অসমৰ নদ-নদী (গ্ৰন্থ)

যোগেন্দ্ৰ নাথ শৰ্মা ৰচিত গ্ৰন্থ

অসমৰ নদ-নদী (১৯৯৩, ইংৰাজী: Asamar Nad-Nadi) অসমৰ নদ-নদীৰ বিষয়ে এখন তথ্যসমৃদ্ধ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল যোগেন্দ্ৰনাথ শৰ্মা৷ ১৯৯৩ চনত গ্ৰন্থখন অসম সাহিত্য সভাই প্ৰকাশ কৰে৷[1]

অসমৰ নদ-নদী  
লেখক যোগেন্দ্ৰ নাথ শৰ্মা
প্ৰচ্ছদ শিল্পী ধনঞ্জয় শৰ্মা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় নদী অধ্যয়ন
প্ৰকাশক অসম সাহিত্য সভা
প্ৰকাশ জানুৱাৰী, ১৯৯৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৩৩৬

বিষয়বস্তু

সম্পাদনা কৰক

গ্ৰন্থখনত অসমৰ মাজেৰে প্ৰৱাহিত নদ-নদীসমূহৰ উৎপত্তি, গতিপথ আৰু লগতে সামাজিক-সাংস্কৃতিক ইতিহাসৰ বিজ্ঞানসন্মত বিৱৰণ সন্নিৱিষ্ট হৈছে৷ নদ-নদীৰ উপৰি বিল আৰু জলাহবোৰৰো বিৱৰণ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ লেখকে আগকথাত কৈছে:

“অসমত সকলো প্ৰকাৰৰ নৈ পোৱা যায়৷ নদীসমূহৰ কাৰিকৰি তথা বিজ্ঞানসন্মত গৱেষণাৰ বাবে অসমখন সৰ্বোৎকৃষ্ট প্ৰাকৃতিক কৰ্মশালা৷”[1]

লেখকৰ পৰিচয়

সম্পাদনা কৰক

লেখক যোগেন্দ্ৰনাথ শৰ্মা এগৰাকী ভূতত্ত্ববিদ আৰু লোকবোধ্য বিজ্ঞানলেখক৷ অসমত নদীৰ বিজ্ঞানসন্মত অধ্যয়নৰ ক্ষেত্ৰখনত তেওঁ এটি সুপৰিচিত নাম৷ গ্ৰন্থখন ৰচনাৰ সময়ত তেওঁ ডিব্ৰুগড় বিশ্ববিদল্যায়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগত অধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল৷[1]

প্ৰকাশন ইতিহাস

সম্পাদনা কৰক

অসমৰ নদ-নদী গ্ৰন্থখন ১৯৯৩ চনৰ জানুৱাৰী মাহত অসম সাহিত্য সভাই প্ৰকাশ কৰে৷ প্ৰকাশক আছিল অসম সাহিত্য সভাৰ সেই সময়ৰ প্ৰধান সম্পাদক ৰামচৰণ ঠাকুৰীয়া৷ প্ৰথম সংস্কৰণৰ বেটুপাত অংকন কৰিছিল ধনঞ্জয় শৰ্মাই৷[1] ২੦১৪ চনত গুৱাহাটীৰ অন্বেষা নামৰ প্ৰকাশনটোৱে গ্ৰন্থখনৰ এটি পৰিৱৰ্ধিত সংস্কৰণ কৰে৷ পৰৱৰ্তী সময়ত কিৰণ প্ৰকাশনেও গ্ৰন্থখনৰ এটা সংস্কৰণ প্ৰকাশ কৰে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 অসমৰ নদ-নদী, যোগেন্দ্ৰনাথ  শৰ্মা, ১৯৯৩, অসম সাহিত্য সভা, পকাবন্ধা, পৃষ্ঠা ৩৩৬৷