে – যুক্তাক্ষৰৰ সৰলীকৰণ, উ – ৰ প্ৰয়োগ, জ - ৰ প্ৰয়োগ, ৰ - ৰ পৰিবৰ্তে ল - ৰ প্ৰয়োগ আদি।

ৰূপ তাত্ত্বিক বিশেষত্ব ৰ উদাহৰণ স্বৰূপে - সৰ্বনামৰ বিভিন্ন ৰূপ, ক্ৰিয়াৰ বিভিন্ন কাল, শব্দ বিভক্তিৰ প্ৰয়োগ আদি।

শব্দ তাত্ত্বিক বিশেষত্ব ৰ উদাহৰণ স্বৰূপে – তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ, দেশী শব্দৰ লগতে বিদেশী শব্দ যেনে বাজাৰ, হাজাৰ আদিৰ প্ৰয়োগ, প্ৰত্যয়ৰ ব্যৱহাৰ আদি।

৭) যুদ্ধৰ বৰ্ণনা : প্ৰাক শংকৰী যুগৰ আটাই কেউজন কবিৰ সাহিত্যত যুদ্ধই এক বিশেষ স্থান লাভ কৰিছে। যুদ্ধৰ বৰ্ণনাও অতি সুনিপুন ভাৱে কৰি সকলে বৰ্ণনা কৰাত সফল হৈছে। কবি সকলে ৰচনা কৰা কাৰ্য্য সমূহো যুদ্ধৰ নামেৰে দিয়া দেখা গৈছে – যেনে  তাম্ৰ ধ্বজৰ যুদ্ধ, জয় দ্ৰথ বধ আদি।

৮) অলংকাৰ প্ৰয়োগ : যদিও অনুবাদ মূলক সাহিত্যই প্ৰাধান্য পাইছিল, তথাপিও সেই সময়ৰ কবি সকলে তেওঁলোকৰ সাহিত্যত ৰস সৃষ্টি বা স্বকীয়তা প্ৰকাশ কৰিবৰ বাবে থলুৱা অলংকাৰ, জতুৱা ঠাঁচ, খণ্ড বাক্য আদিৰ প্ৰয়োগেৰে প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল।

চতুৰ্দশ শতিকাৰ কবিকেইজনে ৰচনাৰ বিষয়বস্তু গ্ৰহণ কৰিছিল ৰামায়ণ, মহাভাৰত আৰু দুই এখন পুৰাণৰপৰা।  পৰৱৰ্তী যুগত প্ৰাধান্য লাভ কৰা ভাগৱত পুৰাণ আৰু হৰিবংশৰ জনপ্ৰিয়তা বিশেষ দেখা নাযায়।  এই যুগৰ প্ৰধানকৈ অনুবাদমূলক হলেও কবিসকলে দেশ আৰু পাত্ৰৰ উপযোগী কৰিবৰ কাৰণে ঠায়ে ঠায়ে নিজা ৰহণ নিদিয়াকৈ থকা নাই পৰিবেশ ৰচনাত বা পৰিস্থিতি চিত্ৰণৰ স্থানীয় ৰহণ দি পাঠকৰ মন অনুৰঞ্জন কৰাৰ প্ৰচেষ্টা বিশেষভাৱে দেখা যায়।

মাধৱ কন্দলি: অসমীয়া কবিতাৰ জগতৰ প্ৰাচীনতম শ্ৰেষ্ঠ কবিজন হ'ল মাধৱ কন্দলি।  এওঁৰ কবিতা তুলনাবিহীনভাৱে সুন্দৰ, চমকপদ।  অসমৰ কালিদাস এইজন কবিৰ একমাত্ৰ আৰু অতিশয় মূল্যবান সৃষ্টি হ'ল ৰামায়ণখন।  এইখনি অনুবাদ গ্ৰন্থ যদিও ইয়াৰ মাজত নিগৰি ওলাইছে তেওঁৰ মৌলিক প্ৰতিভা আৰু সৃজনী শক্তিৰ স্বচ্ছন্দ প্ৰবাহ।  তেওঁৰ ৰচনাৰ ভাষা অলংকাৰৰ সুষম প্ৰয়োগেৰে সুন্দৰ, ঘৰুৱা শব্দ আৰু জতুৱা ঠাঁচেৰেও এইবোৰ মনোমোহা।  ৰামায়ণখনিৰ কেইটিমান খণ্ডৰ টুকুৰা পদ বুটলি আনি বিচাৰ কৰিলে দেখা যাব যে এইবোৰে প্ৰকৃত কবিতাৰ লক্ষণ বহন কৰে।  কবিতাৰ দৰেই সুৰীয়া নহব আৰু অন্তৰপৰশা আবেদন এইবোৰত বিদ্যমান।  অযোধ্যাকাণ্ড'ত ৰামৰ মুখেদি দিয়া সীতাৰ বৰ্ণনাত প্ৰিয়া আৰু প্ৰকৃতিক এক কৰি পেলোৱা এক মধুৰ কাব্যিক পৰিমণ্ডল সৃষ্টি হোৱা দেখা যায়।  কবিয়ে ৰামৰ মুখেদি কোৱাইছে—

“জনকৰ জীউ দেখা নদী মন্দাকিনী।

তোমাৰ সদৃশ সুশোভিত মধাক্ষীণি।

ৰাজহংস দেখা সীতা তোমাৰ গমন।

চক্ৰবাক যুগল তোমাৰ দুই তন।”

প্ৰিয়াৰ ৰূপৰ মাজত জিলিকি থকা প্ৰকৃতিৰ সকলো সুন্দৰতাৰ ছবি অঁকাত কন্দলিৰ দক্ষতা আছিল চমকপ্ৰদ।  বক্তব্য বিষয়ক অলংকাৰেৰে সজাই-পৰাই এনে নিমজভাৱে তেওঁ দাঙি ধৰিছিল যে অনুবাদৰ সৌন্দৰ্য কেতিয়াবা মূলতকৈও চৰিছিলহে।  

হেমসৰস্বতী : এইজনা কবিতাধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠাপোষকতা লাভ কৰি 'প্ৰহ্লাদ চৰিত্ৰ' আৰু 'হৰগৌৰী-সংবাদ' ৰচনা কৰে।  ‘প্ৰহ্লাদ চৰিত্ৰ' এখনি সৰু বৰ্ণনাত্মক কাব্য।  দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তি আচৰণ কৰা কাৰণে কৰা উৎপীড়ণ আৰু শেষত নৰ-সিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায়।  তেওঁৰ বৰ্ণনা সৰল আৰু ঘৰুৱা ভাষাৰ আড়ম্বৰ নাই।  কঠিন আৰু যুক্তাক্ষৰবোৰ কোমল কৰি ব্যৱহাৰ কৰিছে; ৰ'ৰ ঠাইত ‘ল’ 'স’, শ' ৰ ঠাইত স্থান বিশেষে ‘খ’ ‘ও' কাৰৰ ঠাইত ‘উ’ কাৰৰ, ‘ৰ’কাৰৰ ঠাইত কোনো ঠাইত 'ল' কাৰ, অৰ ঠাইত ‘ও' কাৰ, হ্ৰস্ব-দীৰ্ঘ আৰু দন্ত্য আৰু মূৰ্ধন্যৰ অভেদ ব্যৱহাৰ ‘অ’ কাৰৰ ঠাইত ‘ও' কাৰ, 'ষ্ণ' ৰ ঠাইত ষ্ট সঘনে দেখা যায়।  শব্দৰ আদি যুক্তব্যঞ্জন সাধাৰণতে এটা ব্যঞ্জনলৈ ৰূপান্তৰ ঘটিছে।

কবিৰত্ন সৰস্বতী : কবিৰত্ন সৰস্বতীয়ে কমতাৰাজ দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠাপোষকতা লাভ কৰিছিল।  কবিৰত্ন সৰস্বতীয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ জয়দ্ৰথ বধৰ কাহিনীটো কাব্য আকাৰে বৰ্ণনা কৰিছে।   অসমীয়া সাহিত্যৰ চানেকীৰ প্ৰথম খণ্ডত উদ্ধৃত কৰা ‘কৈলাস বৰ্ণনা' অংশটোৰপৰা কবিৰত্ন সৰস্বতীৰ কবি প্ৰতিভাৰ কিছু আভাস পাব পাৰি।  মহাপুৰুষ শঙ্কৰদেৱৰ 'হৰমোহন'ৰ উপবন-বৰ্ণনাৰ সমকক্ষ নহ'লেও প্ৰায় ওচৰে ওচৰে যাব পৰা কাব্য সৌন্দৰ্য কৈলাস বৰ্ণনাত আছে বুলি ক'লে ভুল নহ'ব।  কৈলাসৰ ফল ফুলৰ শোভা, প্ৰথম অৰ্থাৎ শিৱৰ অনুচৰবোৰৰ বিস্ময়জনক বৰ্ণনা, নাগৰিকসকলৰ ৰূপ-যৌৱন আৰু মদন-চঞ্চল হৱ ভাৱৰ সুন্দৰ বিৱৰণ কৈলাস বৰ্ণনাত পোৱা যায়; কিন্তু মাধৱ কন্দলী বা হৰিহৰ বিপ্ৰৰ ঘৰুৱা চিত্ৰ আৰু জতুৱা ঠাঁচ কবিৰত্ন সৰস্বতীৰ ৰচনাত বিশেষ পোৱা নাযায়।

ৰুদ্ৰ কন্দলী : বৈষ্ণৱ কবি ৰুদ্ৰ কন্দলীয়ে পৃষ্ঠপোষকতা বা অনুপ্ৰেৰণা লাভ কৰিছিল শ্ৰীমন্ত তাম্ৰধ্বজৰ পৰা।  ৰুদ্ৰ কন্দলীয়ে দ্ৰোণপৰ্বৰ অন্তৰ্গত জয়দ্ৰথ নামৰ উপপৰ্বৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধযাত্ৰা আৰু বীৰত্বব্যঞ্জক বৰ্ণনাখিনি অনুবাদ কৰিছে।  ৰুদ্ৰ কন্দলীয়ে মূল মহাভাৰতৰ বিৱৰণ স্থান বিশেষে চমুৱাইছে, স্থান বিশেষে বহলাইছে আৰু স্থান বিশেষে মূলক সম্পূৰ্ণ অনুসৰণ কৰিছে।  অনুবাদখিনি যুদ্ধৰ বিৱৰণেৰে পৰিপূৰ্ণ, বৈষ্ণৱ যুগৰ বধকাব্যৰ যুদ্ধৰ বিৱৰণৰ লগত ৰীতিগত সাদৃশ্য দেখা যায়।  চৰিত্ৰ সৃষ্টি আৰু যুদ্ধৰ বিৱৰণৰ বাহিৰে অন্য পৰিস্থিতি বা পৰিবেশ ৰচনাৰ কোনো অৱকাশ কাব্যখনত নাই।  মানৱ মনৰ বিভিন্ন অৱস্থাত হোৱা প্ৰতিক্ৰিয়াৰ বিশেষ আভাস নাপাওঁ; কিন্তু যুদ্ধৰ বিৱৰণ দিয়াত ক্ষমতা নথকা নহয়।  ঠায়ে ঠায়ে অৱশ্যে ঘৰুৱা উপমা বা চিত্ৰ সংযোজনা কৰি পাঠকৰ হৃদয়গ্ৰাহ্য কৰিবলৈ কবি সক্ষম হৈছে।  বতাসে ভাঙয় যেন বৃক্ষ চম্পক, কেটলা পশুৰ যেন ভৈলা কলেৱৰ', 'পিম্পৰাৰ দল যেন দিল পটোৱাৰ', 'সুপুত সিংহক যেন জগাইল চৰণে’, ‘বাঘৰ আগত যেন মৃগৰ ছৱাল' আদি জতুৱা উপমাৰ প্ৰয়োগে কাব্যখনক জনসাধাৰণৰ ওচৰ চপাই নিয়াত সহায় কৰিছে।  কিন্তু ভাষাৰ ফালৰপৰা কাব্যখনক ইমান প্ৰাচীনতা আৰোপ কৰিবলৈ টান হয়।  এই কথা হৰিবৰ বিপ্ৰৰ কাব্যতো কিছু পৰিমাণে খাটে।

