অসমীয়া প্ৰসাধন সামগ্ৰী

পুৰণি অসমত সুগন্ধি দ্ৰব্য আৰু প্ৰসাধন সামগ্ৰীৰ অভাৱ নাছিল। বাণভট্টৰ হৰ্ষচৰিতে প্ৰমাণ দিয়ে যে অসম দেশ অগৰু, চন্দন,কাঠ,কস্তুৰী মৃগ আৰু গো শীৰ্ষৰ কাৰণে খ্যাত আছিল। কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি ড'প্ৰতাপচন্দ্ৰ চৌধুৰীয়ে তেওঁৰ 'দ্য হিষ্ট্ৰি অব চিভিলাইজেশ্বন অব দ্য পিপল অব আচাম গ্ৰন্থত' লিখিছে যে 'অসমৰ ঠাইত বিভিন্ন জোংগ,ডোংগ,প্ৰামেৰু,জাগ,তুজপা আদিকৈ ভিন্ন বিধৰ চন্দন আৰু ভেষজ বৃক্ষ পোৱা গৈছিল।'

কৌটিল্যই অসমত পোৱা অশোক গ্ৰামক,জোংগক,গ্ৰামেৰুক,সুবৰ্ণকুণ্ডক,পূৰ্ণদ্বীপক,পাৰলৌহিত্যক,প্ৰভৃতি বিভিন্ন সুগন্ধি দ্ৰব্যৰ বহল বিৱৰণী দিয়াত কৃপনালি কৰা নাই।[1] কালিকা পুৰাণ(৬৯/৩৭-৫৩,৮৬/৩৯)ত চুৰ্ণীকৃত,ঘৃষ্ট,দাহকৰ্ষিত,সন্মৰ্দজৰখ - প্ৰভৃতি বিভিন্ন ব্যৱহাৰৰ নিৰ্দেশ দিয়াটো গুৰুত্বপূৰ্ণ। উপযুক্ত সুগন্ধি জাত প্ৰসাধনসমূহৰ অসমৰ স্ত্ৰী-পুৰুষ সকলোৱে ব্যৱহাৰ কৰা বুলি সাব্যস্ত কৰিব পাৰি। ড'চৌধুৰীয়ে উল্লেখ কৰিছে যে 'অসমীয়া নাৰীয়ে হাতীদাঁত,ম'হৰ শিং অথবা কাঠ-বাঁহৰ কাকৈৰে কেশ-বিন্যাস কৰি সৌন্দৰ্যবোধৰ পৰিচয় প্ৰোজ্জ্বল কৰিছিল।'[1] মধ্যযুগত চুলি বন্ধাৰ নিয়মে বিভিন্ন খোপাৰ সৃষ্টি কৰিছিল। যেনে - উধনীয়া, কলডিলীয়া, ঘিলা,চকা,চেলা,তগৰ,তেঁতেলী,থিয়,নেঘেৰী,লিগিৰী খোপা আদি। খোপাত বিভিন্ন ফুল গুজি লোৱাটো অসমীয়া নাৰীৰ সৌন্দৰ্যবোধৰ পৰিচায়ক(টানি উচ্চ কৰি খোপা/মালতী ফুলৰ ভিতৰত দিলা থোপা)।

ৰত্নপালৰ বৰগাওঁ শাসনত 'অসমীয়া তিৰোতাই অংগ সজ্জাৰ কালত সময়ত আইনাৰ ব্যৱহাৰ কৰিছিল বুলি উল্লেখ আছে।' বনমালবৰ্মাৰ তেজপুৰ শাসনে স্পষ্টকৈ কৈছে যে 'এই ভূখণ্ডৰ তিৰোতাই গোন্ধ তেল চুলিত আৰু সুগন্ধি দ্ৰব্য বুকুত ঘঁহিছিল।'[1] কালিকা পুৰানে উল্লেখ কৰিছে 'পূৰ্বাঞ্চলৰ নাৰীয়ে চকুত অঞ্জন আৰু দাঁত বোলাই বৰতৃপ্তি পাইছিল।'[1] বিহুগীতত জামুৰে বোলোৱা দাঁতৰ উল্লেখ আছে। কপালত সেন্দুৰ অথবা অগৰু চন্দনেৰে পুৰুষ-স্ত্ৰী উভয়ে ফোঁট বা তিলক পৰিধান কৰিছিল(শিৰত সিন্দূৰ আগৰু দিলা ফোট/ৰুক্মিণী ৰঞ্জে তিলক কাপোলক চানি/-ৰুক্মিণী হৰণ নাট) সম্ভ্ৰান্ত বংশৰ তিৰোতাসকলে গাৰ ছাল মিহিকৈ ৰাখিবলৈ এবিধ ঘৰুৱা পমেটম আৰু চুলি বঢ়াবলৈ সুগন্ধি তেল ব্যৱহাৰ কৰিছিল। পকা সুমথিৰাৰ বাকলিৰ ওপৰত হালধীয়া ছাল মিহিকৈ কাটি বগা সৰিয়হৰ ফুল গোটাই পিৰিকা শাকৰ ফুল মিলাই খুন্দি,ৰস উলিয়াই কেঁচা হালধীৰ ৰসো মিলাই মাটিৰ চৰুত গৰুৰ ঘিৰে সৈতে গৰম কৰিব লাগে। মিশ্ৰনখিনি গোট মাৰিলে নমাই থৈ তাত অগৰু চন্দন মিহলালেই অসমীয়া পমেটম হয়। ইয়াক ঘঁহিলে মুখ নাফাটে। মূৰৰ উফি আৰু গাৰ দুৰ্গন্ধ আঁতৰাবলৈকেও অসমীয়া মানুহে থলুৱা গছ-পাত ব্যৱহাৰ কৰি সুফল পাইছিল। হাতে লিখা আয়ুৰ্বেদ নিদান আৰু অন্যান্য পুথিত তাৰ বৰ্ণনা আছে। কেতেকী ফুলৰ ৰেণু গালত ঘঁহা ৰীতি কিছুদিন আগলৈকে চলি আছিল। জেতুকাৰে হাত বোলাই বৰ্হমঠুৰিৰে ওঁঠ ৰঙা কৰি গাভৰু সকল বিহু মাৰিবলৈ যোৱাৰ বৰ্ণনা বিহুগীত সমূহত পাওঁ।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 . পৃষ্ঠা. পৃষ্ঠা ৩২. 
  2. দাস নাৰায়ণ আৰু পৰমানন্দ ৰাজবংশী (সম্পাদনা). অসমীয়া সংস্কৃতিৰ কণিকা.