মানুহে ৰ'দ, তাহ-বৰষুণ-ঠাণ্ডাৰ পৰা আত্মৰক্ষা কৰিবলৈ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মূৰত পাগুৰি মাৰিছিল আৰু ইয়াৰ সংস্কৃত নাম হ'ল উষ্ণীষ। শীত-বাতাদিৰ পৰা ৰক্ষা পাবলৈ যে উষ্ণীষৰ প্ৰয়োজন, তাক সুশ্ৰুত সংহিতাৰ নিদান স্থানৰ চৰ্তু বিংশতি অধ্যায়ত বৰ্ণিত হৈছে। আশ্বালায়ন গৃহ্যসূত্ৰৰ এঠাইত উষ্ণীষ‌ কৃত্বা ৰূপে যিটো বাক্য আছে তাৰ বৃত্তি হ'ল - আহত বাসসা শিৰোভি বেষ্ট্যতৰ্থঃ অৰ্থাৎ কাপোৰেৰে মূৰ বন্ধা।[1] একেখিনি গ্ৰন্থতে ঋত্বিকসকলে ৰঙা ৰঙৰ পাগুৰি মৰাৰ কথা পোৱা যায়। ক্ষৌম পাতৰ কাপোৰেৰে ধনীলোকে পাগুৰি মাৰিছিল। ৰাজবল্লভে উল্লেখ কৰিছে যে লঘু পাগুৰি চুলিৰ হিতকৰ, কান্তিজনক, ৰজোবাট আৰু কফৰ নিবাৰক।[1] অন্যহাতে আটিল আৰু গধুৰ পাগুৰি পিত্তজনক আৰু চক্ষু ৰোগকাৰক। বৰ্তমানে মূৰত পাগুৰি মৰালৈ চাইয়ে মানুহজন পঞ্জাবী নে মাৰাঠী নে হিন্দুস্তানী তাক ধৰিব পাৰি।

কুমাৰ ভাস্কৰ বৰ্মাই কনৌজৰ বৌদ্ধ মহামেলত শিৰোবেষ্টনেৰে যোগ দিয়াটো তাৎপয্যপূৰ্ণ আছিল আৰু পুৰণি ভাস্কৰ্যতো পাগুৰিৰ প্ৰয়োগ চকুত লগা। বৰ অসমৰ বিভিন্ন জনজাতীয় লোকে আজিও ভিন্ন ধৰণে মূৰত পাগুৰি মাৰে। হালুৱৈসকলে ৰ'দ-বতাহৰ প্ৰতিৰোধক হিচাপে দীঘল কাপোৰ এখন আজিও মূৰত মাৰি লয় আৰু গাঁৱৰ ডেকাসকলে মূৰত গামোচা মৰাতো আজিও প্ৰচলিত হৈ আছে। আহোম যুগত পাগুৰি মৰা প্ৰথাৰ ব্যাপকতা অনুমান কৰিব পাৰি। ৰজা, বিষয়া আৰু সম্ভ্ৰান্ত লোকসকলৰ উপৰি সৈনিসকলেও মূৰত কাপোৰ বন্ধটো উল্লেখযোগ্য।[2]

মধ্যযুগত ওজাপালিৰ ওজাই মূৰত পাগ মাৰিছিল আৰু সত্ৰৰ গায়ন-বায়ন আৰু সূত্ৰধাৰৰ পাগ আছিল চকুত লগা। বগা আৰু ৰঙীন উভয়বিধ কাপোৰকে অসমীয়া লোকে পাগুৰিত ব্যৱহাৰ কৰাটো উল্লেখযোগ্য। ড॰ লীলা গগৈয়ে উকাপাগ, কুহুম বুলীয়া পাগ, গুণাকতা পাগ, চিকণ পাগ, ফচৌ, বৰপাগ, মথুৰাপাগৰ উল্লেখ কৰিছে। পুৰণি অসমৰ চিত্ৰকলাত যিবোৰ পাগুৰি দেখা যায় তাৰ সৰহখিনিৰ নাম মোগলাই পাগুৰি। এক কথাত ক'ব পাৰি যে অসমীয়া মানুহে প্ৰাক আহোম যুগৰে পৰা সণ্ঢালনিভাৱে মূৰত বিভিন্ন ধৰণৰ পাগুৰি মাৰি আহিছে আৰু সিবোৰ অসমীয়া জাতিৰ স্বকীয়তা প্ৰদানত সাহায্য দান কৰিছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 দাস নাৰায়ণ, পৰমানন্দ ৰাজবংশী(সম্পাদনা). পৃষ্ঠা. পৃষ্ঠা ২৯. 
  2. দাস নাৰায়ণ আৰু পৰমানন্দ ৰাজবংশী (সম্পাদনা) অসমীয়া সংস্কৃতিৰ কণিকা.