হৰিবৰ বিপ্ৰ : দুৰ্লভনাৰায়ণৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ সৰ্বশ্ৰেষ্ঠ।  হৰিবৰ বিপ্লৰ দুখন পুথি পোৱা গৈছে।  দুয়োখন কাব্যৰে বিষয় বস্তু পিতা পুত্ৰৰ ৰণ আৰু পুত্ৰৰ হাতত পিতাৰ পৰাজয়।  দুয়োখন কাব্য জৈমিনিয় আশ্বমেধিক পৰ্বত থকা আখ্যান অনুবাদ; এখন হ'ল ‘বব্ৰুবাহনৰ যুদ্ধ' আৰু আনখন 'লৱ-কুশৰ যুদ্ধ মূল জৈমিনি ভাৰতৰ যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞত ঘোঁৰাৰ অনুসৰণত যাওঁতে অৰ্জুন কেনেকৈ মণিপুৰ নগৰত তেওঁৰ পুত্ৰ বব্ৰুবাহনৰ লগত (নিচিনি) যুদ্ধ কৰি মৃত্যুৰ মুখত পৰিল আৰু পুতেক বব্ৰুবাহানে মাক চিত্ৰাঙ্গদা আৰু নাগকন্যা উলুপীৰ (অৰ্জুনৰে অন্যতম পত্নী) পৰামৰ্শমতে পাতলৰপৰা সঞ্জীৱনী মণি আনি বাপেকক পুনৰ্জীৱিত কৰিলে— এইখিনি বৰ্ণনা দিওঁতে প্ৰসঙ্গক্ৰমে লৱ-কুশৰ লগত ৰামৰ বৰ্ণনা কৰিছে।  মূল জৈমিনি ভাৰতত বব্ৰুবাহানৰ যুদ্ধ অধিকাৰিক আৰু লব-কুশৰ যুদ্ধ প্ৰাসঙ্গিক আখ্যান।  অসমীয়া কবিয়ে একে লক্ষণযুক্ত দুয়োটা আখ্যান স্বতন্ত্ৰ কাব্যৰূপে ৰচনা কৰিছে।  প্ৰত্যেকখন কাব্যতে ৬০০ৰ ওচৰা-উচৰি পদ আছে।  আখ্যান দুটা অসমীয়া ৰূপ দিওঁতে কবিয়ে মূল জৈমিনিয় ভাৰতৰ বৰ্ণনাৰ লগত সততে সঙ্গতি ৰাখিছে, মূলৰপৰা মৌলিক বিষয়ত বৰ বিশেষ আঁতৰি যোৱা নাই কিন্তু দেশ, কাল আৰু পাত্ৰৰ উপযোগী কৰিবলৈ স্থানবিশেষে বৰ্ণনাৰ কিছু বঢ়া টুটা কৰিব লগা হৈছে নাইবা মূল আখ্যানক বিকৃত নকৰাকৈ বাদ দিব পৰা কথা পৰিহাৰ কৰিছে আৰু মূলত নথকা দুই চাৰি আষাৰ কথা সংযোগ কৰি বৰ্ণনীয় বিষয়ত ৰহণ সানিছে।  বৰ্ণনীয় বিষয়ৰ লগত যদি পাঠক অন্তৰঙ্গতা স্থাপন কৰিব পাৰে আৰু বৰ্ণনাই যদি পাঠকৰ স্পৰ্শ কৰি ৰসানুভূতি সৃষ্টি কৰিব পাৰে তেন্তে কবিৰ কাব্যা ৰচনা সাৰ্থক হৈছে বুলি ক'ব পাৰি।  

(খ) শংকৰী স্তৰ:- অসমীয়া সাহিত্যৰ সবাতোকৈ বৈশিষ্ট্যপূৰ্ণ সময়খিনিত লগ পোৱা যায় শংকৰদেৱ আৰু মাধৱদেৱক। অসমীয়া কবিতাৰ এক বিশিষ্ট ধাৰা এই দুজনাৰ হাততে গঢ় লৈ উঠিছিল। মূলতে ধৰ্মপ্ৰচাৰক হোৱা বাবে আৰু সাহিত্যৰ আটাইবোৰ দিশত হাত দিয়া বাবে মহাপুৰুষ দুজনাক কেৱল কবি বুলি গণ্য কৰা নহয়।  কিন্তু বাকীবোৰ দিশ আঁতৰাই থৈ কেৱল কবিতাখিনি হাতত ল'লে দেখা যাব যে এইবোৰ স্বকীয় সৌন্দৰ্যৰে অনুপম।  

সৰ্বমুঠ বিচাৰত বৈষ্ণৰ কবিতাত এটি সীমাবদ্ধতা লক্ষ্য কৰা যায়।  কাৰণ বিষ্ণু বন্দনাই মূল ভাৰ হোৱাৰ বাবে বক্তব্যৰ পৰিসৰ ঠেক হৈ পৰে।  কিন্তু এওঁলোকৰ কাব্যসমূহৰ কিছু খণ্ড-কবিতা স্বতন্ত্ৰ কবিতাৰূপেও সুন্দৰ।  এইবোৰ খণ্ডত প্ৰকৃতিৰ ছবি, বৰষাৰ ছবি, শৰতৰ ছবি আৰু মনৰ বিবিধ অনুভূতি সুন্দৰৰূপে বিবিঙি ওলাইছে।  শংকৰদেৱৰ দশম আৰু কীৰ্তন পুথি অসমীয়া কবিতাৰ মূল্যৱান সম্পদ।  কিশোৰ বয়সতে 'কৰতল কমল' লিখা শংকৰদেৱে বাকীবোৰ দিশত হাত নিদি কেৱল কাব্যহে ৰচনা কৰা হ'লে তেওঁক হয়তো অসমৰ শ্ৰেষ্ঠ কবি আখ্যা দিয়া হ'লহেঁতেন।  মহাপুৰুষ মাধৱদেৱৰ ক্ষেত্ৰতো একে কথাকে ক'ব পাৰি।  বৰগীতবোৰৰ কাব্যিক সৌন্দৰ্যৰ কথা এৰিলেও 'নামঘোষা'ৰ মাজত প্ৰকট হৈ আছে মাধৱদেৱৰ কবি মনৰ সৌন্দৰ্য।  অসমীয়া ৰহস্যবাদী কবিতাৰ আলোচনা কৰিলে প্ৰথমতেই যিখিনি কবিতাৰ কথা ক'ব লাগিব সেয়া হৈছে 'নামঘোষা'ৰ অন্তৰ্গত ৰহস্যবাদী কবিতাখিনি।  পৰম বাঞ্ছিতৰ সন্ধানত আকুল হৈ পৰা কবিৰ দুখ-বেদনা, আশা-আকাঙ্ক্ষা আৰু মিনতি অভিযোগেৰে ভৰপূৰ এই প্ৰকাশ এজন ধৰ্মগুৰুৰ আধ্যাত্মিক চিন্তাধাৰাতকৈও এজন ৰহস্যবাদী কবিৰ মনোবেদনাৰূপে বেছি উজ্জ্বল।  দুয়োজনা মহাপুৰুষৰ কাব্যকেইখনিৰ মাজত সুকীয়াকৈ উলিয়াই আনিব পৰা যিবোৰ স্বয়ংসম্পূৰ্ণ খণ্ড আছে, প্ৰাচীন অসমীয়া কবিতাৰ সৌন্দৰ্য নিৰ্ণয় কৰিবৰ বাবে সেইবোৰ যথেষ্ট মূল্যবান সমল।  এইখিনিতে উল্লেখযোগ্য যে মাধৱদেৱৰ 'আলো মঞি কি কহব দুখ'  গীতটিক প্ৰথম অসমীয়া শোক কবিতা বুলি বিশিষ্টজনে স্বীকৃতি দিছে।

শংকৰ-মাধৱৰ পিছত কেইবাজনো প্ৰতিভাসম্পন্ন কবিয়ে নৱ-বৈষ্ণৱ সাহিত্যৰ ধাৰাবাহিকতা সমত্বে ৰক্ষা কৰিছিল।  তাৰ ভিতৰত অনন্ত কন্দলি, ৰামসৰস্বতী, ৰত্নাকৰ কন্দলি, শ্ৰীধৰ কন্দলি আদি কবিসকলৰ নাম ল'ব পাৰি।  এওঁলোকৰ কবিতাত শংকৰী সাহিত্যৰ অতিৰিক্ত কোনো সম্পদ নাই যদিও অভিনৱত্ব আছে শ্ৰীধৰ কন্দলিৰ কাণখোৱা'ত।  এই অকণমানি কাব্যখনিত মনোৰম শিশু চৰিত্ৰ এটি ফুটি উঠিছে ঘুমটি নোযোৱা কানাইৰ ছবিৰ মাজত।  অসমীয়া ধেমেলীয়া কবিতা তথা শিশু কবিতাৰ এইখনিয়েই বোধকৰো আদি ৰূপ।  মাধৱদেৱৰ কিছুমান গীতৰ মাজতো অৱশ্যে শিশু কবিতাৰ বীজ দেখা যায়।  কিন্তু গীতবোৰৰ মাজত থকা আধ্যাত্মিক তাৎপৰ্যই শিশু-কবিতাৰ লক্ষণ এইবোৰত ঢাকি পেলাইছে।  কন্দলিৰ কাণখোৱাত মাকে নানা ধৰণে ভয় দেখুৱাই শুৱাবলৈ বিচৰা অকণমানি শিশুৰ মৰম লগা ছবি স্পষ্ট।

বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবিসকলৰ কবিতাৰ ঘাই উপাদান আছিল ৰস বৈচিত্ৰ্য।  এওঁলোক বৈষ্ণৱ কবিসকলৰ দৰে উদ্দেশ্যধৰ্ষিতাৰ শিকলিৰে আবদ্ধ নাছিল।  সেয়েহে, কবিতাৰ যিটো ঘাই লক্ষ্য সেইটো পূৰণ কৰাত অৰ্থাৎ মনোৰঞ্জন কৰাত এওঁলোকে অকৃত্ৰিমভাৱে শ্ৰোতা আৰু পাঠকৰ মনৰ কাষ চাপিব পাৰিছিল।  পাচালী কবিসকলৰ ৰচনাৰীতি আছিল বিস্তৃত আৰু আড়ম্বৰপূৰ্ণ।  মনকৰ আৰু সুকবি নাৰায়ণদেৱৰ কাব্যৰ বিষয়বস্তু আছিল মনসাদেৱীৰ মাহাত্ম্যসূচক।  কিন্তু শংকৰী-সাহিত্যত বিষ্ণুমাহাত্ম্য প্ৰচাৰৰ মি উগ্ৰতা, সেই উগ্ৰতা মনসা কাব্যবোৰত নাই।  মনকৰে তেওঁৰ কাব্যত মনসাদেৱীৰ জন্মৰ কাহিনী ক'বলৈ গৈ শিৱ আৰু দুৰ্গাৰ প্ৰণয় কাহিনীৰ যি ছবি আঁকিছে সি উগ্ৰ আদি ৰসাত্মক যদিও কবিতাৰ নিৰাৱৰণ ৰূপ এটি তাৰ মাজত বিচাৰি পোৱা যায়।  সুকবি নাৰায়ণদেৱৰ গীতবোৰৰ মাজত কৰুণ ৰসৰ এটি হাদয়পৰশা আবেদন বৰ্তমান।  লক্ষ্মীন্দৰক খুটিবলৈ যোৱা কালীনাগৰ বেদনাৰ বিলাপবোৰ কোনো কোনো অংশত দুখৰ কবিতাৰ দৰে মনপৰশা।  এই দুজন কবিতকৈও দুৰ্গাবৰ আৰু পীতাম্বৰৰ কাব্যৰ মাজত প্ৰকৃত কবিতাৰ সমল বেছি।  কাহিনীৰ বিশাল অৰণ্যৰ মাজত পথ হেৰুওৱা নিজৰাৰ দৰে এওঁলোকৰ কবি প্ৰতিভা মাজে মাজে দেখা দি আকৌ হেৰাই গৈছে।  দুৰ্গাবৰৰ ৰামায়ণত ৰাৱণৰ মুখত সীতাৰ ৰূপৰ বৰ্ণনা পৰম্পৰাগত আহিব হ'লেও তাত প্ৰকাশৰ সৌন্দৰ্য আছে—

“নাহি দেখো নাহি শুনো নাহি আন থান।

সাক্ষাতে দেখিয় চিত্ৰ পুতলি সমান॥

চন্দ্ৰতো সুন্দৰ দেখি মুখ অগ্ৰভাগ।  

কেতেকীৰ বৰ্ণ সম দেহা অনুৰাগ॥

মৃণাল সদৃশ যেন বাহু দুইখান।  

সিন্দুৰ চামৰ হাৰ ৰত্নে যে শোভন।

হৃদয় সুবৰ্ণ বৰ্ণ দেহা মধ্য ক্ষীণ।

লয়লাস গতি যায় ৰাজহংস চিন॥ ”

মাজতো প্ৰণয় আৰু বিৰহৰ টুকুৰা ছবি কিছুমান সজীৱ হৈ আছে।  প্ৰকৃতিৰ ছবিৰ লগত মিলাই মানৱ মনৰ সুকোমল ছবি আঁকাত তেওঁৰ নৈপুণ্য লক্ষ্য কৰা যায় নানা অংশত।

অসমীয়া কবিতাৰ এই প্ৰাচীন ইতিহাস আলোচনা কৰিলে আজান ফকিৰ আৰু চান্দসাইৰ গীতবোৰৰ কথাও দুআষাৰ কোৱা উচিত আজান ফকিৰৰ গীতৰ মাজত আছে ইচলামীয় আৰু বৈষ্ণৱ বীতিৰ সংমিশ্ৰণ।  “চান্দসাইৰ গীতত 'নো’মিক' কবিতাৰ সোৱাদ আছে। ” পুৰণি কবিতাৰ ভিতৰত এই দুজন পুৰুষৰ ৰচনাত অন্যত বিৰল এটি সোৱাদ পোৱা যায়।  সেই সোৱাদ হ'ল ঘৰুৱা মাত-কথা আৰু বৈষ্ণৱী ৰীতিৰ লগত ইচলামৰ আদৰ্শৰ সুমিশ্ৰণ।  এনে ধৰণৰ সোৱাদ দিয়ে আৰু দুখন প্ৰণয় কাব্যই।  এখন হ'ল দ্বিজৰামৰ 'চাহাপৰী উপাখ্যান' আৰু অজ্ঞাত কবিৰ 'মধুমালতী'।  এই দুয়োখন কাব্যতে চুফী কবিতাৰ ক্ষীণ সুঁতি এটি দেখ-নেদেখকৈ বৈ আছে।

শংকৰোত্তৰ স্তৰ:- উত্তৰ-শংকৰী যুগৰ কবিসকলে শংকৰদেৱৰ সাহিত্যৰ আদৰ্শকে সাৰোগত কৰি কবিতা ৰচনা কৰিছিল।  শংকৰদেৱৰ কবিতাৰ মূল আদৰ্শ আছিল ভক্তি ধৰ্মৰ প্ৰচাৰ আনহাতে শংকৰোত্তৰ যুগৰ কবিসকলৰ লিখনিৰ গুৰুজনাৰ ভক্তিধৰ্মৰ আদৰ্শই প্ৰসাৰতা লাভ কৰিছিল যদিও ই পূৰ্বৰ গভীৰতা হেৰুৱাই পেলাইছিল।  এই যুগৰ কবিসকলৰ কাব্য ৰচনাৰ আধাৰ আছিল- ব্ৰহ্মবৈৱৰ্ত পুৰাণ, পদ্মপুৰাণ, ধৰ্মপুৰাণ, মহাভাৰত আদি সংস্কৃত গ্ৰন্থসমূহ।  শংকৰোত্তৰ যুগৰ কেইজনমান উল্লেখযোগ্য কবি হৈছে- গোপাল আতা, পদ্মপ্ৰিয়া, গোপাল মিশ্ৰ, গোবিন্দ মিশ্ৰ, দামোদৰ দাস, ৰামমিশ্ৰ, বিষ্ণু ভাৰতী, অনিৰুদ্ধ আৰু কবিৰাজ চক্ৰৱৰ্তী।

কবিৰাজ চক্ৰৱৰ্তীক শংকৰোত্তৰ যুগৰ শ্ৰেষ্ঠ কবি বুলি আখ্যা দিয়া হয়।  তেওঁৰ প্ৰকৃত নাম আছিল ৰানমাৰায়ণ চক্ৰৱৰ্তী।  তেওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ শাসনকালত আহোম ৰাজসভাৰ ৰাজকবি আছিল।  তেওঁৰ পাণ্ডিত্যৰ বাবেই কবিৰাজ উপাধি লাভ কৰিছিল বুলি জনা যায়।  কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ, গীতগোবিন্দ, শঙ্খচূড় বধ, শকুন্তলা, ভাস্বতী আদি গ্ৰন্থ ৰচনা কৰিছিল। মহাভাৰতৰ আদি-পৰ্বৰ কাহিনীভাগক ভিত্তি কৰি লৈ কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছে আন এখন মনোৰম কাব্য ‘শকুন্তলা’।  কালিদাসৰ বিখ্যাত নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ কাহিনীভাগৰ লগত এই কাব্যৰ সাদৃশ্য বিচাৰি পোৱা যায়। কবিৰাজ চক্ৰৱৰ্তীৰ আনএখন গ্ৰন্থ গীত গোবিন্দ তেওঁৰ কাব্যকৃতিৰ আন এক উজ্জ্বলতম নিদৰ্শন।  জয়দেৱৰ কাব্যৰ গীতবোৰৰ অনুবাদেই হ’ল গীত-গোবিন্দ।  শিৱসিংহৰ ৰাজত্বকালতে প্ৰস্তুত কৰা বুলি অনুমান কৰা এই কাব্যৰ এটি চিত্ৰৰূপো পোৱা যায়।  কবিৰাজ চক্ৰৱৰ্তীৰ আটাইকেইখন কাব্যতে অলংকাৰৰ প্ৰাচুৰ্য লক্ষ্য কৰা যায়।  সেইদৰে বৰ্ণনীয় বিষয়ৰ লগত সংগতি ৰাখি উপযুক্ত শব্দচয়ন ব্যৱহাৰ কৰাতো কবিৰাজ চক্ৰৱৰ্তী পাকৈত।

শংকৰ উত্তৰ যুগৰ এজন অন্যতম কবি গোপাল আতা আছিল মাধৱদেৱে পতা বাৰজন ধৰ্মাচাৰ্যৰ ভিতৰত অন্যতম।  গোপাল আতা মহাপুৰুষীয়া ধৰ্মৰ কাল সংহতি শাখাৰ প্ৰৱৰ্তক।  মাধৱদেৱে জীৱনৰ শেষ বয়সত নিজৰ বাৰজন শিষ্যক ধৰ্মাচাৰ্য পাতি উজনি আৰু মধ্য অসমত প্ৰচাৰৰ দায়িত্ব দিয়ে।  সেই অনুসৰি গোপাল আতাই ভৱানীপুৰত থাকি ধৰ্মৰ কামত আত্মনিয়োগ কৰে।  নাটৰ গীতৰ বাহিৰেও তেওঁ অন্যান্য বহুতো গীত আৰু ঘোষা ৰচনা কৰিছে।  গীতবোৰত মহাপুৰুষ মাধৱদেৱৰ প্ৰভাৱ সুস্পষ্ট।  কালসংহতিৰ সত্ৰবোৰত এই গীতবোৰক বৰগীতৰ মৰ্যাদা প্ৰদান কৰিছে।  আতাই ৰচনা কৰা গীতবোৰত তেওঁৰ কাব্য প্ৰতিভাৰ নিদৰ্শন ফুটি উঠিছে।

শংকৰ উত্তৰ যুগৰ এজন অন্যতম কবি  তথা অসমৰ প্ৰথম গৰাকী মহিলা কবিপদ্মপ্ৰিয়া আই।  গোপালদেৱৰ প্ৰথমা পত্নী বৃন্দাৱতী আইৰ কন্যা আছিল।  মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু দেউতাক গোপালদেৱৰ আৰ্হিতে পদ্মপ্ৰিয়াই ৰাগযুক্ত গীত ৰচনা কৰিছিল।  তেওঁ ৰচনা কৰা গীতবোৰ ৰামগিৰি, ৰামকেলি আদি ৰাগৰ।  পদ্মপ্ৰিয়াই তেওঁৰ গীতবোৰৰ মাজেৰে শংকৰদেৱ,মাধৱদেৱ আৰু গোপালদেৱৰ বন্দনাও ফুটাই তুলিছে।

গোপাল মিশ্ৰ দামোদৰ দেৱৰ শিষ্য আছিল। গোপাল মিশ্ৰই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল বুলি জনা যায়।  তাৰ ভিতৰত ঘোষাৰত্ন অন্যতম। ‘ঘোষাৰত্ন’ নামঘোষা জাতীয় গ্ৰন্থ।  গোপাল মিশ্ৰৰ পাণ্ডিত্যৰ নিদৰ্শন ‘ঘোষাৰত্ন’তে নিহিত হৈ আছে।  ভগবানক জগবন্ধু বুলি উল্লেখ কৰি, তেওঁ ভগবানৰ দাস হিচাপে কৃপা ভিক্ষা কৰি ‘ঘোষাৰত্ন’ত লিখিছে—

