অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন

অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন (ইংৰাজী: Asomia Chutigalpa: Oitijya Aru Biborton) অসমীয়া চুটিগল্পৰ ইতিহাস আৰু গতি-প্ৰকৃতি অধ্যয়ন সম্পৰ্কীয় এখন অসমীয়া গ্ৰন্থ। ড° অপূৰ্ব বৰাৰ সম্পাদনাত এই গ্ৰন্থখন যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ পৰা ৭ জুলাই ২০১২ চনত প্ৰথম প্ৰকাশ পাইছিল। পৰৱৰ্তী সংস্কৰণ ১৩ মাৰ্চ, ২০২৩ চনত বেদকণ্ঠ প্ৰকাশনৰ পৰা প্ৰকাশ পায়। গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ৭৮৪।[1]

অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন  
লেখক অপূৰ্ব বৰা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
মিডিয়া প্ৰকাৰ মুদ্ৰণ

এই গ্ৰন্থখনত জোনাকী (আলোচনী) যুগৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ প্ৰথম দশকলৈকে অসমীয়া চুটিগল্পৰ এই সুদীৰ্ঘ সময়ছোৱাক অধ্যয়নৰ পৰিসৰত সামৰি লোৱা হৈছে। বিভিন্ন সময়ত অসমীয়া চুটিগল্পলৈ অহা নতুনত্ব আৰু বিভিন্ন বাদ সম্পৰ্কে গ্ৰন্থখনত বহুকেইজন লেখকে আলোচনা কৰিছে। অসমীয়া চুটিগল্পৰ ধাৰা আৰু বিধা সম্পৰ্কে কেইবাজনো লেখকে আলোচনা কৰিছে। অসমীয়া চুটিগল্পৰ ভাষা আৰু বিষয়বস্তুৰ পৰিৱৰ্তন সম্পৰ্কে বিভিন্ন লেখকে আলোচনা আগবঢ়াইছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অপূৰ্ব বৰা, অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন, বেদকণ্ঠ সংস্কৰণ, ১৩ মাৰ্চ,২০২৩, বেদকণ্ঠ প্ৰকাশন, পুলিবৰ যোৰহাট-৬