অসমৰ নৃ-প্ৰজাতীয় গাঁথনি

'''অসমৰ নৃ-প্ৰজাতীয় গাঁথনি'''

অনাৰ্য, খিলঞ্জীয়া জনসমষ্টিৰ মিলনৰ তীৰ্থভূমি অসমলৈ ভাৰত আৰু বৰ্হিভাৰতৰ পৰা ভিন ভিন জাতি উপজাতিৰ প্ৰৱেশ কৰে। বিজ্ঞানীসকলে পৃথিৱীৰ সকলো মানুহকে একগোট কৰি গঠন কৰা মানৱগোষ্ঠীৰ (হ'ম'ছেপিয়েন্স) মুখ্য প্ৰজাতি চাৰিটা :

● নেগ্ৰিট'             ●ক'কেছীয়

●মংগোলীয়         ●অষ্ট্ৰেলীয়া

      প্ৰাগঐতিহাসিক কালতে বিভিন্ন নৃ-গোষ্ঠীৰ লোকৰ জৈৱিক সাংস্কৃতিক উপাদানৰ সমন্বয়ত অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল।অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি হ'ল ক'কেছীয় প্ৰজাতি। নৃ-তত্ববিদসকলৰ মতে অসমৰ মানুহৰ জৈৱিক চৰিত্ৰৰ আধাৰ হ'ল ক'কেছীয় আৰু মংগোলীয় প্ৰজাতিৰ সংমিশ্ৰণ। আনহাতে সংস্কৃতিক ভেটি গঠিত হৈছে ক'কেছীয়, মংগোলীয় আৰু অষ্ট্ৰেলীয়  এই তিনিটা প্ৰজাতিৰ সংস্কৃতিক সমন্বয়ৰ দ্বাৰা। অসমীয়া জাতিৰ জৈৱিক দিশত নেগ্ৰিট' প্ৰজাতিৰ অৱদানৰ বিষয়ে  পণ্ডিতসকলে স্পষ্ট সিদ্ধান্ত দিব পৰা নাই।

      নৃ-তত্ববিদসকলৰ মতামতৰ আধাৰত অসমৰ তিনিটা নৃ-প্ৰজাতিৰ হৈছে -

●ক'কেছীয়           ●মংগোলীয়

●অষ্ট্ৰেলীয়

অসমৰ নৃ-প্ৰজাতীয় গাঁথনি সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ল -

●অষ্ট্ৰেলীয়:ভাৰতত বসতি স্থাপন কৰা প্ৰথমটো প্ৰজাতি হৈছে অষ্ট্ৰেলীয়সকল।এওঁলোকক অষ্ট্ৰিক,প্ৰট'-অষ্ট্ৰলইড বা অষ্ট্ৰ-এচিয়াটিক নামেৰেও জনা যায়। এওঁলোকৰ অৱয়বিক লক্ষণ এনেধৰণৰ- চুলিৰ বৰণ ক'লা, দাড়ি আৰু গাৰ নোম সৰহ,মুখমণ্ডল ঠেক,চকুৰ ওপৰৰ অংশৰ হাড় স্পষ্ট।অষ্ট্ৰিকসকলৰ এটা শাখা কোল-মুণ্ডাৰী লোকসকল অসমৰ চাহ বাগিচাত পোৱা যায়। অসমীয়া জাতি গঠনৰ লগতে অসমীয়া সংস্কৃতিলৈও অষ্ট্ৰিকসকলে প্ৰভূত বৰঙণি আগবঢ়াইছে। এওঁলোকেই ভাৰতবৰ্ষত পোন-প্ৰথমে কৃষি-কাৰ্যৰ আৰম্ভণি কৰিছিল। অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত তামোল-পান অষ্ট্ৰিকসকলৰে অৱদান। এনেদৰে অসমীয়া জাতি গঠনত আৰু অসমীয়া সংস্কৃতিত অষ্ট্ৰিকসকলে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে।

●মংগোলীয়:অষ্ট্ৰিকসকলৰ পাছতেই অসমলৈ মংগোলীয় গোষ্ঠীৰ লোকসকলৰ আগমন ঘটে। প্ৰাগ ঐতিহাসিক কালতে মংগোলীয় গোষ্ঠীৰ তিব্বতবৰ্মী লোকসকলে চীন দেশৰ দক্ষিণ অংশৰ পৰা ব্ৰহ্মপুত্ৰ, ইৰাৱতী,মেকং আদি নদীয়েদি আহি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে। কালক্ৰমত তেওঁলোক সৰু সৰু জাতি জনজাতিত পৰিণত হৈ উত্তৰে হিমালয়, পূৱে উত্তৰ-পূৱ সীমান্ত অঞ্চল,দক্ষিণে নগা পাহাৰ আৰু পশ্চিমে ধুবুৰী জিলালৈকে  মংগোলীয় গোষ্ঠীৰ বড়ো,ৰাভা, মিচিং, কাৰ্বি,দেউৰী,চুতীয়া আদি লোকসকল বিয়পি পৰে আৰু এওঁলোকৰ নিজা সংস্কৃতি গঢ়ি তোলে।অসমীয়া সমাজত প্ৰচলিত বাঁহ গাজ,চুঙা পিঠা,খাৰ খোৱা, মাছ মৰা,মৃতকক সৎকাৰ কৰা আদি ৰীতি-নীতি মংগোলীয় সকলৰ অৱদান।এওঁলোকৰ অৱয়বিক লক্ষণ এনেধৰণৰ-চৰ্মবৰ্ণ পীত, চুলি ক'লা,দাড়ি আৰু গাৰ নোম তাকৰ,মুখমণ্ডল বহল আৰু চেপেটা,কপালৰ অস্থি স্পষ্ট,নেত্ৰ বক্ৰ,নেত্ৰকোণ ঠেক।

●ক'কেছীয়:অসমলৈ প্ৰব্ৰজন কৰা শেষৰটো নৃ-গোষ্ঠী হৈছে ক'কেছীয় সকল। এওঁলোকৰ অৱয়বিক লক্ষণ এনেধৰণৰ - সংকীৰ্ণ আৰু উচ্চ নাসিক্য,ঢৌ খেলোৱা চুলি,প্ৰশস্ত বক্ষ। এওঁলোকে প্ৰাগ ঐতিহাসিক কালতে ভাৰতলৈ আহি ক্ৰমান্বয়ে অসমতো প্ৰৱেশ কৰে। অসমৰ ব্ৰাহ্মণ, কায়স্থ,কলিতা, বৈশ্য  লোকসকল আৰ্যগোষ্ঠীৰ লোক। এওঁলোকে মানৱ সভ্যতাৰ তিনিটা স্তৰ জুইৰ ব্যৱহাৰ, কৃষি-কৰ্ম আৰু নগৰ সভ্যতা গঢ়ি তোলে।

        অসমীয়া মানুহৰ জৈৱিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত ক'কেছীয়, মংগোলীয় আৰু অষ্ট্ৰেলীয় নৃ-প্ৰজাতিৰ অৱদান অতুলনীয়।(অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়, ভুবন মোহন দাস)