জয়-যদুপতি জগন্নাথ, নিয়োক দাসক উদ্ধাৰি।

তযু দাস বুলি মোক কৃপা কৰা তুমি জগবন্ধু হৰি॥

গোবিন্দ মিশ্ৰৰ জন্ম হৈছিল খৃষ্ট্ৰীয় ষোড়শ শতাব্দীৰ মাজভাগত।  গোবিন্দ মিশ্ৰৰ শ্ৰীমদ্ভাগৱতৰ অনুবাদ পদগীতা অতি সৰল ভাষাত ৰচিত অসমীয়া কাব্য সাহিত্যৰ মূল্যবান গ্ৰন্থ।  পদগীতাৰ উপৰিও গোবিন্দ মিশ্ৰই ভট্টদেৱৰ ‘ভক্তিবিৱেক’ৰ অসমীয়া পদানুবাদ কৰি তেওঁৰ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছে।  পদগীতাৰ ৰচনাত তেওঁ শংকৰাচাৰ্য, ভাস্কৰীৰ মত আৰু হনুমন্তী টীকা, আনন্দগিৰি আৰু শ্ৰীধৰ স্বামীৰ টীকা বিচাৰ কৰি নিজ বুদ্ধিৰ প্ৰয়োগ ঘটাইছে বুলি উল্লেখ কৰিছে।  দুয়োখন গ্ৰন্থতে কবিগৰাকীৰ পাণ্ডিত্যৰ চিন সুস্পষ্ট। গোবিন্দ মিশ্ৰৰ কবিতাৰ নমুনা

শ্ৰীমদ্ভাগৱত গীতা (দ্বিতীয় অধ্যায়)

দৈৱকী তনয়         দেৱ কৃপাময়

      কৃষ্ণ দেৱীতাৰ সাৰ।

পঙ্কজ চৰণে         প্ৰৱেশিয়া মনে

      পুনু কৰো নমস্কাৰ॥

দামোদৰ দাস খৃষ্ট্ৰীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্ধৰ কবি।  দামোদৰ দাসে মহাভাৰতৰ ‘শল্য-পৰ্ব’ আৰু ‘দ্ৰোণ-পৰ্ব’ অসমীয়ালৈ অনুবাদ কৰিছে। তেওঁৰ ৰচনাৰাজিৰ ভাব-ভাষা অতি প্ৰাঞ্জল,সহজে বুজিব পৰা বিধৰ।  গ্ৰন্থ দুখনে তেওঁৰ কাব্যশক্তিৰ লগতে গভীৰ পাণ্ডিত্যৰ পৰিচয় দিছে।  দামোদৰ দাসৰ কবিতাৰ নমুনা-

মহাভাৰত (দ্ৰোণ পৰ্ব) দ্ৰোণ বধ

সঞ্জয় বদতি শুনিয়োক নৃপবৰ

ধৰ্মৰাজে শুনি হেন বচন কৃষ্ণৰ॥

অন্তৰে মাথা তুলি বুলিলা বচন।

কৰিবো তোমাৰ আজ্ঞা কমল লোচন॥

ইয়াৰ পিছত বহুকাললৈকে অসমীয়া কবিতাৰ এক অন্ধকাৰ যুগ চলি আছিল বুলি ক'ব পাৰি।  ইংৰাজৰ শাসন, আহোম ৰাজত্বৰ অৱসান, অসমীয়া ভাষাৰ বিতাৰণ আৰু শক্তিশালী ব্যক্তিত্বৰ নেতৃত্বৰ অভাৱত কবি আৰু কাব্য-ৰসিক উভয় শ্ৰেণীয়েই যেন এই সময়ত সুপ্ত অৱস্থাত আছিল।  

৩)(ক) প্ৰাক্-ৰোমাণ্টিক স্তৰ :- প্ৰাক-ৰোমাণ্টিক যুগটো অসমীয়া কবিতাৰ বাবে এক উল্লেখযোগ্য সময়।  এই সময়চোৱাতে অসমীয়া কবিতাই ইয়াৰ গতি-প্ৰকৃতি বহুখিনি সলনি কৰিছিল।  ১৮২৬ চনত বৃটিছ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়।  ইয়াৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি মাৰ যায় আৰু অসমৰ ৰাজনীতি, সমাজনীতি আৰু সংস্কৃতি সকলোতে পশ্চিমৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। ১৮২৬ৰ পৰা জোনাকী যুগৰ(১৮৮৯ চন) আৰম্ভণিৰ আগলৈকে- এই সময়ছোৱাক অসমীয়া সাহিত্যৰ যুগসন্ধিৰ সময় বুলি কব পাৰি।  আৰু এই সময়ছোৱাকেই অসমীয়া সাহিত্যৰ পণ্ডিতসকলে প্ৰাক-ৰোমাণ্টিক যুগ বুলি অভিহিত কৰিছে। এই সময়ছোৱাত আধুনিক অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰভাৱশালী যুগ ৰোমাণ্টিক যুগৰ কিছু পূৰ্বাভাস দেখিবলৈ পোৱা গৈছিল।  প্ৰাক-ৰোমাণ্টিক যুগত অসমীয়া কাব্য-সাহিত্যত আগেয়ে দেখা নোপোৱা বহুতো বৈশিষ্ট্য দেখিবলৈ পোৱা গৈছিল।  যেনে-

Ø অসমীয়া কবিতাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ,

Ø অসমীয়া কবিতাত ক্ৰমান্বয়ে ধৰ্মীয় আৰু পৌৰাণিক কথা-কাহিনীৰ কমি যোৱা প্ৰভাৱ

Ø  অসমীয়া কবিতাত বুৰঞ্জীবোধ আৰু স্বদেশপ্ৰেমৰ উন্মেষ

Ø সাংসাৰিক সুখ-দুখ, আনন্দ-উল্লাসে পোন-প্ৰথমবাৰৰ বাব অসমীয়া কবিতাত স্থান লাভ

অসমীয়া কবিতাৰ আনবোৰ যুগৰ তুলনাত এই যুগত কবিৰ সংখ্যা বৰ কম।  এই যুগৰ কবিসকলৰ ভিতৰত ঘাইকৈ ৰমাকান্ত চৌধুৰী দুতিৰাম লক্ষণ হাজৰিকা,নিধি লিবাই ফাবোৱেল, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য আৰু ৰত্নেশ্বৰ মহন্তৰ নাম লেখত ল’ব লগীয়া।

দুতিৰাম লক্ষণ হাজৰিকাই অসম্পূৰ্ণ ‘ৰসিক-পুৰাণ' নামেৰে পুৰণি আৰ্হিৰ পদত - কানি-ভাং আদিৰ উৎপত্তিৰ কথা ধেমেলীয়া সুৰত কোৱাৰ লগতে কোম্পানীৰ কানিবেচা নীতিৰ এটি তীব্ৰ সমালোচনা কৰিছিল।  এইফালৰ পৰা এইটিক আধুনিক প্ৰকৃতিৰ কবিতা বুলিব পাৰি।

ইয়াৰ পিছতে ল'বলগীয়া নামটো হ'ল নিধি লিবাই ফাবোৱেল।  ফাৰোৱেলৰ 'বিনই বচন', ‘প্ৰভু যিচু খ্ৰিষ্টৰ অৱতাৰ বিৱৰণ' আদি কবিতাবোৰ পুৰণি আহিৰ হলেও তেওঁৰ দুটি এটি কবিতাত ‘নতুন আদৰ্শ লৈ আঁতৰি আহিবৰ যত্নও দেখা যায়।  গতিকে 'আধুনিক অসমীয়া কবিতাৰ দুৰ্বল আৰম্ভণি ফাবোৱেলতে হয়। ” 'অৰুনোদই' কাকতৰ যোগেদি অসমীয়া সাহিত্যৰ নতুন ৰূপ এটা বিৰিঙি ওলাবলৈ ধৰিছিল।

প্ৰাক-ৰোমাণ্টিক যুগৰ এজন অন্যতম কবি ৰমাকান্ত চৌধুৰীয়েই পোন প্ৰথমে অসমীয়া কবিতাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ কৰিছিল। আৰু ১৮৭৫ চনত তেওঁ বাংলা কবি মাইকেল মধুসূদন দত্তৰ ‘মেঘনাদ বধ কাব্য’ৰ আৰ্হিত ‘অভিমন্যু বধ’ কাব্য ৰচনা কৰে। মাইকেলৰ কাব্যৰ ৰীতি অনুসৰণ কৰিছে যদিও ৰমাকান্তৰ ‘অভিমন্যু বধ’ত আচহুৱা শব্দ নাইবা কষ্ট কল্পনাৰ প্ৰয়োগ নাই।

ভোলানাথ দাসে তিনিখন কবিতাপুথি ৰচনা কৰিছিল সেইকেইখন হ’ল- সীতাহৰণ কাব্য, কবিতা মালা(দুটা খণ্ড) আৰু চিন্তা তৰঙ্গিনী। ‘সীতাহৰণ কাব্য’ কবিতাপুথিখন ১৮৮৮ চনত প্ৰকাশ পায়। এই কাব্যখনি সাতোটা সৰ্গত বিভক্ত। কাব্যখনত কবিৰ কাব্য প্ৰতিভা আৰু ঐতিহাসিক প্ৰমূল্য বিশেষভাবে ফুটি উঠিছে। যাৰ বাবে অসমীয়া সাহিত্যত এইখন গ্ৰন্থই এক বিশেষ স্থান লাভ কৰিছে। ভোলানাথ দাসৰ দ্বিতীয়খন কবিতাপুথি ‘কবিতা মালা’ৰ প্ৰথমছোৱা ১৮৮১ চনত আৰু শেষছোৱা ১৮৮৩ চনত প্ৰকাশ পায়। কবিতামালা মূলতঃ শিশু উপযোগী কবিতা পুথি। সেয়ে বিভিন্ন উপদেশ আৰু নীতিকথাৰে পৰিপূৰ্ণ হৈ আছে কবিতাপুথিখন। তদুপৰি কাব্যপুথিখনৰ প্ৰাকৃতিক বৰ্ণনাখিনিও অতি মনোমোহা।

প্ৰাক-ৰোমাণ্টিক যুগৰ কবি কমলাকান্ত ভট্টাচাৰ্য আছিল প্ৰথমজন অসমীয়া কবি যাৰ কবিতাত পোনপ্ৰথমবাৰৰ বাবে দেশপ্ৰেম, বুৰঞ্জীবোধ আদিৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক বিষয়-বস্তুৱে ঠাই পাইছিল। ভট্টাচাৰ্যৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদয়’ৰ পাতত। কমলাকান্তৰ কবিতাপুথি দুখন- ‘চিন্তানল’ আৰু ‘চিন্তা তৰংগ’। ‘চিন্তানল’ৰ আগছোৱা ১৮৯০ চনত আৰু শেষছোৱা ১৯২২ চনত প্ৰকাশ পায়। ‘চিন্তাতৰংগ’ প্ৰকাশিত হয় ১৯৩৩ চনত। কমলাকান্তৰ প্ৰায়বোৰ কবিতাতেই আক্ষেপৰ সুৰে জৰ্জড়িত হৈ আছে। এই আক্ষেপ তেওঁৰ কবিতাৰ মাজেৰে অগ্নিৰ দৰে বৰষিছে। তেওঁৰ অন্তৰৰ ক্ষোভ প্ৰধানকৈ অতীত অসমৰ শৌৰ্য-বীৰ্য,গুণ-গৰিমাৰ বিলুপ্তি, অসমৰ সামাজিক অৱক্ষয়, অসমীয়া ৰাইজৰ কৰ্মৰ প্ৰতি উদাসীনতা আদিক কেন্দ্ৰ কৰিয়েই প্ৰকাশ পাইছিল। তেওঁ পিছে কেৱল আক্ষেপ বা ক্ষোভ প্ৰকাশ কৰিয়েই ক্ষান্ত হৈ থকা নাছিল, তেওঁ কবিতাসমূহৰ মাজেৰে অসমবাসীক অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ আৰু চিন্তা কৰিবলৈও আহ্বান জনাইছিল। কমলাকান্তৰ কবিতাৰ ছন্দ সাৱলীল নহয় আৰু বৰ শ্ৰুতিমধুৰো নহয়; কিন্তু অনুভৱৰ তীব্ৰতা আৰু মৌলিক কল্পনাৰ বাৰুকৈয়ে আছে। তেওঁৰ কবিতাত প্ৰকাশ পোৱা ক্ষোভ আৰু উত্তাপৰ বাবেই অসমীয়া সাহিত্য জগতত তেওঁক ‘অগ্নি কবি’ নামেৰে জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাই কমলাকান্তৰ কবিতাবোৰৰ বিষয়ে ‘স্বদেশৰ দুখত হৃদয়ভগা হুমুনিয়াহ’ বুলি মন্তব্য কৰি গৈছে। কমলাকান্ত ভট্টাচাৰ্যৰ কবিতাৰ নমুনা (জাতীয় গৌৰৱ )-

বুৰঞ্জী লেখক জাতীয় গৌৰৱ

কিবা চিন পাবা অসম দেশৰ।

যত কবিকুল জাতি পদ্মফুল

লভিলে জনম ফলে কি পাপৰ

হায়! হায়! হায়! বুকু ফাটি যায়

যি জুইয়ে পুৰিছে হৃদয় সদায়।

উহ! পাহৰণি যেন ৰাক্ষসিনী

গিলিলি বহুত অসম গৌৰৱ।

কোনে উলিয়াব কোনে বা দেখাব

জন্মিছেনে এনে মহা অনুভৱ?

ঠিক অসমীয়া মানুহ নহয়

অসম শ্মশান নোহে কোনে কয়।

প্ৰাক-ৰোমাণ্টিক যুগৰ এগৰাকী সুনিপুন কবি হোৱাৰ উপৰিও ৰত্নেশ্বৰ মহন্ত এগৰাকী প্ৰবন্ধকাৰো আছিল।   মাত্ৰ ২৯ বছৰ কাল জীয়াই থকা এই কবিগৰাকীয়ে অতি কম সময়তে অসমীয়া সাহিত্যজগতত নিজৰ চানেকি ৰাখি থৈ গৈছে। দুটা খণ্ডত প্ৰকাশ পোৱা মহন্তৰ একমাত্ৰ কবিতাপুথি ‘কবিতাহাৰ’ আছিল তেওঁৰ সম্ভাৱনা পূৰ্ণ কাব্য প্ৰতিভাৰ অন্যতম চানেকি। তেৱেই অসমীয়া কবিতাত পোন-প্ৰথম বাবে সাংসাৰিক সুখ-দুখ, প্ৰেম-প্ৰণয় আদি বিষয়বোৰ বাস্তৱ ধৰ্মী ৰূপত উপস্থাপন কৰিছিল। ‘কবিতাহাৰ’ত সন্নিবিষ্ট থকা কেইটামান উল্লেখযোগ্য কবিতা হৈছে- স্তুতি, দুপ-নিশা, গাঁৱলীয়া বোৱাৰী, পত্নী-বিলাপ, সংসাৰ সুখৰ ঠাই ইত্যাদি। কবিতাবোৰৰ শিৰোনামৰ পৰাই কবিতাবোৰৰ বিষয়বস্তু সম্পৰ্কে অনুমান কৰিব পাৰো। ৰত্নেশ্বৰ মহন্তৰ কবিতা “সংসাৰ সুখৰ ঠাই” ৰ কিছু অংশ-

সংসাৰ সুখৰ ঠাই

যি বিচাৰা তাকে পায়,

দুঃখ চালে, দুঃখ পায়,

সুখৰো অভাব নাই

সংসাৰত একো নাই, বোলে নজনাই।

প্ৰাক-ৰোমাণ্টিক যুগৰ কবিৰ সংখ্যা কম যদিও অসমীয়া সাহিত্যত এই যুগটোৰ বিশেষ তাত্পৰ্য আছে। কিয়নো অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰভাৱশালী যুগ ৰোমাণ্টিক যুগৰ ভেটি এই যুগতেই নিৰ্মাণ হৈছিল।

(খ) ৰোমাণ্টিক স্তৰ: - অসমীয়া সাহিত্যৰ সবাতোকৈ বৈভৱময় কাল 'জোনাকী যুগ'ৰ কাব্যিক অৱদানৰ তুলনা নাই। ৰোমাণ্টিক চিন্তাধাৰা এই যুগৰ ঘাই অৱদান। এই যুগতে কবিসকলৰ কল্পচকু মেল খালে সবাক প্ৰকৃতিৰ ফালে, হৃদয়ে পালে ক্ষুদ্ৰ মানৱৰ মাজত থকা মহত্ত্বৰ সন্ধান। ক্ষুদ্ৰ মানৱৰ ব্যক্তিগত আবেগ-অনুভূতি প্ৰথমবাৰৰ ৰাবে হৈ পৰিল কবিতাৰ বিষয়ৰস্তু। ৰোমাণ্টিক স্তৰত ন-ন লক্ষণৰ মেটমৰা বোজাৰে ফলৰ ভৰত দো-খাই পৰা বৃক্ষৰ দৰে হৈ পৰিছিল অসমীয়া কবিতা।

জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি খ্যাত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনি বন্ধুৰ আশাশুধীয়া প্ৰযত্নতে জন্ম হৈছিল 'জোনাকী' কাকতৰ আৰু অসমীয়া সাহিত্যলৈ আহিছিল অভিনৱ নতুন লহৰ। চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বনকুঁৱৰী' নামৰ কবিতাটিৰ যোগেদি অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক কবিতাৰ আগমন ঘটে। আগৰৱালাৰ বিবিধ কবিতাৰ মাজত ৰোমাণ্টিক সাহিত্যৰ বেছিভাগ লক্ষণেই জিলিকি আছে। তাৰে ভিতৰত 'তেজীমলা', 'বীণ-ব'ৰাগী', 'মানৱ-বন্দনা' আদি দুটিমান কবিতা মিনা কৰোৱা অলংকাৰৰ দৰে সাহিত্যৰ ভূষণ হৈ আছে। আগৰৱালাৰ ছন্দৰীতি সকলো ক্ষেত্ৰতে নিমজ নহয়। কিন্তু তাৰ মাজতে 'মাধুৰী'ৰ দৰে অপূৰ্ব ছন্দময় কবিতাও, তেওঁ ৰচনা কৰিছে। এইটি কবিতা ভাবৰ সুকুমাৰতাৰ ফালৰ পৰা মনোমোহা সাধাৰণতে প্ৰতিমাৰ খনিকৰ' আখ্যাৰেহে তেওঁ খ্যাত যদিও অন্য এখনি সংকলন 'বীণ-ব'ৰাগী'ও কম সুন্দৰ নহয়। আগৰৱালাৰ পোনপতীয়া নিৰ্ভাজ কথাৰীতিৰ মাজত আলংকাৰিক শব্দ-প্ৰয়োগ বিশেষ চকুত নপৰে। তেওঁৰ কবিতাত কেতিয়াবা বৰ্তমান দীপ্ত হৈ উঠে, কেতিয়াবা অতীতৰ ৰেঙণি পৰে আৰু কেতিয়াবা হয়তো ভৱিষ্যতেও ভূমুকি মাৰি যায়। কবিতাবোৰত আছে একৰ মাজত অনেকৰ প্ৰকাশ দেখি অভিভূত হোৱা কবি প্ৰাণৰ প্ৰতিবিম্ব। আগৰৱালাৰ কবিতাৰ প্ৰিয় বিষয় হ'ল মানুহ মানুহৰ শক্তি, মহত্ত্ব, ঐশ্বৰ্য আৰু মানুহৰ নীচতা, শঠতা, অহংকাৰৰ কথা তেওঁৰ কবিতাত প্ৰকাশ পাইছে। অসমীয়া মানুহৰ কল্পনাৰ জগতৰ আলসুৱা চৰিত্ৰ তেজীমলাক কবিতালৈ আনি তেওঁ তেজীমলাৰ মুখেৰে কোৱাইছে-

“মানুহৰ চোতালত                মাধুৰী ফুটিলে

মানুহে নিচিনি, হায়,

সাবি তুলি ছিঙি                    মোহাৰি পেলালে

মানুহৰ মৰমো নাই।" আগৰৱালাৰ কবিতাত প্ৰকৃতি এক বিচিত্ৰ শক্তি। এই প্ৰকৃতি ৰূপময়ী, স্নেহময়ী আৰু চিৰন্তনা। প্ৰকৃতিৰ চিৰন্তন শক্তিৰ আগত মানৱ-জগত তুচ্ছ আৰু ক্ষুদ্ৰ-

“ক'ৰ কোন কিবা হ'ল

চিন স্মৃতি পমি গ'ল

প্ৰকৃতি যে তেনেকৈয়ে ৰ'ল।”

আগৰৱালাই দি গ'ল কবি-প্ৰাণৰ অভিনৱ অৱদান এক সৌন্দৰ্যবোধৰ চেতনা—"সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল।" এই মহাৰাণীৰ মাজতে আছে কবিতা আৰু জীৱন সম্পৰ্কে তেওঁৰ আন্তৰিক উপলব্ধিৰ দীপ্ত প্ৰকাশ।

জোনাকী'ৰ জেউতি উজ্জ্বল কৰি তোলা আৰু সেই জেউতিৰে বাট বুলা অন্যতম ব্যক্তি বেজবৰুৱাৰ কবিতাতকৈও তেওঁৰ শক্তিশালী ব্যক্তিত্বহে আছিল। এক কাব্যিক প্ৰেৰণাৰ থল। সাহিত্যৰ বিভিন্ন অংগতে তেওঁ হাত ফুৰাইছিল। আৰু কবিতাত দিছিল বিচিত্ৰ আস্বাদ। তেওঁৰ বেছিভাগ কবিতাই প্ৰকৃত কবিতাৰ সোৱাদ নিদিব পাৰে, কিন্তু এমুঠি সাৰ্থক কবিতাৰ মাজত আছে তেওঁৰ কৰি প্ৰতিভাৰ মনোৰম স্বাক্ষৰ। বেলাড জাতীয় ৰচনাত তেওঁৰ দক্ষতা ফুটি ওলাইছে 'ধনবৰ আৰু ৰৰ্তনী', 'ৰতনীৰ বেজাৰ' আদি কবিতাৰ মাজত  এইবোৰৰ প্ৰকাশ-বীতি বনগীত সুৰীয়া—

“বালিতে উৰিছে          দুটি বালিমাহী

লগৰে লগৰী পাই।

পাৰতে কান্দিছে            ধনবৰ দুখীয়া

ৰতনী লগতে নাই॥"

বেজবৰুৱাৰ সুন্দৰ আশাবাদ কেতিয়াবা তেওঁৰ কবিতাৰ মূল আকৰ্ষণ হৈ পৰে। বেজবৰুৱাৰ হাতত প্ৰাণ পায় আৰু এবিধ কবিতাই। সেইবিধ হ'ল পোড়ী আৰু হাস্যৰসাত্মক কবিতা। বেজবৰুৱাৰ হাস্যৰসৰ তুলনা নাই। ই একাধাৰে নিৰ্মল আৰু চোগে ব্যংগৰে ভৰপূৰ। নিৰ্মল হাসাৰসেৰে ঘৰুৱা মাত-কথাৰ প্ৰয়োগ কৰি ৰচনা কৰা তেওঁৰ পেৰডীবোৰে সৰ্বসাধাৰণৰ মন সহজে জয় কৰিছিল। বংগৰ দ্বিজেন্দ্ৰলালৰ বিখ্যাত স্বদেশপ্ৰেমৰ গীত 'ধনে-ধান্যে পুষ্পে ভৰা'ৰ, পেৰড়ী তেওঁ কৰিছে

“ক'ত এনে কুঁজি ঠেকেৰা টেঙাই যায় দাঁত

এঠাদৈ ক'ত এনে নেৰাই ধুলে যাক।”

'বৃন্দা-চন্দ্ৰাৱলী সংবাদ' আদি কবিতাত মাজে মাজে ইংৰাজী শব্দ ভৰাই তেওঁ সৃষ্টি কৰিছে অভিনৱ ৰচনাশৈলী। এনে শৈলী কেৱল বেজবৰুৱাৰ বাবেহে সম্ভৱ। বেজবৰুৱাৰ কবিতাৰ মূল সুৰ তিনিটা-সবল দেশপ্ৰেম, গভীৰ আধ্যাত্মিকতা আৰু নিৰ্মল হাস্যৰস।

একোটি মধুৰ সাংগীতিক লয়ে তেওঁৰ আগৰৱালা আৰু বেজবৰুৱাৰ হাততে হাত মিলাই কবিতাৰ জগতত খোজ দিয়া অন্যতম কবি হ'ল হেমচন্দ্ৰ গোস্বামী। এওঁৰ অভিনৱ অৱদান হ'ল অসমীয়া ছনেট। ছনেটৰ বিশিষ্ট ছন্দসজ্জাৰ মাজত সুকোমলা প্ৰিয়াৰ প্ৰেমৰ ধ্যান "প্ৰিয়তমাৰ চিঠি' কবিতাটিৰ মূল আকৰ্ষণ। কবিতাৰ দুষ্টিমান শাৰী

"ফুল ফুলে, সৰি যায়, শুকায় বননি;

বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে।

তোমাৰ চিঠিয়ে, প্ৰিয়ে, জানে কি মোহিনী,

নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে।

মত শুভো, চুমা খাওঁ, নালাগে আমনি

হৃদয়ত হেঁপাহৰ ভোটা তৰা জ্বলে।"

এইজনা কবিৰ দুটামান সুন্দৰ কবিতাই 'জোনাকী' আন্দোলনৰ বিস্তৃতি ঘটাইছিল যদিও অনুশীলনৰ অভাৱত তেওঁৰ সাৰ্থক কবিতাৰ সংখ্যা কম।

ৰোমাণ্টিক কবিতাৰ ঢৌৱে অসমৰ কবি আৰু কবিতা প্ৰেমীৰ মন বুৰাই পেলোৱাৰ ফলতে বহুতো প্ৰতিভাৱান সাহিত্যিকৰ এই সময়তে উন্মেষ ঘটিছিল। তাৰে ভিতৰত অন্যতম আছিল পদ্মনাথ গোহাঞিবৰুৱা। গোহাঞিবৰুৱা এজন নিপুণ গদ্যশিল্পী। কবি ৰূপে তেওঁৰ দক্ষতা বৰ বেছিকৈ প্ৰকাশ পোৱা নাই যদিও 'জুৰণি', 'লীলা' আৰু 'ফুলৰ চানেকি' নামৰ তিনিখন কাব্যৰ মাজত ঠায়ে ঠায়ে ৰচনাৰ বিশিষ্ট সৌন্দৰ্য প্ৰতিভাত হৈ উঠিছে। 'উৰ্মিলা' তেওঁৰ এটি সুন্দৰ কবিতা। 'লীলা' কাব্যৰ আৰত আছে আধুনিক শোক কবিতাৰ লক্ষণ। কম পৰিমাণৰ কবিতাৰ দ্বাৰা সাহিত্যৰ ইতিহাসত নাম থৈ যোৱা আৰু দুজন কবি হ'ল বেণুধৰ ৰাজখোৱা আৰু আনন্দ চন্দ্ৰ আগৰৱালা। আগৰৱালাৰ বৈশিষ্ট্য আছিল বিদেশী কবিতাৰ নিমজ আৰু শুৱলা অনুবাদ। মলৰ সৌন্দম তেওঁ এনেভাৱে অক্ষণ্ণ ৰাখিছিল যে সেই কৃতিত্বৰ বাবেই জীৱন-সংগীত', 'চহা আৰু পণ্ডিত', 'সুখৰ ঠাই' আদি কবিতা অসমীয়া সাহিত্যৰ অমূল্য সম্পদ ৰূপে স্বীকৃত হৈছে।

জোনাকী যুগৰ বিশিষ্ট কবিসকলৰ অনুপ্ৰেৰণা আৰু চাৰিওফালে দেখা দিয়া জাগৰণৰ কোলাহলে কবিসকলক নিজৰ হৃদয় ৰত্তিক ন-কৈ আৱিষ্কাৰ কৰিবলৈ উৎসাহিত কৰিলে। অসমীয়া শোক কবিতাৰ ক্ষেত্ৰত আগশাৰীৰ কবি হ'ল হিতেশ্বৰ বৰবৰুৱা। এওঁ প্ৰথমখন ছনেট পুথিৰো প্ৰণেতা। বৰবৰুৱাৰ কবিতাত কৰুণ ৰস, জাতীয় চেতনা আৰু পৈণত অমিত্ৰছন্দ লক্ষণীয়। এই সময়তে কাব্য-জগতত পদাৰ্পণ কৰে অসমৰ অন্যতম শ্ৰেষ্ঠ কবি ৰঘুনাথ চৌধাৰীয়ে। চৌধাৰী প্ৰকৃতিৰ কবি। তেওঁ অসমীয়াৰ আদৰৰ বিহগী কবি। প্ৰকৃতিৰ ৰূপে-ৰসে ভৰা জগতৰ বিচিত্ৰ সৌন্দৰ্যৰ সম্ভেদ পাই উতলা হোৱা কবি প্ৰাণেৰে তেওঁ ৰচনা কৰিছে অসংখ্য শ্ৰুতিমধুৰ আৰু হাদয় পৰশা কবিতা। বোধকৰো চৌধাৰীৰ ক্ষেত্ৰতে অসমীয়া কবিতাত “উৎকৃষ্ট শব্দৰ সুবিন্যাস'ৰ নীতি সাৰ্থকভাৱে প্ৰযোজিত হৈছে। সূক্ষ্ম পৰ্যবেক্ষণ আৰু গভীৰ ৰস-গ্ৰহণৰ ক্ষমতাৰে কবি চৌধাৰীৰ হাদয় সমৃদ্ধ। কালিদাসৰ দৰে তেওঁ প্ৰত্যক্ষ কৰিছে শব্দ-গন্ধ-বৰ্ণে ভৰা এখন অপৰূপ প্ৰকৃতিৰ জগত। এই জগতৰ চৰাই আৰু ফুলে দেৱদূতীৰ দৰে কবিৰ হাদয়ক দিছে অলৌকিক আনন্দৰ সম্ভেদ। বিহাৰ কল-কুজনত অসীমৰ সন্ধান পোৱা কবিয়ে যিকেইটি চৰাই কবিতা ৰচনা কৰি থৈ গৈছে সেইকেইটিৰ তুলনা নাই। 'কেতেকী'ত “চৰাই জীৱনৰ আনন্দময় ৰূপে একপ্ৰকাৰ সৰ্বেশ্বৰবাদৰ ৰূপ পৰিগ্ৰহ” কৰি অসমীয়া কবিতাত যুগমীয়া অভিলেখ এৰি থৈ গৈছে। ভাৰতীয় চিত্তবৃত্তিৰ চিৰচিনাকি জ্ঞান আৰু বৈৰাগ্যৰ দুটি এটি চমকে চৌধাৰীৰ কলমত 'ফুলশয্যা' আদি সাৰ্থক কবিতাৰ জন্ম দিলেও তেওঁৰ ঘাই অৱদান হ'ল প্ৰকৃতি তথা বিহগ বিষয়ৰ কবিতাকেইটিহে। কাৰণ অসমীয়া সাহিত্যত এনে বাণী-চিত্তবে সুশোভিত ভাৱ-ভাষাৰে সুষম কবিতা তেওঁৰ আগে পিছে কোনেও লিখিব পৰা নাই।

প্ৰকৃতি বিষয়ক কোমল অনুভূতিৰ বিপৰীতে অন্য এটি উত্তপ্ত অনুভূতি হ'ল—স্বদেশ চেতনা। অসমীয়া কবিতাত এই উত্তপ্ত অনুভূতিৰ যিজনে জ্বালাময়ী প্ৰকাশ ঘটাইছিল তেওঁ হৈছে অম্বিকাগিবি ৰায়চৌধুৰী। ৰায়চৌধুৰী বুলিলেই মনলৈ আহে---

“এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুবোৱা গান,

ই যে জীৱন মৰণ একাকাৰ কৰা মৰণ বীণাৰ তান।"

প্ৰতিটো শব্দৰ আঁৰত যেন ফিৰিঙতি হাপ খাই থাকে, প্ৰতিটো চৰণত যেন বিয়পি থাকে জুই, সেয়েই হ'ল--ৰায়চৌধুৰী কবিতা। বিদ্ৰোহাত্মক চিন্তা আৰু স্বদেশপ্ৰেমৰ অপূৰ্ব সমাহাৰত তেওঁৰ কবিতাৰ শক্তিশালী ৰূপ এটি দেখা যায়। অন্য এটি সুকুমাৰ লক্ষণ হ'ল তেওঁৰ কবিতাত ৰহস্যবাদ। 'তুমি' কাব্যৰ মাজত এই ধাৰাৰ উন্মেষ লক্ষ্য কৰা যায়। তেওঁৰ প্ৰিয়াৰ ৰূপ কেনেদৰে ক্ৰমে ক্ৰমে বিকশিত হৈ নানা স্তৰৰ মাজেদি গৈ ভগৱৎ-প্ৰেমত পৰিণত হৈছে— তাকে চমক লগা ৰূপত বৰ্ণিত হৈছে 'তুমি' কাব্যত। 'তুমি'ৰ মাজেদি আত্মপ্ৰকাশ কৰা সাৰ্থক ৰহস্যবাদী কবি ৰায়চৌধুৰী ব্যস্ত জীৱনৰ চলন্ত সোঁতত হেৰাই গ'ল। কিন্তু অসমীয়া সাহিত্যলৈ দি গ'ল এমুঠি দীপ্তমান কবিতা। উত্তৰ-জোনাকী কালৰ অন্য কবিসকলেও নিজা নিজা অৱদানেৰে এই সময়ত সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। এই আটাইবোৰ কবিতা গুণগত মানেৰে মূল্যবান নহ'লেও কবিতাৰ ইতিহাসত এইবোৰৰো যথাযথ ভূমিকা আছে। আলোচনী-কেন্দ্ৰিক অসমীয়া কাব্য-সাহিত্যত ইয়াৰ পিছতে আৱিৰ্ভাৱ ঘটে 'বাঁহী' আৰু 'আলোচনী'ৰ। 'বাহী'ৰ জৰিয়তে পোহৰলৈ অহা কবিৰ ভিতৰত অন্যতম হ'ল যতীন্দ্ৰনাথ দুৱৰা। ব্যক্তিগত বিষাদবোধ তেওঁৰ কবিতাৰ মূল সৌন্দৰ্য। সুতীব্ৰ অনুভূতি আৰু গীতিময় প্ৰকাশে দুৱবাৰ কবিতাৰ ব্যক্তিগত কাৰুণ্যক সৰ্বজনীনতা প্ৰদান কৰিছে।

কবিতা আৰু গীতৰ মাজত ৰোমাণ্টিক আদৰ্শ, ৰবীন্দ্ৰনাথৰ প্ৰভাৱ, স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া ইত্যাদি মিশ্ৰিত লক্ষণেৰে বিশ আৰু ত্ৰিশৰ দশকত কিছুমান ভাল কবিতা ৰচিত হৈছিল। এইবোৰৰ ৰচকসকল যে প্ৰতিজনেই সাৰ্থক কবি আছিল এনে নহয়, হয়তো সাহিত্য-সংস্কৃতিৰ অন্য কোনো দিশতহে তেওঁলোক নামজলা আছিল। তথাপিও তেওঁলোকৰ কিছুমান কবিতা আছিল অতুলনীয়ভাৱে সুন্দৰ। তেনে কেইজনমান কবি হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা, ডিম্বেশ্বৰ নেওগ, সূৰ্যকুমাৰ ভূঞা আদি। গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাব কোমল গীতি কবিতা এইকালৰ মূল্যৱান সম্পদ।

বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱা আৰু তপোবনৰ কবি অতুলচন্দ্ৰ হাজবিকাৰ অসমীয়া কাব্য সাহিত্যত সুকীয়া আসন আছে। হাজৰিকাৰ কবিতাৰ সংখ্যা বিশাল আৰু সেইবোৰ বহু লক্ষণযুক্ত। ছন্দৰ স্বচ্ছন্দতা তেওঁৰ কবিতাৰ লক্ষণীয় বৈশিষ্ট্য। প্ৰায় একে সময়তে জনপ্ৰিয়তাৰ শিখৰলৈ উঠা কবিজন হ'ল গণেশ গগৈ। দুৱৰাৰ দৰে এওঁৰো কবিতাৰ মূল হ'ল ব্যক্তিগত বেদনা। গগৈয়ে তেওঁৰ কাব্যপুথি পাপৰি'ৰ পৰিচয় নিজে দিছে—

"পদুম ফুলৰ পাপৰি নহয়

পাপৰি প্ৰাণৰ মোৰ

সুখৰ নহয় দুখৰ নহয়

হিয়াভৰা চকুলোৰ।"

অসমীয়া কবিতাৰ ইতিহাসত তিনিগৰাকী মহিলাৰ বিশিষ্ট অৱদানৰ কথা সোণালী আখৰেৰে লিখা আছে। তেওঁলোক হ'ল নলিনীবালা দেৱী, ধৰ্মেশ্বৰী দেৱী বৰুৱানী আৰু যমুনেশ্বৰী খাটনিয়াৰ। ত্ৰিশৰ দশকৰ সমাপ্তিৰ পৰত জিলিকি উঠে নলিনীবালা দেৱীৰ অগতানুগতিক কবি প্ৰতিভা। ব্যক্তিগত কাৰুণ্য এওঁৰ কবিতাৰ উৎস। এক গভীৰ অতীন্দ্ৰিয়বাদৰ সুৰ আৰু ভগৱৎ-প্ৰেমৰ ৰহস্যবাদী প্ৰকাশেৰে এই কবিতাবোৰ নলিনীৱালাৰ কবি প্ৰতিভাৰ চূড়ান্ত চানেকি। তেওঁৰ হৃদয় আৰু চিন্তাধাৰা ভাৰতীয় মনৰ আধ্যাত্মিক পৰম্পৰাবে সৃষ্ট। অসমীয়া সাহিত্যত আধ্যাত্মিক চিন্তাধাৰাৰ ইমান উচ্চ খাপৰ ৰচনা আৰু নাই।

(গ) যুদ্ধোত্তৰ স্তৰ:- হেম বৰুৱাৰ প্ৰায় লগে লগেই ওলাই আহিল নৱকান্ত বৰুৱা - অসমীয়া কবিতাৰ মুকুটবিহীন সম্ৰাট। এই দুজন কবিৰ প্ৰতিভা আৰু প্ৰজ্ঞাৰ উমান পায়ে যেন তেওঁলোকৰ কবিতাৰে সোমাই আহিল প্ৰতীকবাদ, অভিব্যক্তিবাদ, চিত্ৰকল্পবাদ আদি কঠিন মতবাদসমূহ। এওঁলোকৰ খোজত খোজ মিলাই যিসকল কবি আগবাঢ়ি আহিল তেওঁলোকৰ কবিতাত ফুটি উঠিল ধৰ্ম, প্ৰেম, সৌন্দৰ্য আদি প্ৰতিষ্ঠিত মূল্যবোধত সংশয়, নগৰকেন্দ্ৰিক যান্ত্ৰিক সভ্যতাৰ কঠোৰতা, ফ্ৰয়েডীয় অৱদমিত সূত্ৰৰ প্ৰাদুৰ্ভাৱ, মৃত্যুচেতনা, মাৰ্ক্সীয় চিন্তাধাৰাৰ প্ৰভাৱ, প্ৰতীকবাদী, ছুৰিয়েলিষ্ট আৰু অস্তিত্ববাদী দৰ্শনত বিশ্বাস, এক গভীৰ ক্লান্তি আৰু ক্ষোভৰ মনোভাৱ, চীনা, জাপানী আৰু আৰৱী আদি কবিতাৰ সৌৰভ গ্ৰহণ, অপৰিপাটি ছন্দ-বিন্যাস আৰু ইচ্ছাকৃত বা অনিচ্ছাকৃত এক ভাষিক দুবোধ্যতা। প্ৰতিবেশী বাংলা কাব্যত জীৱনানন্দ দাস, বুদ্ধদেৰ বসু, বিষ্ণু দে আদি কবিসকলৰ প্ৰেৰণাই পৰোক্ষভাৱে অসমীয়া কবিতাতো ছাঁ নেপেলোৱাকৈ নাথাকিল। ঈশ্বৰ, সমাজ আৰু সুখাৱহ পৰিবেশৰ বিৰুদ্ধে এটি বিদ্ৰোহী মনোভাৱেবে এই সময়ৰ কবিতাবোৰ প্ৰতীকবাদী কণ্ঠস্বৰেৰে কেতিয়াবা ভবি উঠিছিল। এই সময়ৰ কবিতাৰ মাজত উজ্জ্বল হৈ আছে সাম্যবাদী আৰু ব্যক্তিগত অনুভূতিবাদী এই দুই ধাৰাৰ ইংগিত।

আধুনিক অসমীয়া কাব্য আন্দোলনৰ গুৰি ধৰি হেম বৰুৱাই পিছৰ কবিসকলৰ বাবে মহৎ প্ৰেৰণাৰ কাম কৰিছিল। ১৯৪০ চনৰ মাৰ্চ মাহত ‘আৱাহন’ৰ পাতত ওলোৱা 'বান্দৰ' নামৰ কবিতাটো আছিল নতুন কবিতাৰ শক্তিশালী বাৰ্তাবাহক। সমাজ সচেতনতা তেওঁৰ কবিতাৰ লক্ষণীয় বৈশিষ্ট্যা। জয়ন্তী, পছোৱা, আৱাহন আৰু ৰামধেনুৰ পাতত হেম বৰুৱাৰ কবিতা প্ৰকাশিত হৈ এক আলোড়নৰ সৃষ্টি কৰিছিল।

মহেন্দ্ৰ বৰাই নতুন কবিসকলক দুটা বহল ভাগত ভগাইছে। এদল ‘জনতাৰ কবি’ আনদল ‘নিৰ্জনতাৰ কবি’। এই দুই ভিন্নমুখী কাব্যশ্ৰোতৰ সমান্তৰাল গতি নতুন অসমীয়া কবিতাৰ তাত্পৰ্যপূৰ্ণ ৰচনা। জনতাৰ কবিসকলৰ সমাজবাদত বিশ্বাসী। তেওঁলোকে বৰ্তমান সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰে। আনটো দলে ব্যক্তিসকলৰ স্বতন্ত্ৰ স্বীকাৰ কৰিব নোখোজে। তেওঁলোকে বিশ্বাস কৰে যে জীৱনৰ দৰে কাব্যও চিৰগতিশীল।

প্ৰথমটো ভাগত পৰে হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,চৈয়দ আব্দুল মালিক, হেমাংগ বিশ্বাস, অমলেন্দু গুহ আৰু ৰাম গগৈ।

হেম বৰুৱাই সমকালীন বিশ্বৰ বহুৰঙী কাব্যধাৰাৰ অধ্যয়নৰ যোগেদি আধুনিক অসমীয়া কবিতালৈ নতুন বাৰ্তা কঢ়িয়াই আনিলে। সেই সময়ত আৰম্ভ হোৱা প্ৰগতিবাদী কবিসকলৰ নব্য-মানৱীয় দৃষ্টিভংগীৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি হেম বৰুৱায়ো নিৰ্ভীকভাৱে জনতাৰ বাবে নতুন স্বপ্ন ৰচনা কৰিবলৈ আগবাঢ়ি আহিছিল। হেম বৰুৱাৰ কবিতাৰ সম্পৰ্কে মন্তব্য কৰি মহেন্দ্ৰ বৰাই লিখিছেঃ ‘তেখেতৰ কবিতা যেন পংগু ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ওপৰত খহি পৰা এটা বিৰাট অভিশাপ। বৰ্তমানৰ সমাধিৰ ওপৰতে তেখেতে নতুন দিনৰ সুস্থ সমাজ গঢ়ি তোলাৰ সপোন দেখে। হেম বৰুৱাৰ ‘মোৰ প্ৰেম’, ‘জাৰৰ দিনৰ সপোন’, ‘মমতাৰ চিঠি’, ‘পোহৰতকৈ এন্ধাৰ ভাল’ প্ৰভৃতি কালজয়ী কবিতাই আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিছে। কবিতাৰ আংগিক আৰু বিষয়বস্তুৰ ক্ষেত্ৰত হেম বৰুৱাই নতুনত্ব আনিবলৈ সক্ষম হৈছিল।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত স্বৰসংগতি আৰু স্বৰ সংঘাতৰ পৰম্পৰাৰে সৃষ্টি কৰা ছন্দৰ অনুৰণনে সহজে পাঠক-পাঠিকাৰ মন-পৰশিব পাৰে। আনহাতে আব্দুল মালিকৰ কবিতাত আছে স্ব উজ্জ্বল মানসচিত্ৰৰ বিচিত্ৰ বৰ্ণালী, য’ত নিম্ন-মধ্যবিত্তৰ প্ৰাণৰ স্বাক্ষৰ আছে।

ৰাম গগৈৰ কবিতাত সৰ্বহাৰাৰ জীৱনৰ বেদনাই বলিষ্ঠ ৰূপত আত্ম প্ৰকাশ কৰিছে। তেওঁৰ কবিতাত সমাজৰ কল্যাণকামী এক শুভচিন্তাৰ স্বাক্ষৰ স্পষ্ট। সম-সাময়িক আন কবিতকৈ গগৈৰ কবিতাত অধিক সংবেদনশীল মনৰ পৰিচয় পোৱা যায়। পৃথিৱীৰ মানুহৰ সংঘাত আৰু সংঘৰ্ষ, সম্ভাৱনা আৰু প্ৰত্যয়, নিষ্পেষিত জনগণৰ প্ৰতি গভীৰ সহানুভূতি আৰু বলিষ্ঠ আশাবাদৰ লগতে প্ৰেম আৰু আন্তৰিকতাই তেওঁৰ কবিতাসমূহৰ আকৰ্ষণীয় গুণ বৃদ্ধি কৰিছে। হেমাংগ বিশ্বাস, অমলেন্দু গুহ, ৰবীন্দ্ৰ সৰকাৰ প্ৰভৃতিৰ কবিতাতো সমাজবাদী চিন্তাৰ লগে লগে শ্ৰেণীহীন সমাজ গঠনৰ চিন্তাই প্ৰাধান্য লাভ কৰিছে।

আনটো ধাৰাৰ কবিসকল হ’ল- নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা, দীনেশ গোস্বামী, হৰি বৰকাকতি, নিৰ্মলপ্ৰভা বৰদলৈ, বীৰেণ বৰকটকী, মহিম বৰা ইত্যাদি। অনুভৱৰ স্বকীয়তা, প্ৰকাশভংগীৰ অনন্য ব্যাপকতা আৰু জীৱনক নিজস্ব দৃষ্টিৰে চোৱাৰ প্ৰয়াস এওঁলোকৰ কবিতাত লক্ষ্য কৰা যায়।

নৱকান্ত বৰুৱাৰ কবিতাত মানৱতাৰ জয়গান ঘোষিত হৈছে। বিষয়বস্তু আৰু আংগিকৰ অভিনৱত্ব, ভাৱবস্তু আৰু ৰূপবস্তুৰ অপূৰ্ব সমন্বয় নৱকান্ত বৰুৱাৰ কবিতাৰ মন কৰিবলগীয়া বৈশিষ্ট্য। আধুনিক অসমীয়া কবিতাক স্বকীয় কাব্যৰীতিৰে সমৃদ্ধ কৰা কবি নৱকান্ত বৰুৱাই পাশ্চাত্যৰ আৰ্হি অনুসৰণ কৰি ভাৱবস্তু, ৰূপবস্তু আদিক আৰু ছন্দ চেতনাৰে আধুনিক কবিতাক এক নতুন দৃষ্টি প্ৰদান কৰিলে। এইগৰাকী কবিৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসংগতাবোধ, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহেও প্ৰাধান্য লাভ কৰিছে। তেওঁৰ কাব্যচিন্তাৰ পৰিসৰত শাস্ত্ৰীয় দৰ্শন, ভাৰতীয় উপনিষদীয় চিন্তা আৰু আধ্যাত্মিক চেতনা, দেশী-বিদেশী কবি চিন্তাধাৰাৰ লগতে বৌদ্ধ চিন্তাৰ বিবিধ দিশে ভূমুকি মাৰিছে। নৱকান্ত বৰুৱাৰ কবিতা সম্পৰ্কে মন্তব্য কৰি মহেন্দ্ৰ বৰাই লিখিছে- ‘এহাতে ৰবীন্দ্ৰনাথ, আনহাতে এলিয়ট। এয়ে বোধকৰো নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু-সুমেৰু মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা। ’ নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ সামৰ্থ প্ৰয়োগ লক্ষ্য কৰা যায়। বুদ্ধক পটভূমি হিচাপে লৈ ৰচনা কৰা ‘বোধিদ্ৰুমৰ খৰি’ত মানুহৰ চিৰন্তন জ্ঞানস্পৃহাক প্ৰতীকৰ মাজেদি প্ৰকাশ কৰাৰ সচেতন প্ৰয়াস মন কৰিবলগীয়া। অভিনৱ চিত্ৰকল্পৰ সংযোগ আৰু প্ৰতীকী ব্যঞ্জনাৰ প্ৰয়োগেৰে নৱকান্ত বৰুৱাই আধুনিক নাগৰিকৰ সভ্যতাৰ অৱক্ষয়ৰ ছবি, ‘ইয়াত নদী আছিল’ কবিতাৰ মাধ্যমেদি অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে।

তেওঁৰ ‘শৰণীয়াত সন্ধ্যা’, ‘এটি দুটি এঘাৰটি তৰা’, ‘ক্ৰমশঃ’, ‘এদিন’, ‘এটা প্ৰেমৰ পদ্য’, ‘এদিন আমি নাৱেৰে’, ‘বশিষ্ঠত পিকনিক’ প্ৰভৃতি কবিতা বৰ্ণনাৰ চাতুৰ্য আৰু চিত্ৰকল্পৰ সামৰ্থ প্ৰয়োগৰ দিশৰ পৰা অতি সাৰ্থক। তেওঁৰ কবিতাত ৰবীন্দ্ৰনাথ ঠাকুৰ, জীৱনানন্দ দাস, বুদ্ধদেৱ বসু, অমিয় চক্ৰৱৰ্তী আদিৰ কবিতাৰ আংগিক আৰু কলা-কৌশলৰ প্ৰয়োগ লক্ষ্য কৰা যায়।

হৰি বৰকাকতিৰ কবিতাতো অৱচেতন মনৰ ঐন্দ্ৰজালিক আৱেশে ছন্দৰ সাৱলীল গতি প্ৰদান কৰিছে. তেওঁৰ কাব্যকথনৰীতিত সহজ আৰু অনাড়ম্বৰ যদিও অনুভূতিৰ তীব্ৰতা কম। তেওঁৰ কবিতাত হেম বৰুৱা আৰু নৱকান্ত বৰুৱাৰ স্তিমিত সুৰধ্বনি শুনিবলৈ পোৱা যায়।

আধুনিক অসমীয়া কবিতাৰ ইতিহাসত ‘জাতিষ্মৰ’ৰ কবি ৰূপে পৰিচিত মহেন্দ্ৰ বৰাক কবিতাত আধুনিক সমাজৰ দ্বন্দ্ব, সংঘাত আৰু অন্তঃসাৰশূন্যতাৰ স্বৰূপ চিত্ৰিত হৈছে।


(ঘ) অতিসাম্প্ৰতিক স্তৰ: অসমীয়া কবিতাৰ আধুনিক যুগটোত একেবাৰে সবলভাৱে বিচাৰ কৰিলে দুটা ধাৰা স্পষ্টভাৱে চকুত পৰে। এটা হ'ল কবিতাৰ বাবে কবিতা লিখা নন্দনতাত্ত্বিক দৃষ্টিভংগীৰ আৰু আনটো হ'ল বিভিন্ন আদৰ্শ বা বাদ ('ইজম' ) প্ৰচাৰ কৰিবলৈ বুদ্ধিদীপ্ত দৃষ্টিভংগীৰ ধাৰা। এই দুয়োটা ধাৰাতে বহুতো সুন্দৰ কবিতাৰ সৃষ্টি হৈছে। তাৰে ভিতৰত কিছুমানৰ প্ৰকাশভংগী সাধাৰণ পাঠকৰ হাদয় চুৰ পৰা বিধৰ আৰু কিছুমানৰ মুষ্টিমেয় এমুঠি ৰসগ্ৰাহীয়ে উপলব্ধি কবিব পৰা বিধৰ। আধুনিক কবিতা দুৰ্বোধ্য বুলি এটা ধাৰণাই আছে। ইয়াৰ মূলতে হ'ল কঠিন আৰু অপ্ৰচলিত শব্দৰ অত্যধিক আওপকীয়া প্ৰয়োগ। সাম্প্ৰতিক কালৰ এচাম তৰুণ কবিৰ হাতত কবিতাই সহজ-সৰল ঘৰুৱা ৰূপেৰে দেখা দি পাঠকৰ মন জয় কৰিব পাৰিছে। ই নিশ্চয় শুভ লক্ষণ। এইসকল কবিয়ে কবিতাক মুকলি চিন্তাৰ বাহন কৰি তুলিছে। প্ৰতীক আৰু চিত্ৰকল্পন হেতা-ওপৰাত উশাহ নোপোৱা হোৱা সাধাৰণ পাঠকে ক্ৰমে ক্ৰমে কবিতাৰ সহজাত প্ৰীতিৰ সোৱাদ পাবলৈ ধৰিছে। অৱশ্য এই কথাও লক্ষণীয় যে তৰুণ দলৰ হাতত কবিতাই কেতিয়াবা শ্লোগানত পৰিণত হোৱাৰ উপক্ৰম নকৰাকৈ থকা নাই, এনেও নহয়। তথাপিও ধাৰণা হয় যে আধুনিক অসমীয়া কবিতা বৰ্তমান অধিকতৰ পূৰ্ণতাৰ ফালে আগবাঢ়ি গৈছে। তৰুণ কবিসকলৰ হৃদ কক্ষত আছে অগ্ৰজসকলৰ ছাঁ আৰু বৃদ্ধিৰ অলিন্দৰে সোমাই আহিছে দূৰ-দূৰণিৰ চিন্তা আৰু প্ৰগতিৰ জ্যোতি। ইয়াৰ ফলত সাৰ্থক অনুশীলনৰ যোগেদি অধিক সুন্দৰ কবিতা পাবলৈ কবিতা-প্ৰেমীসকল বাট চাই আছে। অসমীয়া কবিতাৰ এই ইতিকথা নিতান্তই অসম্পূৰ্ণ। ইয়াত মাথোঁন আভাসতে আছে, পূৰ্ণৰূপ নাই। বহুতো সুকবিৰ উল্লেখ আৰু কবিতাৰ আলোচনা ইয়াত সামৰিব পৰা নহ'ল। সেই কাম থাকিল ভৱিষ্যতে কোনো যোগাজনৰ বাবে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "সূৰ্যৰ বুকুত ফুলা গোলাপৰ ফুল" (en-gb ভাষাত). Online help - Blogger - AllTips. 2022-12-21. Archived from the original on 2023-07-08. https://web.archive.org/web/20230708165524/https://www.onlinehelp.site/2022/12/blog-post_21.html। আহৰণ কৰা হৈছে: 2023-07-08.